মাজুলীৰ পোহৰ


Image Description

মাজুলীৰ উপ-নিৰ্বাচন হৈ গ’ল৷ ফলাফল ওলাল৷ ফলাফলে এটা নতুন দিশ উন্মোচন কৰিলে৷ উপ-নিৰ্বাচনৰ খা-খবৰ ল’বলৈ মাজুলীত উপস্থিত হৈছিলোঁ৷

মাজুলী অসমৰ সত্ৰীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ৷ পৃথিৱীৰ ভিতৰতে বৃহত্তম নদীদ্বীপ৷ কিন্তু দুখৰ কথা মাজুলীৰ মাটি-কালি প্ৰতিবছৰে কমি আহিছে৷ প্ৰতিবছৰে বানপানীয়ে খহাই নিছে৷ এসময়ৰ প্ৰায় ১২ শ বৰ্গ কিল’মিটাৰ নদীদ্বীপটোৰ মাটি-কালি বৰ্তমান প্ৰায় ৪ শ বৰ্গ কিল’মিটাৰ৷

খহনীয়া ৰোধ কৰিবলৈ যোৱা ৭৫ বছৰে সকলো চৰকাৰ আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ড ব্যৰ্থ হৈছে৷ এই ব্যৰ্থতাৰ সোনকালে যে যৱনিকা পৰিব তাৰো কোনো আশা নেদেখিলোঁ৷ ঐতিহ্যৰ স্বীকৃতি পাবলৈ যে বহু দূৰ!

মাজুলীবাসীক সদায় এখন দলঙৰ টোপ দি থাকে৷ মাজুলীবাসীয়ে দলংখনৰ সপোনতে কথাবোৰ ভাবি-চিন্তি চায়৷ তাৰ মুখ্য কাৰণ হ’ল যে দ্বীপটোৰ স্বাস্থ্যসেৱা একেবাৰে পঁয়ালগা৷ সময়মতে গভীৰ ৰাতিও নাওৰ সহায়ত যোৰহাট নাপালে বহুতৰে জীৱন অকালতে মৰহি যায়৷

শিক্ষাখণ্ডৰ অৱস্থাও নিঃকিন৷ এনেবোৰ দুঃচিন্তাই মাজুলীক বিপদগ্ৰস্ত কৰিছে৷ এইবাৰ উপ-নিৰ্বাচনত মাজুলীৰ সমস্যাবোৰ বিৰোধীৰ সহমতৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ শ্ৰীচিত্তৰঞ্জন বসুমতাৰীয়ে বলিষ্ঠভাৱে উত্থাপন কৰিলে।সকলোতে মাজুলীৰ সমস্যাৰ কথাহে মানুহৰ আগত দাঙি ধৰিলে৷

বহু মানুহৰ মনবোৰ সমস্যাৰ প্ৰতি ঢাল খুৱালে৷ বহুতকে ভাবিবলৈ আৰু চিন্তিবলৈ খোৰাক দিলে৷ শ্ৰীবসুমতাৰী এই ক্ষেত্ৰত সম্পূৰ্ণ সফল হ’ল৷

শ্ৰীবসুমতাৰীয়ে প্ৰায় ২৫ হাজাৰ ভোট পালে৷ এই গোটেই ভোটখিনিয়ে বিবেকৰ ভোট বুলি ভাবিব পাৰি৷ ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ লগত কথা পাতোঁতে বহুতেই বিবেক ভোটৰ কথা কৈছিল৷ ইয়াৰ অৰ্থ এইটোৱেই যে পুৰণিকলীয়া নিৰ্বাচনৰ বিষয়বোৰ বহুলোকে বাদ দিছে৷

নতুন চামটোৰ মাজতো বিবেক ভোটৰ গুঞ্জন শুনিছিলোঁ৷

এই বিবেক ভোটৰ চিন্তাকেই মাজুলী পোহৰ বুলি ক’বলৈ প্ৰয়াস কৰিছোঁ৷ এই পোহৰ ৰাজ্যখনৰ চুকে-কোণে বিয়পি পৰক, তাকে কামনা কৰোঁ৷ পুৰণিকলীয়া ভাষা-ধৰ্ম-জাত-পাতৰ লগতে অতি ক্ষন্তেকীয়া মনোৰঞ্জনসুলভ প্ৰলোভন বাদ দি অসমৰ মানুহে নতুন চিন্তাৰে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব বুলি মনত আশা বান্ধি মাজুলীৰ পৰা উভতিছিলোঁ৷৷