কৃষিক্ষেত্ৰত মানৱসৃষ্ট বুদ্ধিমত্তা [artificial intelligence]ৰ প্ৰয়োগ


Image Description

পৃথিৱীত মানুহৰ উৎপত্তি বা আৱিৰ্ভাব হৈছিল প্ৰায় ৯০,০০০ বছৰৰ আগতে৷ মানৱ প্ৰজাতিৰ ক্ৰমবিকাশৰ এক মুখ্য বৈশিষ্ট্য আছিল প্ৰজ্ঞাশক্তি [cognitive power] আৰু বুদ্ধিমত্তা৷ আদিম মানৱে পাঁচোটা ইন্দ্ৰিয়ৰ জৰিয়তে প্ৰকৃতিৰ বিভিন্ন ঘটনা, পৰিঘটনাৰ অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হৈছিল৷ উদাহৰণ স্বৰূপে, আদিম মানুহে খাদ্যৰ সন্ধানত হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে লক্ষ্য কৰিছিল যে কিছুমান উদ্ভিদৰ বীজ, ফল, পাত বা শিপা খোৱাৰ বাবে উপযোগী৷ গছৰ পৰা মাটিত সৰি পৰা বীজৰ অংকুৰণ হৈ নতুন উদ্ভিদৰ জন্ম হয়৷ আদিম মানুহে মন কৰিছিল বিভিন্ন বন্য প্ৰাণীৰ আচৰণ৷ প্ৰকৃতি সম্পৰ্কে আহৰণ কৰা এনে বিভিন্ন পৰ্য্যৱেক্ষণ আৰু অভিজ্ঞতাক আদিম মানৱে প্ৰজ্ঞাশক্তি আৰু বুদ্ধিমত্তাৰ সহায়ত বিশ্লেষণ কৰি বহু হেজাৰ বছৰৰ আগতে কিছু সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম হৈছিল৷ যেনে, কিছুমান উদ্ভিদৰ বীজৰ অংকুৰণৰ সহায়ত বৃহৎ সংখ্যক নতুন উদ্ভিদ গজাব পাৰি৷ কিছুমান বন্যপ্ৰাণী বশ কৰি ঘৰচীয়া কৰিব পাৰি, ইত্যাদি৷

প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰ সহায়ত আদিম মানুহে লাভ কৰা জ্ঞানৰ ভেটিতে গঢ়ি উঠিছিল কৃষিৰ ধাৰণা৷ এই ধাৰণা ৰূপায়িত হৈছিল প্ৰায় ১২,০০০ বছৰৰ আগতে৷ কৃষিৰ উদ্ভাৱৰ মানৱ ইতিহাসৰ এক প্ৰথম আৰু প্ৰধান বৈপ্লৱিক ধাৰণা৷ এই ধাৰণাৰ ভিত্তি আছিল ক্ৰমবিকাশৰ ফলত ৭০,০০০ বছৰৰ আগতে প্ৰথম মানৱে লাভ কাৰ প্ৰজ্ঞাশক্তি আৰু বুদ্ধিমত্তা৷ মানৱ প্ৰজাতিৰ বিৱৰ্তনত প্ৰজ্ঞা আৰু বুদ্ধিমত্তা লাভ কৰাটোও আছিল এক অভূতপূৰ্ব বৈপ্লৱিক পৰিঘটনা৷

বিখ্যাত চিন্তাবিদ আৰু লেখক য়ুডাল ন’আহ্‌ হাৰাজিৱে তেখেতৰ বিশ্ববিখ্যাত গ্ৰন্থ ছেপিয়েনছ এ ‘ব্ৰিফ হিষ্টৰি নৱ হিউমেনকাইণ্ড’ত [২০১১ চনত প্ৰথমে হিব্ৰু ভাষাত প্ৰকাশিত] আদিম মানুহৰ ইতিহাসক এই দুটা গুৰুত্বপূৰ্ণ পৰিঘটনা– ক্ৰমে প্ৰজ্ঞাশক্তি আৰু বুদ্ধিমত্তা লাভ আৰু ইয়াৰ ৫৮,০০০ বছৰ পাছত এই প্ৰজ্ঞাশক্তি আৰু বুদ্ধিমত্তাৰ সহায়ত উদ্ভাৱন কৰা কৃষিক ক্ৰমে প্ৰজ্ঞাশক্তি বিপ্লৱ আৰু কৃষি বিপ্লৱ আখ্যা দি সুন্দৰ আলোচনা আগবঢ়াইছে৷ প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰ সহায়ত আদিম মানৱে আহৰণ কৰা অভিজ্ঞতা আৰু জ্ঞানৰ ভিত্তিত কৃষি উদ্ভাৱনৰ যি প্ৰক্ৰিয়া আৰু সিদ্ধান্ত ইয়াক সম্পূৰ্ণ কৰোঁতে মানুহক ৫৮,০০০ বছৰৰ প্ৰয়োজন হৈছিল৷

আজি এই প্ৰজ্ঞা আৰু বুদ্ধিমত্তাৰ অতুলনীয় শক্তিৰ সহায়ত আধুনিক মানুহে নিজৰ প্ৰজ্ঞা আৰু বুদ্ধিমত্তাক এনে এক পৰ্য্যায়লৈ লৈ গৈছে যে প্ৰকৃতি সম্পৰ্কে তথ্য সংগ্ৰহ, তথ্যৰ সংৰক্ষণ, সৰবৰাহ আৰু বিশ্লেষণৰ বাবে অতি শক্তিশালী প্ৰযুক্তি উদ্ভাৱন সম্ভৱ হৈছে৷ অতি সংবেদনশীল সংবেদক [sensor], কেমেৰাসংযুক্ত ড্ৰ'ন আৰু কৃত্ৰিম উপগ্ৰহণৰ জৰিয়তে অতি বৃহৎ পৰিমাণৰ তথ্য সংগ্ৰহ কৰা হয়৷

গণিতৰ উচ্চ পৰ্য্যায়ৰ পদ্ধতিৰ সহায়ত উদ্ভাৱন কৰা কম্পিউটাৰ ছফ্‌টৱেৰৰ সহায়ত এনে তথ্যলব্ধ নিখুঁত সিদ্ধান্ত হাজাৰ হাজাৰ কিল’মিটাৰ দূৰত থকা যন্ত্ৰলৈ প্ৰেৰণ কৰাৰ বাবে 'Internet of Things' (IoT) প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে৷ হাজাৰ হাজাৰ কিল’মিটাৰ দূৰৈত অৱস্থিত ঠাই স্বয়ংক্ৰিয় প্ৰযুক্তিৰ সহায়ত মানুহৰ পোনপটীয়া অংশগ্ৰহণ অবিহনেই বিভিন্ন কাৰ্য্য পৰিচালনা আৰু সম্পন্ন কৰাৰ বাবে স্বয়ংচালিত প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে৷ উল্লিখিত এই সকলো প্ৰযুক্তিয়ে মানুহৰ স্বাভাৱিক বা সাধাৰণ প্ৰজ্ঞা আৰু বুদ্ধিমত্তাক ভাবিব নোৱৰা ধৰণে সমৃদ্ধ আৰু শক্তিশালী কৰিছে৷ কেওবিধ প্ৰযুক্তিকে সামগ্ৰিকভাৱে কোৱা হয় মানৱসৃষ্ট বুদ্ধিমত্তা (চমুকৈ, artificial intelligence, AI)৷

কৃষিক্ষেত্ৰত মানৱসৃষ্ট বুদ্ধিমত্তা প্ৰয়োগৰ অপৰিসীম গুৰুত্ব আৰু প্ৰয়োজন উপলব্ধি কৰা হৈছে৷ ইতিমধ্যে ভাৰতকে ধৰি আন বহু দেশত কৃষিৰ বাবে প্ৰাসংগিক আৰু প্ৰয়োজনীয় AI প্ৰযুক্তি উদ্ভাৱনৰ বাবে বহু উদ্যোগিক অনুষ্ঠান গঢ়ি উঠিছে৷ কাৰণ, পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে খাদ্যৰ চাহিদা বা প্ৰয়োজনো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ মানৱসৃষ্ট বুদ্ধিমত্তাৰ প্ৰযুক্তিৰ সহায়ত কৃষিসম্পৰ্কীয় সকলো তথ্য অতি ক্ষিপ্ৰতাৰে সংগ্ৰহ কৰি এই বৃহৎ তথ্যৰাজি বিশ্লেষণৰ জৰিয়তে উপযুক্ত সিদ্ধান্ত লোৱাটো সম্ভৱ হৈছে৷ আজি খেতিয়কক বছৰৰ কোন সময়ত, কি প্ৰজাতিৰ খেতি কৰা উচিত, কৃষিক্ষেত্ৰৰ মাটিৰ গুণাগুণ তথ্যৰ ভিত্তিত কি ধৰণৰ পুষ্টিকাৰক ৰাসায়নিক পদাৰ্থ কি পৰিমাণে প্ৰয়োগ কৰা আৱশ্যক, ইত্যাদি বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত AI প্ৰযুক্তিয়ে সঠিক নিৰ্দেশ দিব পাৰে৷ ঠিক সেইদৰে, বৃহৎ খেতিপথাৰৰ হাজাৰ হাজাৰ গছৰ কোনো এজোপা গছত হোৱা কীট বা অণুজীৱৰ সংক্ৰমণ বা পুষ্টিহীনতা আৰু পানীৰ অভাৱত হোৱা উদ্ভিদৰ শাৰীৰিক অৱস্থাৰ লক্ষণ নিমিষতে আৰু নিখুঁতভাৱে ধৰা পেলোৱাৰ বাবে AI সংযুক্ত ড্ৰ'ন প্ৰয়োগ কৰা হৈছে৷ খেতিয়কৰ বাবে প্ৰয়োজনীয় বতৰৰ আগজাননী, বানপানী আৰু খৰাং অৱস্থাৰ আগজাননীৰ বাবেও শক্তিশালী মানৱসৃষ্ট বুদ্ধিমত্তা প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে৷

অসমৰ দৰে কৃষিভিত্তিক ৰাজ্য এখনত AI প্ৰযুক্তি প্ৰয়োগৰ অপৰিসীম গুৰুত্ব আছে৷ প্ৰতিবছৰে আমাৰ খেতিয়কে ৰোগসৃষ্টিকাৰী পোক-পৰুৱা আৰু আন অণুজীৱৰ সংক্ৰমণৰ বাবে কৃষি উৎপাদনৰ বিৰাট ক্ষতিৰ সন্মুখীন হয়৷ ৰাজ্যত বানপানী আৰু খৰাং অৱস্থাৰ আগজাননী অনুসৰি কৃষিকাৰ্য্য পৰিকল্পনা আৰু পৰিচালনা কৰিব নোৱাৰাৰ বাবেও বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হ’বলগীয়া হয়৷ আজি ছয়বছৰমানৰ আগতে অসমৰ কেইবাখনো জিলাত দেখা দিয়া পোকৰ আক্ৰমণে খেতিয়কৰ ধাননি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছিল৷ AI প্ৰযুক্তিৰ সহায়তে এনে ক্ষতিৰপৰা খেতিয়কক সহজে ৰক্ষা কৰিব পাৰি৷

অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত৷ কিন্তু আজি অধিক উৎপাদন আৰু লাভৰ বাবে চাহগছৰ উৎকৃষ্ট গুণ নিৰ্ধাৰণ কৰা ‘'এটি কলি দুটি পাত’ৰ পৰিৱৰ্তে জধে-মধে চাহগছৰ পাত তুলি চাহ উৎপাদনত ব্যৱহাৰ কৰা হয়৷ ফলত চাহৰ গুণাগুণ হ্ৰাস পায়৷ এই অৱস্থা প্ৰতিহত কৰাৰ উদ্দেশ্যে অলপতে যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰই 'Agro Next' নামৰ এক উদ্যোগিক সংস্থাৰ সহযোগত AI প্ৰযুক্তিৰ ভিত্তিত নিৰ্মিত এক যন্ত্ৰৰ সহায়ত সহজে উপযুক্ত চাহৰ পাত নিৰ্বাচন কৰাটো সম্ভৱ কৰিছে৷

আমাৰ ৰাজ্যৰ কৃষিক্ষেত্ৰ আৰু কৃষিজীৱিৰ উৎকৰ্ষ সাধনৰ বাবে মানৱসৃষ্ট বুদ্ধিমত্তাৰ ভিত্তিত উপযুক্ত প্ৰযুক্তিৰ উদ্ভাৱনৰ বাবে গৱেষণা আৰু অধ্যয়নৰ অতীৱ প্ৰয়োজন আছে৷৷