সংবাদ মাধ্যমৰ বিষয়ে দেশৰ মুখ্য ন্যায়াধীশ
- নিজা প্ৰতিবেদক
- /
- July 24th, 2022

যোৱাকালি দেশৰ মুখ্য ন্যায়াধীশে কোৱা কথাখিনি হুবহ তলত উল্লেখ কৰা হ'ল।
'সামাজিক মাধ্যমত ন্যায়াধীশসকলৰ বিৰুদ্ধে সঙ্ঘবদ্ধ প্ৰচাৰ চলোৱা হৈছে। ন্যায়াধীশসকলে তৎকালে প্ৰতিক্ৰিয়া নিদিব পাৰে। ই দুৰ্বলতা বা অসহায়বোধ বুলি অনুগ্ৰহ কৰি ভুল নকৰিব।
বাতৰি মাধ্যমৰ উপায়বোৰৰ অতি বেছি পৰিবৰ্ধন দক্ষতা আছে, কিন্তু ভুল আৰু শুদ্ধ, ভাল আৰু বেয়া আৰু সচাঁ আৰু মিছাৰ মাজত বিচাৰ কৰিবলৈ অক্ষম যেন লাগে।
গোচৰবোৰ বিবেচনা কৰোঁতে সংবাদ মাধ্যমৰ বিচাৰ প্ৰদৰ্শক হ'ব নোৱাৰে। আমি দেখিছোঁ কেতিয়াবা অভিজ্ঞ ন্যায়াধীশে বিচাৰ কৰিবলৈ কঠিন বিষয়তো সংবাদ মাধ্যমে কাংগাৰু ক'ৰ্ট বহুৱায়।
ন্যায় প্ৰদান জড়িত বিষয়তো সঠিক খবৰ নোহোৱাকৈ উদ্দেশ্যপ্ৰণোদিত বিতৰ্ক গণতন্ত্ৰৰ স্বাস্থ্যৰ বাবে অপকাৰী হৈ পৰিছে।
দায়িত্বৰ সীমা পাৰ হৈ আৰু ভাঙি, আপোনালোকে আমাৰ গণতন্ত্ৰক দুখোজ পিছুৱাই নিছে।
ছপা মাধ্যমৰ এতিয়াও কিছু পৰিমাণে দায়বদ্ধতা আছে। কিন্তু ইলেকট্ৰনিক মাধ্যমৰ দায়বদ্ধতা শূন্য, কিয়নো ইয়াৰ কথাবোৰ পাতল বায়ুত মিলি যায়। তথাপিও, সামাজিক মাধ্যম বেছি বেয়া।
সংবাদ মাধ্যমে নিজকে সংযত কৰাটোৱেই উত্তম আৰু নিজৰ কথাবোৰ জুখি-মাখি ক'ব লাগে। মই ইলেকট্ৰনিক আৰু সামাজিক মাধ্যমত দায়িত্বসহকাৰে কাম কৰিবলৈ আহ্বান জনাওঁ। ইলেকট্ৰনিক মাধ্যমে বৰঞ্চ মানুহক শিক্ষিত আৰু ৰাষ্ট্ৰক শক্তিশালী কৰিবলৈ নিজৰ মতামত ব্যৱহাৰ কৰক।'