বিদ্বেষমূলক ভাষণ আৰু ভাৰতৰ ন্যায় ব্যৱস্থা


Image Description

ব্যক্তি স্বাধীনতাৰ বাবে বাক্-স্বাধীনতা হৈছে সৰ্বাধিক গুৰুত্বপূৰ্ণ । ৰাষ্ট্ৰক্ষমতাই সীমিত বাক্-স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে । গণতান্ত্ৰিক ব্যৱস্থাত ৰাষ্ট্ৰৰ অবাঞ্চিত হস্তক্ষেপৰ পৰা ব্যক্তি স্বাধীনতাক সুৰক্ষিত কৰাৰ ব্যৱস্থা থাকে ।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ ধাৰা অনুসৰি বাক্-স্বাধীনতাক সন্মান প্ৰদান কৰা হৈছে । বাক্ - স্বাধীনতাক ব্যক্তি স্বাধীনতাৰ পূৰ্ণৰূপ বুলি বিবেচনা কৰা হয় ।

ঔপনিৱেশিক কাল আৰু এডল্ফ হিটলাৰৰ নাজীবাহিনীৰ শাসনৰ সময়ছোৱাত ব্যক্তি স্বাধীনতাৰ কোনো মূল্য নাছিল । ভাৰতীয় সংবিধানত বাক্-স্বাধীনতাক বহু কষ্টোপাৰ্জিত অধিকাৰৰূপে গুৰুত্ব দিয়া হয় ।

ইয়াতেই প্ৰশ্ন উত্থাপিত হ’ব পাৰে যে মত প্ৰকাশৰ সীমাহীন স্বাধীনতাই শ্ৰেণী বা গোষ্ঠীগত ঘৃণা প্ৰকাশৰ অধিকাৰকো সামৰি লয় নেকি? এই বিতৰ্ক ৰাজহুৱা শৃঙ্খলা আৰু নীতিগত দিশকে ধৰি বহু ক্ষেত্ৰত উত্থাপিত হৈছে ।

ৰাষ্ট্ৰদ্ৰোহ, অশ্লীলতা, ধৰ্মীয় বিদ্বেষ, কুৎসা ৰটনা, মানহানিকাৰক বিষয়ত বাক্ -স্বাধীনতা প্ৰযোজ্য নহয় বৰঞ্চ ই শাস্তিযোগ্য অপৰাধ ।

বহুতে ভবাৰ দৰে আমেৰিকাতো মত প্ৰকাশৰ অবাধ স্বাধীনতা দিয়া হোৱা নাই । দায়িত্বহীন, অসংযত, উশৃঙ্খল মত প্ৰকাশক বাক্-স্বাধীনতাৰ অপব্যৱহাৰ বুলি আমেৰিকাৰ সংবিধানত বিবেচনা কৰা হয় ।

বহত্ববাদী গণতন্ত্ৰত ৰাজহুৱা স্বাৰ্থৰ অৰ্থত ভিন্ন মত আৰু ব্যাখ্যাৰ মাজত সংঘাত থকাটো স্বাভাৱিক । গণতন্ত্ৰত ব্যক্তি স্বাধীনতাৰ অন্যতম অধিকাৰ হৈছে একমত নোহোৱাৰ অধিকাৰ। ৰাজহুৱা শৃঙ্খলাক আঘাত নকৰাকৈ মত প্ৰকাশৰ স্বাধীনতাক অনুমোদন কৰা যায়।

অসংবিধানিকভাৱে বাক্ -স্বাধীনতাক ব্যৱহাৰ কৰাত বাধা দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ এটা ভূমিকা আছে । ভাৰতৰ সংবিধানত ব্যক্তি স্বাধীনতাক সুনিৰ্দিষ্টভাৱে ব্যাখ্যা কৰা হৈছে । পৰৱৰ্তী সময়ত ইয়াৰ কিছু সংশোধনো কৰা হৈছে ।

দেশৰ প্ৰতিৰক্ষা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব, শালীনতা আৰু নৈতিকতা, আইন-শৃঙ্খলা, বিদেশী ৰাষ্ট্ৰৰ লগত সু-সম্পৰ্ক ৰক্ষাৰ স্বাৰ্থত যুক্তিসন্মত সংশোধন কৰা হৈছিল ।

বিদ্বেষমূলক ভাষণসম্পৰ্কীয় আইনী বিধি:

সংবিধানৰ ২১ নং অনুচ্ছদত থকা ব্যক্তি স্বাধীনতাৰ সাৰবস্তু হৈছে দায়িত্বশীল ভাষণ প্ৰদান বা মত প্ৰকাশ । বাক্-স্বাধীনতাৰ ক্ষেত্ৰত সততে লক্ষ্য ৰাখিব লাগিব যাতে ই কোনো ব্যক্তি, জাতি, জনগোষ্ঠী, বৰ্ণ, ভাষা-ভাষী,অঞ্চল আৰু বিশেষকৈ সমাজৰ পশ্চাদপদসকলৰ বাবে অৱমাননাকৰ নহয় ।

সংবিধানৰ অনুচ্ছেদ ১৯ (২)ত দেশৰ সৰ্বভৌমত্ব আৰু অখণ্ডতাৰ নিৰাপত্তা, বিদেশী বন্ধুৰাষ্ট্ৰ, ৰাজহুৱা শৃঙ্খলা, শালীনতা, নৈতিকতা, আদালত অৱমাননা, মানহানি বা উচটনি আদি বিষয়ৰ বাহিৰে আন সকলো ক্ষেত্ৰতে ভাৰতৰ সকলো নাগৰিকক ভাষণ প্ৰদান আৰু বাক্-স্বাধীনতাক নিশ্চয়তা দিয়া হৈছে ।

ভাৰতৰ কোনো আইনত বিদ্বেষমূলক ভাষণ সম্পৰ্কে কোনো নিৰ্দিষ্ট সংজ্ঞা নিৰ্ণয় কৰা হোৱা নাই । বিদ্বেষমূলক ভাষণ সম্পৰ্কত নিম্নোক্ত বিধানসমূহ দেশৰ আইনত আছে ।

১) ৰাষ্ট্ৰদ্ৰোহৰ দণ্ডবিধি ১৮৬০

• বিভিন্ন ধৰ্মীয়, জাতি, জন্মস্থান, বাসস্থান, ভাষা গোটৰ মাজত শত্ৰুতা সৃষ্টিৰ দণ্ডবিধি;

• ৰাষ্ট্ৰীয় স্বাৰ্থৰ পৰিপন্থী সিদ্ধান্ত আৰু অৱস্থানৰ দণ্ডবিধি;

• কোনো গোট বা ব্যক্তিৰ ধৰ্মীয় অনুভূতিক অপমান কৰাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে আঘাত কৰা, আৰু কূৎসামূলক কাৰ্য্যৰ দণ্ডবিধি;

• ব্যক্তিৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ উদ্দেশ্যে শব্দ বা বাক্য উচ্চাৰণ কৰাল দণ্ডবিধি;

• ভিন্ন শ্ৰেণীৰ লোকৰ মাজত ঘৃণা, শত্ৰুতা বিয়পোৱাৰ অসৎ উদ্দেশ্যে প্ৰচাৰ, উৰাবাতৰি প্ৰচাৰ, ৰাজহুৱা স্থানত উপদ্ৰৱৰ দণ্ডবিধি।

২) জনপ্ৰতিনিধি আইন ১৯৫১

• ভাষণ প্ৰদান আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অপব্যৱহাৰ কৰাৰ বাবে দোষী সাব্যস্ত ব্যক্তিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা নাকচ কৰা;

• নিৰ্বাচনী আচৰণৰ জৰিয়তে ধৰ্ম, জাতি, বৰ্ণ, সম্প্ৰদায় বা ভাষিক গোষ্ঠীৰ মাজত শত্ৰুতা সৃষ্টি ৰোধ কৰা।

৩) নাগৰিক অধিকাৰ সুৰক্ষা আইন ১৯৫৫

৪) ধৰ্মীয় অনুষ্ঠান (অপব্যৱহাৰ ৰোধ) আইন ১৯৮৮

৫) কেবল্ টেলিভিছন নেটৱ'ৰ্ক নিয়ামক আইন ১৯৯৫

৬) ছিনেমাট'গ্ৰাফ আইন ১৯৫২

৭) ফৌজদাৰী কাৰ্য্যবিধি আইন ১৯৫২

৮) ফৌজদাৰী কাৰ্য্যবিধি আইন ১৯৭৩

বিদ্বেষমূলক ভাষণ প্ৰদান কৰাসকলৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাই প্ৰৱাসী সংগঠন এটাই সংগঠন উচ্চতম ন্যায়লয়তআবেদন কৰিছিল । প্ৰচলিত আইনৰ সীমাৱদ্ধতাৰ মাজত থাকি ন্যায়ালয়ে বিষয়টোৰ বিচাৰ কৰিবলগীয়া হৈছিল । প্ৰচলিত আইনৰ ভিতৰতে বিদ্বেষমূলক ভাষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সম্ভৱ বুলি ন্যায়ালয়ে পতিয়ন গৈছিল ।

(অহা সংখ্যাত সমাপ্ত)