গণসংগ্ৰামৰ জৰিয়তে লক্ষ্যপ্ৰাপ্তি সম্ভৱ, কৃষক আন্দোলনে প্ৰমাণ কৰিলে: অজাপ


Image Description

’কৃষি আইনৰ দৰে কা আইনো বাতিল কৰক’

দেশৰ ৰাজধানী চহৰ নতুন দিল্লী আৰু তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত বিগত এবছৰ ধৰি আন্দোলন কৰি থকা কৃষকসকলৰ ওচৰত সেও মানি কেন্দ্ৰীয় চৰকাৰে তিনিখন বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ১৯ নৱেম্বৰ ২০২১ তাৰিখে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ৰেডিঅ' আৰু টেলিভিছনযোগে সম্বোধন কৰি কয় যে তেওঁৰ চৰকাৰে দেশৰ একাংশ লোকক (কৃষকসকলক) উক্ত আইন তিনিখনৰ বিষয়ে পতিয়ন নিয়াব নোৱাৰিলে আৰু সেয়ে আইন তিনিখন প্ৰৱৰ্তনৰ বাবে তেওঁ দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে৷

কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত Farmers' Produce Trade and Commerce (Promotion and Facilitation) Act 2020, Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Act 2020 আৰু Essential Commodities (Amendment) Act 2020 শীৰ্ষক আইন তিনিখন সংসদত গৃহীত কৰাইছিল৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ প্ৰতিবাদত বিভিন্ন কৃষক সংগঠনৰ যৌথ মঞ্চ সংযুক্ত কিষাণ মৰ্চাই ২০২০ চনৰ ৯ আগষ্টৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে৷

কেন্দ্ৰীয় চৰকাৰে গণ আন্দোলনৰ হেঁচাত নিজৰ স্থিতি প্ৰত্যাহাৰ কৰিবলগা হোৱাটোক দেশৰ গণতন্ত্ৰকামী প্ৰতিবাদী সত্তাসমূহৰ জয় বুলি অসম জাতীয় পৰিষদে মত প্ৰকাশ কৰিছে৷ দলটিৰ মতে, গণ সংগ্ৰামৰ জৰিয়তে মহাশক্তিধৰ কেন্দ্ৰৰ বিৰুদ্ধে কৃষি আন্দোলনৰ সফলতা প্ৰাপ্তিয়ে এই কথাকে প্ৰমাণ কৰিলে৷ লগতে গণ সংগ্ৰামৰ জৰিয়তে যে মহাশক্তিধৰ কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ স্থিতি সলনি কৰিবলৈ বাধ্য কৰাব পাৰি, কৃষি আন্দোলনৰ সাফল্যই এই কথাও প্ৰমাণ কৰিলে৷

দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে জনসাধাৰণৰ যি কোনো ন্যায্য দাবী আৰু সেই দাবী সাব্যস্ত কৰিবলৈ জনতাই কৰা গণতান্ত্ৰিক আন্দোলনক নস্যাৎ কৰিবলৈ দমন-উৎপীড়ন চলোৱাৰ পৰা আৰম্ভ কৰি আন্দোলনকাৰীক অপযশ দিয়ালৈকে সকলো কূটকৌশল ৰচনা কৰাত সিদ্ধহস্ত বিজেপি দলৰ চৰকাৰে গণতান্ত্ৰিক গণ আন্দোলনৰ ওচৰত শিৰ নত কৰিবলৈ বাধ্য হ’ল৷ এয়া ভাৰতীয় সংবিধান, গণতন্ত্ৰ আৰু দেশৰ সংগ্ৰামী জনতাৰ জয়৷

বিবৃতিটোত শ্ৰীগগৈ আৰু শ্ৰীভূঞাই কৃষি আন্দোলনৰ সৈতে জড়িত সংগঠনসমূহ আৰু আন্দোলনকাৰী জনতাক অভিনন্দন জনাই কয়, 'বিজেপিয়ে সদায় হয় কৰ্প'ৰেটৰ স্বাৰ্থত নহয় তেওঁলোকৰ দলৰ ভোট বেংকৰ স্বাৰ্থত কাম কৰে৷ প্ৰথমে, কৃষি আইন তিনিখন প্ৰণয়ন কৰিব বিচাৰিছিল কৰ্প'ৰেটৰ স্বাৰ্থত৷ কিন্তু আন্দোলনকাৰী জনতাৰ ওচৰত সেও মানি এই আইন প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে যদিও এই সিদ্ধান্ত আচলতে তেওঁলোকৰ দলৰ ভোট বেংকৰ স্বাৰ্থততহে গ্ৰহণ কৰিছে৷ কিয়নো অহা ফেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশআৰু পঞ্জাব সহ পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ অৱস্থা যে কাহিল হৈ পৰিছে, সেই কথা বিজেপি নেতৃত্বই উপলব্ধি কৰিছে৷ সেয়ে দলৰ নিৰ্বাচনী স্বাৰ্থ আগত ৰাখি তেওঁলোকে উক্ত সিদ্ধান্ত লৈছে ৷'

আনহাতে কৃষক আন্দোলনৰ ফলাফল অসমৰ কা-বিৰোধী সংগ্ৰামৰ বাবে এক অনুপ্ৰেৰণা বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে অসমত কা প্ৰয়োগৰ বিষয়টো গণ সংগ্ৰামৰ ভয়ত চৰকাৰে ওলোমাই থৈছে যদিও যি কোনো মুহুৰ্তত আইনখন প্ৰয়োগ কৰিব পাৰে৷ সেয়ে আইনখন যাতে প্ৰত্যাহাৰ কৰে তাৰ দাবীৰে ৰাইজ পুনৰ ৰাজপথলৈ ওলাই অহাৰ প্ৰয়োজনীয়তা আছে৷

নেতাদ্বয়ে লগতে কৃষি আইনৰ দৰে নাগৰিকত্ব (সংশোধনী) আইন, চমুকৈ কা, বাতিল কৰিবলৈয়ো চৰকাৰক দাবী জনায়৷