ৰঞ্জিত বৰপূজাৰী হত্যাৰ ন্যায় বিচাৰ


Image Description

স্বাধীনতাৰ পিছত ৰাজ্যসমূহ গঠিত হৈছিল ভাষাৰ আধাৰত। অসমৰ আধাৰ আছিল অসমীয়া।

অসমৰ ৰাজ্য ভাষা অসমীয়া। দ্বিমতৰ সুৰুঙাই নাই।

কিন্ত্ত বঙালী সমাজে আপত্তি কৰিলে। পৰিৱেশ সংঘাতপূৰ্ণ হ'ল। সময় তেতিয়া ১৯৬০ চন। হিংসা বিয়পিল। কলিকতাৰ বাতৰিকাকত এইবোৰ বিষয়ত আগৰণুৱা।

কটনৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰী পুলিছৰ গুলীত নিহত হয়। সেইদিনা আছিল ৪ জুলাই। মূৰত গুলী লাগিছিল। ছাত্ৰাবাস ৰঞ্জিত হৈছিল। কেইবাগৰাকীও আহত হয়।

ৰঞ্জিত বৰপূজাৰী মৃত্যুৰ দিনটো অসম জাতীয় পৰিষদে ২০২১ চনৰ পৰা 'ভাষা দিৱস' হিচাবে পালন কৰিছে।

ললিত ভৰালী কলেজৰ প্ৰাক্তন অধ্যক্ষ গংগাপদ চৌধুৰী কটনৰ একেটা ছাত্ৰাবাসত আছিল। 'ভাষা দিৱস'ত অধ্যক্ষ চৌধুৰীয়ে চাক্ষুস অভিজ্ঞতা বৰ্ণনা কৰে। এই সংখ্যাত বৰ্ণনাৰ এছোৱা আছে।

'ভাষা দিৱস'ত সন্দিকৈ ছোৱালী কলেজৰ সহকাৰী অধ্যাপক লক্ষী হাজৰিকাই 'অসমীয়া ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত তথ্যভিত্তিক আলোচনা আগবঢ়ায়। অসমীয়া ভাষাৰ উৎপত্তি ইংৰাজী ভাষাতকৈ পুৰণি বুলি যুক্তি দাঙি ধৰে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৰঞ্জিত বৰপূজাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

সভাপতি গগৈয়ে ৰঞ্জিত বৰপূজাৰীৰ হত্যাৰ প্ৰকৃত বিচাৰ নোহোৱা বাবে ক্ষোভ প্ৰকাশ কৰে। অতি পৰিকল্পিত হত্যাটোৰ পুনৰ বিচাৰ হোৱা উচিত বুলি সভাপতিয়ে দাবী কৰে।

ৰঞ্জিত বৰপূজাৰীৰ হত্যাৰ চাৰিদিন পিছতে নগাঁওৰ সূৰ্য্য বৰাক লামডিঙত অতি নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। ৮ জুলাইত সূৰ্য্য বৰাৰ প্ৰতিও অসম জাতীয় পৰিষদে গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।।