কাৰবিসকলৰ উত্থান আৰু বিকাশ: এক ৰূপ-ৰেখা


Image Description

সাম্প্ৰতিক কালৰ যিখন অসমত আমি বাস কৰি আছোঁ, এইখন অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ আৱাসভূমি৷ অসম মূলতঃ জনজাতীয়প্ৰধান ৰাজ্য৷ এই ভূখণ্ডক পূৰ্বতে প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলিহে জনা গৈছিল৷ নৰকাসুৰৰ ৰাজত্বৰ পূৰ্বৰে পৰাই বিভিন্ন জনগোষ্ঠীৰ আগমন ঘটিছিল তেতিয়াৰ বিশাল প্ৰাগজ্যোতিষপুৰলৈ৷

অষ্ট্ৰিক, মংগোলীয় আৰু আৰ্য্যসকলৰ আগমন এইক্ষেত্ৰত বিশেষভাৱে মন কৰিবলগীয়া৷ 'Tribes of India'ত 'Identity, Culture and Foklore' নামৰ সংকলিত গ্ৰন্থত ড॰ ধৰমছিং টেৰণৰ 'Migration Memories in Karbi Oral Tradition' প্ৰবন্ধত উল্লেখ আছে যে:

‘It is generally believed that the Vedas were compiled in the 10th century B.C. Hence, it seems quite probable that the Indo-Mongoloids came to India long before 1000 B.C. etc.’

একেটা প্ৰবন্ধতে ‘Prof. G.C. Medhi observes that 'The Upper courses of Yantse and the Hwangho rivers in the northwest China were the original home of the Tibeto-Burman races.... The TB races moved toward different quarters from their original homes in northwest China probably owing to some natural calamities.... the Karbis entered Assam by the eastern hilly route, through Patkai passes in the North-East... the route connects China, through Hukawang valley in Burma over the Patkai passes with Lidu-Margherita road in Assam.’

কাৰবিসকলক মংগোলীয় বংশোদ্ভৱ বুলি পণ্ডিতসকলে মতপ্ৰকাশ কৰিছে৷ পণ্ডিতসকলে আঙুলিয়াই দিছে যে কাৰবিসকল তিব্বত-বৰ্মী আৰু কুকি-চীন ঠালৰ অন্তৰ্গত৷ সেয়ে হ’লে কাৰবিসকলো পূৰ্বতে চীনৰ হোৱাংহু আৰু ইয়াংচিকিয়াং নদীৰ আশে-পাশে বাস কৰিছিল বুলি অনুমান কৰিব পাৰি৷

দেখা গৈছে পৰৱৰ্তী সময়ত পাহাৰীয়া জিলা দুখনৰ উপৰি নগাঁও, মণিপুৰ, শিৱসাগৰ, বিশ্বনাথ চাৰিআলি, কামৰূপ, ডিমা হাচাও, বৰাক উপত্যকা, অৰুণাচল, মেঘালয় আদিত বাস কৰি আহিছে৷ আনকি বাংলাদেশতো জনগোষ্ঠীটোৰ উপস্থিতিৰ বিষয়ে জনা যায়৷ সেয়ে, এই জনগোষ্ঠীটোৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰাৰ ঐতিহাসিক কাৰণসমূহৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন আছে৷

আনফালে জনগোষ্ঠীটোৰ বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ হেতু তেওঁলোকৰ বিষয়ে বিস্তৃতভাৱে জনাৰ উপায় নাই৷ পৰ্য্যাপ্ত ঐতিহাসিক সমল অবিহনে বিজ্ঞানসন্মত আলোচনাৰ দুৱাৰ মুকলি কৰা টান৷ ইতিহাসৰ পাতত কাৰবি জনগোষ্ঠীৰ বিষয়ে যি সামান্য তথ্য পোৱা যায় তাৰ ভিত্তিতে এই আলোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে৷

ঊনবিংশ শতিকাতো অসমৰ বাবে নৱজাগৰণৰ যুগ৷ এই নৱজাগৰণৰ ৰেঙণি কাৰবিসকলৰ মাজতো নপৰা নহয়৷ কাৰবিসকলে পৰম্পৰাগতভাৱে লোকসংস্কৃতিৰ বিষয়ে দূৰ অতীতৰ পৰা চৰ্চা কৰি আহিছে৷ কাৰণ লোকমনত [folk mind] যুগে যুগে সংৰক্ষিত হৈ অহা কথাবোৰে তেওঁলোকক সিপাৰ সন্ধান দিছিল৷ তাতে আকৌ সমগ্ৰ উত্তৰ-পূৰ্বৰ নানা সংস্কৃতিৰ সানমিহলিৰূপৰ মাজত জীৱন অতিবাহিত কৰা বাবে স্ব-সংস্কৃতি জীয়াই ৰখা ইমান সহজ নাছিল৷

তৎসত্ত্বেও এইবোৰ অতিক্ৰম কৰি স্ব-সংস্কৃতিক গাঁৱৰ বুঢ়া-মেথাসকলে অতি সযতনে সংৰক্ষণ আৰু জীয়াই ৰাখিছে৷ অৱশ্যে, সাম্প্ৰতিক কালৰ আমেৰিকাৰ পণ্ডিতসকলে লোকসংস্কৃতি আধাৰিত পৰম্পৰাসমূহক ঐতিহাসিক সমল ৰূপে গ্ৰহণ কৰাৰ সপক্ষে মতপ্ৰকাশ কৰিছে৷ অৰ্থাৎ লোকভিত্তিক সংস্কৃতি ঐতিহাসিক সমল হ’ব পাৰে৷

কাৰবিসকলৰ আদি বাসস্থান দৰাচলতে ক’ত আছিল সেই বিষয়ে বিভিন্ন পণ্ডিতে বিভিন্ন মতপ্ৰকাশ কৰি আহিছে৷ কাৰবিসকলৰ এগৰাকী চিন্তাশীল পণ্ডিত প্ৰয়াত ড॰ ফুকন চন্দ্ৰ ফাংচ’ৱে 'The Karbis of North-East India' গ্ৰন্থত কাৰবিসকলৰ বাসস্থান সম্পৰ্কে এইদৰে উল্লেখ কৰিছে যে:

'In the absence of a written history of their own it is difficult to trace the origin of the Karbis. According to one tradition, the Karbis once lived in and around Lhasa of Tibet whence they migrated eastward in search of new habitat. Later they entered northern Burma etc.’

আন এগৰাকী বিশিষ্ট কাৰবি লেখক লংকাম টেৰণে কাৰবিসকলৰ আদি বাসস্থান সম্পৰ্কে ‘কাৰবি জনগোষ্ঠী’ নামৰ গ্ৰন্থত এইদৰে উল্লেখ কৰিছে:

‘আদিতে শিক্ষাৰ ব্যৱস্থা নথকাত যুগ-যুগান্তৰ ধৰি নিজৰ জাতিৰ উত্থান-পতন আৰু ক্ৰমবিকাশৰ বিৱৰণ কাৰবিসকলে লিখি ৰাখিব নোৱাৰিলে৷ সেয়েহে কাৰবিসকলৰ আদি বাসস্থান সম্পৰ্কে বিভিন্ন মতামত পোৱা যায়৷ অৱশ্যে, তেওঁলোকৰ পূৰ্বপুৰুষসকলে আদিতে মধ্য এছিয়াত বসতি কৰিছিল আৰু কালক্ৰমত ভাৰতৰ উত্তৰ-পূব চুকেদি তেওঁলোকে অসমলৈ [পুৰণি কামৰূপ] প্ৰৱেশ কৰিছিল বুলি বুৰঞ্জীয়ে ইংগিত দিয়ে৷

কোনো কোনো পণ্ডিত আৰু এচাম ঐতিহাসিকে তেওঁলোকক তিব্বত-বৰ্মী, কুকি-চীন আৰু বড়ো-নগাৰ সংমিশ্ৰণত উৎপত্তি হোৱা এটা গোষ্ঠী বুলি অভিমত দিয়ে৷ আনটো দলে কাৰবিসকল অসমৰ আদিম অধিবাসী [প্ৰয়াত বিষ্ণু ৰাভাৰ ‘অসমীয়া কৃষ্টি’] বুলিও মত পোষণ কৰে৷ সি যি কি নহওক, বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰে পৰা কাৰবিসকলে ভাৰতৰ পূৰ্বাঞ্চলত বসতি কৰিছিল বুলি অধিক লোকৰ বিশ্বাস৷’

আনফালে ‘The Mikirs’ নামৰ গ্ৰন্থত:

‘When Robinson and Stewart Wrote, it was still remembered that the Mikir had once been settled in strength in the country (now callled North Cacher) to the immediate North of the Borail Range.’

এডৱাৰ্ড ষ্টেক আৰু চালৰ্চ লায়েল চাহাবে ‘The Mikirs’ ‘কাৰবিসকলৰ পূৰ্বপুৰুষ মূলতেঃ খাচী আৰু জয়ন্তীয়া পাহাৰতহে বসতি কৰিছিল’ বুলিও উল্লেখ কৰিছে৷ এনেদৰে কাৰবিসকলৰ বাসস্থান সম্পৰ্কে ভিন্ন মত পোৱা যায়৷ ইতিহাসবিদ বা পণ্ডিতসকলে কাৰবিসকলৰ আগমন আৰু বাসস্থান সম্পৰ্কে ভিন্ন মত পোষণ কৰিছে যদিও এই কথা অনুধাৱন কৰিব পাৰি যে কাৰবিসকল শান্তিপ্ৰিয় আৰু নিৰ্জু স্বভাৱৰ৷

বৃটিছ অসামৰিক বিষয়া আলেকজেণ্ডাৰ মেকেঞ্জিয়ে 'The North-East Frontier of India' গ্ৰন্থৰ এঠাইত উনুকিয়াইছে এইদৰে:

‘They have always been well behaved with but one solitary exception. In May 1863 a party of Mikirs from a village on the confines of Jaintia attacked another Mikir village at Hurlock Parbut and killed some of the inhabitants. When pursued by the Assamese Police they foght and resisted capture. Enquiry seemed to show that the Jaintia insurgents (then in the field) had instigated the Mikirs to this attack, to which they were the more readily incited, because they had suffered from an oppressive Mouzadar. Redress being given, they settled down again at once.’

জয়ন্তীয়াসকলৰ প্ৰৰোচনাত পৰিহে কাৰবিসকলৰ ইখন গাঁৱে সিখন গাঁৱক আক্ৰমণ কৰিছে৷ সাধাৰণতে তেওঁলোক শান্তিপ্ৰিয় জনগোষ্ঠী৷

(অহা সংখ্যাত সমাপ্ত)