সেউজ সম্পদ, সেউজ বাণিজ্যিক কামেৰে স্ব-নিয়োজনৰ সম্ভাৱনীয়তা


Image Description

বিভিন্ন সমীক্ষাত প্ৰকাশ যে যি সময়ত বিশ্বৰ উন্নত, ধনী দেশসমূহত বৃদ্ধ লোকৰ সংখ্যা [৬০ বছৰ আৰু ওপৰৰ] ক্ৰমবদ্ধৰ্মান, সেই একে সময়তে ভাৰতত ডেকা বয়সৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ গৰিষ্ঠ শতাংশ৷

আপাত দৃষ্টিত সমাজ আৰু দেশৰ অৰ্থনীতিৰ বাবে এয়া শুভলক্ষণ৷ কাৰণ ডেকা বয়সত মানুহৰ থাকে অফুৰন্ত কৰ্মশক্তি, অদম্য উদ্যম আৰু আকাংক্ষা ৷ বয়স ৫০ বছৰৰ ওপৰ হোৱাৰ লগে লগে সেয়া কমি আহে আৰু বিভিন্ন ৰোগ-ব্যাধিয়ে স্থায়ীভাৱে সঙ্গ দিয়ে৷

দুৰ্ভাগ্যক্ৰমে এই অমূল্য মানৱ সম্পদৰ সদ্ব্যৱহাৰ হোৱা নাই বা কৰিব পৰা নাই আৰু পৰিণামত সমাজ আৰু দেশৰ সমস্যাৰূপে দেখা দিছে৷

যুৱক-যুৱতীক লাগে কৰ্ম সংস্থাপন৷ আমাৰ ৰাজ্যত নিবনুৱাৰ সংখ্যা ২৫-৩০ লাখ; এয়া নথিভুক্ত পৰিসংখ্যাহে৷ প্ৰকৃত সংখ্যা নিশ্চয় ইয়াতকৈ বেছি ৷ কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে চৰকাৰী চাকৰি, অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানৰ চাকৰিৰে সকলোকে কৰ্ম সংস্থাপন দিব পৰা নাযায়৷

বিকল্প হ’ল স্বনিয়োজন বা উদ্যমিতা তথা নিজাববীয়া বাণিজ্যিক কাম৷ অসম তথা উত্তৰ পূৰ্বাঞ্চল হ’ল জৈৱিক সম্পদত চহকী আৰু আমাৰ যুৱ উদ্যোগীসকলে ইয়াক মূলধন ৰূপে লৈ আগবাঢ়িব পাৰে।

আমি সংস্থাপনৰ তেনে এটা সম্ভাৱনাময় ক্ষেত্ৰ হ’ল বাঁহ৷ ইতিমধ্যে নগাওঁ আৰু কাছাৰ কাগজ কল বন্ধ হৈ যোৱাৰ ফলত বাঁহৰ উদ্যোগিক চাহিদা নোহোৱা হৈছে৷ কিন্তু অতি শীঘ্ৰে ২০২২ চনৰ শেষৰ ফালে কাৰ্য্যক্ষম হ’ব লগা নুমলীগড় জৈৱ-শোধানাগাৰৰ বাবে বাঁহৰ চাহিদা বাঢ়িব৷

এই শোধনাগাৰত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা হ’ব যিটো গাড়ী মটৰৰ ইন্ধনৰূপে ইতিমধ্যে ব্যৱহাৰ হৈছে৷ ইয়াৰ বাবে বাঁহ সংগ্ৰহ কৰি সেয়া সৰু সৰু টুকুৰা কৰি যোগান ধৰিব লাগিব৷ ইয়াত স্বসংস্থাপন তিনি ধৰণৰ:

বাঁহ সংগ্ৰহ, যন্ত্ৰৰ দ্বাৰা সেয়া সৰু সৰু টুকুৰা কৰা আৰু নুমলীগড়লৈ ইয়াৰ পৰিৱহণ ৷

প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে বাঁহৰ প্ৰায় ১৫০০মান বিভিন্ন ব্যৱহাৰ আছে আৰু আন কোনো উদ্ভিদ বা প্ৰাকৃতিক সম্পদৰ ইমান বেছি ব্যৱহাৰ নাই৷ বাঁহৰ টুকুৰা যোগানত পলম হ’লেও চিন্তা নাই৷ কিয়নো পানী নপৰাকৈ শুকান ঠাইত দমাই থ’লেও এয়া বহুদিন ভালে থাকে৷

আন এবিধ সকলোৰে পৰিচিত অথচ অৰ্থনৈতিক দিশটো অগোচৰ হৈ থকা জৈৱিক সম্পদ হ’ল মেটেকা৷ অসমৰ হাজাৰ হাজাৰ বিল, প্ৰাকৃতিক জলাশয়ত মেটেকাই এটা সেউজ আৱৰণৰে ঢাকি ৰাখে৷ ১৯৮০ দশকৰ আৰম্ভণিতে যোৰহাটৰ [তেতিয়াৰ] আঞ্চলিক গৱেষণাগাৰে মেটেকাৰ পৰা কাগজ তৈয়াৰ কৰাৰ পদ্ধতি উদ্ভাৱন কৰিছিল৷

পিচে ইয়াৰ বহুল প্ৰয়োগেই দৃষ্টিগোচৰ হোৱা নাছিল ৷ প্লাষ্টিকৰ মোনাৰ নিষিদ্ধকৰণ, ব্যৱহাৰ সীমিত কৰাৰ সমান্তৰালকৈ পেকেজিংৰ বাবে কমদামী কাগজৰ চাহিদা বৃদ্ধি সমাগত৷ আজিকালি বিবাহ, হোটেল, ৰেষ্টুৰেণ্ট আৰু আনকি মানুহৰ ঘৰে ঘৰেও সাধাৰণতে খোৱাৰ পাছত হাত-মুখ মচিবলৈ টিচু পেপাৰ ব্যৱহাৰ হয় আৰু ভৱিষ্যতেও ইয়াৰ চাহিদা অটুট থাকিব বা বৃদ্ধিহে পাব৷

ব্যৱহাৰৰ পাছত পেলাই দিয়া এনে কাগজ পচনশীল আৰু পৰিৱেশৰ কোনো ক্ষতি নকৰে৷ ইয়াৰ উৎপাদন, বিপননে বহুতকে স্বসংস্থাপন দিব পাৰে৷ ইয়াৰ কেঁচামাল মেটেকা বিনামূলীয়াকৈ উভৈনদী; যোগান অহৰহ, এয়া মাত্ৰ দুটামান উদাহৰণহে৷

পৰিৱেশৰ কোনো ক্ষতি নকৰাকৈ প্ৰাকৃতিকভাৱে স্থানীয়ভৱে উপলব্ধ জৈৱিক সম্পদেৰে সৰু -সুৰা উদ্যোগ, বা বাণিজ্যিক কামত নিয়োজিত হোৱাটো পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনীয়তা৷

ব্যৱসায়-বাণিজ্য আদিত অসমৰ মানুহ, তুলনামূলকভাৱে অনভিজ্ঞ৷ স্বাভাৱিকতে এনে অপৰিচিত কৰ্মক্ষেত্ৰত সোমাবলৈ বহুতৰে শংকা হয়৷ গতিকে যিসকলে বাণিজ্য, উদ্যোগ ক্ষেত্ৰত হাত দিয়ে,তেওঁলোকে আৰম্ভণিতে সৰুকৈ, সীমিত পৰিসৰত, সীমিত বিনিয়োগেৰে আৰম্ভণি কৰিব লাগে৷

ইয়াৰ ইতিবাচক দিশ দুটা:

প্ৰথম অৱস্থাত আশানুৰূপ সুফল নাপালেও বা কিছু লোকচান হ’লেও তলাবন্ধৰ দৰে পৰিস্থিতিৰ উদ্ভৱ নহয়৷ নিজৰ সঞ্চিত অভিজ্ঞতাৰ ভিত্তিত বাণিজ্যিক কৰ্মক্ষেত্ৰ সলনি কৰিব পাৰি বা নিজৰ ভুল-ত্ৰুটি আঁতৰাই সফলতাৰ মুখ দেখিব পাৰি৷ আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কথাটো বাদেই, অসমতো সাম্প্ৰতিক কালত মাত্ৰ কেইশমান টকাৰে সৰুকৈ সীমিত পৰিসৰত বাণিজ্যিক কাম আৰম্ভ কৰি ক্ৰমাগত সঞ্চিত অভিজ্ঞতা আৰু দূৰদৰ্শিতাৰে প্ৰতিষ্ঠিত উদ্যোগী হোৱাৰ উদাহৰণ বহুত৷

বিপৰীতে, উপযুক্ত পৰিকল্পনা নকৰাকৈ দুৰ্বল বিবেচনাৰে পোনছাটেই বেংকৰ পৰা মোটা অঙ্কৰ ধন ধাৰ লৈ সৰ্ব্বস্বান্ত হোৱাৰ উদাহৰণ কম নহয়৷ গতিকে স্বনিয়োজনৰ পথেদি আগবাঢ়িবলৈ কষ্ট সহিষ্ণুতা, দূৰদৰ্শিতা,ক্ৰমাগত সঞ্চিত অভিজ্ঞতাহে সৰ্বাধিক গুৰুত্বপূৰ্ণ।

স্ব-নিয়োজনৰ জৰিয়তে নিজৰ লগতে আন দহজনকো জীৱিকাৰ অৱলম্বন দিব পৰাটোহে প্ৰশংসনীয়৷৷