ইউৰোপীয় ইউনিয়নত অতিৰিক্ত মৃত্যুৰ হাৰ বাঢ়িছে কিয়?


Image Description

ইউৰোপীয় ইউনিয়নৰ অতিৰিক্ত মৃত্যুৰ হাৰে ২০২২ চনৰ জুলাই মাহত নতুন মাত্ৰা চুইছে, অন্ততঃ সাম্প্ৰতিক ইউৰোপীয় ইউনিয়নৰ পৰিসংখ্যাই তাকেই কয়।

২০১৬-২০১৯ চনৰ জুলাই মাহৰ তুলনাত এই অতিৰিক্ত মৃত্যুৰ হাৰে +১৫.৮%, অৰ্থাৎ ৫৩,০০০ অতিৰিক্ত মৃত্যুৰ সমতুল্য। এই পৰিসংখ্যাই ২০২২ চনৰ জুন আৰু মে মাহৰ তুলনাত প্ৰায় ৭% বৃদ্ধি চিহ্নিত কৰিছে।

যদিও ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ, লাটভিয়াত, জুলাই মাহত অতিৰিক্ত মৃত্যুৰ হাৰ -০.৫%, বাকী এঘাৰখন দেশত এই মৃত্যুৰ হাৰ প্ৰায় +১৫% অধিক।

ইয়াৰ ভিতৰত স্পেইনৰ ৩৬.৯% হাৰ আছিল সৰ্বাধিক, তাৰ পিছতেই ছাইপ্ৰাছ দেশৰ ৩২.৯% আৰু গ্ৰীছৰ ৩২.১%।

ইউৰোপীয় ইউনিয়নৰ কৰ্মকৰ্তাই জুলাই মাহৰ অস্ৱাভাবিক তাপ প্ৰবাহৰ কাৰণে দক্ষিণ ইউৰোপীয় দেশবোৰত অতিৰিক্ত মৃত্যুৰ হাৰ বাঢ়িছে বুলি জনাইছে। ক’ভিড ৰোগক ইয়াৰ কাৰক হিচাবে তেওঁলোকে মুঠেই বিবেচনা কৰা নাই।

যদিহে মৃত্যুৰ হাৰ কোনো এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা সাধাৰণ গঢ় মৃত্যুৰ হাৰতকৈ বেছি হয়, তেনে অৱস্থাত সেই হাৰক 'অতিৰিক্ত মৃত্যুৰ হাৰ' হিচাবে পঞ্জীয়ন কৰা হয়।

২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ইউৰোপীয় ইউনিয়ন আৰু ইউৰোপীয় মুক্ত বাণিজ্য সমিতিয়ে সাপ্তাহিক মৃত্যুৰ পৰিসংখ্যা প্ৰকাশ কৰি আহিছে। এই সময়ছোৱাত মৃত্যুৰ ঞহাৰৰ চাৰিটা স্পষ্ট শিখৰ দেখা গৈছে: এপ্ৰিল ২০২০ (২৫.২%), নৱেম্বৰ ২০২০ (৪০%), এপ্ৰিল ২০২১(২০.৯%) আৰু নৱেম্বৰ ২০২১(২৬.৫%), যাৰ বেছিভাগেই ক'ভিড মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।

ইউৰোপীয় ইউনিয়নৰ বাহিৰেও ২০২২ চনৰ ১১ জুনৰ পৰা ৫ আগষ্ট পৰ্য্যন্ত এই আঠ সপ্তাহ সময়ছোৱাৰ ভিতৰত ইংলেন্ড আৰু ৱেলছ্ত প্ৰায় ৮,২০০ জনৰ অতিৰিক্ত মৃত্যুৰ তালিকা প্ৰস্তুত কৰিছে।

এই পৰিসংখ্যাবোৰত হৃদৰোগ, সংবহনজনিত ৰোগ অদিৰ আধিক্য বেছি। তাৰ বাহিৰেও ডায়াবেটিছ আৰু প্ৰস্ৰাৱৰ সমস্যা আদিয়েও এই অতিৰিক্ত মৃত্যুৰ কাৰণ হিচাবে স্থান পাইছে।

কিন্তু এইবোৰ ৰোগে হঠাৎ আবিৰ্ভাব হৈ মানুহৰ মৃত্যুৰ হাৰত ইমান ব্যাপক প্ৰভাব পেলাব পাৰিব জানো?

সেয়েহে বহুতে ক'ভিড ছিটাৰ দীৰ্ঘকালীন পার্শ্বক্ৰিয়াক ইয়াৰ বাবে জগৰীয়া কৰিব বিচাৰে। কিন্তু ইয়াৰ সত্যাসত্য এতিয়ালৈ পোহৰলৈ অহা নাই। সি যি কি নহওক জলবায়ুৰ পৰিবৰ্তন আৰু ক'ভিড মহামাৰীয়ে যে মানুহৰ জীৱনলৈ এক দীৰ্ঘকালীন সংকত নমাই আনিছে, সেই কথা ন দি ক'ব পাৰি।।