পপুলিজম


Image Description

৮(১)
(পপুলিজম সম্পর্কীয় প্রাথমিক পর্য্যায়ৰ আলোচনাৰ পাছত এইবাৰ আমি আটিছ টাছীৰৰ ‘ডিভাইডাৰ ইন চিফ’ৰ ওপৰত চকু ফুৰাব পাৰোঁ। তলত লেখাটোৰ মুকলি অনুবাদ আগবঢ়োৱা হ’ল।)

মুখ্য বিভেদকাৰী
(‘ডিভাইদাৰ ইন চিফ’)

(প্রকাশ - ‘টাইম’, ২০-৫-২০১৯)
আটিছ টাছীৰ

‘পপুলিজম’ৰ ওচৰত ধৰাশায়ী হোৱা মহান গণতন্ত্রবোৰৰ ভিতৰত ভাৰত আছিল প্রথম।

দীর্ঘ সময়ৰ বাবে গুজৰাট ৰাজ্যৰ মুখ্য মন্ত্রী হৈ থকা হিন্দু ৰাষ্ট্রীয়তাবাদী দল ভাৰতীয় জনতা পার্টিৰ নেতা নৰেন্দ্র মোডীক ২০১৪ চনত জনতাই শাসন ভাৰ অর্পণ কৰে। বিগত ত্রিছ বছৰৰ ভিতৰত জনতাৰ এই ৰায় আছিল বৃহত্তম। তেতিয়ালৈকে ভাৰতক মূলতঃ এটা দলেই শাসন কৰি আহিছিল। ইন্দিৰা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ দল কংগ্রেছে স্বাধীনতাৰ পাছৰ ৬৭ বছৰৰ ভিতৰত ৫৪ বছৰেই শাসনত আছিল।

মোডী আৰু ভাৰতীয় জনতা দলে ভাৰতৰ লক্ষ্যক নিয়ন্ত্রণ কৰিব পাৰিব নে নোৱাৰে তাক নির্ধাৰণ কৰিবৰ বাবেই এইবাৰ ভাৰতে ভোট দিছে। চাৰে পাঁচ সপ্তাহ, সাতোটা পর্য্যায়ত চলা, নব্বৈ কোটি ভোটাৰক সামৰি লোৱা এয়া আছিল বিশ্বৰ বৃহত্তম নির্বাচন। এই বৃহৎ মতদানৰ গভীৰতাৰ বিষয়ে বুজিবলৈ হ’লে অকল ৰাজনীতিয়ে নহয় তাৰ অন্তৰালত থকা সাংস্কৃতিক বিভেদতাৰ বিষয়েও বুজি পাব লাগিব আৰু তাৰ বাবে আমি মোডী কাহিনীৰ প্রথম অংশলৈ যাব লাগিব। তেতিয়াহে আমি বুজি পাম কিয় মোডীৰ আগমন ভাৰতৰ বাবে অপৰিহার্য্য হোৱাৰ সময়তে ই এক দুর্য্যোগো হয়।

পপুলিজমৰ বৈধতা আৰু উদ্ভট কল্পনা - এই দুয়োটাকে একেলগে ভূমুকি মৰাৰ ই এটা একক সুযোগ প্রদান কৰিছে। ভাৰতৰ লগতে সুদূৰ তুৰস্ক, ইংলণ্ড আৰু আমেৰিকাৰ সমাজতো সংখ্যাগৰিষ্ঠ জনতাৰ অসন্তুষ্টি প্রকাশৰ কন্ঠ হিচাবে পপুলিজমে এনে এটা ভূমিকা গ্রহণ কৰিছে যাৰ বিশালতাক গুৰুত্ব নিদিয়াকৈ থাকিবও নোৱাৰি, কিন্তু একে সময়তে ই এনে এটা অৱস্থাৰ সৃষ্টি কৰে যি ন্যায়সংগত নতুবা গ্রহণীয়ও নহয়।

এই কাহিনী আৰম্ভ হৈছে স্বাধীনতাৰ সৈতে। ১৯৪৭ চনত ব্রিটিছ ভাৰত দুভাগত বিভক্ত হ’ল। ভাৰতীয় মুছলমানসকলৰ গৃহভূমি হিচাবে পাকিস্তান প্রতিষ্ঠা কৰা হ’ল। কিন্তু কেম্ব্রিজশিক্ষিত প্রধান মন্ত্রী জৱাহৰলাল নেহৰুৰ অধীনৰ ভাৰতে পাকিস্তানৰ সমদর্শী হৈ হিন্দুৰ গৃহভূমি হ’বলৈ মান্তি নহ’ল। ভাৰতত এক বুজন সংখ্যক মুছলমান আছে (তেতিয়া ৩ কোটি ৫০ লাখ, এতিয়া ১৭ কোটি ২০ লাখ), আৰু নেহৰুৱে নতুনকৈ সৃষ্টি হোৱা দেশখনক ধর্মনিৰপেক্ষতাৰ আদর্শ প্রদান কৰে। এই ধর্মনিৰপেক্ষতা ধর্ম আৰু ৰাষ্ট্রৰ মাজৰ বিভেদেই মাত্র নহয়; ইয়াৰ অর্থ হৈছে সকলো ধর্মৰ প্রতি সমভাবাপন্ন অৱস্থা। অৱশ্যে বহু সমালোচকে ইয়াক অৰৱেলৰ ‘আনতকৈ বেছি সমান’ যোজনাৰ সৈতে ৰিজাব খোজে।

ভাৰতীয় মুছলমানক ব্যক্তি আইন হিচাবে ছৰিয়াভিত্তিক আইন গ্রহণ কৰিবলৈ দিয়া হ’ল, আনহাতে ভাৰতীয় হিন্দুৰ বাবে ব্যক্তি আইনৰ ঠাইত দেশখনৰ সাধাৰণ আইন প্রযোজ্য হ’ল। পুৰুষ এজনে তিনিবাৰ ‘তালাক’ উচ্চাৰণ কৰি বিবাহ বিচ্ছেদ কৰা আৰু তাৰবাবে মহিলাগৰাকীক সামান্য ক্ষতিপূৰণ দিয়াৰ দৰে প্রাচীন ৰহস্যজনক ব্যৱস্থা মুছলিমৰ বাবে বাহাল ৰখা হ’ল, আনহাতে হিন্দুৰ ক্ষেত্রত সংশোধিত বিবাহ বিধি হ’ল, আৰু প্রায়ে তেওঁলোকৰ উপাসনা স্থান ভাৰত ৰাষ্ট্রই অধিগ্রহণ কৰাও দেখা গ’ল। (তাৎক্ষণিক বিবাহ বিচ্ছেদ ঘটোৱা তথাকথিত তিনি তালাক ব্যৱস্থাক মোডীয়ে ২০১৮ চনত এক অধিসূচনা যোগে শাস্তিযোগ্য অপৰাধ কৰিলে।)

নেহৰুৰ ৰাজনৈতিক উত্তৰাধিকাৰীসকলে স্বৰাজোত্তৰ ভাৰতৰ অধিকাংশ কালেই শাসন কৰিলে আৰু বাহিৰত যদিও তেওঁলোকে গণতান্ত্রিক বিধি-ব্যবস্থাৰ কথা ঘোষণা কৰিলে প্রকৃততে তেওঁলোকে সামন্ততান্ত্রিক সাম্রাজ্য এখনহে প্রতিষ্ঠা কৰিলে। তেওঁলোকৰ অধীনৰ ভাৰতখন আছিল ক্লাব-সংস্কৃতিৰ, ইংৰাজ-বৈশিষ্ট্যৰ আৰু সাধাৰণ জনতাই তাত প্রবেশ কৰাটো তেওঁলোকৰ বাবে ভয়ানক কথা আছিল।

২০১৪ চনৰ মে মাহত মোডীয়ে যেতিয়া লোক সভাৰ ৫৪৩খন আসনৰ ভিতৰত ২৮২খন আসন জয় কৰিলে, সেই প্রৱেশদ্বাৰ ভাঙি দিয়া হ’ল। এই নির্বাচনত কংগ্রেছৰ আসন ৪৪খনলৈ হ্রাস পালে; এই সংখ্যা ইমান কম যে ভাৰতৰ আটাইতকৈ প্রাচীনতম দলটো বিৰোধী পক্ষৰ নেতৃত্ব দিয়াৰ অধিকাৰৰ পৰাও বঞ্চিত হ’ল।

পপুলিষ্টসকল দুই প্রকাৰে আহে: তেওঁলোকে প্রতিনিধিত্ব কৰা জনসাধাৰণৰ মাজৰপৰা (তুৰস্কৰ এর্ড'গান, ব্রাজিলৰ বলছ'নাৰো), আৰু তেওঁলোকে প্রতিনিধিত্ব কৰা জনসাধাৰণৰ মাজৰ নহয়, অথচ তেওঁলোকৰ আৱেগৰ সুবিধা লৈ বাহিৰৰপৰা (ছেম্পেইন নব্য-ফেছিষ্ট - ব্রেক্সিটৰ সমর্থক, ডনাল্ড ট্রাম্প, পাকিস্তানত ইমৰান খান)।

নৰেন্দ্র মোডী যথেষ্ট যুক্তিযুক্তভাৱে প্রথমটো দলৰ অন্তর্ভুক্ত। তেওঁ এজন চাহ বেচা লোকৰ সন্তান, আৰু তেওঁৰ নির্বাচন বেলট-বাকছত হোৱা শ্রেণী বিপ্লৱতকৈ কোনো গুণে কম নাছিল।

আমেৰিকাৰ ইতিহাসবিদ এনি এপ'লব'মে কোৱা এষাৰ কথাই এই অৱস্থাটো মুকলিকৈ ব্যাখ্যা কৰিছে। এপ'লব'মে কৈছিল, 'জনসাধাৰণৰ মাজত সমাধান কৰিব নোৱৰা বিভাজনৰ কথা, অর্থাৎ তেওঁলোক প্রত্যেকেই যে ইজনে সিজনৰ লগত সহমত পোষণ নকৰে, সেই কথা মানুহখিনিয়ে আগতে কেতিয়াও জনা নাছিল।'

('Unresolvable divisions between people who had previously not known that they disagreed with one another.')

অৱশ্যে, আগতেও ৰাজনৈতিক বিভাজন আছিল, কিন্তু মোডীৰ নির্বাচনে যি উন্মোচন কৰিলে সেয়া হৈছে এক অলংঘনীয় সাংস্কৃতিক বিচ্ছিন্নতা। এয়া বাঁও, অথবা সোঁ নহয়, এয়া হৈছে বহু পৰিমাণে মূল বুনিয়াদ। ৰাষ্ট্রৰ যিবোৰ বুনিয়াদী ব্যৱস্থা - ভাৰত ৰাষ্ট্রৰ চৰিত্র, ইয়াৰ নির্মাতাসকল, সংখ্যালঘুৰ স্থান আৰু প্রতিষ্ঠান, বিশ্ববিদ্যালয়, ক’র্পৰেট হাউছৰপৰা সংবাদ মাধ্যম, এই সকলোবোৰৰ প্রতি অবিশ্বাস প্রদর্শন কৰা হ’ল।

ধর্ম-নিৰপেক্ষতা, ৰাজনৈতিক উদাৰতা, সংবাদপত্রৰ স্বাধীনতা - স্বাধীন ভাৰতৰ ছত্রছায়াত লাভ কৰা এই সফলতাবোৰ বহুতৰ দৃষ্টিত এটা বৃহৎ ষড়যন্ত্রৰ অংশ যেন লগা হ’ল, য’ত নিজৰ শিপাৰ সৈতে সম্পর্ক নৰখা হিন্দুৱে খ্রীষ্টান আৰু ইছলামৰ দৰে একেশ্বৰবাদী সংখ্যালঘুৰ সৈতে জোঁটবন্ধন কৰি ভাৰতৰ সংখ্যাগুৰু হিন্দুৰ ওপৰত প্রভুত্ব চলাই আহিছে।

মোডীৰ বিজয় আছিল সেই অবিশ্বাসৰ মুক্ত প্রকাশ। এসময়ত কোনো ধৰণৰ আক্রমণৰ সম্মুখীন নোহোৱা নেহৰুৰ দৰে ৰাষ্ট্রনির্মাতাসকলক, তাৰ পাছত ৰাষ্ট্রৰ মহান আদর্শ, যেনে, নেহৰুৰ ধর্মনিৰপেক্ষতা আৰু সমাজবাদক তেওঁ আক্রমণ কৰিলে; তেওঁ ‘কংগ্রেছ-মুক্ত’ ভাৰতৰ কথা ক’লে; তেওঁ হিন্দু আৰু মুছলমানৰ মাজত ভাতৃত্বসুলভ আচৰণ গঢ়াৰ বিষয়ে কোনো ধৰণৰ ইচ্ছা প্রকাশ নকৰিলে। তেওঁৰ শাসনত অধিস্থিত হোৱাটোৱে উচ্চ স্তৰৰ হিন্দুলোকে ভবাৰ দৰে উদাৰ বহুধর্মীয় সংস্কৃতিৰ আঁৰত ভাৰত প্রকৃততে এক ধর্মীয় ৰাষ্ট্রীয়তাবাদী, মুছলমানবিদ্বেষী আৰু জাতিবাদী ধর্মীয় গোড়ামিৰ আধাৰহে আছিল।

দেশখনত ৰাজনৈতিকভাৱে প্রোৎসাহন যোগোৱা জাতিগত হিংসাত্মক ঘটনাৰ এক দীঘলীয়া ইতিহাস আছে। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে ১৯৮৪ চনত ইন্দিৰা গান্ধীক তেওঁৰ শিখ নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ পাছত দিল্লীৰ ৰাজপথত কমপক্ষেও ২৭৩৩ জন শিখক হত্যা কৰাৰ ঘটনাটো। যদিও অপবাদৰপৰা হাতসৰাটো কঠিন আছিল তথাপিও কংগ্রেছৰ নেতৃত্বই আনকি বাচি-বিচাৰি মানি চলা ধর্মনিৰপেক্ষতাৰ সহায়ত নিজকে সেই মৰা-কটা কৰা জনসমূহৰপৰা নিজকে নিলগাই ৰাখিবলৈ সমর্থ হৈছিল।

সাম্প্রতিক সময়ৰ কেতবোৰ তেনে ঘটনাৰ সময়ত মোডীয়ে তেওঁৰ স্পষ্ট নীৰৱতাৰে সেই দলবোৰৰ বন্ধু হিচাবে প্রমাণ কৰিছে। উদাহৰণ হিচাবে ২০০২ চনত তেওঁৰ গৃহৰাজ্য গুজৰাটত ১০০০ৰো অধিক লোকৰ, বিশেষকৈ মুছলমানৰ হত্যাৰ ঘটনাটো ল’ব পাৰি। তেওঁ অতীতৰ ভণ্ডামিবোৰৰ সহায় ল’লে, কাৰণ এল্ডাছ হাক্সলিয়ে লিখাৰ দৰে, অন্ততঃ 'ৰাজনৈতিক ভণ্ডবোৰে এই কথা স্বীকাৰ কৰে যে দল অথবা অর্থনৈতিক দিশৰ তাৎক্ষণিক স্বার্থতকৈও ঊর্দ্ধত থকা জাতীয় মূল্যবোধৰ অস্তিত্ত্ব আছে।'

মোডীয়ে কোনো ধৰণৰ বিকল্প নীতিৰ দিকদর্শন নলৈ ভাৰতৰ যি আদর্শ আছিল তাক নস্যাৎ কৰিলে, আৰু সকলো নৈতিক বিচাৰধাৰাক দেখাত শ্রেণী আৰু সাংস্কৃতিক দ্বন্দ্বৰ চর্তসাপেক্ষ যেন কৰিলে। তেওঁৰ শাসনকালত অতীতৰ উচ্চ আদর্শবোৰ শাসনৰ গাদী খামুচি ধৰি থকা উচ্চ শ্রেণীৰ লোকৰ ফোঁপোলা দৰদতকৈ বেলেগ একো নহয় যেন লগা হ’ল। ২০১৯ চনত মোডীয়ে ট্যুইট কৰিলে, 'আপোনালোকে জানেনে তেওঁলোকৰ বাবে মোৰ দোষ কি? দুখীয়া পৰিয়াল এটাত জন্ম গ্রহণ কৰা এজন লোকে তেওঁলোকৰ ‘চুলটানী ব্যৱস্থাটো’ক প্রত্যাহ্বান জনোৱা।'

এই কথাখিনিৰে তেওঁ ২০১৪ চনৰ উদ্যমক পুনৰোজ্জীৱিত কৰিব বিচাৰিলে, যিটো উদ্যম বিপ্লৱৰ আছিল। ওপৰত কোৱা ‘তেওঁলোক’ হৈছে ভাৰতৰ ইংৰাজী কোৱা উচ্চ শ্রেণী, আৰু তেওঁলোকক কংগ্রেছ দলে প্রতিনিধিত্ব কৰে; ‘চুলটানী ব্যৱস্থা’ হৈছে ভাৰতত থকা বিদেশী শাসকৰ উত্তৰাধিকাৰীসকলৰ প্রতি প্রচ্ছন্ন ইংগিত – ১৮৫৮ চনত ব্রিটিছে হস্তগত কৰাৰ আগতে ভাৰতত কেইবা শতিকা জোৰা মুছলমানৰ শাসন আছিল – তেওঁলোক সকলো একগোট হৈ গর্বিত হিন্দু ৰাষ্ট্র এখনৰ প্রতিষ্ঠাত বাধা দিয়াৰ স্বার্থত কাম কৰি আছে।।