ৰাষ্ট্ৰসংঘৰ জৈৱবৈচিত্ৰ্য ৰক্ষা সন্মিলন: আলোচ্য বিষয়


Image Description

যোৱা ৭ ডিছেম্বৰ তাৰিখৰ পৰা কানাডাৰ, কিউবেক ৰাজ্যৰ চহৰ মন্ট্ৰিলত আৰম্ভ হৈছে বিশ্ব জৈৱবৈচিত্ৰ্য ৰক্ষা সন্মিলন ( Biodiversity Conference,COP15)।

অহা ১৯ ডিছেম্বৰ পৰ্য্যন্ত অনুষ্ঠিত হ’ব লগা অতিশয় গুৰুত্বপূৰ্ণ এই মহাসন্মিলনখনত এইবাৰ বিশ্বৰ ১৯৬খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে।

বিশ্ব পৰিস্থিতিতন্ত্ৰক সন্তুলিত অৱস্থাত বৰ্তাই ৰাখিবলৈ বিশ্বৰ জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্যও যে অটুট থাকিব লাগিব তথা প্ৰাণী তথা উদ্ভিদকূলৰ ৰক্ষাৰ্থে বা যথোপযুক্ত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ বাবে যে জৈৱবৈচিত্ৰ্যৰ ভূমিকা অপৰিসীম তাৰ গুৰুত্বই এই সন্মিলনখনৰ মূল উদ্দেশ্য।

২০১৯ বৰ্ষৰ সম্ভৱ জুনমাহত সদৰি কৰা এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰে প্ৰায় ২ নিযুত অন্য জীৱ-উদ্ভিদ প্ৰজাতি কেৱল আৰু কেৱল মানৱসৃষ্ট সমস্যা তথা প্ৰকৃতি বিৰোধী কাৰ্য্যকলাপৰ হেতু বিলুপ্তিৰ দিশে ধাৱিত হৈছে। গতিকে সাম্প্ৰতিক পৰিস্থিতি অতি সহজে অনুমেয় ।

ৰাষ্ট্ৰসংঘৰ সচিৱপ্ৰধান এন্ট’নিয় গুটেৰেছে প্ৰকৃতিৰ সতে মানৱজাতিক শান্তিৰক্ষা চুক্তিত অৱৰ্তীণ হ’বলৈ আহ্বান জনাইছে।

'We have a chance to stop the 'orgy of destruction' which has put a million species at risk of extinction..., it's time to forge a peace pact with nature.'

Antonio Guterres

জৈৱবৈচিত্ৰ্য হ’ল সমস্ত জীৱকূল ( জীৱ + উদ্ভিদ )ৰ এক সংঘৱদ্ধ ৰূপ যি এক প্ৰাকৃতিক অন্তঃশৃংখলেৰে ইটো-সিটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে ৷ এই জৈৱবৈচিত্ৰ্যৰ অংশ আমি মানৱজাতিও। এই শৃংখলৰ যি কোনো এটা গাঁঠিৰ বিচ্যুতিত সমগ্ৰ শৃংখলডালেই ধ্বংস হৈ পৰিব পাৰে আৰু যিটো সম্প্ৰতি বহল হাৰত হৈ আহিছে আৰু যাৰ মূল আৰু একমাত্ৰ কাৰণ আমি মানৱজাতি৷

উক্ত সন্মিলনৰ ম'ন্ট্ৰিল চুক্তিৰ আধাৰত মূল আলোচ্য আৰু বিবেচিত বিষয়কেইটা হ’ল:

১ অতিকমেও ১ নিযুতাধিক অন্য প্ৰজাতিৰ বিলুপ্তিৰ আশংকা হ্ৰাসকৰণ।

২ জৈৱবৈচিত্ৰ্যৰ স্বাস্থ্যৰ হকে পৃথিৱীৰ ৩০% ভূমি তথা সাগৰ সংৰক্ষণৰ ব্যৱস্থা।

৩ হেজাৰ কোটিটকীয়া প্ৰকৃতিবিৰোধী চৰকাৰী সাহায্য নিৰ্মূলকৰণ।

৪ অৱক্ষয়ী পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ।

দুসপ্তাহৰ বাবে অনুষ্ঠিত হোৱা বিশ্বমানৰ এই সন্মিলনত অতিকমেও ১৭০০০ পঞ্জীকৃত প্ৰতিনিধি, সদস্যবৰ্গ উপস্থিত থকাৰ লগতে তেওঁলোকৰ সমগ্ৰ আলাপ-আলোচনাক ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ সংবাদ মাধ্যমৰ ৯০০ গৰাকীমান সংবাদদাতাও উপস্থিত থাকিব।।