গুণৰ আকৰ অসম আৰু
অসমৰ সামাজিক প্ৰগতি সূচাংক


Image Description

'ছ’ছিয়েল প্ৰগেছিভ ইণ্ডেক্স' ( SPI ) বা সামাজিক প্ৰগতি সূচাংক কি আৰু অসমৰ সৈতে ইয়াৰ সম্পৰ্ক কি সেই বিষয়ে অকণমান চৰ্চা কৰিবলৈ বিচাৰিছোঁ।

কোৱা বাহুল্য মাথোঁ যে অসমখনক সোণৰ অসম, ৰূপৰ অসম, গুণৰ অসম, পয়োভৰা অসম, শস্য শ্যামলা অসম, সেউজী অসম বুলি শুনি শুনিয়েই সৰুৰে পৰা ডাঙৰ হ’লোঁ।

সদ্যপ্ৰকাশিত প্ৰধান মন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ এই সূচীত আমাৰ অসম শেষৰফালৰ পৰা কেৱল ঝাৰখণ্ড আৰু বিহাৰতকৈহে আগস্থান লাভ কৰিছে। এতিয়া কথা হ’ল অসমৰ এই হতাশাজনক স্থান কিহৰ ভিত্তিত কেনে ধৰণৰ মূল্যায়নৰ ভিত্তিত পাইছে তাৰ এক বিশ্লেষণৰ প্ৰয়োজন আছে। থূলমূলকৈ বিষয়টো ফঁহিয়াইবলৈ বিচাৰিছোঁ।

সামাজিক প্ৰগতি সূচী বা সূচাংক হ’ল এক মানক প্ৰক্ৰিয়া যাৰ জৰিয়তে দেশৰ ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশৰ পৰিকাঠামো তথা উপাদানৰাজিৰ বিশ্লেষণৰ জৰিয়তে উন্নয়ন তথা সামাজিক প্ৰগতিৰ মান নিৰ্ণয় কৰা হয় ।

এই ক্ষেত্ৰত সামাজিক প্ৰগতিৰ অতি গুৰুত্বপূৰ্ণ তিনিটা দিশত বাৰটা উপাদানৰ আধাৰত এই প্ৰক্ৰিয়াই ৰাজ্য তথা জিলাসমূহৰ সামাজিক প্ৰগতিৰ মান বিশ্লেষণ কৰে। মানুহৰ সহজাত প্ৰয়োজনীয়তা(Basic Human Needs), কল্যাণকামী আধাৰ (Foundations of Wellbeing) আৰু সুযোগ (Oppurtunity)এই তিনিটা মূল, গুৰুত্বপূৰ্ণ দিশৰ ভিত্তিত ৰাজ্য তথা জিলাসমূহৰ প্ৰগতিৰ মূল্যায়ন কৰি সদ্যপ্ৰকাশিত এই তালিকাতেই অসমৰ স্থান অতিশয় হতাশাজনক হিচাপে চিহ্নিত হৈছে।

'সহজাত প্ৰয়োজনীয়তা'ৰ শিতানত ৰাজ্য তথা জিলা পৰ্য্যায়ৰ পুষ্টিবৰ্ধন আৰু প্ৰাথমিক চিকিৎসা সেৱা, পানী আৰু অনাময় ব্যৱস্থা, সুৰক্ষা আৰু আশ্ৰয়স্থলৰ ওপৰত মূল্যায়ন কৰা হয়।

সেইদৰে 'কল্যাণকামী আধাৰ' শিতানত প্ৰাথমিক জ্ঞান, তথ্য আৰু যোগাযোগ ব্যৱস্থাৰ সহজলভ্যতা, স্বাস্থ্য আৰু সুস্থতা আৰু প্ৰাকৃতিক পৰিৱেশৰ মানৰ ওপৰত মূল্যায়ন কৰা হয়।

'সুযোগ' শিতানৰ ক্ষেত্ৰত ব্যক্তিৰ অধিকাৰ, ব্যক্তি স্বাধীনতা, একত্ৰ চিন্তা (Inclusiveness) আৰু উন্নত শিক্ষাৰ সুযোগৰ ওপৰত মূল্যায়ন কৰা হয়।

কিন্তু মন কৰিবলগীয়াকৈ অসমৰ ক্ষেত্ৰত উক্ত তিনিওটা দিশ তথা তাৰ অন্তৰ্নিহিত প্ৰতিটো উপাদান প্ৰযোজ্য হ’ব পৰাকৈ সকলোখিনি সমলেই আছে ৷ প্ৰাথমিক বা সহজাত প্ৰয়োজনীয়তা পূৰাব পৰাকৈ অসম যিদৰে সমৰ্থবান, সেইদৰে কল্যাণকামী আধাৰ গঢ় দিয়াৰ ক্ষেত্ৰতো অসমৰ যোগ্যতা নথকা নহয়। যতদূৰ সুযোগৰ প্ৰসংগ, সৃষ্টি কৰিব পৰাকৈ পৰিপূৰ্ণ উৎস (অসমত) বিচাৰিলে সহজতেই পোৱাৰ থল আৰু সম্ভাৱনা আছে।

কিন্তু পৰিতাপৰ বিষয় যে এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা তথা সুপৰিকল্পনা আৰু তাৰ কাৰ্য্যকৰীকৰণৰ মানসিকতাৰ অভাৱৰ ফলতেই আজি অসমে বাৰে বাৰে বিফলতাৰ সন্মুখীন হ’ব লগা হৈছে । এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াটো অতিশয় প্ৰয়োজনীয়।

সমান্তৰালভাৱে অসমৰ ৰাইজৰো দায়িত্ব নথকা নহয় ৷ প্ৰৱল সম্ভাৱনাপূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি পায়ো অসমে আজি কেৱল আৰু কেৱল আমাৰ অমনোযোগিতাৰ আৰু এলাগী মনোভাবৰ বাবে আথানি হোৱাৰ পৰিস্থিতিবোৰৰ সৈতে মুখামুখি হৈ আহিছে। সেয়া অনাহুত, অপ্ৰত্যাশিত।

ছটা শিতানত বিভক্ত এই সামাজিক প্ৰগতি সূচীৰ সকলোতকৈ শেষৰ শিতান "ন্যূনতম সামাজিক প্ৰগতি'ত অন্তৰ্ভুক্ত হোৱা ৰাজ্য হিচাপে অসমে লাভ কৰিছে মাত্ৰ ৪৪.৯২ নম্বৰ ৷ বিহাৰ আৰু ঝাৰখণ্ডে লাভ কৰিছে ক্ৰমে ৪৪.৪৭ আৰু ৪৩.৯৫ নম্বৰ।

ইপিনে শীৰ্ষত থকা উত্তৰ পূবৰ আন ৰাজ্যকেইখন হৈছে মিজোৰাম ( ৬৯.১৯, অতি উচ্চ সামাজিক প্ৰগতি শিতান ), নাগালেণ্ড ( ৫৯.৫৩, উচ্চ সামাজিক প্ৰগতি শিতান ), অৰুণাচল প্ৰদেশ ( ৫৬.৫৬, উচ্চ-মধ্য সামাজিক প্ৰগতি শিতান ), মণিপূৰ ( ৫৬.২৭, উচ্চ-মধ্য সামাজিক প্ৰগতি শিতান ), মেঘালয় ( ৫৩.৬০, নিম্ন-মধ্য সামাজিক প্ৰগতি শিতান ) আৰু ত্ৰিপুৰা ( ৫১.৭০, নিম্ন-মধ্য সামাজিক প্ৰগতি শিতান )।

সমগ্ৰ দেশৰ ভিতৰতে পুডুচেৰী ৬৫.৯৯ নম্বৰেৰে অতি উচ্চ সামাজিক প্ৰগতি শিতানত অন্তৰ্ভুক্ত হৈ শীৰ্ষস্থানত আছে। কাজে-কামে 'জয় আই অসম' বাণীষাৰে কেতিয়ালৈ পূৰ্ণতা পাব তাকে বাট চালোঁ।।