৮০০ কোটি জনসংখ্যাপূৰ্ণ এখন বিশ্বৰ বাসিন্দা আমি!


Image Description

পূৰ্বানুমান অনুসাৰেই যোৱা ১৫ নৱেম্বৰ তাৰিখে বিশ্বৰ জনসংখ্যাই ৮০০ কোটিৰ ঘৰত ভৰি দিলে।

এয়া আনন্দ, বিষাদ, উল্লাস নে দুশ্চিন্তাৰ সময় একো ধৰিবকে নোৱাৰিছোঁ।হাঁহিম নে কান্দিম অৱস্থা।এসময়ত মানুহৰ গঢ় আয়ুস তেনেই কম আছিল। আজিৰ ধৰণে সুস্থ, আৰামপ্ৰদ জীৱন যাপনৰ যাৱতীয় প্ৰয়োজনীয় উপাদানৰাজি পৰ্য্যাপ্ত নাছিল।ফলত কষ্ট আৰু কঠোৰ পৰিশ্ৰমে মানুহৰ গঢ় আয়ুসকাল হ্ৰাস কৰিছিল।

ক্ৰমে সময় বাগৰিল, মানুহৰ চিন্তাৰ বিকাশ ঘটিল, বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী উন্নয়ন তথা বিকাশে মানৱ জীৱন সুচল কৰি তুলিলে ৷ একোটা সুস্থ জীৱনৰ অধিকাৰী হ’বলৈ প্ৰয়োজনীয় সকলোবোৰ উপাদান লাহে লাহে মানুহে প্ৰকৃতিৰ পৰাই হওক, আন উৎসৰ পৰাই হওক আহৰণ কৰি নিজৰ বাবে গোটাই ল’লে।

ফলত মানৱজাতিৰ গঢ় আয়ুস প্ৰায় আগৰ তুলনাত ৫০% মানেই বৃদ্ধি পালে আৰু ই মানৱজাতিৰ উন্নয়নৰ এক বিৰল উদাহৰণ।এইফালৰ পৰা এইবোৰ আনন্দদায়ক প্ৰসংগ। কিন্তু ! মানৱ জীৱনৰ সুচলতা তথা গঢ় আয়ুসৰ বৃদ্ধিৰ সমান্তৰালভাৱে জনসংখ্যা বৃদ্ধিৰ দৰে সমস্যায়ো দিনক দিনে গঢ় লৈ উঠিলে।

আৰু আহি আহি আজি আমি এনে এটা পৰ্য্যায়ত উপনীত হৈছোঁহি, য’ত আমি প্ৰায় কিংকৰ্তব্যবিমূঢ় অৱস্থাৰ মুখামুখি হৈছোঁ।

ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ জনসংখ্যা ৭০০ কোটিৰ পৰা ৮০০ কোটি হোৱাত ভাৰতৰ বৰঙণি আটাইতকৈ বেছি।এই যে ১০০ কোটি জনসংখ্যা বৃদ্ধি পালে তাত ভাৰতৰ অকলশৰীয়া বৰঙণিয়েই হ’ল সৰ্বাধিক ১৭.৭ কোটি লোক ৷

যিহেতু ইতিমধ্যেই বিশ্ব জনসংখ্যা দিৱসৰ দিনা প্ৰকাশ পোৱা আগৰ প্ৰতিবেদন মতে ২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনদেশৰ জনসংখ্যাক অতিক্ৰম কৰিব, গতিকে সহজেই অনুমেয় যে ভাৰতৰ ভৱিষ্যৎ প্ৰকৃততে কি পৰ্য্যায়লৈ গৈ আছে ! ইতিমধ্যেই ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদনত সদৰি হৈছে যে ২০৫০ বৰ্ষলৈ ভাৰতৰ জনসংখ্যা হ’বগৈ ১৬০ কোটি।

এখন উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই নিজকে বিশ্বৰ সমুখত প্ৰতিশ্ৰুতিসম্পন্ন তথা সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰ হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে যদিও দেশখনৰ সমস্যাৰ অন্ত নাই ৷ বৃহৎ জনসংখ্যাসম্পন্ন ভাৰতৰ চৰকাৰৰ সামগ্ৰিক শাসকীয় নীতি তথা পদ্ধতিত যথেষ্ট কেৰোণ আছে বুলি আগে-পাছে বহু সময়ত চৰ্চা হৈ থাকে। বিভিন্ন সমীক্ষা, যেনে, বিশ্ব ক্ষুধাসূচক সমীক্ষা, বিশ্ব উন্নয়নসূচক সমীক্ষা, বিশ্ব সুখসূচক সমীক্ষা ইত্যাদিৰ প্ৰতিবেদনত ভাৰতৰ ফল সন্তোষজনক নহয়।

লগতে দেশৰ জনগাঁথনি বিন্যাস, দৰিদ্ৰ তথা পুঁজিপতি, ধনীক শ্ৰেণীৰ মাজত ইতিমধ্যেই এক বৃহৎ পৰ্বতসম বেৰৰ সৃষ্টি হৈছেই।

নিতৌ পুষ্টিহীনতাত ভোগী বহুতো শিশুৰ মৃত্যু ঘটে ৷ ইয়াৰ উপৰি জনসংখ্যা বৃদ্ধি দেশত দুৰ্নীতি আৰু অপৰাধ হাৰ অভাৱনীয় হাৰত বৃদ্ধি হোৱাটো আমি লক্ষ্য কৰি আহিছোঁ।এনেবোৰ বৃহৎ প্ৰত্যাহ্বানৰ সমুখত ১৬০ কোটি জনসংখ্যাৰ দেশ এখনে কেনেদৰে সন্মুখীন হ’ব তাৰ উৱাদিহ পোৱা বৰ কঠিন।

ভাৰত ভোকাতুৰৰ দেশ। বিশ্ব ক্ষুধা সূচাংকৰ সমীক্ষাৰ ১২১ খন দেশৰ তালিকাত ভাৰতৰ এই বছৰৰ স্থান ১০৭ ৷ যোৱা ২০১৯ বৰ্ষত ডাভোছ চহৰত অনুষ্ঠিত 'ৱৰ্ল্ড ইক’নমিক ফ’ৰাম'ত ক্ষুধাৰ প্ৰসংগটোৱে আলোচনাত প্ৰাথমিকতা পাইছিল।তাত উপস্থিত থকা ভালেমান অৰ্থনীতিবিদে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছিল যে অনাগত দিনত ভাৰতত ক্ষুধাৰ সমস্যাটোৱে আগতকৈ অধিক শোচনীয় ৰূপ ল’ব।আৰু তাক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে দেশৰ অত্যধিক চহকীসকল আৰু কৰ্পৰেট প্ৰতিষ্ঠানবোৰৰ ওপৰত ১% কৰ আৰোপ কৰিব লাগিব আৰু তেনেকুৱা হ’লে ভোকাতুৰক এবছৰৰ পুষ্টিকৰ খাদ্য দিব পৰা যাব।

কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছা আজিকোপতি দেখা নগ’ল।তাৰ মাজতে জনসংখ্যা বিষ্ফোৰণৰ দৰে সমস্যাই যিধৰণে ঠন ধৰি উঠিছে সেয়া বৰ ভয়ংকৰ তথা চিন্তনীয়। চীনদেশৰ নীতি ক্ৰমান্বয়ে বিপৰীত হৈছে আৰু তাত জন্মৰ হাৰ কমিছে ৷ প্ৰৌঢ় জনসংখ্যাৰ হাৰ চীন সমস্ত জনসংখ্যাৰ ৪০% বুলি প্ৰকাশ পাইছে য’ত চীনদেশৰ জনসংখ্যা বৃদ্ধিৰ সমস্যাত কিছু পৰিমাণে মন্থৰতা আহিছে।

ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধানে কৈছে: “যেতিয়ালৈকে আমি বিশ্বপৰ্য্যায়ৰ নিয়ন্ত্ৰিত নীতিসমূহক সাৰোগত নকৰোঁ, আমি সকলোৱেই ৮০০ কোটি জনসংখ্যাপূৰ্ণ এনে এখন এখন পৃথিৱীত বাস কৰি থাকিম য’ত অহৰহ কেৱল চিন্তা, উদ্বিগ্নতা, অবিশ্বাস, ভয়, শংকা, দ্বন্দ্ব, অভাৱ আদিৰ পয়োভৰে গ্ৰাস কৰি থাকিব।

যতদূৰ ভাৰতৰ প্ৰসংগ, ভাৰতো এনে জটিলতাৰ গ্ৰাসৰ পৰা হাৰি নাযাব।।