সামাজিক মাধ্যমত ব্ৰজেন ডেকাৰ তিনিটা পোষ্ট
- ব্ৰজেন ডেকা
- /
- November 07, 2021

( নিবন্ধকাৰ ব্ৰজেন ডেকাৰ সাম্প্ৰতিক সময়ৰ তিনিটা প'ষ্ট সমন্বিত ৰূপত পাঠক সকলৰ বাবে প্ৰকাশ কৰা হ'ল। - বিভাগীয় সম্পাদক )
(১)
ঈশ্বৰ বা আল্লা
তেওঁক মই কেতিয়াও নিৰাশ্ৰয়ৰ বাবে
আশ্ৰয় নিৰ্মাণ কৰা দেখা নাই।
তেওঁ ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছে হেনো।
মই দেখিছোঁ মানুহে তাহানিৰে পৰা নিৰ্মাণ কৰিছে
তেওঁৰ বাবে আশ্ৰয়
মন্দিৰ মছজিদ।
ময়ো মুৰ দোৱাওঁ
আপোনালোকৰ ভক্তিক মই শ্ৰদ্ধা কৰোঁ।
আৰ্তজনৰ হাহাকাৰ শুনি
মই কেতিয়াও তেওঁক সহায়ৰ হাত
আগবঢ়োৱা দেখা নাই
তেওঁৰ মৰ্য্যাদা ৰক্ষাৰ বাবে
আমি ইজনে সিজনক হত্যা কৰা দেখিছোঁ
তেওঁ নাই বুলি ক'ব পৰাকৈ মোৰ জ্ঞান নাই
কিন্তু আমাৰ ইয়াত তেওঁৰ অনুপস্থিতি
জল্জল্-পট্পট্।
এতিয়া হৈ থকাবোৰ হৈ থাকিবলৈ দি
তেওঁ যদি ওৰণি নোলোৱা, বোৰ্খা নিপিন্ধাসকলৰ
হিচাপ ৰখাত, ছোৱালীৰ পোছাকৰ সঠিক দৈৰ্ঘ্য
নিৰ্ণয়ত ব্যস্ত হৈ আছে
তেনেহ’লে আপোনালোকৰ অচলা নিষ্ঠাৰ প্ৰতি
সম্পূৰ্ণ সন্মান জনাই কওঁ-
মই তেওঁৰ প্ৰতি তেনে নিষ্ঠা স্থাপন কৰিব পৰা নাই।
তেওঁ নাই বুলি ক'ব পৰাকৈ মোৰ জ্ঞান নাই
কিন্তু তেওঁৰ অনুপস্থিতি এতিয়া জল্জল্-পট্পট্।
তেওঁৰ অনুপস্থিতিত আমি কি কৰিম
সেইটোহে প্ৰধান বিচাৰ্য্য বিষয়।
(২)
অসমীয়া ভাষাক অপমান কৰিলে অসমীয়া জাঙুৰ খাই উঠে- ভাল কথা। শিলচৰত ছাইন ব'ৰ্ড অসমীয়াত লিখিব লাগে- ভাল কথা। গুৱাহাটী, নগাঁও, যোৰহাট, মঙলদৈ, তেজপুৰ, শিবসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, লখিমপুৰকে আদি কৰি অসমৰ প্ৰধান চহৰবোৰৰ ৰাজপথত থকা অসমীয়া ভাষাৰ ছাইন ব'ৰ্ডবোৰ কিমানজন অসমীয়া নতুন পুৰষে পঢ়িব পাৰে? যোৱা দহ বছৰত কিমান অসমীয়া মাধ্যমৰ স্কুল ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ কৰিবলগীয়া হৈছে? কিমান অসমীয়া মাধ্যমৰ স্কুল বন্ধ হওঁ হওঁ? শিলচৰৰ ৰাজপথৰ অসমীয়া মাধ্যমৰ ছাইন ব'ৰ্ডে অসমীয়া ভাষা ৰক্ষা কৰিবনে?
ইংৰাজী মাধ্যমত পঢ়া অসমীয়াৰ বাবে অসমীয়া ইতিমধ্যে এটা ইংৰাজী হিন্দীৰে মিহলি খিচিৰি কথিত ভাষাত পৰিণত হৈছে। ভাষাৰ ৰাজনীতি ভাষা প্ৰেম নহয়। অসমীয়াই অসমীয়া ভাষাক যিমান উপেক্ষা আৰু অৱমাননা কৰি আছে তাৰ পিচত অসমীয়া ভাষাক আন শত্ৰুৰ দৰকাৰ নাই। অসমীয়া ভাষা অসমীয়াই ৰাখিব নে বাঙালীয়ে?
(৩)
কেৰেলা আৰু তামিলনাডুৰ কথা সুকীয়া, দক্ষিণৰ মানুহে ‘হিন্দী-হিন্দু-হিন্দুস্থান’ৰ হিন্দুধৰ্মী, হিন্দীভাষিক ভাৰতীয় জাতিৰ ধাৰণাটোৰ সদায়েই বিৰোধিতা কৰি আহিছে। কেৰেলা, তামিলনাডুত বিজেপিয়ে এতিয়ালৈ খুটি পুতিব পৰা নাই। আন দলৰ সতে লগ লাগি ভৰি দিবলৈহে চেষ্টা চলাই আছে। পশ্চিম বংগৰ ভোটাৰেও এইবাৰ সচেতনভাৱে বাঙালী জাতীয়তাবাদৰ পক্ষত ঠিয় দিলে। মমতা বেনাৰ্জী আৰু তৃণমূলে বিজেপিয়ে বাঙালীৰ ওপৰত ‘হিন্দু-হিন্দী-হিন্দুস্তান’ৰ আগ্ৰাসন জাপি দিবলৈ ওলাইছে বুলি আৰু বাঙালীয়ে ‘ঘৰেৰ মেয়ে’, অৰ্থাৎ ঘৰৰ ছোৱালী মমতাৰ নেতৃত্বত বিজেপিক সমুচিত উত্তৰ দিব লাগে বুলি জনোৱা আহ্বানে বাঙালীৰ সঁহাৰি লাভ কৰিলে । পিছলৈ বিজেপিয়ে এই বাঙালী জাতীয়তাবাদী আৱেগৰ মোকাবিলা কৰিবলৈ ‘বাঙালী হিন্দুত্ব’ৰ কথা ক'লে যদিও সি বাঙালীৰ সমৰ্থন নাপালে। বাঙালী জাতীয়তাবাদৰ বাবে আৰু সেই জাতীয়তাবাদক নেতৃত্ব দিবলৈ মমতা বেনাৰ্জী আৰু তৃণমূল দল থকাৰ বাবে বিজেপিয়ে সমস্ত শক্তি প্ৰয়োগ কৰিও পশ্চিম বংগত মুখ থেকেচা খালে।
অসমত জাতীয়তাবাদী আৱেগ নাই নেকি? অসমীয়াই বাঙালীৰ নিচিনাকৈ, দক্ষিণ ভাৰতৰ নিচিনাকৈ নিজৰ সুকীয়া পৰিচয় অক্ষুণ্ণ ৰাখিব নিবিচাৰে নেকি? কল্পনা কৰক পশ্চিম বংগত যদি তৃণমূল আৰু বিজেপিৰ মাজত ৰাজনৈতিক বুজাবুজি হয়, তেনেহ’লে নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ’লহেঁতেন। অসমত সেইটোৱেই হৈছে। এগৰাকী মমতা বেনাৰ্জী আৰু এটা তৃণমূল দলৰ অভাৱত অসমৰ জাতীয়তাবাদী আৱেগ আজি বিজেপিৰ পক্ষত। এই কথা আকৌ এবাৰ প্ৰমাণ হ’ল যে কংগ্ৰেছে অসমত জাতীয়তাবাদৰ নেতৃত্ব ল'ব নোৱাৰে।
প্ৰশ্ন হ’ল অসমীয়া জাতীয়তাবাদী ৰাজনীতি জীয়াই থাকিবনে ই সম্পূৰ্ণৰূপে বিজেপিত জাহ যাব? এগৰাকী মমতা বেনাৰ্জীৰ দৰে নেতা আৰু এটা তৃণমূলৰ দৰে দলৰ অবিহনে অসমীয়া জাতীয়তাবাদী ৰাজনীতি বিজেপিৰ দখলত থাকিব।।