বিজ্ঞানসন্মত শিক্ষাৰ মাধ্যম


Image Description

স্কুলত তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিজ্ঞান আৰু গণিতৰ পাঠদানৰ মাধ্যম অসমীয়াৰ সলনি ইংৰাজী হ’ব বুলি অসম চৰকাৰে এক নীতি নিৰ্দেশনাক ঘোষণা কৰিছে৷

ইয়াৰ লগে লগে ৰাজ্যজুৰি যথেষ্ট ক্ৰিয়া-প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে৷ স্কুলীয়া শিক্ষাৰ মাধ্যম সদায় মাতৃভাষা হোৱা উচিত৷ এই বিষয়ে পৃথিৱীৰ বিভিন্ন দেশত বিস্তৃত গৱেষণা হৈছে৷ বিখ্যাত ভাষাতত্ত্ববিদ ন’ৱাম চ’মস্কিয়ে বৈজ্ঞানিকভাৱে প্ৰমাণ কৰি গৈছে যে শিশুৰ ভাষা আয়ত্তৰ প্ৰক্ৰিয়া এক জীৱ-বৈজ্ঞানিক প্ৰক্ৰিয়া৷

নিজৰ মাতৃভাষা শিশু এটিয়ে জন্মৰ পৰাই এই জীৱ-বৈজ্ঞানিক প্ৰক্ৰিয়াৰ জৰিয়তে আয়ত্ত কৰে৷ এই প্ৰক্ৰিয়াই শিশু এটিৰ নিজৰ মাতৃভাষা আয়ত্ত কৰাৰ ক্ষেত্ৰতহে কেৱল সীমিত নহয়৷ ই শিশুৰ মানসিক আৰু সংজ্ঞানাত্মক বা জ্ঞানভিত্তিক [cognitive] বিকাশ প্ৰক্ৰিয়াতো প্ৰভাৱ পেলায়৷

গণিত আৰু বিজ্ঞানৰ (আৰু লগতে আন সকলো বিষয়ৰ) ধাৰণা শিশুক নিজৰ মাতৃভাষাৰ জৰিয়তে দিলে যি ধৰণে শিশুৰ মানসিক আৰু জ্ঞানভিত্তিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব, ই ইংৰাজী বা আন কোনো ভাষাৰ জৰিয়তে হ’লে জীৱ-বৈজ্ঞানিকভাৱে শুদ্ধ নহ’ব৷

মাতৃভাষাৰ জৰিয়তে শিক্ষাদান কৰা পদ্ধতিয়ে যে কেৱল ছাত্ৰ-ছাত্ৰীক বিষয়জ্ঞানেই কাৰ্য্যকৰীভাৱে দিয়ে এনে ই নহয়৷ শিশুৰ চিন্তা-শক্তি গভীৰ কৰাৰ ক্ষেত্ৰতো মাতৃভাষাৰ জৰিয়তে লাভ কৰা শিক্ষাই সম্ভৱ কৰে৷

মাতৃভাষাত শিক্ষা লাভ কৰা শিশুৰ বুদ্ধিমত্তা, আৰু ব্যক্তিত্বও ইয়াৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ গুৰুত্বপূৰ্ণ কথা যে, মাতৃভাষাত লাভ কৰা শিক্ষাই ছাত্ৰ-ছাত্ৰীক নিজৰ জাতীয় পৰিচয়, সামাজিক পৰিচয় আৰু সাংস্কৃতিক পৰিচয় গঠনৰ প্ৰক্ৰিয়াই সহায় কৰে৷

মাতৃভাষাক শিশুৰ শিক্ষাৰ মাধ্যমৰূপে ব্যৱহাৰ কৰাৰ এই দিশসমূহ বৈজ্ঞানিকভাৱে সিদ্ধ তথ্য আৰু তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত৷ গোলকীকৰণৰ ফল স্বৰূপে পৃথিৱীৰ বহুতো দেশত আজি বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সত্যৰ বিপৰীতে গৈ নিজৰ মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী শিক্ষাৰ জৰিয়তে পাঠদান কৰা হৈছে৷ কিন্তু ইয়াৰ সাম্ভাব্য কুপ্ৰভাৱ সম্পৰ্কে সচেতন শিক্ষাবিদসকলে বাৰে বাৰে সাৱধান কৰি আহিছে৷

মাতৃভাষাক মাধ্যম হিচাবে লোৱা শিশুৱে অন্যান্য ভাষা আৰু বিষয়ো তুলনামূলকভাৱে সহজে আয়ত্ত কৰিব পাৰে৷ শিশুৰ পাঠদানৰ ক্ষেত্ৰত মাতৃভাষাৰ প্ৰয়োগেৰে শিশুৰ সামগ্ৰিক জ্ঞানভিত্তিক প্ৰক্ৰিয়াক কি ভাবে প্ৰভাৱ পেলাই এই বিষয়ে কানাডাৰ ট’ৰণ্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক জেম্‌ছ কুমিল্‌ছৰে গৱেষণাত বিস্তৃতভাৱে পৰ্য্যালোচনা কৰা হৈছে৷

শিক্ষাত মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে ইউনেস্ক’ৰ সঞ্চালক প্ৰধান ইৰিনা ব’ক’ভাই উল্লেখ কৰিছে:

'Mother languages in a multilignal approach are essential components of quality education, which is itself the foundation for empowering women and men and their societies.'

এইখিনিতে উল্লেখযোগ্য যে Organization for Economic Cooperation and Development (OECD) নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে ২০০০ চনৰ পৰাই সংগঠনটোৰ সভ্য দেশবোৰৰ পোন্ধৰ বছৰীয়া ছাত্ৰ-ছাত্ৰীৰ গণিত, ইংৰাজী আৰু পাঠৰ বুৎপত্তি নিৰ্ধাৰণৰ বাবে এক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে(Programme for International Student Assessment, PISA)৷

যোৱা কেইবাবছৰ ধৰি অনুষ্ঠিত এই পৰীক্ষাত গড় হিচাবে কেওটা বিষয়তে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসমূহ জাপানৰ৷ জাপানত স্কুলীয়া শিক্ষা জাপানীজ মাধ্যমতহে দিয়া হয়৷

মাতৃভাষাৰ পাঠদান কৰাৰ গুৰুত্ব সুফল আৰু প্ৰভাৱ সম্পৰ্কে ই এক স্পষ্ট দৃষ্টান্ত৷৷