কৃষিকাৰ্য্যত প্ৰয়োগ কৰা কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ


Image Description

আমাৰ ঘৰখনত সকলোৱেই শাক খাই বৰ ভাল পাওঁ, বিশেষকৈ খুটুৰা, মৰিছা, জিলমিল শাক(আমাৰ ফালে ভটুৱা বুলি কয়), ঢেকীয়া, ৰঙালাওৰ আগ, পূৰৈ শাক আমাৰ বৰ প্ৰিয়।ইয়াৰ উপৰিও মধুসোলেং, টেঙামৰা বা পালেঙৰ টেঙাখন; শুকলতি, মছন্দৰী, কচুশাকো আমাৰ বৰ প্ৰিয় ।কিন্তু যোৱা কিছু বছৰৰ পৰা এনেকুৱাও হৈছে যে অতি আশাৰে খাব খোজা প্ৰিয় শাকখিনি ভাতৰ পাতত বহি উৎকট ডি.ডি.টি.ৰ দ'ৰে গোন্ধৰ বাবে পেলাই দিব লগা হৈছে ।শুনিছোঁ কিছুমান এনে কৃষিত ব্যৱহাৰ কৰা ঔষধৰ গোন্ধো পোৱা যায় আৰু সোৱাদৰ ফালৰ পৰাও ধৰিবলৈ কঠিন ; সেইবোৰতো আৰুহে বিপদজনক । আমি গুৱাহাটীত থাকোঁতে আগতে মন কৰিছিলোঁ যে কেৱল চাৰিবিধ শাকহে কিছু নিৰ্ভয়ে খাব পাৰি ।সেইবোৰ হ'ল ঢেকীয়া, জিলমিল, ৰঙালাও আৰু পূৰৈ শাক ।

মই কিন্তু এটা কথা লক্ষ্য কৰিছো যে কিছু বছৰৰ পৰা মানুহৰ যকৃত আৰু বৃক্কৰ ৰোগ বাঢ়িছে।আনকি চকুৰ ডাক্তৰ হিচাপে আৰু এটা কথা মোৰ চকুত লাগিছে; সেইটো হ'ল যে যোৱা ৮-১০ বছৰৰ পৰা মই ৩৫-৪০ বছৰতকৈ কম বয়সৰ বহু লোকৰ ছানিৰ (cataract ) অস্ত্ৰোপচাৰ কৰিব লগা হৈছে। সাধাৰণতে জন্মগত কাৰণত, বিভিন্ন ধৰণৰ আঘাতৰ ফলত, দীঘলীয়াকৈ ষ্টেৰয়ডৰ ব্যৱহাৰ কৰা, ডায়েবেটিছ থকা লোকৰ আৰু চকুৰ কিছুমান অন্য অংশৰ বেমাৰৰ ফলতহে কম বয়সীয়া মানুহৰ চকুত ছানি পৰা দেখা যায়। কিন্তু মই যি সকলৰ কথা কৈছোঁ তেওঁলোকৰ এইবোৰ একো লেঠা নাই। গতিকে এনে ধৰণৰ ৰোগবোৰৰ ক্ষেত্ৰত কৃষিত ব্যৱহাৰ কৰা কীটনাশক আৰু ৰাসায়নিক সাৰ আদিৰ উল্লেখযোগ্য ভূমিকা নাই বুলি কোনে সন্দেহাতীতভাবে ক'ব পাৰে?

আপোনালোকক মই এতিয়া এটা সঁচা কাহিনী শুনাওঁ। মোৰ পত্নীৰ বায়েকৰ ঘৰৰ কাহিনী। এদিন বাইদেৱে বজাৰৰ পৰা কুমলীয়া মূলাশাক পাই কেইমুঠিমান কিনি আনিলে। পিছে খাবলৈ লৈ ঔষধৰ অসহ্য গোন্ধ। বাকীথকা দুমুঠিমান মূলাশাক সেয়ে বাইদেৱে ঘৰতে থাকি লাচনি-পাচনি কৰি দিয়া কম বয়সীয়া ল'ৰাজনক পেলাই দিবলৈ ক'লে। ল'ৰাজনৰ আকৌ কিনি অনা শাকখিনি পেলাই দিবলৈ বেয়া লাগি ঘৰৰে পোহনীয়া গিনিপিগ হালক বিশেষ একো নাভাবি খাবলৈ দিলে। কিছু সময়ৰ পাছত হালেই আগা-পিছাকৈ মৰি থাকিল । গতিকে ভাবক আমি আজিকালি কেনে ধৰণৰ খাদ্য খাই আছোঁ! ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি?