বঙ্গমূলীয় অসমীয়া মুছলমানসমাজ আৰু অসমীয়া জাতীয় সত্তা ৭
বাঙালী জাতিৰ পৰা অসমীয়াই ল'ব পৰা শিক্ষা:
দ্বি-বিভক্ত বাঙালীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জাতি গঢ়াৰ ঐতিহাসিক সুযোগ হেৰুৱাইছিল


Image Description

অপ্ৰাসঙ্গিক যেন লাগিলেও আন এক প্ৰসঙ্গ উত্থাপন কৰিব বিচাৰিছোঁ । ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ বাঙালী জাতিক বিভাজন কৰিব বিচৰা ষড়যন্ত্ৰ সেই সময়ৰ নেতৃত্বস্থানীয় বুদ্ধিজীৱী, সামাজিক নেতৃত্বই (হিন্দু, মুছলমান উভয়ে) যদি অনুধাৱন কৰিব পাৰিলে হয়, ধৰ্মৰ ভিত্তিত জাতিৰ বিভাজন ৰোধ কৰি ভাষিক জাতীয়তাবাদ গঢ়ি তুলিবলৈ সক্ষম হ’ল হয়, তেতিয়া হ’লে আজি বাঙালী জাতি বিশ্বৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী জাতি হৈ থাকিব পাৰিলে হয় ।

হিন্দী বলয় আৰু দাক্ষিণাত্যক নেওচি ভাৰতৰ ভিতৰতো আটাইতকৈ প্ৰভাৱশালী ৰাজ্য হৈ থাকিব পাৰিলে হয় অবিভক্ত বঙ্গ। ইয়াৰ বাবে যিমানখিনি ঐতিহাসিক, ভৌগোলিক, অৰ্থনীতিক, সামাজিক উপাদানৰ প্ৰয়োজন, সেই সকলোখিনিয়েই যথেষ্ট পৰিমাণে আছিল বাঙালীৰ।

অবিভক্ত বঙ্গৰ ভৌগলিক অৱস্থান মন কৰক । বঙ্গোপ সাগৰৰ পৰা হিমালয়ৰ পাদদেশলৈকে বিস্তীৰ্ণ উৰ্বৰা ভূখণ্ড যাক আৱৰি আছে গঙ্গা, ব্ৰহ্মপুত্ৰ, তৃষ্ণা, বৰাক আৰু অসংখ্য উপনদীয়ে । আৰু উৰিষ্যাৰ সীমাৰ পৰা ব্ৰহ্মদেশলৈকে বিস্তৃত বিশাল উপকূল অঞ্চল । এই উপকূলীয় অঞ্চলতে আছে কেবাটাও বিশ্ব প্ৰসিদ্ধ সাগৰীয় বন্দৰ । এই বন্দৰেদিয়েই এদিন ইষ্ট ইণ্ডিয়া ক'ম্পেনীয়ে আহি ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰিছিল ।

আজিৰ বিশ্বৰ শক্তিশালী দেশ, যেনে, ইউৰোপীয় দেশসমূহ, আমেৰিকা, জাপান আদিয়ে বিগত কেইটামান দশকৰ আগলৈকে সাগৰীয় যাত্ৰাৰ সুবিধা গ্ৰহণ কৰিয়েই বিশ্ব বাণিজ্য আৰু সামৰিক দিশত প্ৰাধান্যতা লাভ কৰি বিশ্বৰ অগ্ৰণী জাতিত পৰিণত হৈছিল । ইয়াৰ বিপৰীতে ভূমিৰে আগুৰা ৰুছসকল ছ'ভিয়েট বিপ্লৱৰ আগলৈকে অগ্ৰণী দেশৰ ভূমিকা গ্ৰহণ কৰিব পৰা নাছিল ।

বঙ্গভূমিত সামন্ত্ৰতন্ত্ৰৰ পূৰ্ণ বিকাশ ঘটিছিল । নৱাব, জমিদাৰ আৰু ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ লগত কৰা ঠিকা, মুৎছুদ্দিৰ জৰিয়তে একাংশ লোকৰ হাতত প্ৰচুৰ পুঁজি জমা হৈছিল । ইংলেণ্ডৰ শিল্প বিপ্লৱত বঙ্গৰ পৰা অৰ্জন কৰা মুনাফাৰ ধনৰ বিনিয়োগ ঘৰ্টিছিল। নৱাবসকলৰ প্ৰতিপত্তি ক'ম্পেনীৰ ৰাজত্বকালত হ্ৰাস পালেও জমিদাৰসকলৰ প্ৰভাৱ বাঢ়িছিল । ক'ম্পেনীৰ লগত মুৎছুদ্দি কৰাসকলৰ হাতত নগদ পুঁজি উফণ্ডি উঠিছিল । ৰামলোচন ঘোষ নামৰ এজনে প্ৰথম ইঙ্গ-মাৰাঠাৰ যুদ্ধত ক'ম্পেনীক ন লাখ টকাৰ সাহায্য আগবঢ়াইছিল । জগত শেঠে মীৰ কাচিমৰ বিৰুদ্ধে মীৰ জাফৰক পৃষ্ঠপোষকতা আগবঢ়াই বঙ্গৰ লগতে ভাৰতৰে ইতিহাস সলনি কৰি দিছিল ।

এক বিৰাট কৃষকবাহিনী দুৰ্ভিক্ষৰ কবলত পৰি ভূমিহীন হৈ শ্ৰমিকলৈ পৰিৱৰ্তিত হৈছিল । সেই সময়তে মৰাপাট আদিৰ খেতি অতি লাভজনক উদ্যোগ হৈ পৰিছিল ।

ইষ্ট ইণ্ডিয়াৰ শাসনকালত কলকাতা অছিল ক'ম্পেনীৰ শাসনাধীন ভাৰতৰ ৰাজধানী । কলকাতা সমগ্ৰ দেশৰে শিল্প, বাণিজ্য, শিক্ষা, কলা-সাহিত্য-সংস্কৃতিৰ মুখ্য কেন্দ্ৰ হৈ পৰিছিল । বিশ্বৰ প্ৰথম অনা-ইউৰোপীয় সাহিত্যৰ ন'বেল বঁটা বিজয়ীজন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ । বিজ্ঞান চৰ্চাতো যথেষ্ট আগবঢ়া আছিল, সত্যেন্দ্ৰ নাথ বসুৱে আইনষ্টাইনৰ লগত যুটীয়া আৱিষ্কাৰকৰ সন্মান লাভ কৰিছিল ।

ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ আধুনিক প্ৰশাসন আৰু বাণিজ্য কৌশলৰ লগত পৰিচয় হোৱাৰ প্ৰথম প্ৰজন্মৰ ভাৰতীয়ও আছিল বাঙালীসকলেই । ক'ম্পেনী আমোলৰ প্ৰশাসন যন্ত্ৰৰ ৰাজহাড় আছিল বাঙালী আমোলা, কেৰাণীসকল।

কলকাতাক কেন্দ্ৰ কৰি গঢ়ি উঠা আধুনিক শিক্ষাৰে শিক্ষিত প্ৰথম ভাৰতীয়ও আছিল বাঙালীসকল। দেশৰ স্বাধীনতা আন্দোলনক নেতৃত্ব প্ৰদান কৰিছিল প্ৰথম অৱস্থাত বাঙালীসকলেই । আজাদ হিন্দ ফৌজ গঠন কৰিপ্ৰথম ভাৰতীয় সৈন্যবাহিনী গঢ়ি তুলিছিল বাঙালী সুভাষ চন্দ্ৰ বসুৱেই ।

ভৌগলিক আৰু ঐতিহাসিক ইমানখিনি উপাদান থকা সত্বেও বাঙালীয়ে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ জাতি হিচাপে গঢ় লোৱাৰ ঐতিহাসিক সুযোগকণ হেৰুৱাই পেলাইছিল । ইতিহাসত ভুলৰ ক্ষমা নাই । ভাষাভিত্তিক জাতি গঠনৰ সলনি বাঙালীয়ে ধৰ্মৰ ভিত্তিত দ্বিবিভক্ত হৈ পৰিছিল । ইংৰাজ বণিকৰ মতলব বুজিবলৈ সক্ষম নহ’ল বাঙালী ।

আজি তেনে এক পৰিস্থিতি অসমীয়া জাতিৰ সন্মুখতো থিয় কৰোৱা হৈছে । অসমীয়াই ভাষাভিত্তিক জাতি সত্বাক আঁকোৱালি ৰাখিব নে ধৰ্মভিত্তিক জাতিৰ দিশত খোজ দিব? অসমীয়াৰ সৌভাগ্য বৰ্তমানৰ আধুনিক অসমীয়া জাতিৰ কাণ্ডাৰীসকল ধৰ্মীয় চেতনাৰ দিশত উদাৰ আছিল, ভাষাভিত্তিক জাতিৰূপে গঢ় দি তেওঁলোকে অসমীয়া জাতিৰ এক মজবুত ভেটি তৈয়াৰ কৰি থৈ গ'ল। এতিয়া আজিৰ প্ৰজন্মৰ অসমীয়াই ঠিক কৰিব লাগিব অসমীয়াই ভাষাভিত্তিক জাতীয় সত্তা ত্যাগ কৰি অসমীয়া জাতিক এক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব, নে আমাৰ পূৰ্বজসকলৰ পথকে আগুৱাই লৈ যাব ।

এইখিনিতে এটা কথা স্পষ্ট কৰি থোৱা উচিত হ’ব । ওপৰত অবিভক্ত বঙ্গৰ যিখিনি ইতিহাস ব্যক্ত হ’ল, সেয়া বিষয়বস্তুৰ প্ৰাসঙ্গিকতাৰ দিশৰ পৰাহে উল্লেখ কৰা । অবিভক্ত বঙ্গ বা বাঙালী জাতিৰ ইতিহাস অকল সাম্প্ৰাদায়িক বিভাজনৰ ইতিহাস নহয় । বাঙালী জাতিৰ প্ৰকৃত ইতিহাস ৰচিছে জাতিটোৰ কৃষক আৰু শ্ৰমিক শ্ৰেণীয়েহে ।

বঙ্গৰ কৃষক আৰু শ্ৰমিকৰ সংগ্ৰামৰ ইতিহাসে ভাৰতৰ কৃষক আৰু শ্ৰমিকৰ ইতিহাসক পথ দেখুৱাই আগুৱাই নিছে । ভাৰতীয় সাহিত্য আৰু সংস্কৃতিত প্ৰগতিশীল আৰু গণতান্ত্ৰিক উপাদান যোগান ধৰিছিল বঙ্গই । বাঙালী কৃতবিদ্যৰ কৰ্মই বাঙালীৰ বাবে এই স্বীকৃতি কঢ়িয়াই আনিছিল, 'বাঙালিয়ে আজি যি চিন্তা কৰে, সেয়া ভাৰতে পিছদিনা চিন্তা কৰে ।'

বাঙালীৰ জাতীয় গৌৰৱ হৈছে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজি নজৰুল ইছলাম, সুকান্ত ভট্টাচাৰ্য্য, স্বামী বিবেকানন্দ, নেতাজী সুভাষচন্দ্ৰ বসু, মজ্ফফৰ হুছেইন, জ্যোতি বসু, সত্যেন্দ্ৰনাথ বসু, জগদীশচন্দ্ৰ বসু, মেঘনাদ সাহা, দেবীপ্ৰসাদ চট্টোপধ্যায়, পি চি মহালনবীশ, অমৰ্ত্য সেন, গিৰীশচন্দ্ৰ ঘোষ, ঋত্বিক ঘটক,সত্যজিৎ ৰায়, উৎপল দত্ত, মৃণাল সেন, মান্না দে, পি কে বেনাৰ্জী, চুনী গোস্বামী আৰু অন্যান্যৰ দৰে কৃতবিদ্যৰ এখন অন্তহীন তালিকা।।

(পৰৱৰ্তী অংশত –বঙ্গমূলীয় মুছলমানৰ অসমীয়া জাতিসত্তাত আত্মলীন হোৱাৰ প্ৰক্ৰিয়া)