বিজ্ঞানসন্মত শিক্ষাৰ মাধ্যম


Image Description

(যোৱা সংখ্যাৰ শেষাংশ)
OECD(Organization for Economic Cooperation and Development)য়ে ২০০০ চনৰ পৰা মুঠ ৯০খন দেশৰ প্ৰায় ৩,০০০,০০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত Programme for International Students' Assessment (PISA) নামৰ এক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে স্কুলীয়া শিক্ষাৰ পৰা লাভ কৰা পঢ়িব পৰা গণিত আৰু বিজ্ঞানৰ সামৰ্থ্যৰ সহায়ত কেনেকৈ জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে সেয়া বুজ লোৱাৰ উদ্দেশ্যে PISA অনুষ্ঠিত কৰা হয়৷

যোৱা কেইবাবছৰ ধৰি PISAৰ তিনিওটা বিষয়তে জাপানৰ ছাত্ৰ-ছাত্ৰীসকলে আন সকলো দেশৰ ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে৷ উল্লেখযোগ্য যে, জাপানৰ বেছিভাগ স্কুলতে জাপানীত ভাষাত পাঠদান কৰা হয়৷

ভাৰত যদিও OECDৰ সভ্য নহয় তথাপিও ২০০৯ চনত হিমাচল প্ৰদেশ আৰু তামিলনাডুৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল৷ সেইবাৰ PISAত ৭৩ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ৭২৷ স্কুলীয়া শিক্ষাৰ মাধ্যম মাতৃভাষা হ’লে ছাত্ৰ-ছাত্ৰীয়ে বিষয়জ্ঞান সহজে, সোনকালে আৰু ভালকৈ বুজাত সহয় হয়৷

লগতে এই ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক মানসিক আৰু জ্ঞানভিত্তিক দক্ষতাও আন মাধ্যমৰ জৰিয়তে শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীতকৈ তুলনামূলকভাৱে বেছি ভাল হয়৷ মাতৃভাষাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে আন ভাষাও তুলনামূলকভাৱে সহজে আৰু সোনকালে আয়ত্ত কৰিবলৈ সক্ষম হয়৷

মাতৃভাষাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে সহজে তেওঁলোকৰ সমাজ, পৰিৱেশ আৰু সংস্কৃতিৰ সৈতে একাত্ম হ’ব পাৰে৷ ইয়াৰ এটা বিশেষ গুৰুত্ব আছে৷ এই একাত্মবোধেই ছাত্ৰ-ছাত্ৰীৰ মনত এক জাতীয় কৰ্তব্যবোধৰ ভাবো জগাই তোলে৷

এইখিনিতে ভাৰতৰ নবেল বঁটা বিজয়ী চি ভি ৰমনে কোৱা কথা এষাৰ বিশেষভাৱে প্ৰণিধানযোগ্য:

'We must teach science in the mother tongue, otherwise science will become a highbrow activity. It will not be an activity in which all people can participate'.

মাতৃভাষাৰ মাধ্যমত স্কুলীয়া ল’ৰা-ছোৱালীক পাঠদান কৰাৰ আন এক তাৎপৰ্য্য আছে৷ 'উইন্‌টাছ ইণ্টাৰনেশ্যনেল স্কুল ফাইনাদাৰ' নামৰ অনুষ্ঠানৰ প্ৰাক্তন মুৰব্বী কেৰলিন ছাভাভেই এক প্ৰৱন্ধত উল্লেখ কৰিছে যে মাতৃভাষাই ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম আৰু তেওঁলোকৰ শিক্ষানুষ্ঠানৰ প্ৰতি অধিক আগ্ৰহী কৰে, আৰু এইবোৰৰ প্ৰতি অধিক ধনাত্মক মনোভাৱ গঠনত সহায় কৰে৷

অৰ্থাৎ আগতে উল্লেখ কৰাৰ দৰে, মাতৃভাষাত দিয়া শিক্ষাই ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ পাঠ্যক্ৰম আৰু স্কুলৰ পৰিৱেশৰ লগত সহজে আৰু শক্তিশালীভাৱে একাত্মতাৰ ভাব তৈয়াৰ কৰে৷

ভাষাতত্ববিদৰ গৱেষণাত প্ৰকাশ পাইছে যে পৃথিৱীৰ ২০টা মাতৃভাষা প্ৰায় ৩ বিলিয়ন মানুহে ব্যৱহাৰ কৰে৷ এই ২০টা মাতৃভাষাৰ ভিতৰত থকা মুখ্য ভাষাবোৰৰ ভিতৰত আছে মাণ্ডাৰিন চাইনিজ, স্পেনিছ, ইংৰাজী, ৰাছিয়ান, জাৰ্মান, জাপানিজ, ফ্ৰান্স, ক'ৰিয়ান, পৰ্তুগীজ, তুৰ্কী, ভিয়েটনামী, আৰবিক, হিন্দী, বাঙালী, উৰ্দু, তেলেগু, মাৰাঠী, তামিল, আৰু য়ু চাইনিজ।

এইবোৰ মাতৃভাষাৰ বেছিভাগেই প্ৰয়োগ নোহোৱাৰ ফলত ক্ৰমান্বয়ে নিশ্চিহ্ন হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ একোটা মাতৃভাষা লোপ হোৱাৰ লগে লগে এই ভাষাৰ লগত জড়িত বিশাল জ্ঞানভাণ্ডাৰো নোহোৱা হয়৷ ই মানৱজাতি আৰু সভ্যতাৰ প্ৰতি ক্ষতিকাৰক৷ মাতৃভাষাৰ অধ্যয়ন আৰু গৱেষণাইহে এই ভাষাবোৰৰ লগতে এই ভাষাসমূহৰ সাহিত্য আৰু আন সকলো জ্ঞান সমৃদ্ধ কৰে৷

এইখিনিতে উল্লেখযোগ্য যে ১৯১৭-১৯১৯ চনত তেতিয়াৰ ভাৰত শাসন কৰা বৃটিছ চৰকাৰে কলিকতা বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থা চালি-জাৰি চাই এক ৰিপ’ৰ্ট দাখিল কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল৷ ইংলেণ্ডৰ লিডছ বিশ্ববিদ্যালয়ত তেতিয়াৰ উপাচাৰ্য্য অধ্যাপক মাইকেল ই ছেডলাৰৰ নেতৃত্বত গঠন কৰা এই কমিটীৰ আন দুগৰাকী সদস্য আছিল তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক আশুতোষ মুখাৰ্জী আৰু বিখ্যাত গণিতজ্ঞ, তেতিয়াৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক জিয়াউদ্দিন আহমেদ৷

এই কমিটীয়ে ৫টা সুবৃহৎ খণ্ডত দাখিল কৰা প্ৰতিবেদনত স্পষ্টকৈ কৈছিল যে ভাৰতৰ ২৩ খন বিশ্ববিদ্যালয়ত ভাৰতৰ বিভিন্ন ৰাজ্যৰ থলুৱা ভাষা [মাতৃভাষা]সমূহৰ অধ্যয়ন আৰু গৱেষণা খুব সীমিত৷ আৰু এনে অধ্যয়ন আৰু গৱেষণাৰ বাবে এই প্ৰতিবেদনত পৰামৰ্শ দিয়া হৈছিল৷

এই একেখন প্ৰতিবেদনতে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ইংৰাজী ভাষাত পৰীক্ষা লৈ তেওঁলোকৰ শিক্ষাৰ ফলাফল নিৰ্ণয় কৰাৰ বিষয়তো গভীৰ সন্দেহ প্ৰকাশ কৰা হৈছিল৷ ছাত্ৰৰ শিক্ষাৰ লগতে জাতিৰ ভাষা-সংস্কৃতিৰ ভেটি শক্তি কৰি জীয়াই ৰখাৰ গুৰুত্বৰ কথা এই প্ৰতিবেদনত এশ বছৰৰ আগতেই উল্লেখ কৰা হৈছিল৷

আজি গোলকীকৰণ আৰু শিক্ষাৰ বাণিজ্যিকৰণৰ হেঁচাত বিভিন্ন দেশৰ স্কুলীয়া শিক্ষাৰ মাধ্যম ইংৰাজী ভাষাত হ’ব লাগে বুলি দাবী কৰাসকলৰ চুটি চিন্তাই ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ভেটি আৰু বিভিন্ন জাতি-উপজাতিৰ নিজ নিজ ভাষা সংস্কৃতিও দুৰ্বল কৰাৰ আশংকা সম্পূৰ্ণ বৈজ্ঞানিক তত্বসিদ্ধ৷

সেয়েহে অনেক আন্তঃৰাষ্ট্ৰীয় স্কুলত এতিয়া বিভিন্ন ভাষাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা গৈছে৷।