অসমৰ নিচাদ্ৰব্য নীতি মানৱ সম্পদ বিৰোধী


Image Description

নতুন প্ৰজন্মৰ জীৱন ধবংসৰ গৰাহলৈ ঠেলি দিয়া মাৰাত্মক নিচাদ্ৰব্যৰ প্ৰচলন অসমত চালুকীয়া হৈ থকা নাই৷ অসমৰ এই নিচাদ্ৰব্য বিষয়ক সমস্যাটো সমগ্ৰ ভাৰত তথা বিশ্বৰ নিচাদ্ৰব্য সমস্যাটোৰ পৰা পৃথকে চাব নোৱাৰি৷ ৰাষ্ট্ৰসংঘই নিৰৱচ্ছিন্নভাৱে ১৯৯৭ চনৰ পৰা বিশ্বজুৰি নিচাদ্ৰব্য মহাব্যাধিৰ প্ৰসাৰ আৰু ইয়াৰ ভয়াৱহ প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ২৬ জুন তাৰিখে ৰাষ্ট্ৰসংঘই বিশ্ব নিচাদ্ৰব্য বিৰোধী দিৱস [World Drugs Day] উপলক্ষে প্ৰকাশ কৰা বিশ্ব নিচাদ্ৰব্য প্ৰতিবেদন [২০২১] অনুযায়ী বিগত বছৰটোত বিশ্বত ২৭৫ মিলিয়ন মানুহ নিচাদ্ৰব্যৰ কবলত পৰিছে আৰু ৩৬ মিলিয়ন মানুহ নিচাসক্তি আৰু নিচাগ্ৰস্ততাজনিত ৰোগ আৰু সমস্যাৰ চিকাৰ হৈছে৷

আমাৰ দেশত ৰ্সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান [AIIMS] ৰ সৈতে সংলগ্ন এটি স্বতন্ত্ৰ সংস্থাই চলোৱা এটি সমীক্ষা [২০১৯] অনুযায়ী ভাৰতত বছৰি ২.৬ কোটি মানুহে হেৰ’ইন, ব্ৰাউন চুগাৰ নাইবা কানি বা কানিৰ পৰা প্ৰস্তুত নিচাদ্ৰব্য সেৱন কৰে৷ ইয়াৰে ৬০ লাখ মানুহে বছৰি [২০১৯] নিচাগ্ৰস্ততা আৰু আনুষংগিক ৰোগৰ কবলত পৰে৷ একেটা প্ৰতিবেদনত এইটোও কোৱা হৈছে যে কেৱল দিল্লী, পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশতে ৮,৫ লাখ নিজৰ শৰীৰত নিচাদ্ৰব্য বেজীৰে সুমুৱাই দিয়া লোক আছে৷ লগতে এইটোও কোৱা হৈছে যে ভাৰতবৰ্ষৰ জনসংখ্যাৰ প্ৰায় ১৪ শতাংশ, অৰ্থাৎ ১৬ কোটি মানুহে সুৰা বা মদ্যপান কৰি নিচাসক্তি পূৰণ কৰে৷ এই সুৰাপায়ীসকলৰ ভিতৰত ৬ কোটি লোক সুৰাসেৱন জাতীয় ৰোগ আৰু সমস্যাৰ চিকাৰ হয়৷

এনে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নিচাসক্তিৰ সমস্যাটো সঠিক ৰূপত অধ্যয়ন, বিশ্লেষণ আুৰু অনুধাৱন কৰিব নোৱাৰিলে ইয়াক অসমৰ পৰা নিৰ্মূল কৰাটো প্ৰায় অসম্ভৱ কথা৷ নিচাযুক্ত দ্ৰব্য বুলিলে আমি সাধাৰণতে বুজি পাওঁ যে ই এনে এবিধ দ্ৰব্য যাক মানৱ শৰীৰত সুমুৱাই দিলে মানৱ শৰীৰত [জীৱকোষত] কিছু বিক্ৰিয়া পৰিলক্ষিত হয় যাক নিচাগ্ৰস্ততা বুলি ক’ব পাৰি৷ এনে ধৰণৰ ৰোগৰ চিকিৎসাৰ কাৰণে ব্যৱহৃত ঔষধ [যাক চিকিৎসাবিজ্ঞানৰ ভাষাত নিচাদ্ৰব্য বুলিয়ে কোৱা যায়]ৰ একে ধৰণৰে বিক্ৰিয়া দেখা যাব পাৰে, কিন্তু নিচাদ্ৰব্যৰ সৈতে ঔষধৰ পাৰ্থক্য আছে৷ নিচাযুক্ত দ্ৰব্যৰ সঘন ব্যৱহাৰৰ ফলত ই মানুহৰ শৰীৰত এটা নিৰ্ভৰশীলতা [dependence] গঢ়ি তোলে আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ এৰি দিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়৷ নিচাযুক্ত দ্ৰব্যই মানুহৰ মগজুত [কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত] কৰা বিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক সাধাৰণতে তিনিটা বিভাগত বিভক্ত কৰা হৈছে৷
ক] অৱসাদকাৰক
খ] উত্তেজক
গ] প্ৰমাদকাৰক
ক] অৱসাদগ্ৰস্ততা বা অৱসাদকাৰক নিচাযুক্ত দ্ৰব্যসমূহ সাধাৰণতে কানি নাইবা কানিৰ পৰা প্ৰস্তুত কৰা বিভিন্ন দ্ৰব্য, যেনে, হেৰ’ইন, ব্ৰাউন চুগাৰ, মৰ্ফিন আদি৷
খ] উত্তেজক নাইবা উত্তেজনাবদ্ধৰ্ক নিচাযুক্ত দ্ৰব্যৰ ভিতৰত কোকেইন নাইবা এম্পিটামিন জাতীয় ঔষধ৷
গ] প্ৰমাদকাৰক দ্ৰব্যৰ ভিতৰত এল.এচ.ডি নামৰ এবিধ কৃত্ৰিম ঔষধ, লগতে কিছু পৰিমাণৰ মেৰিজোৱানা হাছিছ [আমাৰ চিনাকী ভাঙৰ পৰা প্ৰস্তুত কৰা হয়], আদি৷

কানি আৰু ইয়াৰ পৰা প্ৰস্তুত নাইবা সম্পূৰ্ণ কৃত্ৰিম উপায়েৰে পৰীক্ষাগাৰত প্ৰস্তুত নিচাযুক্ত দ্ৰব্যসমূহ সাধাৰণতে সোণালী ত্ৰিভুজ আৰু সোণালী কাঁচিজোনত উৎপাদিত হয়৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল সোণালী ত্ৰিভুজৰ নিচেই কাষতে অৱস্থিত৷ সেই কাৰণে ম্যানমাৰৰ ম’ৰে চহৰ হৈ ইম্ফল, ডিমাপুৰেদি সুচল যাতায়াত আৰু সৰবৰাহৰ জৰিয়তে অসম তথা ভাৰতলৈ ইয়াৰ বিস্তাৰ ঘটিছে৷ আনহাতে সোণালী কাঁচিজোন খণ্ডত থকা তিনি ৰাষ্ট্ৰ পাকিস্তান, আফগানিস্তান আৰু ইৰাণৰ পৰা উৎপাদিত নিষিদ্ধ নিচাদ্ৰব্য মধ্য প্ৰাচ্য হৈ ইউৰোপ আৰু আমেৰিকালৈ যায়৷ কোকেইনৰ উৎপাদন মূলতঃ দক্ষিণ আমেৰিকাৰ দেশসমূহত হোৱা বাবে কোকেইনৰ ভয়াৱহতাই উত্তৰ-মধ্য আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহত অবাধ বিস্তাৰ লাভ কৰিছে৷

সাধাৰণতে আমাৰ চকুত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ, ব্যৱহাৰ আৰু বিক্ৰীৰ বিষয়টোৱেই সৰ্বাধিক গুৰুত্ব পায়৷ সুৰাপান আৰু সুৰাপানৰ ফলত সংঘটিত সকলো ঘটনা-দুৰ্ঘটনাৰ ওপৰত আমাৰ চিন্তা আৰু চৰ্চা একেবাৰেই সীমাবদ্ধ৷ এজন ব্যক্তি যেতিয়া শাৰীৰিক আৰু মানসিকভাৱে সুৰানিৰ্ভৰ হয়, তেতিয়া তেওঁক সুৰাসক্ত বুলি কোৱা হয়৷ এজন সুৰাসক্ত ব্যক্তিৰ নিজৰ জীৱন বা তেওঁৰ পৰিয়াল আৰু সমাজৰ ওপৰত সেই ব্যক্তিজনৰ আচৰণে বাৰুকৈয়ে প্ৰভাৱিত কৰে৷ সুৰাসক্ত ব্যক্তিক আন নিচাগ্ৰস্ত লোকৰ একে শাৰীতে থৈ এই সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰা হয়৷

অসম তথা ভাৰতত সুৰাৰ ব্যৱহাৰক চৰকাৰীভাৱে উৎসাহিত কৰা হয়৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৯-২০ বৰ্ষৰ ৰাজহ সংগ্ৰহ সংক্ৰান্তীয় এখন প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ ৰাজ্যসমূহে সুৰা বিক্ৰীৰ পৰা সংগ্ৰহ কৰা কৰৰ পৰিমাণ প্ৰায় ১.৭৫ লাখ কোটি টকা৷ ভাৰতৰ ৰাজ্যসমূহৰ কাৰণে সুৰাৰ বিক্ৰীয়েই তৃতীয় বৃহৎ ৰাজহ উৎস৷

যিহেতু আবকাৰী বিভাগটো ৰাজ্যিক সূচীৰ অন্তৰ্গত বিষয়, গতিকে ৰাজ্যসমূহে সুৰাৰ বিক্ৰী, বিভিন্ন কৰ আৰোপণ, সুৰাপায়ীৰ ন্যূনতম বয়স নিদ্ধাৰ্ৰণ আদিৰ ওপৰত আইন-কানুন, নীতি-নিয়ম ৰাজ্যই নিজেই নিৰূপণ কৰে৷ কোনো ৰাজ্যত সুৰাপায়ীৰ ন্যূনতম বয়স ২৫ বছৰ [হাৰিয়ানা, পাঞ্জাৱ] আৰু আন কোনো ৰাজ্যত এই বয়সৰ নিম্নতম সীমা ১৮ বছৰ [চিকিম, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ]৷ অসমৰ ক্ষেত্ৰত বয়সৰ সীমা ২১ বছৰ৷ গতিকে, একোখন চৰকাৰে ৰাজ্যখনৰ ৰাজহ বৃদ্ধিৰ দায়বদ্ধতাৰ দোহাই দি সুৰাপায়ীৰ বয়সৰ সীমা ১৮ বছৰলৈ কমাই কিশোৰ-কিশোৰীক মদ্যপানৰ প্ৰতি আকৃষ্ট কৰিলেও আচৰিত হ’ব লগা একো নাই৷ আমাৰ ৰাজ্যখনত চৰকাৰখনে বৰ্তমান ঘৰে ঘৰে সুৰাৰ বিপণন আৰম্ভ কৰি তেনে অভিলাষী কৰ্মসূচীৰ সূচনা আৰম্ভ কৰিছেই৷ কিন্তু আশ্বৰ্য্যজনক কথাটো হ’ল অতীজৰে পৰা সুৰাপান কৰি অহা প্ৰধানকৈ জনজাতীয় লোকৰ বাসস্থান উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড, মিজোৰাম, মণিপুৰ [আংশিক] আদি ৰাজ্য আৰু বিহাৰ, গুজৰাট আদিৰ দৰে ৰাজ্যই সম্পূৰ্ণ সুৰা নিষিদ্ধ ৰাজ্য বুলি ঘোষণা কৰি ‘ৰাজহ স্বাৰ্থ’তকৈ ‘জনস্বাৰ্থ’ক অধিক গুৰুত্ব দিছে৷ এই ক্ষেত্ৰত সততে ‘গুজৰাট মডেলৰ’ গুণানুকীৰ্তন কৰি থকা অসম চৰকাৰৰ আবকাৰী নীতিত সুৰা নিষিদ্ধকৰণৰ সলনি ‘‘সহজ সুৰা, অধিক ৰাজহ’’ নীতি কিয়, কেনেকৈ আহৰণ কৰি আহিছে, কথাটো ভাবিবলগীয়া৷ অসমৰ আবকাৰী বিভাগৰ আনুষ্ঠানিক ঘোষণা মতে যোৱা বছৰৰ ‘লক্‌ডাউন’ৰ সময়ত ৰাজ্যখনে ২০২০ চনৰ ডিছেম্বৰ মাহলৈ ১,৪৫০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰে৷ ই বিগত বছৰটোৰ আয়তকৈ শতকৰা ১৮ভাগ বেছি৷ চলিত বিত্তীয় বৰ্ষত ৰাজ্যখনে আবকাৰী ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে ৩,৩০০ কোটি টকা৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিসংখ্যাৰ শেহতীয়া তথ্য অনুযায়ী অসমৰ ১৫ বছৰৰ পৰা ৫৪ বছৰলৈ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় ৫৯ ভাগ মহিলা আৰু শতকৰা প্ৰায় ৫৯ ভাগ পুৰুষে সুৰাসক্তিত ভোগে৷ সৰ্বভাৰতীয় তুলনাত ই সৰ্বাধিক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগিতাত এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই চলোৱা সমীক্ষা মতে ভাৰতবৰ্ষৰ প্ৰতি তিনিজন সুৰাপায়ীৰ মাজত এজনে সস্তীয়া, গ্ৰাম্য সুৰা পান কৰে৷ এইটো কোৱা নিষ্প্ৰয়োজন যে এনেদৰে প্ৰস্তুত সুৰাৰ একোখন ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান শূন্য৷ গতিকে এনে সুৰাৰ ঘাটি ধবংস কৰাটো আবকাৰী বিভাগৰ পৰম কৰ্তব্য৷

উপসংহাৰত এটি অতি সংগত প্ৰশ্নৰ অৱতাৰণা কৰিব খোজা হৈছে৷ যদি এখন ৰাজ্য চৰকাৰে নিজৰ ৰাজহ বৃদ্ধিৰ কাৰণে সুৰাৰ বন্যা সৃষ্টি কৰিবলৈ সুৰাৰ সহজ বিপণন, বিতৰণ আৰু সুৰাপানক উৎসাহিত কৰিবলৈ নিৰলস প্ৰচেষ্টা চলাই থাকে, তেনেহলে বন্দুক-বাৰুদৰ শব্দৰে আন আন নিচাযুক্ত দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ চলোৱা প্ৰয়াস কিমান ফলৱতী হ’ব ভাবিবলগীয়া। উদ্ৰেককাৰী দ্ৰব্যৰ প্ৰতি থকা নিচাসক্তি, যেনে, সুৰাৰ প্ৰতি থকা আসক্তিও একে পৰ্য্যায়ৰ৷ সুৰাৰ বটলত ‘‘মদ্যপান স্বাস্থ্যৰ প্ৰতি হানিকাৰক’’ বুলি আইনগত সাৱধান বাণী ছপা কৰিলেই এখন ৰাজ্যত সুৰাপান আৰু সুৰাসক্তি শেষ হৈ যাব নোৱাৰে৷ এনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক সম্ভাৱনাপূৰ্ণ মানৱ সম্পদেৰে পাঁচখন উন্নত ৰাজ্যৰ শাৰীলৈ উন্নীত কৰিব পৰা যাব বুলি আশা কৰিব নোৱাৰি৷

লগতে এইটোও সততে মনত ৰখা ভাল যে গৱেষণালব্ধ তথ্য অনুযায়ী নিচাসক্তি এক প্ৰকাৰ দ্ৰুতসংক্ৰমণক্ষম মানসিক বিকাৰ৷ ইয়াৰ নিৰ্মূলকৰণৰ কাৰণে নিচাসক্তৰ চিকিৎসাৰ ক্ষেত্ৰত নিচামুক্তি, পুনৰ্সংস্থাপন আদি কিছুমান বিজ্ঞানসন্মত ব্যৱস্থাৱলী গ্ৰহণৰ আৱশ্যক৷ আৱশ্যকীয় প্ৰাথমিক কৰ্তব্য হিচাবে নিচাযুক্ত দ্ৰব্যৰ যোগান বন্ধ কৰাটো অৱশ্যে কৰণীয়৷ ইয়াৰ লগে লগে সামাজিক সচেতনতা সৃষ্টি কৰি নিচাদ্ৰব্যৰ প্ৰতি আসক্তি আৰু আৱশ্যকতা কমাই আনিব পাৰিব লাগিব৷ ইয়াৰ কাৰণে চৰকাৰী কাৰ্য্যসূচীৰ উপৰিও সমাজৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয়৷৷