উচ্চতম ন্যায়ালয় বনাম ৰাষ্ট্ৰীয় চৰকাৰ


Image Description

প্ৰধান মন্ত্ৰী মোডী নেতৃত্বৰ ৰাষ্ট্ৰীয় চৰকাৰখনে উচ্চতম ন্যায়ালয়ৰ লগত অপ্ৰয়োজনীয়ভাৱে সংঘাতত লিপ্ত হৈছে৷ উচ্চতম ন্যায়ালয়ৰ আৰু সকলো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তিৰ বাবে এটা বিশেষ ব্যৱস্থা আছে৷ এই ব্যৱস্থাটো চমুকৈ ‘কলেজিয়াম’ বুলি জনা যায়৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠতম পাঁচগৰাকী ন্যায়াধীশক লৈ এই কলেজিয়াম গঠিত৷

আজি কিছুদিনৰ পৰা মোডী চৰকাৰে কলেজিয়ামৰ কৰ্তৃত্বৰ বিষয়ে প্ৰশ্ন তুলিছে৷ ন্যায়াধীশ নিযুক্তিৰ দায়িত্ব চৰকাৰে নিজৰ হাতলৈ নিব খুজিছে৷ ইয়াৰ আঁৰত যে অতি দুষ্টবুদ্ধি লুকাই আছে সেই বিষয়ে কাৰো সন্দেহ হোৱা নাই৷ ন্যায়ালয়ৰ ব্যৱস্থাটোকে মোডী চৰকাৰে ৰাজনীতিকৰণৰ মাজলৈ আনিব খুজিছে৷ নিজৰ ৰাজনৈতিক আদৰ্শৰ লগত মনে মিলা মানুহকে যে চৰকাৰে নিযুক্তি দিব সেই বিষয়ে কাৰোৱেই অকণো সন্দেহ নাই৷

মোডী চৰকাৰৰ দিনত সকলো গণতান্ত্ৰিক আৰু স্বতন্ত্ৰ সংস্থাক নিজৰ অধীনলৈ আনিবলৈ অহৰহ চেষ্টা কৰি থকা হৈছে৷ কেন্দ্ৰীয় অনুসন্ধান সংস্থা আৰু ইডিৰ কাৰ্য্যকলাপ যে সম্পূৰ্ণ ৰাজনীতিৰ পাশত পৰিল সেই বিষয়ে জানো ক’বলগীয়া আৰু কিবা আছে?

ন্যায়াধীশ নিযুক্তি সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মোডী চৰকাৰে ইচ্ছাকৃতভাৱে ফাইলতে আবদ্ধ ৰাখিছে৷ ইয়াৰ ফলত উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়সমূহতো কাম-কাজ বাধাপ্ৰাপ্ত হৈছে৷ মোডী চৰকাৰৰ দিনত সকলো কেন্দ্ৰীয় শিক্ষানুষ্ঠানত উপাচাৰ্য্য আৰু সঞ্চালকৰ নিযুক্তি অকণো স্বচ্ছতা, মেধা আৰু উপযুক্ততাৰ ভিত্তিত হোৱা নাই৷ কিতাপ-পত্ৰ নপঢ়া মানুহকো কিতাপৰ মান নিৰুপণৰ দায়িত্ব দি আহিছে৷ শিক্ষাৰ বিষয়ে কোনো দৃষ্টিভঙ্গী নথকা মানুহকো শিক্ষা নীতি প্ৰয়োগৰ গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছে৷

মোডী চৰকাৰৰ দিনত আৰএছএছ আৰু বিজেপিৰ লগত সম্পৰ্কটোহে মূল মাপকাঠি৷

বিজেপি চৰকাৰৰ কাম-কাজত কোনো বুদ্ধিদীপ্ততা ফুটি উঠা নাই৷ ই হ’বও নোৱাৰে কিয়নো বুৰঞ্জী পঢ়া মানুহক ৰিজাৰ্ভ বেঙ্কৰ গৱৰ্ণৰ পাতিছে৷ সেইদৰে অৰ্থনীতিৰ বিষয়ে একোকে নজনা ব্যক্তিৰ হাতত বিশাল ৰাষ্ট্ৰখনৰ বিত্তৰ দায়িত্ব দিয়া হৈছে৷ আনকি স্বাধীন ভাৰতত কোনো এজন প্ৰধান মন্ত্ৰীৰ শৈক্ষিক অৰ্হতা সম্পৰ্কে ইমানবোৰ বিতৰ্ক হোৱা নাছিল৷

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ প্ৰক্ৰিয়াটোৰ সম্পৰ্কেও অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে৷ নিৰ্বাচন আয়ুক্তই প্ৰয়োজন হ’লে প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা ল’ব পাৰিব নেকি বুলি প্ৰশ্ন তুলিছে৷

মোডী চৰকাৰৰ দিনত দেশৰ গণতন্ত্ৰ যে বিপদাপন্ন হৈছে সেইয়া খবৰ ৰখা মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ আৰএছএছ আৰু বিজেপি নেতৃত্বৰ কুটিল নীতিবোৰ গাই-বাই ফুৰিবলৈ কিৰণ ৰিজুজুৰ দৰে কিছুমান ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থাটোকে সমালোচনা কৰিবলৈ আগবঢ়াই দিছে৷ ই শুভ লক্ষণ নহয়৷।