গৰম হৈ থকা পৃথিৱী


Image Description

বিশ্বব্ৰহ্মাণ্ড যেতিয়া সৃষ্টি হ’ল, আমাৰ পৃথিৱীখন সূৰ্য্যৰ পৰা সুবিধাজনক দূৰত্বত ৰৈ গ’ল৷ একদম বঢ়িয়া৷ না বেছি গৰম, না ঠাণ্ডা৷ গতিকে প্ৰাণৰ সঞ্চাৰ হ’ল৷ আমি জীৱনৰ বিচিত্ৰ সোৱাদ পালোঁ৷ পিচে কথাটো ইমান সৰল নহয়৷ আমাৰ পৃথিৱীখন সুবিধাজনক দূৰত্বত ৰৈ গ’ল ঠিকেই৷ কিন্তু আমি উমাল পৃথিৱীখন পোৱাৰ আঁৰত আৰু কাহিনী আছে৷

ধৰি ল’লোঁ আহাৰ মাহৰ ভৰ দুপৰীয়া প্ৰখৰ ৰ’দত এটা বন্ধ কোঠাত আমি সোমাই আছোঁ৷ প্ৰচণ্ড গৰমত আমি আধামৰা হ’ম৷ এতিয়া ধৰি ল’লোঁ ৰ’দ গ'ল, গধূলি হ’ল৷ তেতিয়াও কোঠাটো ভিতৰত বেছ গৰম থাকিব৷ কাৰণ দিনৰ ৰ’দৰ বাবে গৰম হোৱা বায়ুখিনি ওলাই যাব পৰা নাই৷ গতিকে গোটেই কোঠাটোৱে গৰম হৈ উঠিব৷ এতিয়া ধৰি ল’লোঁ, কোঠাটোৰ দুৱাৰ-খিৰিকী খুলি দিলোঁ৷ তেতিয়া গৰম বায়ু বাহিৰলৈ ওলাই যাব আৰু কোঠাটো ঠাণ্ডা হৈ আহিব৷

এতিয়া আমাৰ পৃথিৱীখনলৈ আহোঁ৷ পৃথিৱীৰ বায়ুমণ্ডলত অক্সিজেন, হাইড্ৰ’জেন, কাৰ্বন ডাই-অক্সাইড আদি গেছ আছে৷ ইয়াৰ ভিতৰত কাৰ্বন ডাই-অক্সাইড, জলীয় বাষ্প, মিথেন, নাইট্ৰাছ অক্সাইড, অজ'ন আদি গেছবোৰে এটা বেলেগ কাম কৰে৷ দিনত পৃথিৱীপৃষ্ঠত পৰা ৰ’দৰ শক্তিৰ এভাগ ৰাতি ৰ’দ যোৱাৰ লগে লগে বায়ুৰ মাজেদি গুচি যায়৷ তাৰে কিছু শক্তি এই গেছবোৰে শোষণ কৰে আৰু এৰি দিয়ে৷ ফলত বন্ধ কোঠাত ৰ’দ যোৱাৰ পিছতো গৰম থাকি যায়।

একেদৰে আমাৰ পৃথিৱীখনতো ৰ’দ যোৱাৰ পিছত কিছু উত্তাপ থাকি যায়৷ গোটেই পৃথিৱীখনত বিয়পি থকা এই গেছবোৰক আমি সেউজগৃহ গেছ [green house gas] বুলি কওঁ৷ যদি এই গ্ৰীণ হাউছ গেছ নাথাকিলহেঁতেন, তেতিয়া পৃথিৱীখন গড় উষ্ণতা ১৪০ ডিগ্ৰী ছেণ্টিগ্ৰেড হ’লহেঁতেন৷ ফলত ইয়াত জীৱনৰ সম্ভৱ নহ’লহেঁতেন৷ এই গেছবোৰৰ কাৰণেহে আমাৰ পৃথিৱীৰ গড় উষ্ণতা ১৫ ডিগ্ৰী ছেণ্টিগ্ৰেড।

অৰ্থাৎ আমি বুজি পালোঁ যে আমাক গ্ৰীণ হাউছ গেছ, যেনে, কাৰ্বন ডাই-অক্সাইড, মিথেন, ফ্ল’ৰ’ফ্লুৰ’ কাৰ্বন, আদি লাগিবই৷ মেঘ আৰু জলীয় বাষ্পইয়ো পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি আকৌ বায়ুমণ্ডলত এৰি দিয়ে৷ সেইবাবেই মেঘ জমা হোৱা আকাশৰ তলত আমি অধিক গৰম পাওঁ৷

এতিয়া যদি কিবা কাৰণত পৃথিৱীৰ বায়ুমণ্ডলত এই গেছবোৰ বৃদ্ধি পায়, ইহঁতে অধিক প্ৰতিফলিত শক্তি শোষণ কৰি বিকিৰণ কৰিব৷ তেতিয়া গোটেই পৃথিৱীৰ গড় উষ্ণতা বাঢ়িব৷ তেতিয়া কি হ’ব? মাত্ৰ ১.৫ ডিগ্ৰী ছেণ্টিগ্ৰেড গড় উষ্ণতা বাঢ়িলেই অথন্তৰ হ'ব৷ তেতিয়া যি হ’ব, সেয়া এতিয়া হ’ব ধৰিছে৷ মানে গ্ৰীণ হাউচ গেছ আমাৰ বায়ুমণ্ডলত বৃদ্ধি পাইছে৷

গতিকে হ’ব লগীয়াবোৰ হ’ব ধৰিছে৷ সেইবোৰ হ’ল–

১] হিমবাহৰ বিগলন

২] বতৰৰ পৰিবৰ্তন

৩] ক'ৰবাত খৰাং,ক'ৰবাত অতি বৃষ্টি

৪] বিভিন্ন প্ৰকাৰ ৰোগৰ প্ৰাদুৰ্ভাব

৫] সঘনাই সাগৰীয়া ধুমুহা

৬] সাগৰপৃষ্ঠৰ বৃদ্ধি

৭] গ্ৰীষ্ম প্ৰবাহ আদি।

এই ঘটনাবোৰ দেখাত ভয়ংকৰ নহয়৷ কিন্তু তাৰ ক্ৰিয়া সমগ্ৰ জীৱকুলৰ বাবে সংকটজনক৷ হিমবাহৰ বিগলনে অধিক পানীৰ সৃষ্টি কৰিব৷ এই পানীৰ ফলত সাগৰ জলপৃষ্ঠ বাঢ়িব৷ প্ৰথমেই সাগৰৰ পাৰৰ চহৰবোৰ পানীত ডুব যাব৷ লাহে লাহে৷ আমাৰ ভাৰতৰো এনে ছয়খনমান চহৰ আছে৷

ঋতু পৰিৱৰ্তনৰ সাধাৰণ চক্ৰটো ব্যহত হ’ব৷ খৰাং আৰু অতিবৃষ্টি হ’ব৷ খেতি পথাৰত নতুন পোক পৰুৱাই আক্ৰমণ কৰিব৷ গৰম ভালপোৱা বিভিন্ন প্ৰজাতিৰ ভাইৰাছ, বেক্টেৰিয়াই বংশবৃদ্ধি কৰি আমাৰ বিপৰ্য্যস্ত কৰিব৷

পৃথিৱীৰ বিভিন্ন দেশে বিকল্প বসতিৰ সন্ধান কৰি মংগলক চিনাক্ত কৰিছে৷ ধনী মানুহবোৰে তালৈ যাবৰ বাবে দিনবাৰো ঠিক কৰিছে৷ কিন্তু সেইবোৰ মানুহেই আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই -অক্সাইড, ফ্ল’ৰ’ফ্লুৰ’ কাৰ্বন আদি অধিক মাত্ৰা এৰি দিছে৷ ভাৰসাম্যহীন উদ্যোগ বিপ্লৱ আৰু শিল্প বিপ্লৱে আমাৰ বায়ুমণ্ডলত গ্ৰীণ হাউছ গেছ ভয়ানকভাৱে বৃদ্ধি কৰিছে৷

ৰাষ্ট্ৰ সংঘই গোলকীয় উষ্ণতা বৃদ্ধিক আপদকালীন ব্যৱস্থা বুলি ঘোষণা কৰিছে৷ আমি যদি এতিয়াই বহনক্ষম উন্নয়নৰ ৰূপবোৰ তৈয়াৰ কৰিব নোৱাৰোঁ, ২০৫০ চনৰ ভিতৰত উষ্ণতা বৃদ্ধিৰ আটাইবোৰ বিৰূপ প্ৰতিক্ৰিয়াই প্ৰকট হ’ব৷ ইয়াৰ মানুহে মংগলক যোৱাসকলক ক’ব– 'আমাৰ পৃথিৱীয়ে ভাল৷ তহঁতে পাৰ যদি ইয়াক আকৌ মনোৰম কৰি দে৷'