অৰ্থনৈতিক মন্দাৱস্থা


Image Description

মানুহে প্ৰথমে জানিব পাৰিলে শ্ৰীলংকাৰ মন্দাৱস্থা। আমাৰ ওচৰচুবুৰীয়া।

চৰকাৰখন দেৱলীয়া হ'ল। ধন-বিত নাই। আন চৰকাৰক ধাৰ মাৰিব নোৱাৰিব। চৰকাৰখনে ক'বলৈ ল'লে।

মানুহে শুনিবলৈ ল'লে ভেনিজুৱেলা দেশৰ অৱস্হা।একেই দেৱলীয়া । আৰু জানিলে যে নেপাল একেখন নাৱৰ যাত্ৰী হোৱাৰ পথত।

কাৰণবোৰ একে। শাসনত থাকিবলৈ ৰাইজৰ ধন সকলো ৰাইজৰ কামত ব্যৱহাৰ নকৰে। সেই ধনেৰে শাসকীয় দলে ভোট কিনে। দুৰ্বল পৰিয়ালক ইতিকিং কৰে। ভোট নিদিলে সেইখিনিও নোপোৱা।

ঠিক যিটো মোডী চৰকাৰে কৰি আছে।

ঘৰে ঘৰে থাকিব লাগিব উপাৰ্জনৰ ব্যৱস্থা। আছে তোষামোদৰ ব্যৱস্থা। কিন্ত্ত শাসনৰ দলটোৰ আছে উপাৰ্জনৰ ওপৰি উপাৰ্জন। দলটো প্ৰচুৰ উধাইছে।

দলটোৰ উপাৰ্জন আহে দাইল-চাউল বিক্ৰীৰ পৰা। আহে তেল বিক্ৰীৰ পৰা। আহে গেছ বিক্ৰীৰ পৰা। আহে ৰাজহুৱা সম্পদ বিক্ৰীৰ পৰা। পৃথিৱীৰ আটাইতকৈ ধনী দল হৈ উঠিল বিজেপি।

টকাত উঠি আহিল অহংকাৰ। কথাত অহংকাৰ। ব্যৱহাৰত অহংকাৰ। ওপৰৰ পৰা তললৈ। শাসনৰ অস্ত্ৰ ফাঁকি আৰু ফাঁকি।

কিন্তু দেশৰ মন্দাৱস্থা চলিছে চাৰিওফালে। মূল্যবৃদ্ধিয়ে ইয়াকে কয়। দেশৰ একেবাৰেই উচ্চ বিষয়াৰ বহুতে প্ৰধান মন্ত্ৰীক মুকলিকৈ কৈছে: হিতাধিকাৰী সৃষ্টিয়ে বিপদ মাতিব।

মানুহে থকাখিনি সাঁচিছে। এটিএম বহু বন্ধ হৈছে। দোকানৰ বিক্ৰী কমিছে। মানুহ শংকিত হৈছে। অৱশ্যে শাসকৰ পোছাক-পাতি চৌখিন হৈছে।

অৱস্হা শ্ৰীলংকাৰ দৰে হ'ব। নীতি সলাবৰ সময় হ'ল। ধৰ্মান্ধতা কানিৰ দৰে। ই সমাধান নহয়।।