পেট্ৰলৰ দামৰ ছেন্সুৰীৰে মোদী-হিমন্ত বিজেপিৰ ইতিহাস ৰচনা


Image Description

ৰাজ্য তথা দেশত এতিয়া পেট্ৰলৰ দাম এশ টকা হ'ল। প্ৰথমবাৰৰ বাবে মোদী–হিমন্ত বিজেপিয়ে পেট্ৰলৰ মূল্যৰ ছেন্সুৰীৰ কুখ্যাতি লাভৰ গৌৰৱ অৰ্জন কৰিলে। এতিয়ালৈকে কোনো চৰকাৰে কৰিব নোৱৰা এই অসাধ্য সাধন তথাকথিত চব্বিছ ঘণ্টাই কাম কৰা বিজেপি চৰকাৰে কৰি দেখুৱালে।

ভাল দিনৰ সপোন দেখুৱাই গাদীত বহা প্ৰধান মন্ত্ৰী মোদীৰ শাসনকালত ইটোৰ-পিছত সিটো এনে বহু ভাল (?) কাম হৈ আছে। অনাগত দিনত ইয়াতকৈও অধিক ভাল কাম কৰিবলৈ তেওঁ কেইবাযোৰ নতুন ডিজাইনৰ সাজ তৈয়াৰ কৰিছে বুলি ভু-ৰখা মহলে প্ৰকাশ কৰিছে।

ভু-ৰখা মহলে লগতে ইয়াকো কৈছে বোলে সুনীল গাভাস্কাৰে টেষ্ট ক্ৰিকেটত দহ হাজাৰ ৰাণ সম্পূৰ্ণ কৰা প্ৰথম ক্ৰিকেটাৰৰ গৌৰৱ অৰ্জন কৰোঁতে কৈছিল এভাৰেষ্ট বিজয় বহুতেই কৰিছে। কোনে কেইজনৰ নাম মনত ৰাখিছে। সকলোৱে প্ৰথম এভাৰেষ্ট বিজয়ী টেঞ্জিং নৰ্কেৰ নামহে জানে। শীঘ্ৰে বহু ক্ৰিকেটাৰে দহ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিব। কিন্তু প্ৰথম হিচাপে সকলোৱে সুনীল গাভাস্কাৰৰ নামহে মনত ৰাখিব।

সেই যুক্তিতে মোদী-হিমন্তৰ নাম সকলোৱে সদায় মনত ৰাখিব বুলি ভিতৰি ভিতৰি হেনো দুয়ো বৰ উৎফুল্লিত। কিমান সোনকালে ডাবোল ছেন্সুৰী কৰিব পাৰি এতিয়া দুয়ো হেনো তাৰ পৰিকল্পনাত অতি ব্যস্ত। দুয়ো বিশ্বাস কৰে এনে কৰিব পাৰিলে অন্ততঃ ৫০ বছৰলৈ সেই ৰেকৰ্ড কোনেও স্পৰ্শ কৰিব নোৱাৰিব।

এনে মহৎ কাৰ্য্য সম্পন্ন কৰাত বিৰোধীয়ে কিবা বাধা প্ৰদান কৰিলে সাম্প্ৰদায়িক খেতিৰ উৎপাদন আৰু অধিক হাৰত বৃদ্ধি কৰা হ'ব। এই খেতিৰ ফচলৰ যোগান ব্যৱস্থা প্ৰয়োজনত বিদেশী ক'ম্পেনীক অৰ্পণ কৰা হ'ব বুলি জানিব পৰা গৈছে।

৭ অক্ট'বৰত কামৰূপ জিলাৰ পলাশবাৰীত জাতীয় মহিলা শক্তিৰ উদ্যোগত অজাপৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণ সত্যাগ্ৰ্হ পালনৰ দৃশ্য
২৯ ছেপ্টেম্বৰত অজাপৰ জাতীয় মহিলা শক্তিৰ উদ্যোগত কামৰূপ জিলাৰ হাজোত মূল্যবৃদ্ধিৰ প্ৰতিবাদত সত্যাগ্ৰহ পালনৰ দৃশ্য

অত্যধিক মূল্যবৃদ্ধিৰ দৰে গভীৰ এক বিষয়ৰ ব্যঙ্গাত্মক প্ৰতিবেদন প্ৰস্তুত কৰিবলগীয়া হোৱাত এইখিনিতে আমি প্ৰত্যাহ্বানৰ সমূহ পাঠকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আচলতে বয়–বস্তুৰ আকাশলঙ্ঘী দামে আমাৰ প্ৰত্যেকৰে জীৱনযাত্ৰা কোঙা কৰি পেলাইছে। ইফাল-সিফাল কেওফালে জোৰা-টাপলি মাৰিও ঘৰ-সংসাৰ চলাব নোৱৰা অৱস্থা হৈছে। ঘৰে ঘৰে শিক্ষিত যুৱক–যুৱতী নিবনুৱা হৈ বহি আছে।

চৰকাৰৰ ভুল নীতিৰ বাবে লাখ লাখ লোকে সংস্থাপন হেৰুৱাইছে। ঘৰে ঘৰে আমদানিৰ বাট বন্ধ হৈছে। চৰকাৰে জনসাধাৰণৰ আমদানি বৃদ্ধিৰ কোনো ফলপ্ৰসূ ব্যৱস্থা ল'ব পৰা নাই। এনে অৱস্থাত ভূতৰ ওপৰত দানব পৰাদি বয়–বস্তুৰ অত্যধিক মূল্যবৃদ্ধি হৈছে। চৰকাৰ, প্ৰশাসন কাৰো কোনো কাণসাৰ নাই। এই বিষয়ত দেশত কোনো আলোচনাও নাই। সমগ্র দেশক কিহত ব্যস্ত ৰখা হৈছে সকলোৱে দেখি আছে। মূল্যবৃদ্ধি হৈ আছে আৰু হৈয়েই আছে। সেইটোনো কি ডাঙৰ কথা।

যোৱা কেইটামান দিনতে অত্যাৱশ্যকীয় সামগ্ৰীৰ ২০% ৰ পৰা ৪০% শতাংশ মূল্যবৃদ্ধি হৈছে। বাতৰিকাকত, টিভিত ডাঙৰ ডাঙৰ হৰফেৰে কিমান বাতৰি পৰিবেশন হৈছে। কিমানটা বিতৰ্কৰ অনুষ্ঠান হৈছে। ইয়াৰ মানে সকলো ঠিকেই আছে নেকি? মূল্যবৃদ্ধিয়ে আমাকহে কেৱল জুৰুলা কৰিছে নেকি? আজি আমি নিজকে নিজে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছোঁ। সেয়েহে গতানুগতিক ধাৰাৰে লিখিলে আমাৰ কথা কোনেও নুশুনিব বুলি নিজৰ অৱস্থাক লৈ ব্যঙ্গ কৰাৰ বাহিৰে আমি আন উপায় বিচাৰি নাপালোঁ। ভুল হৈছে যদি পুনৰ ক্ষমা প্ৰাৰ্থনাৰে প্ৰতিবেদন সামৰা হ'ল।।