ৰাষ্ট্ৰীয় সমীক্ষাত অসমৰ স্থান


Image Description

১/ শিক্ষা ( Education ) : ২০২০-২১ ৰ নীতি আয়োগ - ৰাষ্ট্ৰসংঘৰদ্বাৰা সদৰীকৃত "বহনক্ষম উন্নয়ন তথা সংকল্প" ( SDG, Sustainable Development Goal ) সমীক্ষা অনুসৰি অসমৰ স্থান শিক্ষাৰ ক্ষেত্ৰত ৩৩ সংখ্যক ( ত্ৰয়স্ত্ৰিংশত্তম) ৷

২/ বহনক্ষম উন্নয়ন তথা লক্ষ্য ( Sustainable Development Goal ) : নীতি আয়োগ-ৰাষ্ট্ৰসংঘই বিগত বছৰটোত সদৰী কৰা এই গুৰুত্বপূৰ্ণ সমীক্ষাত সামগ্ৰিকভাৱে অসমৰ স্থান ২৬ সংখ্যক ( ষড়বিংশতিতম ) ৷

৩/ বিশ্ব ক্ষুধা সূচক ( Global Hunger Index ) : এই সমীক্ষামৰ্মে ( ২০০৮ ) অসমৰ স্থান ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ ৷

৪/ বৈশ্বিক দুৰ্নীতি সূচক ( Global Corruption Index, state wise ) : ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো ( NCRB, National Crime Record Bureau ) ৰ ২০১৯-২০ বৰ্ষৰ সমীক্ষানুসৰি দেশৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসমৰ স্থান এইক্ষেত্ৰত ১৮ সংখ্যক ( অষ্টাদশ ) ৷

৫/ স্বাস্থ্যসেৱা সূচক ( Health Index, state wise ) : অসমৰ স্বাস্থ্যসেৱা সন্দৰ্ভত ২০২১ বৰ্ষত নীতি আয়োগে আগবঢ়োৱা সমীক্ষা অনুসৰি বিভিন্ন ৰাজ্যৰ ভিতৰত অসমৰ স্থান চতুৰ্দশ ৷

৬/ বিদ্যায়তনিক শিক্ষাৰ গুণাগুণ সূচক ( SEQI, School Education Quality Index ) : ২০১৯ বৰ্ষৰ নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি এইক্ষেত্ৰত অসমৰ স্থান ষষ্ঠ ৷

৭/ পেট্ৰলিয়াম বা খাৰুৱা দ্ৰব্য উৎপাদন ( Petroleum Production Index ) : এইক্ষেত্ৰত অসমৰ স্থান দেশৰ অন্যান্য ৰাজ্যৰ ভিতৰত তৃতীয় ৷

৮/ নিবনুৱাৰ হাৰ আৰু অসমৰ স্থান ( Unemployment Rate & rank, Assam ) : দেশৰ স্বতন্ত্ৰ কোষ " ভাৰতীয় অৰ্থনীতি নিৰীক্ষণ কেন্দ্ৰ ( CIME, Centre for Monitoring of Indian Economy )"-ৰ প্ৰতিবেদন অনুসৰি অসমৰ নিবনুৱা সংখ্যাৰ হাৰ ৫.৮% ( ডিচেম্বৰ’২১ বৰ্ষ হিচাপে ) তথা ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১২ সংখ্যক ( দ্বাদশ ) ৷

৯/ চাইবাৰ অপৰাধ ( Cyber Crime ) : শেহতীয়াকৈ বিগত ছেপ্তেম্বৰ’২১ বৰ্ষত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদন অনুসৰি এইক্ষেত্ৰত অসমৰ স্থান তৃতীয় আৰু অপৰাধৰ বৰ্ধিত হাৰ ৫৮% ৷

১০/ নাৰীজনিত অপৰাধ ( Crime Against Woman ) : ২০২০ বৰ্ষৰ তথ্য সাপেক্ষে ছেপ্তেম্বৰ’২১ বৰ্ষত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৱে সদৰী কৰা প্ৰতিবেদনমতে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম ৷