মাতৃভাষাৰ শৰাধ পতা অসম চৰকাৰ আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটি আহ্বানৰ আঁত ধৰি..


Image Description

যোৱা ২৭ অক্ট’বৰ তাৰিখে কেতবোৰ কাকতত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটি লেখা প্ৰকাশ পাইছিল। লেখাটোৰ শীৰ্ষক আছিল, 'মাতৃভাষাত মুকলি হৈছে শিক্ষাৰ পথ'৷

মূল প্ৰসংগলৈ অহাৰ পূৰ্বে তেখেতৰ সেই লেখাটোৰ কিয়দংশ তলত তুলি ধৰিলোঁ৷

(১) '... কিছুসংখ্যক লোকৰ মনত ইংৰাজীক লৈ শ্ৰেষ্ঠতাবোধ দেখিবলৈ পোৱা যায়৷ কিন্তু সত্যটো হৈছে যি কোনো ভাষাৰ জ্ঞান অথবা বৌদ্ধিক ক্ষমতাৰ সৈতে কোনো ধৰণৰ সম্বন্ধ নাথাকে। ভাষা হৈছে কেৱল অভিব্যক্তিৰ মাধ্যমহে৷ যদি মাতৃভাষাত শিক্ষা লাভ কৰিব পৰা যায় সিয়ে বৌদ্ধিক ক্ষমতাক উন্নত ধৰণে উদ্ভাসিত কৰে আৰু তাৰ সম্যক বিকাশো হয়।'

(২) '... অন্য ভাষাত শিক্ষা গ্ৰহণ কৰিবলগীয়া হ’লে বৌদ্ধিক ক্ষমতাৰ সম্পূৰ্ণ লাভ ব্যক্তিয়ে আদায় কৰিব নোৱাৰে, যি কোনো শিশুৱেই নিজৰ ভাষাতহে ভালকৈ চিন্তা কৰিব পাৰে৷... মন কৰিবলগীয়া যে পৃথিৱীৰ শিক্ষাবিদসকলে মাতৃভাষাত প্ৰদান কৰা শিক্ষাকে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে, কিয়নো মনৰ ভাব, সংশোধন, বিশ্লেষণ, অনুসন্ধান আৰু সিদ্ধান্তৰ প্ৰক্ৰিয়া আমাৰ মনে মাত্ৰ মাতৃভাষাতহে কৰে৷…'

ওপৰৰ দুয়োটি দফাতে অমিত শ্বাহ ডাঙৰীয়াই মাতৃভাষাৰ গুৰুত্বৰ কথা কিদৰে তুলি ধৰিছে সেয়া স্পষ্টকৈ প্ৰকাশ পাইছে৷

শিক্ষা, বৌদ্ধিক উত্তৰণ তথা একোটা জাতিৰ সমৃদ্ধিত যে মাতৃভাষাৰ গুৰুত্ব আৰু প্ৰাধান্য সৰ্বদায় বিৰাজমান তাত কোনো সন্দেহৰ থল নাই৷

দেশৰ গৃহ মন্ত্ৰীজনাই তাৰেই পোষকতা কৰি মাতৃভাষাৰ প্ৰাধান্য আৰু গুৰুত্ব প্ৰদানৰ প্ৰতি গুৰুত্বপূৰ্ণ লেখাটোৰ জৰিয়তে যি আহ্বান জনাইছে সেয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মানি লোৱা উচিত৷ একেখন চৰকাৰৰে দুটা পৃথক দৃষ্টিভংগী সমীচীন নহয়৷

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত মাতৃভাষাক সৰ্বত্ৰ গুৰুত্ব প্ৰদানৰ চিন্তা-চৰ্চা তুংগত উঠিছে, তেনে সময়তে অসম চৰকাৰে সেই চিন্তাৰ বিপৰীত মেৰুত অৱস্থান কৰিছে। ই এক চৰম দুৰ্ভাগ্যজনক কথা৷

মাতৃভাষাক নেওচা দি কেতিয়াও, কোনোকালে জাতি একোটাৰ বৌদ্ধিক উত্তৰণ সম্ভৱপৰ নহয়৷ হয়, সময়ৰ সতে খোজ মিলাবলৈ ৰাষ্ট্ৰীয় তথা বিশ্ব প্ৰেক্ষাপটত নিজৰ স্থিতি বিশ্বজনীন কৰিবলৈ আমাক বিশ্বপৰ্য্যায়ৰ সমলৰাজিৰ প্ৰয়োজন আছে৷

কিন্তু নিজৰ সম্পদক এলাগী কৰি 'কাউৰীয়ে ময়ূৰ পাখি গুজি' খোজ দিয়াৰ দৰে কাৰ্য্যৰো কোনো প্ৰয়োজনীয়তা নাই৷ তেনেকুৱা হ’লে বিশ্বমানসত হাঁহিয়াতৰ পাত্ৰ হোৱাৰ সম্ভাৱনাই বেছি।

ৰাজ্য চৰকাৰৰ মাতৃভাষাবিৰোধী কাৰ্য্যকলাপসমূহত তেনে কেতবোৰ আশংকাই গা কৰি উঠিছে। দেশৰ বৰমূৰীয়াসকলৰ আশিসধন্য হোৱাৰ তীব্ৰ মানসিকতাৰ ধুমুহাত নিজৰ পৰিচয় যাতে চিৰকাললৈ ক’ৰবাত ওফৰি নপৰে, সেয়াও বিচাৰ কৰা উচিত।

নহ’লে ইতিহাসৰ ক’লা অধ্যায়ৰ কোনোবা এটি দফাত ক’লা চিয়াঁহীৰ ক’লা দাগ হিচাপেহে ৰৈ যোৱাৰ সম্ভাৱনা বেছি। আৰু সেই অধ্যায়, মাতৃভাষাৰে লিখা হ’ব নে কি ভাষাৰে লিখা হ’ব সেয়াও লিখোঁতাজনৰহে বিচাৰ্য হ’ব।

চৰকাৰৰ শুভবুধিৰ উদয় হোৱাটোকে বাঞ্ছা কৰোঁ।