পাকঘৰো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ’ব পাৰে


Image Description

আপোনাৰ পাকঘৰেই আপোনাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হ’ব পাৰে৷ আমি পাকঘৰত সচৰাচৰ ব্যৱহাৰ কৰি থকা মচলাবোৰত অন্তৰ্নিহিত হৈ থকা ঔষধি গুণাগুণৰ বিষয়ে হয়তো বহুতে নাজানে৷ আজি তেনে কেইবিধমান ঔষধি মচলাৰ কথা ইয়াত বৰ্ণনা কৰিব ওলাইছোঁ৷ তাৰ আগতে ভাৰতত উৎপাদিত মচলা সম্পৰ্কে দুটামান কথা ক’ব খুজিছোঁ৷

ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি মচলা উৎপাদন হয় আৰু তাৰে ডাঙৰ অংশএটা বিদেশলৈ ৰপ্তানি হয়৷ পৃথিৱীৰ ভিতৰত অধিক মচলা ব্যৱহাৰ কৰা দেশো ভাৰতবৰ্ষ৷ ISO (International Organization for Standardization)ৰ তালিকা মতে ১০৯ বিধ মচলাৰ ভিতৰত ৭৫ বিধ মচলা ভাৰতবৰ্ষত পোৱা যায়৷ যোৱা FY২০ ত [Fiscal year ২০২০] ভাৰতবৰ্ষই প্ৰায় ৪০০ কোটি টকা মূল্যৰ মচলা ৰপ্তানি কৰে৷ ভাৰতবৰ্ষৰ সদাগৰসকলে মচলাবোৰ পৃথিৱীৰ বিভিন্ন দেশলৈ গৈ বিক্ৰী কৰিছিল৷ স্পেইন আৰু পৰ্তুগালৰ সদাগৰসকলৰ সৈতেও ভাৰতৰ সুগন্ধি মচলাৰ ওপৰত ভাব বিনিময় হৈছিল ৷ ভাৰতৰ মচলাৰ প্ৰতি আকৰ্ষিত হৈ পৰ্তুগীজ নাবিক ভাস্কো-ডি-গামাই ১৪৯৯ চনত ভাৰতলৈ আহে আৰু দক্ষিণ ভাৰতৰ কেৰেলাত প্ৰথমে জালুকৰ বজাৰ আৰম্ভ কৰে৷ ভাস্কো-ডি-গামাই ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰাৰ পিছত পৃথিৱীৰ বিভিন্ন দেশৰ সদাগৰসকলেও ভাৰতৰ মচলাৰে নিজৰ ব্যৱসায় মজবুত কৰে৷

আমিষ ব্যঞ্জনৰ বাহিৰে অসমৰ ৰন্ধন প্ৰক্ৰিয়াত খুব বেছি মচলাৰ ব্যৱহাৰ নহয়৷ আমি ব্যৱহাৰ কৰি থকা মচলাৰ ভিতৰত জালুক, লং, ইলাচি, ডালচেনি, তেজপাত, জাঁইফল, জিৰা, আজৱাইন, মিথি, ধনিয়া, হিং, নহৰু, পিয়াঁজ, জলকীয়া, আদা, হালধি ইত্যাদি প্ৰধান৷ এই সকলোবোৰ উপকৰণৰে ঔষধি গুণ আছে৷ পৰম্পৰাগতভাৱেই আমি এই মচলাবোৰ ব্যৱহাৰ কৰি আহিছোঁ৷ অসমীয়াৰ কেইবিধমান উল্লেখযোগ্য পাৰম্পৰিক খাদ্য হ’ল– কলাখাৰ বা অমিতা খাৰ, মাছৰ টেঙা, আলু বা বেঙেনা পিটিকা, পাৰ চৰাইৰ মাংস, হাঁহৰ মাংস, পলু, লেটা, পানী শামুক, ঢেকীয়া শাক, ঔটেঙা, বাঁহৰ খৰিচা, ইত্যাদি৷ খাদ্যবোৰ প্ৰস্তুত কৰোঁতে বৰ বেছি মচলাৰ প্ৰয়োগ নহয়৷ মাত্ৰ আদা, নহৰু, পিয়াঁজ, জালুক, জিৰা, ধনিয়া, জলকীয়া আৰু সৰিয়হৰ তেল, এইবোৰেই আছিল অসমীয়া খাদ্যৰ উপকৰণ৷ কিন্তু পিছলৈ অসমীয়া খাদ্যত অসমৰে বিভিন্ন জনগোষ্ঠী বা কাষৰীয়া ৰাজ্য পশ্চিমবঙ্গ, উৰিষ্যা, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মানুহৰ খাদ্যাভ্যাসৰ এটা মিশ্ৰিত প্ৰভাৱ পৰে৷ ফলত অসমীয়া খাদ্যৰ মৌলিকতা কিছু কমি আহে আৰু অধিক মচলা আৰু তেলৰ ব্যৱহাৰ আৰম্ভ হয়৷

ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি সচৰাচৰ ব্যৱহাৰ কৰা সকলো মচলাত ঔষধি গুণ সন্নিবিষ্ট হৈ থাকে৷ আমি সেই সকলোবোৰ মচলাই ব্যৱহাৰ কৰি থাকোঁ৷ আমাৰ সচৰাচৰ হৈ থকা সৰু-সুৰা অসুখবোৰৰ কাৰণে আমি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নগ’লেও হয়৷ আমাৰ মচলাবোৰতে তেনে ৰোগৰ উপশম পাব পৰা গুণাগুণ সোমাই থাকে৷ তেনে কেইবিধমান ঔষধি গুণসম্পন্ন মচলাৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে৷

আজৱাইন [জনিগুটি]: পেটৰ কাৰণে উৎকৃষ্ট ঔষধ৷ পেটফুলা, পেটত গেছ হোৱা, খোৱাবস্তু হজম নোহোৱা, বেয়া বেয়া উগাৰ অহা, ভোগ নলগা, ইত্যাদি বেমাৰত আধা চামুচমান আজৱাইন দিেন দুবাৰকৈ চোবাই খাব লাগে৷ ভাত খোৱাৰ পিছত ‘মুখ শুদ্ধি’ৰ দৰে ইয়াক ব্যৱহাৰ কৰাৰ অভ্যাস কৰিব লাগে৷

হালধি: হালধি যি কোনো আঞ্জাৰ এক অপৰিহাৰ্য্য উপকৰণ৷ আয়ুৰ্বেদিক ঔষধত হালধিৰ ব্যৱহাৰ খুব বেছিকৈ পোৱা যায়৷ সকলো ধৰণৰ প্ৰসাধন সামগ্ৰীত ইয়াক ব্যৱহাৰ কৰা হয়৷ মোচোকা খোৱা বা ক’ৰবাত খুব বেছি বিষ হ’লে কেঁচা হালধি ঠেতেলাই বিষোৱা ঠাইত বান্ধি থৈ দিব লাগে৷ পিছদিনাখন বিষ বহু পৰিমাণে কমি যায়৷ ৰাতি শোৱাৰ সময়ত একাপ গাখীৰত হালধি মিহলাই খালে গাৰ বিষ ভাল হয়, ৰাতি টোপনি ভাল হয় আৰু পেটত অম্লতা হ’বলৈ নিদিয়ে৷ ইয়াত বীজাণুনাশক আৰু ঘা-শুকোৱা ৰাসায়নিক পদাৰ্থ থাকে৷ কটা ঠাইডোখৰত তেজ বন্ধ কৰিবৰ কাৰণে হালধি গুড়ি ব্যৱহাৰ কৰা হয়৷

জালুক: মচলা হিচাবে জালুকৰ গুণাগুণ সকলোতকৈ বেছি৷ পেটত গেছ হ’লে জালুকগুটি দুটামান খালে উপশম পোৱা যায়৷ ই লেলাউটি আৰু পাচক ৰসৰ নিঃসৰণ বঢ়ায়৷ ৬টামান জালুকৰ গুড়ি এগিলাচ দৈ-ঘোলৰ লগত মিহলাই খালে পেটৰ কিছুমান সমস্যা ভাল হয়৷ কাহ হ’লে জালুক-জিৰাৰ মিশ্ৰণ খালে ভাল৷

লং: লং বীজাণুনাশক৷ ই হজম শক্তি বঢ়ায়৷ বমি ভাব হ’লে লং এটা মুখত লৈ থাকিলে উপশম পোৱা যায়৷ ডিঙিৰ আৰু মুখৰ ভিতৰত হোৱা বিভিন্ন বেমাৰ লঙে ভাল কৰে৷ দাঁতৰ বিষতো লং ব্যৱহাৰ কৰা হয়৷

ডালচেনি: ডালচেনি এবিধ সুগন্ধি গছৰ ছাল৷ বমি, জ্বৰ, পেটচলা আৰু মহিলাৰ মাহেকীয়া সমস্যাত ডালচেনি ব্যৱহাৰ কৰা হয়৷ ই ভোক বৃদ্ধি কৰে আৰু মূত্ৰ নলী পৰিষ্কাৰ কৰি ৰাখে৷

ইলাচি: ইলাচিয়ে হজম শক্তি বৃদ্ধি কৰে৷ আদা, লং, ধনিয়া আৰু ইলাচিৰ মিশ্ৰণে পেটফুলা বা পেটৰ ভিতৰত হোৱা গুৰগুৰণি ভাল কৰে৷ চাহপাতৰ সলনি ইলাচি চাহ খালে মূৰৰ কামোৰণিৰ উপশম পোৱা যায়৷

জিৰা: খাদ্যত ব্যৱহাৰ হোৱা উৎকৃষ্ট মচলা৷ জিৰাত লো পোৱা যায়৷ জিৰা পানীত উতলাই ঠাণ্ডা কৰি তাৰ পানী খালে হজম শক্তি বৃদ্ধি পায় আৰু পেটত গেছ নহয়৷

তেজপাত: তেজপাত বেক্টেৰিয়ানাশক৷ চাহ বনাওঁতে প্ৰথমতে তেজপাত এটা পানীত উতলিবলৈ দিব লাগে৷ তেজপাতে তেজৰ শৰ্কৰা হ্ৰাস কৰে আৰু সেয়ে বহুমূত্ৰ ৰোগীৰ কাৰণে ভাল ঔষধ৷

জাঁইফল: জাঁইফলে হাওঁফাওঁ, হৃদ্‌যন্ত্ৰৰ বেমাৰ আৰু টোপনি নহা বেমাৰত সহায় কৰে৷ হজম শক্তি বৃদ্ধি কৰে৷ হাপানী ৰোগীৰ কাৰণে জাঁইফল গুণকাৰী৷ মাংসৰ আঞ্জা বনাওঁতে জাঁইফলৰ ব্যৱহাৰ কৰা হয়৷

হিং: আঞ্জাত হিঙৰ ব্যৱহাৰে পেটত গেছ হ’বলৈ নিদিয়ে৷ আচাৰ বনাওঁতেও হিং ব্যৱহাৰ কৰা হয়৷ পেট কামুৰিলে পানীৰ লগত অলপ পৰিমাণৰ হিং সেৱন কৰিলে যথেষ্ট উপশম পোৱা যায়৷

চফ্‌গুটি: মচলাত চফ্‌গুটিৰ ব্যৱহাৰ বেছি৷ প্ৰতিদিনাই ব্যৱহাৰ হয় ‘পাঁচফোৰণ’ৰ৷ পাঁচফোৰণ বুলিলে পাঁচবিধ বা ছয়বিধ মচলাক বুজোৱা হয়৷ এই মচলাবোৰ হ’ল মিথি, জিৰা, ক’লাজিৰা, সৰিয়হ, চফ্‌গুটি আৰু আজৱাইন৷ গুণাগুণৰ সম্পৰ্কে ধাৰণা নাথাকিলেও সোৱাদৰ কাৰণেই পাঁচফোৰণ আমি সদায়ে খাই আছোঁ৷

মিথি গুটি: মিথিৰ ব্যৱহাৰ মচলাত অপৰিহাৰ্য্য৷ ইয়াৰ ঔষধি গুণ আন মচলাতকৈ বেছি৷ বহুমূত্ৰ ৰোগীৰ কাৰণে মিথি প্ৰমাণিত উৎকৃষ্ট ঔষধ৷ ভালদৰে ধুই ৰাতি তিয়াই থৈ পুৱা খালি পেটত মিথি-মিহলি পানীখিনি খাব লাগে৷ পানীখিনি খোৱাৰ পিছত ৰৈ যোৱা মিথিখিনি পিচি, নিমখ জলকীয়া দি ৰুচি অনুসাৰে চাট্‌নি তৈয়াৰ কৰিব পাৰি৷ বজাৰত ‘কচুৰি মিথি’ বুলি মিথিৰ পাত থকা পেকেট এবিধো পোৱা যায়। মহিলাৰ বাবে ইয়াৰ উপকাৰিতা বহুত বেছি৷ ৰক্তহীনতাত ভোগা মহিলাই মিথি শাক খালে উপকাৰ পায়৷ প্ৰসৱৰ পিছত নিয়মীয়াকৈ মিথি শাক বা কচুৰি মিথিৰ পানী খালে স্তনত গাখীৰ বাঢ়ে৷ মহিলাৰ ৰজোনিবৃতি [menopause] হোৱাৰ সময়ত হৰম’নৰ অস্বাভাৱিক পৰিৱৰ্তন হয়৷ কচুৰি মিথিত থকা ফাইট’এষ্ট্ৰ’জেনে [phytoestrogen] হৰম’নক নিয়ন্ত্ৰণ কৰি ৰাখে৷ পেটৰ যি কোনো অসুখৰ কাৰণে কচুৰি মিথি ব্যৱহাৰ কৰিব পাৰি৷ চাহৰ লগত দি মিথি চাহ খাব পাৰি৷ মিথি গুটি গুড়ি কৰি পানীত উতলাই, চাকি লৈ অলপ মৌ-জোলৰে মিহলাই খালে যথেষ্ট উপকাৰ হয়৷

আদা: ঐতিহাসিক যুগৰ পৰাই আমি আদা, নহৰু, পিয়াঁজ ঔষধ হিচাবে ব্যৱহাৰ কৰি আহিছোঁ৷ আদাই হজম শক্তি বঢ়ায়, বমি ভাব নাইকিয়া কৰে আৰু মাইকী মানুহৰ মাহেকীয়া সমস্যা দূৰ কৰে৷ বহুমূত্ৰ ৰোগ বা আদকপালিৰ সমস্যাতো আদাৰ ব্যৱহাৰ হয়৷ আজিকালি বহুতে আদা মিহলোৱা চাহ খাই ভাল পায়৷

নহৰু : নহৰু বীজাণুুনাশক৷ অতীজৰে পৰা নহৰুৰ ঔষধীয় ব্যৱহাৰ চলি আহিছে৷ আজিকালি মানুহে মচলাৰ বাহিৰেও বেলেগ বেমাৰতো নহৰু ব্যৱহাৰ কৰে৷ হৃদ্‌যন্ত্ৰৰ ৰোগ বা উচ্ছ ৰক্তচাপৰ ক্ষেত্ৰত নিয়মিতভাৱে নহৰু সেৱন কৰিব লাগে৷ পুৱা খালি পেটত এফুটা নহৰু এগিলাচ কুহুমীয়া গৰম পানীৰে খাব লাগে৷ নহৰুত থকা ৰাসায়নিক পদাৰ্থ এলিচিনে দেহৰ ভিতৰত জমা হৈ থকা গধুৰ ধাতব দ্ৰব্যবোৰ গলাই দেহাক সুস্থ কৰি ৰাখে৷ নিয়মীয়াকৈ খালে বুঢ়া কালত দেখা দিয়া এল্‌জাইমাৰ [ডিমেন্‌চিয়া]ৰ দৰে সঘনাই পাহৰি যোৱা বেমাৰৰ পৰা ৰোগীয়ে উপকাৰ পোৱা উদাহৰণ আছে৷ ই কোলেষ্টৰ’লৰ মাত্ৰা কমায় আৰু হৃদ্‌পিণ্ড সুস্থ কৰি ৰাখে৷

পিয়াঁজ: পিয়াঁজে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে, ভোক বঢ়ায়৷ পিত্তাশয়ৰ বেমাৰ, বুকুৰ বিষ বা উচ্ছ ৰক্তচাপতো পিয়াঁজৰ উপকাৰিতা পোৱা যায়৷ পিয়াঁজো বীজাণুনাশক৷ ই ভাল প্ৰতিজাৰক৷ নহৰুত থকা প্ৰায়বোৰ ঔষধিগুণ পিয়াঁজতো আছে৷ বিষাক্ত পৰুৱা, বৰল আদিয়ে কামুৰিলে পিয়াঁজ অলপ ঘঁহি দিলে উপশম পোৱা যায়৷

উপসংহাৰ: উল্লেখিত মচলাবোৰত নিহিত হৈ থকা ঔষধীয় গুণাগুণৰ বিষয়ে গৱেষণা পত্ৰবোৰত ইতিমধ্যে প্ৰকাশ পাইছে৷ ইয়াৰ তেনে কোনো মৌলিকতা নাই৷ প্ৰাথমিক চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা উক্ত মচলা ব্যৱহাৰৰ নিয়মে ‘এলোপেথিক’ চিকিৎসা পদ্ধতিক অৱজ্ঞা কৰা নুবুজায় আৰু ই এলোপেথিক ঔষধৰ বিকল্পও হ’ব নোৱাৰে৷ চিকিৎসালয়ৰ চিকিৎসাটোৱে প্ৰধান চিকিৎসা৷ মচলা-চিকিৎসা কেৱল তাৎক্ষণিকভাৱে ব্যৱহাৰ কৰিব পৰা প্ৰাথমিক পৰ্য্যায়ৰ চিকিৎসা মাথোন৷

উক্ত মচলাবোৰৰ কেইটামানৰ সংযোজনে ভাল ফল দেখুৱাইছে৷ উদাহৰণ স্বৰূপে ইয়াত কেৱল এটা সংযোজনৰ কথা উল্লেখ কৰিছোঁ৷ সেইটো হ’ল ওজন কমোৱা মচলা মিশ্ৰণ৷ জোখতকৈ বেছি শকত মানুহবোৰে ওজন কমাবৰ কাৰণে বহুত কষ্ট কৰে৷ যথেষ্ট ধন ব্যয় কৰাৰ পাছতো সুফল নাপাই অশান্তিত ভোগে৷ ওলমি থকা পেট লৈ ফুৰোঁতে মানুহজনৰ যথেষ্ট কষ্ট হয় আৰু অস্বস্তি অনুভৱ কৰে৷ তাৰ উপশমৰ কাৰণে ইয়াত সহজ এক মচলা মিশ্ৰণৰ কথা উল্লেখ কৰা হৈছে আৰু এই মিশ্ৰণৰ ব্যৱহাৰে যথেষ্ট সুফল দিয়া দেখা গৈছে৷ মিশ্ৰণটো এনে ধৰণৰ– কেইখিলামান তেজপাত, আধাকাপ আজৱাইন, আধাকাপ জিৰা, আধাকাপ চফ্‌গুটি, আধাকাপ তিচি, আধাকাপ ধনিয়া গুটি আৰু আধা কাপ মিথি কেৰাহীত ভাজি লৈ মিশ্ৰণ যন্ত্ৰৰ সহায়ত গুড়ি কৰি কাঁচৰ বটলত ভৰাই থ’ব লাগে আৰু প্ৰতি দিনে পুৱা খালি পেটত কুহুমীয়া গৰম পানীৰ সৈতে এচামুচ মিশ্ৰণ গুড়ি মিহলাই খালে ৭ দিনৰ পিছৰ পৰা ওজন কমা আৰম্ভ হয়৷ এইটো ‘প্ৰামাণিক’ ঔষধ বুলি কোৱা হৈছে৷ ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই৷ এই মিশ্ৰণ পেটৰ অন্যান্য ৰোগতো সহায়ক হয়৷ যদি কিবা কাৰণে কাৰোবাৰ কিবা অসুবিধা হয়, তাৎক্ষণিকভাৱে ইয়াৰ সেৱন বন্ধ কৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷