চৰকাৰী চাকৰি আৰু সমষ্টি
- নিজা প্ৰতিবেদক
- /
- September 18th, 2022

অসমত ১২৬টা বিধান সভাৰ সমষ্টি আছে। সম বিকাশ, সম উন্নয়ন সুদূৰপৰাহত। আজিও। শাসকে উন্নয়নৰ ৰাজনীতি নকৰে। মন্ত্ৰী 'মোৰ সমষ্টি নহয়' চিন্তাৰে পৰিচালিত হয়। অসমখন চকুৰ আগত নাথাকে। সমষ্টিটোৰ ভোটৰ সংখ্যাটোহে দেখি থাকে।
অথন্তৰ তাতেই। 'সকলোৰ লগত, সকলোৰে বিকাশ' এটা ভুৱা প্ৰচাৰ মাত্ৰ। বুজিবলৈ কাৰো বাকী নাই।
নিবনুৱা অসংখ্য। চৰকাৰেই নাজানে সঠিককৈ। জনাখিনি প্ৰায় ৩০ লাখ। চৰকাৰী চাকৰি ওলায় সামান্য। নিবনুৱাৰ ১-২ শতাংশহে হ'ব।
চাকৰি ওলালেই চৰকাৰৰ স্বৰূপো ওলায়। পৰীক্ষা পাতিবলৈ মুম্বাইৰ মানুহ লাগে। আচলতে তেতিয়া সুবিধা বেছি হয়। দিল্লীকো ভাগ লাগিবই। দিবও লাগিব। উপায় উলিয়ালে। হিন্দীতো পৰীক্ষা পাতিলে
আমাৰ এজন মন্ত্ৰী আছে। চৰকাৰী চাকৰি, বেচৰকাৰী চাকৰি আৰু অৰ্ধ-চৰকাৰী চাকৰিৰ পাৰ্থক্য নাজানে। বহুবল্কী। বিজেপিৰ ওপৰৰ পৰা তললৈ ভৰি আছে। এজন নাগপুৰৰ পৰা আহি অলপ মনে মনে আছে
চৰকাৰে এটা হিচাপ দিয়ক। যোৱা আঠ বছৰত কোনটো সমষ্টিৰ কিমান শিক্ষিতে কিমান চৰকাৰী চাকৰি পালে হিচাপ দিয়ক।
বহু সমষ্টিক ভীষণ অন্যায় কৰা হৈছে। অসমৰ অৰ্হতা থকা যুৱক-যুৱতী জালুকবাৰী সমষ্টিতহে আছে নেকি? অজাপৰ সভাপতি শ্ৰীলুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন তুলিছে। গুৰুত্বপূৰ্ণ প্ৰশ্ন। চৰকাৰে উত্তৰ দিয়ক। সকলোৱে নিজৰ বিধায়ক-মন্ত্ৰীক প্ৰশ্ন কৰক।