পপুলিজমৰ সংজ্ঞা


Image Description

পপুলিজম সম্পর্কীয় অধ্যয়নত প্রায় সকলোৱে এই কথা মানি লয় যে পপুলিজম মূলতঃ এটা বিবাদাস্পদ ধাৰণা। ফলত ইয়াৰ এটা সুস্পষ্ট আৰু সর্বসন্মত সংজ্ঞা নিৰূপণত বাধা আহি পৰিছে।

এই কাৰণতে অনেক আলোচকে ইয়াৰ কোনো এটা সংজ্ঞা ঠাৱৰ নকৰাকৈয়ে ইয়াক ব্যৱহাৰ কৰিবলৈ ভাল পায়; তাৰ বিপৰীতে অনেকে আকৌ ইয়াক ৰাজনৈতিক আলোচনা, মতাদর্শ, নেতৃত্ব, আন্দোলন, প্রপঞ্চ, কৌশল, শৈলী, উপসর্গ, আদি ভিন্ন ধৰণে ব্যাখ্যা কৰি সেই মতে ইয়াৰ সংজ্ঞা দিবলৈ যত্ন কৰে।

ইতিহাস, অর্থনীতি, শিক্ষা তত্ত্ব, সমাজ তত্ত্ব, ৰাজনীতি বিজ্ঞান, আদি ভিন্ন বিষয়ৰ অধ্যয়নত ইয়াৰ অন্তর্ভুক্তিও ইয়াৰ সংজ্ঞাৰ বিবিধতাৰ এটা কাৰণ হ’ব পাৰে। অৱশ্যে এটা বিষয়ৰে ভিন্ন পণ্ডিতৰ মতো এই ক্ষেত্রত পৃথক হোৱা দেখা যায়।

বিশেষকৈ ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলো ইয়াৰ এটা মাত্র সংজ্ঞাত সন্তুষ্ট হ’ব পৰা নাই।

এই বিবিধতাৰ মাজতো সাম্প্রতিক সময়ত পপুলিজমৰ এটা আদর্শাত্মক (ideational) পৰিচয়ে জনপ্রিয়তা লাভ কৰিছে বুলি ক’ব পাৰি। এই ক্ষেত্রত ডাচ্চ ৰাজনীতি বিজ্ঞানী কেছ মুড্ডেৰ আদর্শাত্মক সংজ্ঞাটোক পপুলিজমৰ আলোচনাত সততে উল্লেখ কৰা দেখিবলৈ পোৱা যায়।

মুড্ডেৰে মতে, পপুলিজম হৈছে, 'এটা মতাদর্শ, যি সমাজখন মূলতঃ ‘সৎ জনতা’ (‘the pure people’) বনাম ‘অসৎ অভিজাত’ (‘the corrupt elite’) এই দুই সমজাতীয় আৰু পৰস্পৰ বিৰোধী ভাগত বিভাজিত বুলি গণ্য কৰে, আৰু এই মত পোষণ কৰে যে সামগ্রিকভাৱে জনতাৰ সাধাৰণ ইচ্ছা বা আকাংক্ষাক (general will) প্রকাশ কৰাটোৱে ৰাজনীতি হোৱা উচিত।'

('an ideology that considers society to be ultimately separated into two homogeneous and antagonistic groups, ‘the pure people’ versus ‘the corrupt elite’, and which argues that politics should be an expression of the volonté générale (general will) of the people')

উল্লেখ্য যে এই সংজ্ঞাত থকা জনতা আৰু অভিজাত শ্রেণীৰ মাজৰ দ্বন্দ্ব অকল পপুলিজমতে দেখা পোৱা নাযায়। উদাহৰণ স্বৰূপে, সমাজবাদ আৰু জাতীয়তাবাদতো এই দ্বন্দ্ব থাকে; সমাজবাদত এই দ্বন্দ্বৰ মূল কাৰণ হৈছে শ্রেণীবৈষম্য আৰু জাতীয়তাবাদত সেয়া হৈছে জাতি। তাৰ বিপৰীতে পপুলিজমত এই দ্বন্দ্বৰ মূল কাৰণ হৈছে নৈতিকতা।

এতিয়া আমি পপুলিজমৰ সংজ্ঞাটোলৈ উভতি যাওঁ। অলপ মন কৰিলে গম পোৱা যায় যে এই সংজ্ঞাটোত মুঠতে চাৰিটা মূল উপাদান আছে, ‘মতাদর্শ’, ‘জনতা’, ‘অভিজাত শ্রেণী’, আৰু ‘সাধাৰণ আকাংক্ষা’। এই চাৰিটা মূল উপাদনৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱা প্রয়োজন হ’ব।

মতাদর্শ

আদর্শাত্মক ধাৰণাৰ আটাইতকৈ বিতর্কিত আৰু প্রয়োজনীয় উপাদানটো হৈছে মতাদর্শ। এগৰাকী পণ্ডিতৰ মতে মতাদর্শই ‘আমাৰ বাবে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্রৰ মানচিত্র প্রস্তুত কৰে।' কিন্তু এটা কথা মন কৰিব লাগিব যে পপুলিজমৰ হৈছে ‘পাতল’ অথবা ‘পাতল কেন্দ্রবিশিষ্ট’ ('thin-centered') মতাদর্শ।

সমাজবাদ অথবা উদাৰনীতি, আদি ‘ঘন কেন্দ্রবিশিষ্ট’ ('thick') মতাদর্শৰ দৰে পাতল কেন্দ্রবিশিষ্ট মতাদর্শৰ বৌদ্ধিক পৰিশোধন আৰু দৃঢ়তা পর্য্যাপ্ত নহয়। সেইবাবে ইয়াৰ লক্ষ্য তথা প্রসাৰ খুব সীমিত হয়। আৰু, এই লক্ষ্য ক্ষমতা দখলতে সীমাবদ্ধ হৈ ৰোৱাৰ উদাহৰণো নথকা নহয়।

জনতা

পপুলিজমৰ নিশ্চিতভাৱে মুখ্য মূল ধাৰণা হৈছে ‘জনতা’ (the people)। ইয়াৰ আন দুটা মূল উপাদান ক্রমে ‘অভিজাত শ্রেণী’ আৰু ‘সাধাৰণ আকাংক্ষা’ও জনতাৰ সাপেক্ষে সৃষ্টি হৈছে বুলি ক’ব পাৰি। কাৰণ, অভিজাত শ্রেণী হৈছে জনতাৰ বিপৰীত স্থিতিত থকা পপুলিজমৰ অন্যতম উপাদান আৰু সাধাৰণ আকাংক্ষাও হৈছে জনতাৰ আকাংক্ষা।

কিন্তু এই ক্ষেত্রত এটা কথা মন কৰিব লাগিব যে ইয়াত ‘জনতা’ই কোনো এক নিশ্চিত জনসমূহক নুবুজায়। এই জনতা কেতিয়াবা কৃষক, কেতিয়াবা শ্রমিক, কেতিয়াবা আকৌ কোনো এক সংখ্যাগৰিষ্ঠ ধর্মীয় জনগোষ্ঠী, আদি অনেক ৰূপত ইয়াৰ ব্যাখ্যা হ’ব পাৰে। পৰিৱেশ, পৰিস্থিতি অনুসৰি ‘জনতা’ৰ এই ভিন্ন ব্যাখ্যা গ্রহণ কৰি পপুলিজমক বিভিন্ন ৰাজনৈতিক দলে সুবিধা গ্রহণ কৰা উদাহৰণ সমগ্র বিশ্বৰ বিভিন্ন প্রান্তৰত দেখিবলৈ পোৱা গৈছে।

অভিজাত শ্রেণী

পপুলিজমৰ আদর্শাত্মক সংজ্ঞাত জনতাৰ বিপৰীতে প্রক্ষেপ কৰা হয় অভিজাত শ্রেণীক। নেতিবাচক পৰিচয় প্রদান কৰা ‘অভিজাত শ্রেণী’ৰ ক্ষেত্রতো পূর্বে জনতাৰ সম্পর্কত উল্লেখ কৰাৰ দৰে ভিন্ন ব্যাখ্যা সম্ভৱ হ’ব পাৰে।

এই অভিজাত শ্রেণীত কেতিয়াবা শাসক শ্রেণী, সমাজৰ উচ্চ বর্গৰ লোক, এক বিশেষ মতাদর্শত বিশ্বাসী ৰাজনৈতিক দলৰ নেতৃত্ব, ভিন্ন মতাদর্শত বিশ্বাস ৰখা বুদ্ধিজীৱী, আদি অনেক গোটক স্থানীয় ৰাজনৈতিক পৰিৱেশ তথা পৰিস্থিতি অনুসৰি অন্তর্ভুক্ত কৰা হ’ব পাৰে।

পাতল কেন্দ্রবিশিষ্ট মতাদর্শ হোৱা বাবে পপুলিজমৰ এই সুবিধা বা সুযোগ সাধাৰণতে সমাজবাদৰ দৰে গাঢ় কেন্দ্রবিশিষ্ট মতাদর্শত সম্ভৱ নহয়।

সাধাৰণ আকাংক্ষা

পপুলিষ্ট ৰাজিনীতিত ‘জনতাৰ আকাংক্ষা’ অর্থাৎ ‘জনতাই কি বিচাৰে’ হৈছে এটা প্রয়োজনীয় ধাৰণা। এই জনতা পূর্বে ব্যাখ্যা কৰা জনতা। গতিকে যেতিয়া জনতাৰ ব্যাখ্যা ভিন্ন হয়, সেই মতে জনতাৰ আকাংক্ষাও ভিন্ন হ’ব।

জনতাৰ আকাংক্ষাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়। সেয়া হৈছে ‘সাধাৰণ বোধ’ (common sense) আৰু ‘বিশেষ আকর্ষণ’ (special interests)।

পপুলিষ্টসকলে তেওঁলোকৰ নীতি জনতাৰ সাধাৰণ বোধৰ ওপৰত নির্ভৰ কৰি স্থিৰ কৰে বুলি দাবী কৰে। যিসকলে এই সাধাৰণ বোধৰ বিৰোধিতা কৰে তেওঁলোকক দুর্নীতিগ্রস্ত অভিজাত শ্রেণীৰ অন্তর্গত কৰা হয়। সেইবাবে পপুলিষ্টৰ সমর্থনত নথকা বুদ্ধিজীৱীসকল প্রায়ে পপুলিষ্টৰ শত্রু বুলি বিৱেচিত হয়।

কাৰণ হিচাবে কোৱা হয় যে তেওঁলোকে জনতাৰ সাধাৰণ বোধক স্বীকৃতি দিবলৈ আগ্রহী নহয়। জনতাৰ এই সাধাৰণ বোধৰ বিপৰীতে অভিজাত শ্রেণীৰ ‘বিশেষ আকর্ষণ’ক ঠিয় কৰোৱা হয়। পপুলিজমত অভিজাত শ্রেণীক যেনেদৰে প্রক্ষেপ কৰা হয় তাত অভিজাত শ্রেণীয়ে কোনো সমস্যা সমাধানৰ বাবে আগবঢ়োৱা যি কোনো যুক্তিকে সেয়া তেওঁলোকৰ বিশেষ আকর্ষণ অর্থাৎ স্বার্থৰ বাবেহে কৰা হয় বুলি ব্যাখ্যা কৰা হয়।

পপুলিজমৰ অন্য সংজ্ঞা

পপুলিজমৰ আদর্শাত্মক সংজ্ঞাৰ উপৰি পপুলিজমৰ অন্য কেইটামান সংজ্ঞাও পোৱা যায়।

তাৰ ভিতৰত অন্যতম এটা হৈছে আর্জেণ্টিনাৰ ৰাজনৈতিক তাত্বিক আর্নেষ্ট' লেক্ল’ৰদ্বাৰা আগবঢ়োৱা এটা সংজ্ঞা য’ত পপুলিজমক যোগাত্মক দৃষ্টিৰে চাবলৈ যত্ন কৰা হৈছে। তেওঁৰ মতে পপুলিজম হৈছে, সমাজৰ বঞ্চিত অংশটোক সংগঠিত কৰি তেওঁলোকক দমন কৰি ৰখা অভিজাত বা উচ্চ বর্গক প্রত্যাহ্বান জনোৱাৰ উদ্দেশ্যে সৃষ্টি হোৱা এটা ধাৰণা, যাৰদ্বাৰা সমাজৰ স্থিতাৱস্থা সলনি কৰাৰ পথ মুকলি হয়।

তেওঁৰ মতে পপুলিজম হৈছে ৰাজনীতিত অতীব প্রয়োজনীয় বন্ধনমুক্ত শক্তি। লেক্ল’ৰ এই ব্যাখ্যাত সমাজবাদ হৈছে পপুলিজমৰ উচ্চতম ৰূপ। তেওঁৰ এই ধাৰণা মূলতঃ লেটিন আমেৰিকাৰ ঘটনাক্রমক লৈ গঠন হোৱা বুলি আলোচকসকলে মত প্রকাশ কৰে।

পপুলিজমৰ অন্য এটা সংজ্ঞাত ইয়াক ৰাজনৈতিক কৌশল হিচাবে প্রক্ষেপ কৰা হৈছে। এজন আকর্ষণীয় ব্যক্তিত্বৰ নেতাই তেওঁৰ অনুগামীসকলৰ সৈতে প্রত্যক্ষ আৰু মধ্যস্থতাবিহীনভাৱে স্থাপন কৰা যোগাযোগৰ জৰিয়তে শাসনভাৰ নিজৰ হাতলৈ নিয়াৰ ৰাজনৈতিক কৌশলেই হৈছে পপুলিজমৰ অন্তর্নিহিত ধাৰণা।

আমেৰিকাৰ টেক্সাছ ইউনিভার্চিটিৰ গৱৰ্ণমেন্ট বিষয়ৰ অধ্যাপক কুর্ট ৱেইলেণ্ডে আগবঢ়োৱা এই সংজ্ঞাত পপুলিষ্ট দল বা পপুলিষ্ট সামাজিক আন্দোলনৰ ঠাইত নেতাজনৰ সন্মোহনৰ ওপৰতে অধিক গুৰুত্ব প্রদান কৰা হৈছে। পশ্চিমৰ দেশবোৰৰ পণ্ডিতসকলৰ মাজত এই সংজ্ঞাৰ অধিক জনপ্রিয়তা লক্ষ্য কৰা নহয়।

এইখিনিতে চিলিৰ ৰাজনীতি বিজ্ঞানী পিয়েৰি অষ্টিগায়ে পপুলিজম সম্পর্কে আগবঢ়োৱা ধাৰণাক উল্লেখ কৰিব পাৰি।

তেওঁৰ এই ধাৰণাক সাংস্কৃতিক পথ (অথবা ‘প্রদর্শন কৌশল’) বুলি জনা যায়। ৰাজনৈতিক নেতাই জনতাৰ সৈতে কেনেদৰে সম্পর্ক স্থাপন কৰে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ গৈ পিয়েৰি অষ্টিগায়ে কৈছে যে ৰাজনীতিক আংশিকভাৱে ওপৰ-তল অক্ষৰ (high-low axis) আধাৰত ব্যাখ্যা কৰিব পাৰি।

এই ওপৰ-তল অক্ষক আকৌ দুটা উপ-মাপত ভগাব পাৰি; সেয়া হৈছে সামাজিক-সাংস্কৃতিক মাপ আৰু ৰাজনৈতিক-সাংস্কৃতিক মাপ। সামাজিক-সাংস্কৃতিক মাপত থাকে শিষ্টাচাৰ, আচৰণ, কথা কোৱাৰ ধৰণ, সাজ-পোচাক, শব্দ-ভাণ্ডাৰ, আৰু ৰাজহুৱা স্থানত নিজৰ ৰুচিৰ প্রদর্শন।

আনহাতে ৰাজনৈতিক-সাংস্কৃতিক মাপত থাকে ৰাজনৈতিক নেতৃত্বৰ গঠন আৰু সিদ্ধান্ত গ্রহণৰ ধৰণ। পপুলিজম এই দুয়োটা উপ-মাপতে ওপৰ-তল অক্ষৰ তলৰ অংশত থাকে, অর্থাৎ পপুলিষ্টে জনতাই ভাল পোৱা ধৰণে আচৰণ কৰে আৰু কথা কয়, আৰু শক্তিশালী ব্যক্তিবাদী নেতৃত্বত জোৰ দিয়ে।

শেষত এই কথা উল্লেখ কৰা যুগুত হ’ব যে পপুলিজম বিষয়টোত সাম্প্রতিক সময়ত অধ্যয়নৰ মাত্রা অধিক হৈছে যদিও বিষয়টো সম্পর্কে আলোচকসকল একমত হোৱাৰ লক্ষণ দেখা পোৱা হোৱা নাই।

ফলত ইয়াৰ সংজ্ঞাৰ সংখ্যা হ্রাস হোৱাৰ পৰিৱর্তে বাঢ়িহে গৈছে। তথাপিও সমগ্র বিশ্বৰ ৰাজনৈতিক ঘটনাৱলীৰ প্রেক্ষাপটত পপুলিজমৰ আদর্শাত্মক সংজ্ঞাই অধিক গুৰুত্ব লাভ কৰা দেখিবলৈ পোৱা যায়, য’ত ‘জনতা’ আৰু ‘উচ্চবর্গৰ লোক’ৰ মাজত থকা সংঘাতে মুখ্য স্থান অধিকাৰ কৰি থাকে।।