গৰাখহনীয়া ৰোধৰ এটা পৰীক্ষণীয় পদ্ধতি


Image Description

বানপানী আৰু গৰাখহনীয়াই প্ৰতিবছৰে অসমৰ অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাই আহিছে৷ ইতিবাচক প্ৰভাৱৰ তুলনাত নেতিবাচক প্ৰভাৱ বেছি৷ ব্ৰহ্মপুত্ৰৰ বানপানী এটা বৃহৎ সমস্যা৷ ইয়াৰ সমাধানৰ বাবে আমি, বিশেষকৈ চৰকাৰে, আনৰ মুখলৈকে চাই থাকে৷ সমস্যাটোৰ সমাধান উলিয়াবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা নাযায়৷ মথাউৰি নিৰ্মাণেই বানপানীৰ সমস্যাটোৰ সমাধানৰ একমাত্ৰ উপায় বুলি আমি হাত সাৱটি বহি থাকোঁ৷

ব্ৰহ্মপুত্ৰৰ বিশাল অৱয়বৰ কথা নজনাসকলে ড্ৰেজিং কৰাৰ কথা কয়৷ আচলতে সমস্যাটোৰ গভীৰতা কিমান সেই বিষয়ে কোনো অধ্যয়নেই হোৱা নাই৷ বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাজনৈতিক দলবোৰৰ ইস্তাহাৰৰ বিষয় হৈয়েই আছে৷

সৰুকৈ হ’লেও স্থানীয়ভাৱে গৰাখহনীয়া কিছু পৰিমাণে ৰোধ কৰিব পাৰি নেকি সেই বিষয়ে আমাৰ নিজৰ মাজতেই হোৱা আলোচনাত উত্থাপিত এটা সম্ভাব্য উপায় ৰাইজৰ ওচৰত উত্থাপন কৰিব বিচাৰিছোঁ৷ একোটা অঞ্চলৰ ৰাইজে নিজৰ সীমিত ক্ষমতাৰে স্থানীয়ভাৱে গৰাখহনীয়া ৰোধ কৰিবলৈ তলত উল্লেখ কৰা পদ্ধতিটো প্ৰয়োগ কৰি চাব পাৰে৷ তাৰ পূৰ্বে ৰাইজে খৰচি মাৰি আলোচনা কৰিব লাগিব আৰু পতিয়ন গ’লেহে পদ্ধতিটো প্ৰয়োগ কৰি চাব লাগিব৷ উত্থাপন কৰা পদ্ধতিটো সম্পূৰ্ণৰূপে পৰীক্ষামূলক৷

আপেক্ষিকভাৱে কম খৰচৰে, ৰাইজৰ শ্ৰমশক্তিৰে আৰু হাততে পোৱা সামগ্ৰীৰে পদ্ধতিটো চিন্তা কৰা হৈছে৷ চৰকাৰে প্ৰতিষ্ঠিত পদ্ধতিৰে গৰাখহনীয়া ৰোধ কৰিবলৈ ব্যৱস্থা নোলোৱালৈকে ৰাইজে নিজাববীয়াকৈ এনে পদ্ধতি বিবেচনা কৰি চাব পাৰে৷

পদ্ধতিটোত পদক্ষেপবোৰ

Image Description
চিত্ৰ ১: গৰাখহনীয়া

Image Description
চিত্ৰ ২: মাটিখিনি এঢলীয়া কৰি ল’ব লাগিব

Image Description
চিত্ৰ ৩: তাৰ ওপৰত পূৰঠ বাঁহ পাৰি দিব লাগিব

Image Description
চিত্ৰ ৪: বাঁহবোৰ ইটোৰ লগত সিটো গাঁঠিব লাগিব

Image Description
চিত্ৰ ৫: মজবুত কৰিবলৈ মাজে মাজে খুতি পুতিব লাগিব যাতে পানী উঠিলে বাঁহবোৰ ওপঙি নুঠে

Image Description
চিত্ৰ ৬: বাঁহৰ তলফালে পঠালিকৈ ব্যৱহৃত টায়াৰৰ শাৰী এটা দিব লাগিব যাতে ঢৌৰ খুন্দা টায়াৰবোৰে বহুখিনি ৰুধিব পাৰে৷ ঢৌবোৰৰ শক্তি বাঁহবোৰৰ ওপৰত পৰিব আৰু গৰাখহনীয়া ৰোধ হ’ব৷

Image Description
চিত্ৰ ৭: স্থায়িত্বৰ বাবে পাৰটোত নতুনকৈ বাঁহগছ ৰুব লাগিব৷

১) বানপানীয়ে গৰা খহাই থকা সময়ত উপায়টো পৰীক্ষা কৰিব নালাগিব৷

২) পৰৱৰ্তী বানৰ আগে আগে উপায়টো সাজু কৰিব লাগিব৷ তেতিয়াহে গোটা বাঁহবোৰ ঢালটোৰ মাটিৰ লগত লিপিট খাই পৰিব৷

৩) দুটা বাঁহৰ মাজে মাজে ঘনকৈ ঘাঁহ ৰুব লাগিব৷ এইটো অতি প্ৰয়োজনীয় আৰু আৱশ্যকীয় চৰ্ত৷ ছমাহমানতে ঘনকৈ গজি উঠা ঘাঁহে বাঁহৰ তলত মাটিৰ খহনীয়া বহুখিনি ৰোধ কৰিব৷

৪) ঘাঁহৰ লগতে খৰকৈ গজিব পৰা আন সৰু উদ্ভিদো দিব পাৰি৷

৫) ব্ৰহ্মপুত্ৰৰ গোটেই বাটছোৱাতে গৰাখহনীয়া ৰোধৰ চৰকাৰী ব্যৱস্থা হৈ উঠিবলৈ বহু বছৰ/দশক লাগিব৷ ৰাইজে নিজে কৰিব পাৰে নেকি তেনে চিন্তাৰ আঁত ধৰি পদ্ধতিটো ভবা হৈছে৷ পদ্ধতিটোৰ বিষয়ে পতিয়ন গ'লেহে ব্যৱহাৰ কৰি চাব।