মেঘালয়ে অসমৰ মাটি দখলৰ কাহিনী দিশপুৰৰ জ্ঞাত


Image Description

অসম মেঘালয় সীমান্ত পুনৰ ৰক্তাক্ত হ’ল৷ এই ঘটনা হঠাতে হোৱা ঘটনা নহয়৷ মেঘালয়ৰ লোকে দীঘলীয়া সময়জুৰি এদেও দুদেওকৈ অসমৰ মাটি দখল কৰি আহিছে৷

ৰাতিটোৰ ভিতৰতে অসমৰ মাটিত এটা ঘৰ সজা হয়৷ লগতে এখন ফলক আঁৰি থৈ যায়৷ তাত লিখা থাকে: ‘মেঘালয় চৰকাৰ দ্বাৰা নিৰ্মীত৷'এই একে কৌশল অসম-নগাভূমিৰ মাজতো বহু দশকজুৰি চলি আহিছে৷

সিদিনাও মেঘালয়ৰ লোকে অসমৰ মাটিত খুটি পুতিছিল৷ অসমৰ বনকৰ্মীয়ে দায়িত্ব পালন কৰি বাধা দিছিল৷ বনকৰ্মী বিদ্যাছিং লেকঠেক পোনতে ডিঙিত আঘাত কৰে৷ তাৰ পিছতে গুলীৰ বিনিময় হয়৷ কেইবাজনো লোকে প্ৰাণ হেৰুৱায়৷ প্ৰথমে প্ৰাণ হেৰুওৱা ব্যক্তিজন আছিল বিদ্যাছিং লেকঠে৷

মেঘালয়ৰ লোকে কাণ্ডকাৰখানা সাধাৰণতে নিশা সংঘটিত কৰে৷ অসমৰ বনকৰ্মীয়ে চৰকাৰক জনায়৷ অসম চৰকাৰ নীৰৱে থাকে৷ ডিফুৰ প্ৰশাসনো নীৰৱে থাকে৷ অথচ দুৰ্গম অঞ্চলত বিদ্যাছিং লেকঠেৰ দৰে অসমক ভালপোৱা সাধাৰণ বনকৰ্মীয়ে অসমৰ সম্পদক পহৰা দি থাকে৷

অথচ গুলীয়াগুলিৰ পিছত অসমৰ মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰক্ষী আৰু বনৰক্ষীকে দোষাৰোপ কৰে৷ বিদ্যাছিং লেকঠেৰ জীৱনৰ মূল্য ডিফু আৰু দিশপুৰৰ প্ৰশাসনে অৱজ্ঞা কৰিলে৷ বৰঞ্চ মেঘালয়ৰ দখলদাৰীৰ পৰিয়ালকহে সহায়ৰ হাত আগবঢ়ালে৷

অসমৰ মুখ্য মন্ত্ৰী ড॰ শৰ্মা বিজেপি দলৰ উত্তৰ পূৰ্বাঞ্চলৰ আহ্বায়ক ৷ কিন্তু মুখ্য মন্ত্ৰীয়ে অসমৰ সীমান্তৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা নাই৷ ইয়াৰ আগতে মিজোৰামৰ লগতো অসমৰ স্বাৰ্থ বিঘ্নিত হৈছিল৷ এইবাৰ মেঘালয়ৰ লগত পুনৰাবৃত্তি হ’ল৷

অথচ কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে গৌৰৱেৰে কৈছিল যে অন্যান্য ৰাজ্যৰ লগত অসমৰ সীমা সমস্যা সমাধান হ’ল৷ সন্দেহ হয় ড॰ শৰ্মাক নেডাৰ আহ্বায়ক পতাৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো গুপুত আঁচনি আছে নেকি?

কেন্দ্ৰীয় চৰকাৰে ড॰ শৰ্মাৰ দুৰ্বলতাৰ সুযোগ লৈ সীমা সমস্যা সমাধান কৰিবলৈ আগবাঢ়িছে নেকি? কোনো এখন ৰাজ্যৰ লগতে ড॰ শৰ্মাই বলিষ্ঠভাৱে অসমৰ হৈ মাত মাতিব পৰা নাই৷ অথচ অসমৰ বনজ সম্পদেৰে ভৰপূৰ অঞ্চলবোৰ ওচৰ-চুবুৰীয়া ৰাজ্যই লাহে লাহে দখল কৰি আহিছে৷

সমস্যা সমাধানৰ কৃতিত্ব ল’বলৈ গৈ ড॰ শৰ্মাই অসমৰ বনকৰ্মী আৰু অসমৰ আৰক্ষীক হেয় কৰিবলৈকো কুণ্ঠাবোধ কৰা নাই নেকি বুলি নিশ্চিতভাৱে সন্দেহ ওপজে৷

যোৱাকালি ২৫ নভেম্বৰত অজাপৰ সভাপতি শ্ৰীলুৰিণজ্যোতি গগৈৰ নেতৃত্বত দলে প্ৰাণ হেৰুওৱা নিষ্ঠাৱান লেকঠেৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে । দলৰ সাধাৰণ সম্পাদক শ্ৰীজগদীশ ভূঞাই দুৰ্গম অঞ্চলৰ মানুহৰ উন্নতিৰ বাবে অহা ধন ক'ত নোহোৱা হয় বুলি ডিফু আৰু দিশপুৰৰ পৰা জানিব বিচাৰে।।