গণতন্ত্ৰ বনাম বিকাশ


Image Description

বিকাশ সকলোৰে কাম্য। কল্যাণকামী ৰাষ্ট্ৰত সকলো শ্ৰেণীৰ মানুহৰ কল্যাণ সাধন ৰাষ্ট্ৰৰ দায়িত্ব। ৰাজনীতিবিজ্ঞানৰ সামাজিক চুক্তিৰ তত্ত্বসমূহ অধ্যয়ন কৰিলে এই কথা স্পষ্ট হয় যে সম্পদৰ ন্যায়সন্মত বিতৰণ সমাপন কৰি এক সুস্থ সুৰক্ষিত নিৰাপত্তাৰ জীৱন ধাৰণৰ পৰিৱেশ দিয়াৰ বাবেই ৰাষ্ট্ৰৰ জন্ম।

চুবুৰীয়া প্ৰায় প্ৰতিখন দেশেই স্বেচ্ছাচাৰী শাসকৰ অধীনলৈ যোৱাৰ পাছতো স্বাধীনতাৰ ৭৫ বছৰৰ অন্ততো ভাৰতে এইবাবেই গণতন্ত্ৰৰ মাজেৰেই নিজৰ ৰাষ্ট্ৰ পৰিচালনা কৰি থাকিব পৰাৰ আঁৰত আছে গণতন্ত্ৰৰ প্ৰতি থকা ভাৰতৰ জনতাৰ আন্তৰিকতা আৰু এই আৰ্হিৰ প্ৰতি মনত থকা অকুণ্ঠ সমৰ্থন।

ইয়াৰ বাবেই হয়তো সময়ে সময়ে কিছু সংঘাত আহিলেও, কিছু অন্ধকাৰচন্ন সময় আহিলেও ভাৰতৰ জনতাই এই সকলো আঁতৰাই পুনৰবাৰ মূলপথলৈ দেশক উভতাই আনিছে।

ভাৰতৰ দৰে এখন বিভিন্নতাৰে পূৰ্ণ দেশৰ বাবে গণতন্ত্ৰৰ বাটেই যে উত্তম বাট, সেই কথাও সময়ে প্ৰমাণ কৰিছে। ইমান বিভিন্নতাৰে পৰিপূৰ্ণ দেশখনত কোনো কথাই একৰৈখিক হোৱা উচিত নহয়। মাত্ৰ এটা আদৰ্শ, এটা চিন্তা, এটা দৃষ্টিভংগীৰে এই দেশ চলিব নোৱাৰে।

শেহতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে বিকাশৰ এক নতুন বাগধাৰা সৃষ্টিৰ বাবে প্ৰয়াস কৰা দেখা গৈছে। বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ কথা বিভিন্ন মাধ্যমত কোৱা গৈছে। কিন্তু আগুৱাই দিয়া হোৱা এই বিকাশ নামৰ শব্দটিৰ অৰ্থ কি?

ৰাষ্ট্ৰসংঘৰ মতে বিকাশ এনে এক বহুমাত্ৰিক প্ৰক্ৰিয়া যাৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহৰ বাবে এক উন্নতমানৰ জীৱনধাৰণ সুনিশ্চিত কৰা হয়। কিন্তু শেহতীয়া সময়ৰ ভাৰতখনলৈ উভতি চালে দেখা যায়, যি পৰ্য্যায়ৰ ঘৃণা আৰু বিদ্ধেষ আজি এই দেশত সিঁচি দিয়া গৈছে, তাৰ পাছত কেৱল বিকাশৰ নামলৈ সংহতি আৰু বিশ্বাসৰ কামটোৰ পৰা আঁতৰি ফুৰাৰ কৌশলেই লোৱা হৈছে নেকি!

কেৱল ভাষ্যমান কিছু কাম-কাজ কৰিলেই বিকাশ সঁচা অৰ্থত সফল হয় নে? ৰাজপথ, দলং আদি নিৰ্মাণ কৰিলেই অঞ্চল এটাৰ বিকাশ সম্ভৱ নহয়, যদিহে সেই দলং, সেই বাটেৰেই আগুৱাই হৈ কোনো নেতাই আকৌ জনসমাজৰ মাজত সাম্প্ৰদায়িক কথা-বতৰা কৈ সন্দেহ আৰু ঘৃণাৰ বীজ সিঁচি আহে সেই অঞ্চল, সেই ঠাইৰ বতাহ বাসপোযোগী হ'ব নোৱাৰে।

বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ ইতিহাস পঢ়ি চালে বুজা যায়, সেই দেশসমূহত যি উন্নয়ন হৈছে, তাৰ আঁৰত আছে এক সুস্থিৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া। স্বাধীনতাৰ ৭৫ বছৰ পাৰ কৰা সময়তেই গণতন্ত্ৰৰ এই পৰিকাঠামোটিয়ে ভাৰতত আটাইতকৈ ডাঙৰ সংকটৰ মুখামুখি হৈছে।

গণতন্ত্ৰৰ চাৰিওটা স্তম্ভলৈ এই সময়ত বিপদ আহিছে। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ মাজৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা দুৰ্বল হৈ পৰিছে। চাকৰিৰ অভাৱত নিবনুৱাই হাঁহাকাৰ কৰিছে। কৃষকসকলৰ সমস্যাৰ কথাও ৰাজনৈতিক 'প্রপাগণ্ডা' বিয়পোৱাৰ দৌৰত হেৰাই গৈছে।

সমাজত সাধাৰণজনৰ মনত ধৰ্মান্ধতাৰ বীজ বিয়পি পৰিছে। দ্বেষ আৰু ঘৃণাৰ পৰিবেশে সামাজিক ব্যৱস্থাটোলৈয়েই সংকট আনিছে।

এই সময়ত দেশৰ সৰ্বোচ্চ নেতাগৰাকীৰ মুখত কেৱল বিকাশৰ কথা শুনাতকৈ দেশৰ এই মূল সমস্যাবোৰৰ কথা শুনিবলৈহে ভাল পালোহেঁতেন। বাস্তৱিকতা নথকা, নিৰ্বাচনমুখী চৰ্বিত-চৰ্বন শুনাৰ ইচ্ছা আৰু উঠি অহা প্ৰজন্মটিৰ নাই। গণতন্ত্ৰ জীয়াই নাথাকিলে, বিকাশৰো কোনো অৰ্থ নাই।।