চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত
- ত্ৰিদিব ভাগৱতী
ছাত্ৰ, কটন বিশ্ববিদ্যালয় - /
- July 31st, 2022

শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
ৰাজ্য চৰকাৰৰ অধীনস্থ অসমীয়া আৰু অন্যান্য স্থানীয় ভাষাৰ বিদ্যালয়ত শিক্ষা প্রদানৰ দ্বৈত মাধ্যম প্ৰৱৰ্তন, তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু অংক বিষয়ৰ ইংৰাজী ভাষাত শিক্ষণ, বাধ্যতামূলক সমাজ অধ্যয়ন বিষয়ৰ সলনি কৰি ভূগোল আৰু ইতিহাস বিষয় অন্তৰ্ভুক্তকৰণ আৰু লিংগ সমতা নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ কেইখনমান বালিকা বিদ্যালয়ৰ বাহিৰে সকলো বিদ্যালয়তেই সহ-শিক্ষাৰ ব্যৱস্থা প্ৰৱৰ্তন -- এই চাৰিওটা সিদ্ধান্ত গ্ৰহণৰ পাছতেই সমগ্ৰ ৰাজ্যত আজি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অসমৰ অধিকাংশ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ তথৈবচ অৱস্থাৰ কথা আমি সকলোৱেই জানোঁ। কিদৰে বিগত প্ৰতিখন চৰকাৰেই ৰাজহুৱা খণ্ডৰ অসমীয়া মাধ্যমৰ এই বিদ্যালয়সমূহৰ মূল সমস্যাবোৰ বুজাৰ চেষ্টা নকৰি কেৱল ক্ষণিক লাভ-লোকচানৰ অংক কৰি এই সমগ্ৰ বিদ্যালয়সমূহলৈ অন্ধকাৰ নমাই আনিলে, সেই কথাও অসমবাসীয়ে বুজি পায়।
লক্ষণীয় কথাটো হ'ল, যিগৰাকী মুখ্য মন্ত্ৰীয়ে আজি দ্বৈত মাধ্যম প্ৰৱৰ্তনৰ কথা কৈ এই বিদ্যালয়সমূহৰ উত্তৰণৰ কথা কৈছে, তেওঁ নিজেই অতবছৰ শিক্ষা বিভাগৰ দায়িত্বত থকাৰ সময়ত এই বিদ্যালয়সমূহৰ উত্তৰণৰ বাবে একো সুদূৰপ্রসাৰী সংস্কাৰ হাতত লোৱা দেখা যোৱা নাছিল। আন কথাত, বহুতেই দক্ষ বুলি ক'ব খোজা মুখ্য মন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰি তেওঁৰ শিক্ষা মন্ত্ৰী হিচাপে অতিবাহিত কৰা কাৰ্যকালৰ ব্যৰ্থতা স্বীকাৰ কৰিছে।
অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ সমস্যাবোৰ বুজি উত্তৰণৰ বাট কটাৰ সলনি সেয়ে এনে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি হাত দাঙি দিছে -- ইংৰাজী মাধ্যম আনিলেই সকলো সমস্যা শেষ।
কিন্তু অসমৰ গাঁৱে-ভূঞে থকা ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহৰ মূল সমস্যাসমূহ অনুধাৱন নকৰাকৈ এনে সমীকৰণত উপনীত হোৱাটো অসম্ভৱ।
গণিত আৰু অংক বিষয় তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজীতেই শিকোৱাৰ কথাটো সন্দৰ্ভত ইতিমধ্যেই বহু শিক্ষাবিদে মাতৃভাষাৰ সলনি শিশুহঁতে এটা বিদেশী ভাষাত তত্ববোৰ বুজিব পাৰিব নে নাই, সেই সম্পৰ্কে শংকা প্ৰকাশ কৰিছে। আনকি বিজ্ঞানক এচাম মুষ্টিমেয় মানুহৰ কছৰত হিচাপে ৰখাৰ সলনি সাধাৰণ মানুহৰ মাজলৈ নিবলৈ ন'বেল বঁটা বিজয়ী বিজ্ঞানী চি ভি ৰমনে মাতৃভাষাতেই বিজ্ঞান শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল।
অসম জাতীয় বিদ্যালয়ৰ দৰে বিদ্যালয়ত আজিও সেই আৰ্হিৰেই মাতৃভাষাতেই বিজ্ঞান আৰু অংকৰ শিক্ষা চলি আছে। এই আৰ্হিৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ হাৰো ঈর্ষণীয়। আকৌ, হঠাৎ লোৱা এই সিদ্ধান্তৰ পাছত অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকসকল ইংৰাজীতেই গণিত আৰু অংক শিকাবলৈ প্ৰশিক্ষিত হয় নে নহয়, সেই কথাও আজি উত্থাপিত হৈছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিকিৎসা আৰু আভিযান্ত্ৰিক শিক্ষাৰ পাঠ্যক্ৰমো স্থানীয় ভাষাত উপলদ্ধ হ'ব বুলি ঘোষণা কৰাৰ সময়তেই ৰাজ্যৰ মুখ্য মন্ত্ৰীগৰাকীয়ে অসমৰ স্থানীয় ভাষাৰ বিপক্ষে আৰু বিদেশী ভাষাৰ পক্ষে লোৱা এই সিদ্ধান্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহৰ শিবিৰৰ সেনানী বুলি জনাজাত হিমন্ত বিশ্ব শৰ্মাই সংঘাতত লিপ্ত হৈছে নেকি, সেই কথাও ৰাজনীতিৰ খবৰ ৰখা মানুহে প্ৰশ্ন কৰিছে।
সমাজ অধ্যয়ন বিষয়ক ইতিহাস আৰু ভূগোললৈ পৰিৱৰ্তন কৰি সমাজ অধ্যয়ন বিষয়ৰেই অন্তর্গত ৰাজনীতিবিজ্ঞান,অৰ্থনীতিৰ দৰে মুখ্য বিষয় দুটাক বাদ দিবলৈ বিচৰা হৈছে নেকি -- এই বিষয়েও প্ৰকাশিত কেবিনেট সিদ্ধান্তত স্পষ্টতাৰ অভাৱ।
শেষ কথাটো হ'ল, শিক্ষাৰ দৰে এটা অতি সংবেদনশীল বিষয়ত ছাত্ৰ সমাজ, শিক্ষক সমাজ, ৰাজ্যৰ শিক্ষাবিদসকল- কাৰো সৈতে এবাৰো আলোচনা নকৰি হঠাৎ লোৱা এই সিদ্ধান্তই ৰাজ্যৰ ৰাজহুৱা শিক্ষাক্ষেত্ৰৰ মৌলিক সমস্যাসমূহ সমাধান কৰাতকৈ আন কিছু নতুন সমস্যাৰহে যে জন্ম দিব সেয়া নিশ্চিত। সেয়ে সময় থাকোঁতেই এই সিদ্ধান্তসমূহ পুনৰ বিবেচনা কৰা দৰকাৰ।
সদিচ্ছা আৰু আন্তৰিকতাৰে নিঃস্বাৰ্থভাৱে, জাতীয় জীৱনক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ উন্নয়নৰ বাবে কাম কৰাৰ দৰকাৰ।।