হিণ্ডেনবাৰ্গ বনাম আদানি গ্ৰুপ


Image Description

সম্প্ৰতি দেশৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হ’ল আদানি সাম্ৰাজ্যৰ জালিয়াতিৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ ১০৬ পৃষ্ঠা জোৰা প্ৰতিবেদন তথা ইয়াৰ প্ৰত্যুত্তৰ হিচাপে চলা আদানি গ্ৰুপৰ অপ্ৰাসঙ্গিক বাকযুদ্ধ।

সামগ্ৰিকভাৱে আদানি প্ৰায় ধৰাশায়ী হোৱা যেন লাগিলেও বিগত কিছুদিনৰ পৰা বিশেষ কিছু বাণিজ্যিক আইন প্ৰৱৰ্তন সংস্থাই হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক ভুৱা আৰু ভিত্তিহীন বুলি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে ৷

হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত অতি স্পষ্টভাৱে আদানি গ্ৰুপক উদ্দেশ্যি মুঠ ৮৮টা প্ৰশ্নৰ অৱতাৰণা কৰিছে। কিন্তু আদানি গোটে সেই প্ৰশ্নসমূহৰ উত্তৰ পোনপটীয়াকৈ দিয়াৰ পৰিৱৰ্তে ছালে-বেৰে কোবাই এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আদানিয়ে বিষয়বস্তুৰ পৰা ফালৰি কাটি এয়া দেশ, দেশৰ স্বাধীনতা, সততা আৰু ভাৰতীয় প্ৰতিষ্ঠানৰ মানদণ্ডৰ ওপৰত এক প্ৰকাৰৰ আক্ৰমণ বুলি তীৰ্য্যক মন্তব্যহে আগবঢ়াইছে। তদুপৰি দেশৰ উন্নয়ন আৰু বিকাশৰ ওপৰত আক্ৰমণ বুলিও আদানি গ্ৰুপে প্ৰচাৰ চলাইছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত, অৰ্থাৎ এনে আক্ৰমণৰ বিৰুদ্ধে নিয়মানুযায়ী চৰকাৰ সৰৱ হৈ উঠিব লাগিছিল। কিন্তু দেখা গৈছে যে দেশৰ চৰকাৰকে আদি কৰি অন্য বাণিজ্যিক প্ৰতিষ্ঠান, সংবাদ মাধ্যম সকলোৱে এই ক্ষেত্ৰত নীৰৱতাহে অৱলম্বন কৰিছে। ইপিনে, আৰু আচৰিত হ’বলগীয়াকৈ আৰএছএছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী আলোচনী 'অৰ্গেনাইজাৰ'এ আদানিৰ সপক্ষে ওকালতি কৰি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক ভাৰতৰ উন্নয়নৰ বিৰুদ্ধে এক সুপৰিকল্পিত ষড়যন্ত্ৰ বুলিহে প্ৰকাশ কৰিছে।

আটাইতকৈ আশ্চৰ্য্যকৰ বিষয়টো হ’ল দেশৰ লাখ লাখ ৰাইজৰ কষ্টোপাৰ্জিত আদানি গ্ৰুপত বিনিয়োজিত ধনৰ ক্ষেত্ৰত অনিশ্চয়তা আহি পৰাৰ সত্ত্বেও ইয়াৰ নিৰাপত্তাৰ সন্দৰ্ভতেই হওক বা এনে আৰ্থিক বিফলতাৰ সমাধানৰ ক্ষেত্ৰতেই হওক সংসদৰ মজিয়াত উক্ত প্ৰসংগটো উত্থাপন কৰাটো চৰকাৰে পোনপটীয়াকৈ বৰ্জন কৰিছে।

এগৰাকী সাধাৰণ ব্যৱসায়ীৰ বাবেও এনে পৰিস্থিতি উপলব্ধি কৰাটো তেনেই সহজ। এনে বহু উদাহৰণ আমি পাহৰা নাই যে দেশৰ প্ৰতি, সমাজৰ প্ৰতি ভাবুকি নোহোৱা তথা দেশৰ নাম কলংকিত কৰাৰ কোনো অৱকাশ নথকা সত্ত্বেও য’ত নেকি এইখন চৰকাৰে মানুহক কিছু মাংস ৰখাৰ অজুহাততে মাৰপিট কৰি, হাৰাশাস্তি দি হত্যা পৰ্য্যন্ত কৰিছে ৷ এনে এক আগ্ৰাসী চৰিত্ৰৰ চৰকাৰখনে সমগ্ৰ দেশৰে অৰ্থনীতি ব্যৱস্থাক উলাই কৰি আদানি গ্ৰুপে কৰা এই প্ৰহসনৰ বিৰুদ্ধে মৌনতা অৱলম্বন কৰাটো অত্যন্ত আশ্চৰ্যকৰ কথা।

ইয়াৰোপৰি এই ক্ষেত্ৰত ছেবি ( SEBI ), আৰবিআই ( RBI ), ডিআৰআই ( DRI ), ইডি ( ED) ইত্যাদি প্ৰভাৱশালী সংস্থাবোৰে আইনগত ব্যৱস্থাৰে ৰাইজৰ ধনৰাশিৰ নিৰাপত্তাৰ নামত অভয়বাণী প্ৰদান কৰাৰ বিপৰীতে মৌন হৈ ৰৈছে।

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই সংস্থাবোৰে আদানি গ্ৰুপৰ বিষয়টোৰ সন্দৰ্ভত আজিলৈকে কোনো মাত মতা নাই। এক কথাত এনে আচৰণসমূহক সঁচা আৰু নিৰপেক্ষ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্তৰ্গত বুলি ক’ব পাৰি জানো ?

এতিয়া লাহেকৈ ক'ম্পেনীটোৰ ষ্ট'কৰ মূল্য আৰু বিত্তীয় স্বাস্থ্যই লেহেমীয়া গতিৰে উৰ্ধমুখী ৰূপ লৈছে আৰু তাকে লৈ শাসকীয় দল আৰু মেৰুদণ্ডহীন ৰিজাৰ্ভ বেংকে ইয়াৰ সপক্ষে কেতবোৰ অদ্ভুত ন্যায্যতা উলিয়াইছে।

তদুপৰি এচাম ছদ্মবেশী বিশ্বব্যাপী 'ৰেটিং সংস্থা'ই উজ্জ্বল অৰ্থনৈতিক পূৰ্বাভাস দিয়াৰো নাম জুৰিছে। কিন্তু দেশৰ প্ৰকৃত অৰ্থনৈতিক দুৰৱস্থা আৰু এই ক্ষেত্ৰত চৰকাৰৰ বলিষ্ঠ হস্তক্ষেপৰ কথা ক’তো কোনেও বিচাৰ নকৰে।

এনে পৰিস্থিতিত দেশৰ ৰাইজে কাক সমৰ্থন কৰিব তাক বিচাৰ কৰাৰ সময় সমাগত। এনে এখন চৰকাৰক নে যাৰ পৃষ্ঠপোষকতাত ক’ভিডকালৰ বিভীষিকাৰ মাজতে দেশৰ অযুত, নিযুত জনতাক মূৰ্খ সজাই আদানিৰ দৰে পুঁজিপতিয়ে বিশ্বৰ দ্বিতীয়জন ধনাঢ্য ব্যক্তিলৈ পৰিণত হৈছিল? নে এনে এক বাণিজ্যিক গোষ্ঠীক যিয়ে অক্সিজেনৰ অভাৱত হাজাৰ হাজাৰজনৰ মৃত্যু ঘটাৰ দুঃসময়ত ধনৰ পাহাৰ গঢ়িছিল? এই সমগ্ৰ বিচাৰ মূলতঃ দেশৰ জনতাৰ ওপৰত ন্যস্ত থাকিব।।