বানপীড়িতৰ বানৰ লগত সহাৱস্থান


Image Description

বানপানীৰ লগত চিৰ অভ্যস্ত অসমৰ বানপীড়িতে বানৰ লগত সহ অৱস্থানৰ কৌশল অৱলম্বন কৰিবলৈ লৈছে।

হিমালয় পৰ্বতমালাৰ পাদদেশত অৱস্থিত ধেমাজি জিলাৰ নৈপৰীয়াসকল নৈৰ সঘন সুতি সলনিত অভ্যস্ত হৈ বৰ্তমানে নৈৰ চৰিত্ৰৰ লগত সংগতি ৰাখি জীৱন প্ৰণালী সলনি কৰিবলৈ উপায় বিচাৰি লৈছে ।

সম্বলবিহীন, ৰাজনৈতিক প্ৰভাৱহীন সাধাৰণ জনগোষ্ঠীয় মানুহখিনিৰ বাবে ইয়াৰ বাহিৰে আন পথ খোলা নাছিল । জিলাখনৰ আজাৰবাৰী গাঁৱত ৫৭ ঘৰৰ বাসিন্দাই এডোখৰ ওখ ঠাইত তেওঁলোকৰ পশু আদিৰ বাবে বাৰিষাকালৰ আশ্ৰয়স্থল নিৰ্মাণ কৰিছে।

একেদৰে কণ কণ লৰা-ছোৱালীৰ শিক্ষা আৰু খেলাৰ বাবেও ওখ ঠাই নিৰ্বাচন কৰা হৈছে । বানপানীৰ হিচাপত বাসগৃহ ওখকৈ নিৰ্মাণ কৰিছে যাতে পানী বঢ়াৰ সময়ত মানুহখিনি নিৰাপদে থাকিব পাৰে।

খাৰিফ খেতিৰ সলনি বৰো ধানৰ খেতিক প্ৰাধান্য দিয়া হৈছে । বৰোধানৰ খেতিৰ বাবে নৱেম্বৰ মাহত মাটি চহোৱা হয় আৰু পৰৱৰ্তী মাৰ্চত ধান চপোৱা হৈ যায় । ওখ স্থানত গভীৰ নলীনাদ আৰু হেণ্ড পাম্পৰ ব্যৱস্থা কৰা হৈছে।

গৰ্ভৱতী মহিলা আৰু বৃদ্ধৰ সুবিধাৰ বাবে হেণ্ড পাম্পৰ স্থানলৈ ৰেম্প নিৰ্মাণ কৰা হৈছে । এনেদৰেই চৰকাৰৰ দ্বাৰা অৱহেলিত মূলতঃ মিছিং জনগোষ্ঠীৰ ধেমাজিৰ নৈপৰীয়াসকলে প্ৰকৃতিৰ লগত সহ অৱস্থানেৰে জীৱন সংগ্ৰামৰ পথ বিচাৰি উলিয়াইছে।।