অসমৰ বান নিয়ন্ত্ৰণত মথাউৰি আশীৰ্বাদ নে অভিশাপ?


Image Description

তীব্বত, ভাৰত আৰু বাংলাদেশৰ মাজেৰে প্ৰায় ২,৮৮০ কিল'মিটাৰ বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখনে ইয়াৰ বহ্নিমান যাত্ৰাৰ সৰহভাগ অসম ভূখণ্ডৰ মাজেৰে যায়। নৈখন জলবহন ক্ষমতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত নবম আৰু দৈৰ্ঘ্যতাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত পঞ্চদশ স্থানত আছে। নৈ-উপনৈৰে সমৃদ্ধ অসমৰ ভূ-খণ্ডৰ বাবে এই জলসম্পদ হৈছে এক বাৰ্ষিক বিভীষিকাহে মাত্ৰ।

১৯৫০ চনৰ বৰভূঁইকঁপৰ পিছত ব্ৰহ্মপুত্ৰ নৈখনৰ ভূ-পৃষ্ঠ ওপৰলৈ উঠি অহাৰ ফলত বানৰ তীব্ৰতা আৰু বাঢ়িল। ইয়াৰ নিৰাময় বিচাৰি ভাৰত চৰকাৰে মথাউৰি নিৰ্মাণকে বান-নিয়ন্ত্ৰণৰ এক অভিনৱ আঁচনি হিচাবে গ্ৰহণ কৰে। এই উদ্দেশ্যৰ এক অংশ হিচাবে, ১৯৫৪ চনত অভিযন্তাৰ এটা দলক বান-নিয়ন্ত্ৰণত মথাউৰিৰ উপযোগিতাৰ অধ্যয়ন কৰিবলৈ চীনৰ হোৱাংহো নদীৰ মথাউৰিসমূহ চাবলৈ পঠিয়ায়।

মথাউৰি সাজিবলৈ ইতিমধ্যে সিদ্ধান্ত লোৱা ভাৰত চৰকাৰৰ আঁচনি ৰূপায়ণত অধ্যয়নৰ বাবে চীনলৈ যোৱা দলটোৰ অভিজ্ঞতাই বিশেষ প্ৰভাৱ নেপেলালে। হোৱাংহো নদীৰ মথাউৰিসমূহে নদীখনৰ সোঁত সলোৱা আৰু মথাউৰি ভাঙি হোৱা বানপানীৰ ক্ষয়-ক্ষতিৰ কথাই চীন চৰকাৰক ইয়াৰ প্ৰকৃত উপযোগিতাৰ কথা বিশ্লেষণ কৰিবলৈ বাধ্য কৰাইছিল।

বান-নিয়ন্ত্ৰণৰ উপায় হিচাবে ভাৰত চৰকাৰৰ পৰা পোৱা নিৰ্দেশ অনুযায়ী অসম চৰকাৰে ততাতৈয়াকৈ মথাউৰি নিৰ্মাণৰ কাম হাতত ললে। এইদৰে ১৯৫৪ চনৰ পৰা ১৯৮০ চনলৈ প্ৰায় ৪,১৭৬ কিল'মিটাৰ মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰিলে। এই মথাউৰিসমূহ অসমত আজিলৈ নিৰ্মাণ হোৱা মথাউৰিৰ প্ৰায় ৯৩.৫ শতাংশ। ঌবাকী ৬.৫ শতাংশ মথাউৰি ১৯৮০ চনৰ পিছত নিৰ্মিত হৈছে।

এই আওপুৰণি মথাউৰিয়ে প্ৰতিবছৰে জীৱন তথা সম্পত্তিৰ ক্ষয়-ক্ষতি কৰাৰ বিভিন্ন বাতৰি আমি পাই আহিছোঁ। মথাউৰিবোৰৰ অৱস্থাৰ নিৰীক্ষণ কৰিবলৈ ২০০৮ চনত তেতিয়াৰ অসমৰ মুখ্য সচিব প্ৰেম প্ৰসাদ বাৰ্মাৰ নেতৃত্বত এখন কমিটীও গঠন কৰি দিয়া হৈছিল। কমিটীৰ পৰামৰ্শৱলীত মথাউৰিসমূহ অতি দুৰ্বল, দুৰ্বল আৰু তুলনামূলকভাবে নিৰাপদ এই তিনি শ্ৰেণীত ভাগ কৰিছিল।

দুৰ্বল আৰু অতি দুৰ্বল মথাউৰিবোৰ বছৰি অক্ট'বৰ মাহৰ পৰা মাৰ্চ মাহৰ ভিতৰত মেৰামতি কৰাৰ পৰামৰ্শও আগবঢ়োৱা হৈছিল। এই পৰামৰ্শবোৰ কিমান ফলপ্ৰসূ হৈছে সেয়া সকলোৰে জ্ঞাত।

১৯৫৪ চনৰ পৰা বান-নিয়ন্ত্ৰণত খৰছ কৰা ধনৰ পৰিমাণ - ৩৩,০০০ কোটি টকা।

বছৰি বানপানীৰ গ্ৰাসত পৰা লোকৰ সংখ্যা (গড় হিচাপত) - প্ৰায় ২৮ লাখ।

বছৰি বানপানীৰ গ্ৰাসত পৰা ভূমিৰ পৰিমাণ - প্ৰায় ৪ লাখ হেক্টৰ।

বছৰি নষ্ট হোৱা কৃষিৰ মূল্য - প্ৰায় ৪১ কোটি টকা।

পুৰণি মথাউৰি বান-নিয়ন্ত্ৰণত কিমান সহায়ক হৈ আছে সেয়া পাঠকৰ বিবেচনাৰ বাবে থোৱা হ'ল। এতিয়া মথাউৰিবোৰে কৰা আন এক দীৰ্ঘকালীন ক্ষতিৰ বিষয়ে তলত আলোচনা কৰা হ'ল।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে ব্ৰহ্মপুত্ৰ নদীখনৰ এক বৈশিষ্ট্য হ'ল ইয়াৰ জলবহন ক্ষমতা। বাৰিষাৰ সময়ত ফেনে-ফুটুকাৰে উপচি উঠা নৈ আৰু ইয়াৰ উপনৈ মথাউৰিৰে ভেটিবলৈ চেষ্টা কৰিলে ইয়াৰ তীব্ৰবেগী সোঁতে দিশ সলাই দাঁতিকাষৰীয়া অঞ্চলসমূহৰ বিস্তৰ গৰা খহায়। ই কঢ়িয়াই অনা পলস জমা হৈ কালক্ৰমত নদীখনৰ ভূপৃষ্ঠ ওপৰলৈ উঠে। কাৰ্য্য-কাৰণৰ এই চক্ৰত (cause and effect cycle) পৰি এতিয়া আমি আৱতৰীয়া বানৰ সংহাৰী ৰূপ দেখিবলৈ পাওঁ।

বান-নিয়ন্ত্ৰণৰ এক নতুন কৌশল হিচাবে অসম চৰকাৰে উত্তৰ-পূব মহাকাশ উপগ্ৰহ কেন্দ্ৰ (NESAC) আৰু ভাৰত মহাকাশ গৱেষণা সংস্থাৰ (ISRO) সহায়ত ৫,৯০২ বৰ্গ কিল'মিটাৰ জলাহভূমি (wetland) চিনাক্ত কৰিছে, যত বানৰ সময়ত নদীৰ অতিৰিক্ত পানী বোৱাই আনিব পাৰিব। এই আঁচনিৰ পৰিৱেশৰ ওপৰত দূৰ ভৱিষ্যতত প্ৰভাৱ কি হ'ব সেয়া সময়েহে ক'ব।