বৌদ্ধিক বেশ্যাবৃত্তি


Image Description

বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু মৰ্য্যাদাপূৰ্ণ সংবাদপত্ৰৰূপে জনাজাত আমেৰিকাৰ 'দ্য নিউ ইয়'ৰ্ক টাইমছ'ৰ প্ৰাক্তন মুখ্য বিষয়া জন চুইণ্টনে ‘মুক্ত সংবাদ মাধ্যম’ সম্পৰ্কে প্ৰদান কৰা এক চমু বক্তব্যই বিশ্বৰ সচেতন মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিউ প্ৰেছ ক্লাবত প্ৰদান কৰা বক্তব্যত জন চুইণ্টনে কৈছিল, 'আজিৰ তাৰিখত বিশ্বত বা আমেৰিকাত স্বাধীন প্ৰেছ বোলা ধৰণৰ কোনো বস্তু নাই। এয়া আপুনিও জানে , ময়ো জানো। ঙআপোনালোকৰ ভিতৰতো এনে কোনো সাংবাদিক নাই যি নিজে শুদ্ধ বুলি জ্ঞান কৰা মত লিখিবলৈ সাহস কৰে।

আৰু যদি কৰেও, আপুনি এই কথা জানি বুজিয়েই কৰে যে এয়া কেতিয়াও ছপা আখৰত প্ৰকাশ নাপায়। মোৰ অকপট মত মই জড়িত কাকতখনত প্ৰকাশ নকৰিবলৈকে মোক দৰমহা দিয়া হয়। আপোনালোকৰ ক্ষেত্ৰতো কথা একেটাই। আৰু আপোনালোকৰ মাজত মুৰ্খজনেহে নিজৰ অকপট মত লিখি পিছত আন এটা চাকৰি বিচাৰি পথে পথে ঘুৰি ফুৰে।

যদি মই মোৰ মুক্ত মত কাকতৰ কোনো এটা সংখ্যাত প্ৰকাশ কৰোঁ, চব্বিছ ঘণ্টাৰ ভিতৰতে মোৰ চাকৰি অন্ত পৰিব।

সাংবাদিকতাৰ ব্যৱসায় হৈছে নিজৰ দুমুঠি ভাত মোকলাবৰ নিমিত্তে সত্যক নিৰ্মূল কৰা, নিঃসংকোচে মিছা কোৱা, অৰ্থ বিকৃত কৰা, কাৰোবাক অপদস্থ কৰা, ঐশ্চৰ্য্যশালীজনৰ ভৰি চেলেকা, আৰু নিজৰ আপোন দেশ আৰু জাতিক বিক্ৰী কৰা।

এইবোৰ কথা আপোনালোকেও জানে আৰু ময়ো জানো –তাৰ পিছতো নিৰ্বোধৰ দৰে স্বাধীন প্ৰেছৰ অলীক ৰুটি কিয় সেকিবলৈ যায় ? পৰ্দাৰ আঁৰৰ মানুহখিনিৰ আমি বাহন আৰু হাতিয়াৰ মাত্ৰ।

আমি হ’লোঁ লম্ফ-জম্ফ কৰি ফুৰা পুতলা, পৰ্দাৰ আঁৰত থকাখিনিয়ে সূতা টানি আমাক নচুৱাই থাকে অৰু সেইমতে আমিও নাচি থাকোঁ। আমাৰ প্ৰতিভা, আমাৰ সম্ভাৱনা, আৰু আমাৰ জীৱন –এই সকলোখিনি আনসকলৰ সম্পত্তি মাথোন।

আমি হ’লোঁ বৌদ্ধিক বেশ্যা।