মানুহ আৰু ভগৱান


Image Description

মানুহ হ'ল এই বিৰাট সৃষ্টিৰ অসংখ্য জীৱৰ মাজৰে এবিধ জীৱ। অনন্ত ব্ৰহ্মাণ্ডৰ এটি সামান্য গ্রহ পৃথিৱীত মানুহৰ উৎপত্তি হৈছে।

তাহানিৰ অৰণ্যবাসী এই জীৱবিধে নানা ন ন উদ্ভাৱনৰ মাজেদি আজি আহি পৃথিৱী নামৰ গ্ৰহটিৰ পৰা গ্রহান্তৰলৈ গৈ বসবাসৰ পৰিকল্পনা কৰিছে। সম্প্ৰতি মহাকাশত ঘৰ সাজি থাকিব পৰা মানুহে অদূৰ ভবিষ্যতে কোনোবা গ্রহান্তৰত বসবাস কৰিবলৈও হয়তো সক্ষম হব।

মানুহৰ এই যাত্ৰা যেন অন্তহীন যাত্ৰা। ইয়াৰ অন্ত ক'ত বা কেতিয়া পৰিব তাকো জনা নাযায়। প্রাচীন কালৰ গুহাবাসী মানুহে বিচাৰিছিল খাদ্য, জীয়াই থকাৰ বাবে প্ৰয়োজনীয় খাদ্য।

তেওঁলোকৰ বাবে পিন্ধিবলৈ এডুখৰি কাপোৰৰো প্ৰয়োজন নহৈছিল। লজ্জাবোধ হয়তো তেওঁলোকৰ ধাৰণালৈ অহাই নাছিল। সেইদৰে, বাসস্থানৰ অভাৱো আছিল তেওঁলোকৰ অনুভূতিৰ অগোচৰ। প্ৰকৃতিয়ে আছিল আদিম মানুহৰ ঘৰ।

প্ৰকৃতিয়ে দিয়া সুযোগ আৰু দুৰ্য্যোগৰ কাৰণ তেওঁলোকে ফঁহিয়াই চোৱাৰ অৱকাশো তেতিয়া নাছিল। সাধাৰণভাবে কোনোবা অদৃশ্য শক্তিয়ে এইবোৰ ঘটায় বুলিয়েই তেওঁলোকৰ সহজ বিশ্বাস আছিল। মানুহৰ কল্পিত এই শক্তিয়েই পিছলৈ মানুহৰ ভগৱান হৈ পৰিছিল |

সময় বাগৰাৰ লগে লগে মানুহে চকুৰে দেখা, কাণেৰে শুনা, নাকেৰে পোৱা দৃশ্য-শব্দ-গোন্ধ আদিৰ কাৰণ জানিবলৈ চেষ্টা কৰিছিল। মানুহৰ এই ইন্দ্ৰিয়সমূহৰ সহায়ত লাভ কৰা নানা অভিজ্ঞতাৰ কাৰ্য্যকাৰণ সম্পৰ্কৰ বিষয়ে যথা সময়ত মানুহে চিন্তা কৰিবলৈ ধৰিছিল।

ন ন কল্পনাৰে ন ন কাৰ্য্যৰ কাৰণ বিচাৰি মানুহে যুক্তি, বুদ্ধি, পৰীক্ষা, প্ৰমাণ আদিৰ আশ্ৰয় লৈ আগবাঢ়িবলৈ ধৰিছিল৷ য'তেই কাৰ্য্যৰ কাৰণ বিচাৰি পাইছিল তাতেই জ্ঞানৰ উদয় হৈছিল আৰু য'ত বিচাৰি পোৱা নাছিল ত'ত ভগৱানৰ ওচৰত মানুহে যেন আত্মসমর্পণ কৰিছিল।

পৰৱৰ্তী সময়ত মানুহৰ জ্ঞানৰ বিকাশৰ লগে লগে মানুহৰ কৌতুহলো বাঢ়িবলৈ ধৰিলে। জনা কথাৰ পৰিমাণৰ তুলনাত মানুহৰ নজনা কথাৰ পৰিমাণ হাজাৰ গুণে বাঢ়িবলৈ ধৰিলে। ইয়াৰ ফলত ভগৱানৰ সংখ্যাও ক্ৰমে বৃদ্ধি হ'ল আৰু মানুহৰ চেতনাত সৃষ্টি হ’ল অসংখ্য দেব-দেবী বা ভগৱান-ভগৱতীৰ।

পৃথিৱীত তেত্ৰিছ কোটি মানুহৰ সৃষ্টি হোৱাৰ আগতেই সৃষ্টি হ’ল তেত্রিছ কোটি বা তাতোকৈয়ো অধিক দেৱতাৰ। লগতে সৃষ্টি হ’ল অসংখ্য ধৰ্মৰ। ৰচিত হ’ল অলেখ ধর্মগ্রন্থ।

অবশ্যে সময়ে সময়ে ভগৱান অথবা এই দেব-দেৱীসকলকো মানুহে সন্দেহৰ চকুৰে নোচোৱাকৈ নাথাকিল। বতাহ-বৰষুণৰ প্ৰকৃত কাৰণ বিচাৰি পৱন আৰু বৰুণ দেৱতাৰ ওচৰ চপা মানুহে দুয়োৰে প্ৰতি সন্দেহৰ চাৱনিৰেহে চালে।

স্থলভাগৰ অভ্যন্তৰত হোৱা কঁপনি, অর্থাৎ ভূঁইকপ অথবা জলভাগৰ অভ্যন্তৰত হোৱা কঁপনি, অর্থাৎ চুনামিৰ তাণ্ডৱৰ কাৰণ বিচাৰি চোৱা মানুহে কেতিয়াবা আনকি ভগৱানক অস্বীকাৰ কৰাৰো ধৃষ্টতা প্ৰকাশ কৰিলে।

কিন্তু মানুহৰ এই ধৃষ্টতা অমূলক। কিয়নো মানুহ থকালৈকে ভগৱান থাকিবই। অনস্ত কৌতূহলী মানুহে কৌতূহলৰ নিবৃত্তিৰ বাবে চেষ্টা কৰি দহোটা ক্ষেত্ৰত সফল হ'লেও অইন হাজাৰটা কৌতূহলে মানুহৰ মনত পুনৰ ন-কৈ ভুমুকি মাৰিব।

কৌতূহল নিবাৰণৰ প্ৰবৃত্তিয়ে ভৱিষ্যতলৈ আৰু অধিক ভগৱান সৃষ্টিত সহায়তা কৰিব। নতুনকৈ ৰচিত হ'ব লগা ধর্মগ্রন্থসমূহত হয়তো পৃষ্ঠাই পৃষ্ঠাই অলেখ ভগৱানে লুকা-ভাকু খেলিব।

মানুহ জাতি থকালৈকে ন ন ৰং-ৰূপেৰে ভগৱান থাকিব— মানুহৰ যন্ত্ৰণা কাতৰ জীৱনৰ একান্ত পৰিত্ৰাণৰ উপায় হৈ...।।

৯৮৬৪০৪৬৬৬৬