কেন্সাৰৰ ঔষধ


Image Description

কেন্সাৰ হোৱাৰ কাৰণ বিজ্ঞানীয়ে আজিলৈকে বিচাৰি পোৱা নাই৷

এগৰাকী বিখ্যাত বিজ্ঞানীৰ মতে একোজন ব্যক্তিৰ জীৱনৰ ধাৰাটোৱে বহু সময়ত কেন্সাৰ ৰোগৰ উৎপত্তিৰ কাৰণ হৈ পৰে৷ মানুহ এজনে কি খায়, কিমান খায়, কেনেকৈ খায়, সামগ্ৰিকভাৱে নিজকে কেনেকৈ পৰিচালনা কৰে তাৰ ওপৰত বেমাৰবিধে বাহ লোৱাটো বহু পৰিমাণে নিৰ্ভৰ কৰে৷

উদাহৰণ স্বৰূপে, সকলোৰে চকুত পৰিছে যে অত্যধিক চিগাৰেট খোৱা, মদ খোৱা আৰু অবাঞ্চনীয় চিন্তাত থকা মানুহে বহু বেমাৰ নিজেই চপাই লয়৷

কাৰণে-অকাৰণে হতাশাত ভুগি থকা মানুহ এজনে খোৱা বস্তু সহজে হজম কৰিব নোৱাৰাটো বা মানুহজনৰ তেজৰ চাপ স্বাভাৱিক হৈ নথকাটো বা মানুহজনৰ টোপনি ক্ষতি হোৱাটো তেনেই স্বাভাৱিক কথা৷ ঔষধে সাময়িকভাৱেহে সকাহ দিব পাৰে৷

কেন্সাৰৰ চিকিৎসাৰ বাবে অতি শক্তিশালী ঔষধ আৰু বিকিৰণ ব্যৱহাৰ কৰা হয়৷ বহু সময়ত অস্ত্ৰোপচাৰো কৰা হয়৷ অলপতে প্ৰকাশ হোৱা এটা বাতৰিয়ে কেন্সাৰ ৰোগীৰ মুখত কিছু পৰিমাণে হ’লেও আশা দিছে৷

শৌচদ্বাৰৰ কেন্সাৰত আক্ৰান্ত কেইগৰাকীমান ৰোগীৰ ক্ষেত্ৰত ঔষধ-বিকিৰণে সকাহ দিয়া নাছিল৷ কিন্তু অলপতে গৱেষণাগাৰত প্ৰস্তুত কৰা এবিধ ঔষধ প্ৰায় ৬ মাহমান ব্যৱহাৰ কৰাৰ পিছত ৰোগী কেইগৰাকী সম্পূৰ্ণৰূপে কেন্সাৰমুক্ত হয়৷

কেন্সাৰৰ ঔষধ বিচাৰি পোৱাটো মাঁথো সময়ৰ কথা৷

অতি প্ৰয়োজনীয় কথা হৈছে ছাত্ৰ-ছাত্ৰীক সৰুৰে পৰা শৰীৰটোৰ বিষয়ে ভালকৈ জ্ঞান দিয়া৷ শৰীৰৰ জ্ঞানে ল’ৰা-ছোৱালীক শৰীৰটোৰ ওপৰত অত্যাচাৰ নকৰিবলৈ নিশ্চয় শিক্ষা দিব৷ বিজ্ঞানীসকলে ইয়াকে বুজাব খোজে যে মানুহৰ দেহাটো অতি স্পৰ্শকাতৰ এবিধ জৈৱিক যন্ত্ৰ৷ মানুহে বাহ্যিকভাৱে কেনেকৈ জীৱন-যাপন কৰে তাৰ ওপৰতে দেহাটোৰ ভিতৰৰ কাম-কাজ নিৰ্ভৰ কৰে৷

আমাৰ দেশত ছাত্ৰ-ছাত্ৰীক শৰীৰটোৰ কাম-কাজৰ বিষয়ে বিশেষ শিকোৱা নহয়৷ দেহাটোৰ বাবে কি ভাল, কি বেয়া শিকোৱা নহয়। প্ৰকৃতিৰ লগত সমিল-মিলেৰে থাকিব পাৰিলে মানুহৰ বহুতো বেমাৰ-আজাৰ দূৰ হ’ব৷ দেহাটোৰ ওপৰত জোৰ-জুলুম নকৰাটোৱেই বোধহয় বহু বেমাৰৰ পৰা হাত সাৰি থকাৰ উত্তম উপায়৷৷