জেইমছ্ ৱেব স্পেছ টেলিস্ক’প: জ্যোতিৰ্বিজ্ঞানৰ নতুন যুগ


Image Description

২০২১ চনৰ ২৫ ডিছেম্বৰত আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ফ্ৰান্সৰ গিয়ানা অঞ্চলৰ ক'হো নামৰ ঠাইৰ পৰা এৰিয়ান-৫ নামৰ ৰকেট এটি উৎক্ষেপণ কৰে। এই ৰকেটটোৱে কঢ়িয়াই নিয়া জেইমছ ৱেব মহাকাশ দূৰবীণ (James Webb Space Telescope)-টো হৈছে জ্যোতিৰ্বিজ্ঞানৰ নৱতম আলোড়ন।

এই টেলিস্ক’পে ২০২২ চনৰ ১১ জুলাইত কেইখনমান ছবি মুকলি কৰিছে আৰু এই ছবিকেইখনে সমগ্ৰ বিশ্বৰ বিজ্ঞানপ্ৰেমী মানুহৰ মাজত তোলপাৰ লগাইছে। নাছাৰ এই অভিযানত ইউৰোপ আৰু কানাডাৰ মহাকাশ সংস্থাইও অৰিহণা যোগাইছে।

বহুতো গ্ৰহ, নক্ষত্ৰ, তৰা আদিৰ উপৰিভাগ চেঁচা হোৱাৰ বাবে এইবোৰে দৃশ্যমান পোহৰ বিকিৰণ কৰিব নোৱাৰে। তাৰ সলনি সিবোৰে অৱলোহিত (infrared) ৰশ্মিহে বিকিৰণ কৰে। অৱলোহিত ৰশ্মিৰ তৰংগদৈৰ্ঘ্য আমি দেখা পোৱা দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যতকৈ বেছি। সেইবাবে ই তৰা বা নীহাৰিকাৰ গভীৰতাৰ পৰাও নিৰ্গত হ’ব পাৰে। জেইমছ ৱেব টেলিস্ক’পটিৰ বিশেষত্ব হৈছে যে ই এনে অৱলোহিত ৰশ্মি ধৰা পেলাব পাৰে আৰু এইদৰে বিজ্ঞানীসকলক বিশ্বব্ৰহ্মাণ্ডৰ আগেয়ে নেদেখা ছবি চাবলৈ সুযোগ দিয়ে।

এই টেলিস্ক’পটিৰ নামকৰণ কৰা হৈছে নাছাৰ প্ৰখ্যাত সঞ্চালক জেইমছ ই. ৱেবৰ নামত। তেখেতৰ কাৰ্য্যকালতে (১৯৬১-১৯৬৮ চন) নীল আৰ্মষ্ট্ৰং আৰু বাজ্‌ এল্‌ড্ৰিনে এপ’ল’-১১ মহাকাশযানেৰে চন্দ্ৰত পদাৰ্পণ কৰিছিল। সূৰ্য্যক প্ৰদক্ষণ কৰি থকা এই জেইমছ ৱেব টেলিস্ক’পটোৰ দাপোণৰ ব্যাস ৬.৫ মিটাৰ (২১.৩ ফুট)। ই তাৰ পূৰ্বসুৰী বিখ্যাত হাব্‌ল্‌ টেলিস্ক’পৰ তুলনাত সাতগুণ ডাঙৰ।

এই যন্ত্ৰটোৰ মহাজাগতিক তাপৰ পৰা ৰক্ষা কৰিবলৈ প্ৰায় ১৫০ বৰ্গমিটাৰ (১,৬০০ বৰ্গফুট) আকাৰৰ বৰ্ম এটাৰে ঢাকি দিয়া হৈছে। এই বৰ্মটোৰ আকাৰ হ’ব প্ৰায় টেনিছ ক’ৰ্ট এখনৰ সমান (ওপৰৰ ছবিখনৰ হালধীয়া অংশ)।

এনে দূৰবীক্ষণ যন্ত্ৰসমূহে নক্ষত্ৰ, তাৰকাৰাজ্য আদিৰ পৰা নিৰ্গত হোৱা যি অৱলোহিত ৰশ্মি ধৰা পেলায় সেই ৰশ্মিয়ে পিচে তাৰ উৎসৰ বৰ্তমানৰ ৰূপ দাঙি নধৰে। হয়তো এই পোহৰবোৰ লাখ লাখ, কোটি কোটি বছৰ আগতেই তাৰ উৎসৰ পৰা বিকিৰিত হৈছিল। আৰু বহু আলোক বৰ্ষৰ মূৰতহে সিবোৰে আহি এই দূৰবীণত ধৰা দিছে।

(উল্লেখযোগ্য যে আলোক বৰ্ষ হৈছে পোহৰে এক বছৰত অতিক্ৰম কৰিব পৰা দূৰত্ব। সেই হিচাবত ১ আলোক বৰ্ষ হৈছে ৯.৪৬ ট্ৰিলিয়ন কিল'মিটাৰ। গতিকে এই দূৰবীণটোৱে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ‘ঐতিহাসিক চিত্ৰ’ এখনো দেখুৱায়।)

দূৰবীণটোৱে মুকলি কৰা প্ৰথম ছবিখন হৈছে SMACS-0723 নামৰ তাৰকাপুঞ্জ এটাৰ। এই ছবিখনক বোলা হৈছে ‘ৱেবৰ প্ৰথমখন গভীৰ ক্ষেত্ৰ’ (Webb's First Deep Field)। ছবিখন উক্ত তাৰকাপুঞ্জটোৰ ৪.৫ বিলিয়ন (৪,৫০০,০০০,০০০) বছৰ আগৰ অৱস্থাৰ। অৰ্থাৎ, পুঞ্জটোৰ পৰা ৪.৫ বিলিয়ন বৰ্ষ পূৰ্বে নিৰ্গত হোৱা ৰশ্মি এতিয়াহে আহি এই দূৰবীণৰ কেমেৰাত আবদ্ধ হৈছে। এই ছবিখনেই হৈছে এতিয়ালৈ পোৱা বিশ্বব্ৰহ্মাণ্ডৰ আদিমতম সময়ৰ ছবি।

দ্বিতীয় ছবিখনত পাঁচখন তাৰকাৰাজ্যৰ থূপ এটা দেখা পোৱা গৈছে। এই থূপটোৰ নাম দিয়া হৈছে ‘ষ্টিভেনৰ কুইণ্টেট’ (Stephan's Quintet)। (কুইণ্টেট হৈছে পাঁচজন সংগীত শিল্পীৰ সমষ্টি।) এই তাৰকাপুঞ্জটো আছে পৃথিৱীৰ পৰা ২৯ কোটি আলোক বৰ্ষ দূৰত, পেগাছাছ নামৰ নক্ষত্ৰমণ্ডলত। এই থূপটোক ‘কুইণ্টেট’ বুলি কোৱা হৈছে যদিও ইয়াৰে মাত্ৰ চাৰিখন তাৰকাৰাজ্যহে ওচৰা-ওচৰিকৈ আছে। পঞ্চমখন তাৰকাৰাজ্য আছে কিছু আলেঙে আলেঙে, যি এই মহাজাগতিক সুৰ-সমলয়ত অংশ লোৱা নাই।

পৃথিৱীৰ পৰা এই চাৰিখন তাৰকাৰাজ্যৰ দূৰত্ব প্ৰায় ২৯ কোটি আলোক বৰ্ষ। তাৰ বিপৰীতে পঞ্চমখন তাৰকাৰাজ্য আছে পৃথিৱীৰ পৰা ৪ কোটি আলোকবৰ্ষ দূৰত্বত। এনে ধৰণে তুলনামূলকভাৱে পৃথিৱীৰ পৰা ওচৰত থকা তাৰকাৰাজ্যবোৰ অধ্যয়ন কৰাৰ ফলত বিজ্ঞানীসকলে তাৰকাৰাজ্যৰ গঠন প্ৰক্ৰিয়াটো সহজে বুজি পাব পৰা হ’ব।

দূৰবীণটোৱে লোৱা তৃতীয়খন ছবিত পৃথিৱীৰ পৰা প্ৰায় ৭৫০০ আলোক বৰ্ষ দূৰত্বত অৱস্থিত কেৰিনা নামৰ নীহাৰিকাটোৰ দৃশ্য বন্দী কৰা হৈছে। ‘কশ্মিক ক্লিফ’ বুলি নামকৰণ কৰা এই নীহাৰিকাটোৰ কিছুমান তৰা আমাৰ সূৰ্য্যটোতকৈ কেইবাগুণো ডাঙৰ। এই ছবিখনত দেখা আটাইতকৈ ওখ ‘শৃংগ’বোৰৰ উচ্চতা হৈছে সাত আলোক বৰ্ষ।

ইয়াৰ পিছৰ ছবিখনৰ নাম দিয়া হৈছে ‘দক্ষিণৰ আঙুঠি’ (Southern Ring)। ই হৈছে পৃথিৱীৰ পৰা প্ৰায় ২০০০ আলোক বৰ্ষ দূৰত্বত অৱস্থিত নীহাৰিকা এটিৰ চিত্ৰ। ইয়াৰ বাঁওফালৰ ছবিখনত দেখা গৈছে এটা মৃত্যুমুখী তৰা, আৰু সোঁফালৰ ছবিখনত ফুটি উঠিছে মৃত্যুমুখী তৰাটোৰ পৰা নিৰ্গত গেছ।

বাঁওফালে ছবিখনত তৰা আৰু তৰাক আৱৰি থকা পোহৰৰ স্তৰবোৰ স্পষ্টভাৱে দেখা পোৱা গৈছে। আনহাতে সোঁফালৰ ছবিখনত দেখা পোৱা গৈছে তৰা এটাক চৌপাশে আৱৰি থকা ধূলিৰ ডাৱৰবোৰ। এই উজ্জ্বল তৰাটো এতিয়াও নক্ষত্ৰৰ বিৱৰ্তনৰ প্ৰাৰম্ভিক পৰ্যায়তে আছে। ভৱিষ্যতে হয়তো তাৰ পৰাও এক নীহাৰিকাৰ সৃষ্টি হ’ব।

ইয়াৰোপৰি জেইমছ্ ৱেব টেলিস্ক'পটোৱে প্ৰায় ৭০০ আলোক বৰ্ষ দূৰত থকা বৃহৎ গ্ৰহ এটাৰ ছবিও কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে। এই গ্ৰহটোৱে এটা তৰাক প্ৰদক্ষিণ কৰি আছে। WASP-39b বুলি নামাকৰণ কৰা এই গ্ৰহটোক গৰম গেছৰ এক স্ফীট আৱৰণে আগুৰি আছে। গ্ৰহটোৰ বায়ুমণ্ডলত ডাৱৰ আৰু কুঁৱলী থকাৰো প্ৰমাণ পোৱা গৈছে। লগতে পোৱা গৈছে তাত পানীৰ সুকীয়া উপস্থিতিৰো উমান। আমাৰ হাতীপটীত এতিয়ালৈ এনেকুৱা পাঁচ হাজাৰৰো অধিক গ্ৰহৰ উপস্থিতি নিশ্চিত কৰা হৈছে। এই গ্ৰহবোৰৰ মাজত WASP-96b অন্যতম।

জেইমছ ৱেব টেলিস্কোপটোৱে এতিয়ালৈকে পঠিওৱা এই ছবিবোৰ এক ৰোমাঞ্চকৰ মহাজাগতিক অভিযানৰ মাথোঁ আৰম্ভণিহে। অনাগত সময়ত যন্ত্ৰটোৰ পৰা এনে অসংখ্য মহাজাগতিক পৰিঘটনাৰ চিত্ৰ দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁ।

(প্ৰৱন্ধটোত ব্যৱহৃত ছবিসমূহৰ উৎস: https://www.nasa.gov/webbfirstimages)