কয়লাৰ অবৈধ বেহা নিৰ্লিপ্ত ৰাজ্য চৰকাৰ


Image Description

বিগত কেইবাদশক জুৰি অসম তথা উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত চলি থকা কয়লাৰ অবৈধ খনন, সৰবৰাহ তথা মজুতকৰণৰ দৰে অপকৰ্ম সম্প্ৰতি এক উদ্বেগৰ কাৰণ হৈছে। বিশেষকৈ অৰুণাচল, মেঘালয় তথা অসমৰ বিভিন্ন জিলাত এই খননকাৰ্য্য চৰকাৰৰ জ্ঞাতসাৰেই যে চলি আছে সেই কথা প্ৰায় বিভিন্ন তথ্য-উৎসৰ দ্বাৰা প্ৰতিপন্ন হৈছে।

চিন্তনীয় বিষয়টো হ’ল কয়লাৰ অবৈধ খননে প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য বিনষ্ট হোৱাত বাৰুকৈয়ে অৰিহণা যোগাইছে।

উল্লেখ্য যে বিগত দশকজোৰা এই অবৈধ খননৰ বিষয়টোত ৰাজ্য চৰকাৰে তৎপৰতা দেখুওৱা নাই ৷ চৰকাৰে এক উদাসীন স্তৰত অৱস্থান কৰিছে। দুই-এটা পদক্ষেপ গ্ৰহণেৰে ভেকোঁভাওনা দেখুৱালেও মূৰকত সেয়া কেৱল আনুষ্ঠানিকতালৈহে পৰ্য্যবসিত হৈছে। দুটিমান প্ৰসংগ তলত উল্লেখ কৰা হ’ল।

কয়লা খননৰ বিভিন্ন প্ৰক্ৰিয়া আছে। তাৰে মাজৰ দুটি প্ৰক্ৰিয়া বা পদ্ধতি হৈছে মুক্ত খনন প্ৰক্ৰিয়া ( open cast mining ) আৰু ৰেট-হোল মাইনিং ( rat hole mining )। ৰেট হ’ল মাইনিং পদ্ধতিৰ জৰিয়তে এন্দুৰে গাঁত খন্দাৰ ধৰণেৰে পাহাৰ বা কয়লা থকা স্থানত ৪/৫ ফুট গভীৰতাত কম ব্যাসৰ গাঁত বা সুৰংগ খান্দি তাত শ্ৰমিক ( বিশেষকৈ শিশু শ্ৰমিক )ৰ দ্বাৰাই কয়লা আহৰণ কৰা হয়। এই পদ্ধতি অত্যন্ত বিপদসংকুল। বিগত সময়ছোৱাত এই খনন প্ৰক্ৰিয়াত বহুজনৰ প্ৰাণহানিৰ বাতৰি প্ৰকাশ পাইছে ৷

ইয়াৰ বিপদসংকুলতালৈ লক্ষ্য ৰাখি ২০১৪ চনত দেশৰ ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে ( National Green Tribunal of India, NGT ) ৰেট হ’ল মাইনিং প্ৰক্ৰিয়া নিষিদ্ধ কৰিছিল। কিন্তু সেই নিষেধাজ্ঞা উলংঘা কৰি আজিও সেই পদ্ধতিৰেই তিনিচুকীয়া, কাৰ্বি আলং, ডিমা-হাচাও প্ৰভৃতি জিলাত অবৈধ কয়লা খনন, সৰবৰাহ প্ৰক্ৰিয়া অব্যাহত আছে।

২০১৯ চনত কয়লাৰ অবৈধ খনন প্ৰসংগটো সংসদৰ মজিয়াত উত্থাপন কৰা হৈছিল। ফল স্বৰূপে, ৰাজ্য চৰকাৰে বিভাগীয় কৰ্তৃপক্ষক, যেনে, ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত এলেকাত এনে খননকাৰ্য্য অব্যাহত থকা বাবে কিছু বিভাগীয় বনবিষয়াৰ দায়িত্বৰ গাফিলতি বুলি আখ্যা দি ক্ষান্ত আছিল। পাছলৈ বন বিভাগে সংমণ্ডল অন্তৰ্গত টিৰাপ, টিপং আদি অঞ্চলতো এনে অবৈধ খনন চলি থকা বুলি সদৰী কৰিছিল।

এই সন্দৰ্ভত ন্যায়াধীশ বি কে কাকতী আয়োগ গঠন হয় আৰু আয়োগৰ তত্বাৱধানত ৰাজ্যত চলি থকা অবৈধ কয়লা খননৰ ক্ষেত্ৰত এক অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হয়। আয়োগে এইক্ষেত্ৰত অনুসন্ধান কৰি ৰাজ্যত নিষিদ্ধ ৰেট হ’ল মাইনিং প্ৰক্ৰিয়াৰে কয়লাৰ অবৈধ খনন, সৰবৰাহ চলি থকা বুলি প্ৰতিবেদন সদৰি কৰে।

২০২২ চনৰ ডিছেম্বৰত আয়োগে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া চালেকী সংৰক্ষিত বনাঞ্চলতো ৰেট হ’ল মাইনিঙৰ দ্বাৰা বনাঞ্চলৰ বৃহত্তৰ এলেকাত কয়লাৰ অবৈধ খননৰ সম্ভেদ পায়।

গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ক্ষেত্ৰত চৰকাৰ তথা তিনিচুকীয়া জিলা ন্যায়াধীশক বিস্তৃত প্ৰতিবেদন প্ৰস্তুতিৰ নিৰ্দেশনা দিয়ে যদিও সেয়া আজিলৈ হৈ উঠা নাই।

মুঠতে ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদ সত্ত্বেও ৰাজ্যৰ লিডু, মাৰ্ঘেৰিটা, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, লেখাপানী, টিপং, কয়লাজান, কাৰ্বি আংলং, উত্তৰ কাছাৰ পাৰ্বত্য জিলা প্ৰভৃতি ঠাইত ৰেট হ’ল মাইনিঙৰ জৰিয়তে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ অব্যাহত আছে।

চৰকাৰৰ সন্দেহজনক স্থিতি, নিৰ্লিপ্ততাক সমালোচনা তথা প্ৰতিবাদ জনাই অসম জাতীয় পৰিষদে ৰাজ্যৰ এই প্ৰকৃতিবিৰোধী, অৰ্থনীতিবিৰোধী কাৰ্য্যকলাপৰ বিৰোধিতা কৰি আহিছে। জাতীয়তাবাদী দলটোৱে এই ক্ষেত্ৰত যোৱা ডিছেম্বৰ’২২ আৰু জানুৱাৰী’২৩ ত দুখনকৈ সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য তথা মেঘালয় আৰু অৰুণাচলত চলি থকা কয়লাৰ অবৈধ খনন, সৰবৰাহ, মজুতকৰণৰ সন্দৰ্ভত সবিস্তাৰ তথ্য সদৰি কৰিছে আৰু বিভিন্ন সংবাদ মাধ্যমতো তাৰ প্ৰচাৰ হৈছে।

দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই সন্দৰ্ভত ৰাজ্যৰ প্ৰাকৃতিক পৰিস্থিতিতন্ত্ৰ তথা জৈৱবৈচিত্ৰ্যৰ প্ৰতি চৰম আশংকা কঢ়িয়াই আনিব পৰা এই অবৈধ কয়লা খননৰ তীব্ৰ বিৰোধিতা কৰি এই ক্ষেত্ৰত চৰকাৰক বিহিত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰিছে।

তদুপৰি লিডু, মাৰ্ঘেৰিটা প্ৰভৃতি অঞ্চলত এই বিশাল ক’লা ব্যৱসায়ৰ সৈতে জড়িত থকা ছিণ্ডিকেটৰ অন্তৰ্ভুক্ত মূল ব্যক্তিসকলৰ নামো ৰাজহুৱা কৰিছে। কিন্তু চৰকাৰে আজিলৈকে একো সঁহাৰি নজনোৱাত অসম জাতীয় পৰিষদে ৰাজ্যৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এক বিস্তৃত প্ৰতিবেদন অলপতে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী প্ৰমুখ্যে ৰাজ্য সভাৰ বিৰোধী দলপতি, অধ্যক্ষ, মানৱাধিকাৰ আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণলৈ প্ৰেৰণ কৰিছে। আশা কৰোঁ উক্ত সংস্থাৰাজিয়ে ইয়াৰ উচিত সঁহাৰি দিব।।