ছামছিং হাঞ্চে এক বিৰাট ব্যক্তিত্ব


Image Description

গদ্‌গদ্‌ কণ্ঠস্বৰেৰে উদাত্ত ভাষণ দি মন-মগজুত অলেখ ঢৌ সৃষ্টি কৰিব পৰা, কিবা এটা কৰাৰ বাবে প্ৰবল মানসিক শক্তি জগাই তুলিব পৰা আৰু গভীৰ দায়িত্ববোধৰ লগতে জ্ঞানৰ দুৱাৰ খুলি দিব পৰা ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী লোক আছিল ছামছিং হাঞ্চে৷

বাহ্যিক দৃষ্টিত তেওঁক বেছ খঙাল প্ৰকৃতিৰ যেন লাগিলেও প্ৰকৃততে তেওঁৰ হৃদয়খন আছিল অতি মৰমিয়াল আৰু অফুৰন্ত প্ৰেৰণাৰ উৎস৷ তেওঁ নিজে যি জানিছিল, অভিজ্ঞতাৰ জৰিয়তে যি অৰ্জন কৰিছিল, সেয়া আনকো বিলাই দিছিল৷ তাতোকৈ ডাঙৰ কথা, তেওঁ এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি আৰু উদাৰ মনোভাবাপন্ন লোক আছিল৷

ছামছিং হাঞ্চে একাধাৰে কবি, নিৱন্ধকাৰ, গীতিকাৰ, বোলছবি পৰিচালক আৰু দক্ষ ৰাজনীতিক আছিল৷ ইমানবোৰ গুণৰ অধিকাৰী হোৱা সত্বেও তেওঁ আছিল নিৰহংকাৰী ব্যক্তি ৷ অৱশ্যে যি কোনো ব্যক্তিকে যৎসামান্য গুণতো ভূয়সী প্ৰশংসাৰে অনুপ্ৰেৰণা যোগাবলৈ তেওঁ নাপাহৰিছিল৷

সমাজত এনে কিছু ব্যক্তি পোৱা যায় যিয়ে নিজকে মূধাফুটা লোক বুলি গৰ্বত ওফন্দি থাকে৷ এইচাম লোকে আনৰ গুণৰ প্ৰশংসা কৰা দূৰৰে কথা, আনৰ গুণকো স্বীকাৰ কৰিবলৈ টান পায়৷ আনফালে ছামছিং হাঞ্চে এনে এগৰাকী ব্যক্তি যিজনে কোনো লোকৰ মাজত নিহিত নিষ্ক্ৰিয় হৈ থকা গুণবোৰকো বুজনিৰে অথবা গালি-গালাজেৰে জগাবলৈ প্ৰয়াস কৰে৷ এই ধৰণৰ অদ্ভূত যাদুকৰী শক্তিৰ অধিকাৰী আছিল ছামছিং হাঞ্চে৷

এই বিৰাট প্ৰতিভাসম্পন্ন ব্যক্তিত্বৰ সৈতে নিকট সান্নিধ্য লাভ কৰিছিলোঁ ১৯৯৪ চনত৷ তেতিয়া তেওঁ কাৰবি লাম্‌মেত আমেইৰ সভাপতি আছিল৷ কাৰবিভূমিত সেই সময়ত উত্থান হোৱা কিছুমান কথাত কাৰবি জাতিটোৰ ভাষা নিৰ্মাণ আৰু উত্তৰণৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰা একমাত্ৰ ঐতিহ্যপূৰ্ণ সাহিত্য অনুষ্ঠান কাৰবি লাম্‌মেত আমেই এক প্ৰকাৰ অৱহেলিত অৱস্থালৈ পৰ্য্যবসিত হৈছিল৷ সাহিত্য অনুষ্ঠানটিৰ প্ৰধান কাণ্ডাৰী, অৰ্থাৎ সভাপতি ছামছিং হাঞ্চেই এগৰাকী ৰাজনীতিবিদ হৈও তেওঁৰ হাতত নাছিল ৰাজনৈতিক ক্ষমতা অথবা সমৰ্থন৷

কিন্তু তেওঁৰ আছিল অপৰিসীম মানসিক শক্তি আৰু কৰ্মস্পৃহা৷ সেই দুটা শক্তিকে সাৰোগত কৰি সেই বছৰতে ডিফু ক্লাব প্ৰেক্ষাগৃহত কাৰবি লামমেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছিল৷ মোৰ বান্ধৱী ৰীণা পাটৰপী আৰু মই কাৰবি লাম্‌মেত আমেইৰ সাধাৰণ সদস্যা হোৱা হেতুকে আমি সেই অধিৱেশনৰ লগত জড়িত হৈ পৰিছিলোঁ৷

বন্ধুপ্ৰতিম জৰ্জ ৰংহাঙে সাধাৰণ সভালৈ নিমন্ত্ৰণ জনোৱাত আমিও সভালৈ গৈছিলোঁ৷ সভালৈ গৈ বিদৰছিং ক্ৰ’, নীলাম্বৰ ৰংপি, বিদ্যাছিং ৰংপিকে ধৰি অন্যান্য কেইবাগৰাকী বৰেণ্য সাহিত্যিকক দেখা পাই আমি কিছু সংকোচ কৰি আটাইতকৈ শেষৰ শাৰীত বহি পৰিছিলোঁ৷ আমাক দেখা পাই ছামছিং হাঞ্চেই ক’লে– ‘তহঁত আহি বৰ ভাল কৰিছ৷’

সেইখন সভাতেই কাৰবি লাম্‌মেত আমেইৰ ২৮ সংখ্যক বাৰ্ষিক অধিৱেশনখন মাৰ্চ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হ’ল৷ অধিৱেশনখনৰ বাবে অভ্যৰ্থনা সমিতি এখন গঠন কৰা হ’ল৷ ছামছিং হাঞ্চে নিজেই অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্বত থাকিল৷ মোৰ পিনে চাই তেওঁ ক’লে– ‘অধিৱেশন উপলক্ষে উলিয়াবলগীয়া গল্প সংকলনটিৰ সম্পাদনা মঞ্জুৱে কৰিব৷’

এই কথা শুনি মই থতমত খালোঁ৷ অতি বিনম্ৰভাৱে থিয় হৈ ক’লোঁ– ‘ইমান গধুৰ দায়িত্ব পালন কৰিব নোৱাৰিম৷’ কিন্তু ছামছিং হাঞ্চেই প্ৰায় চিঞৰিয়েই ক’লে– ‘কিয় নোৱাৰিবি, কিয় নোৱাৰিবি, পাৰিবি৷ আমি সহযোগিতা আগবঢ়াম৷’ বুজিলোঁ, যাক যি দায়িত্ব দিছে, মুঠতে পালন কৰিবই লাগিব৷

এই সম্পৰ্কত কেইবাখনো বৈঠক হোৱাৰ অন্তত ‘ছামফ্ৰি আপুনছিৰ’ [সূৰুযৰ কিৰণ] বুলি সংকলনটিৰ নাম ঠিক কৰা হ’ল৷ ছামছিংদাই ক’লে– ‘সংকলনটি ধুনীয়া হ’ব লাগিব৷’ আনকি সেই নামটিও তেৱেঁই দিলে৷

অধিৱেশনৰ নিৰ্দিষ্ট তাৰিখ চমু চাপি অহাৰ লগে লগে মোৰ চিন্তা বাঢ়ি গৈছিল, কাৰণ সভাপতিয়ে অগ্ৰগতিৰ খতিয়ান যেতিয়াই-তেতিয়াই বিচাৰিছিল৷ আনকি এনে কথাও শুনাইছিল– ‘অধিৱেশন আৰম্ভ হোৱাৰ নিৰ্দিষ্ট তাৰিখৰ চাৰিদিনৰ আগতে মই ‘ছামফ্ৰি আপুনছিৰ’ৰ ত্ৰিছটা ক’পী আনি কাৰ্য্যালয়ত জমা দিব পাৰিলে মঞ্জু তেতিয়া আমাৰ ছোৱালী৷ অন্যথা মই তাইক চিনি নাপাওঁ৷’

এইবুলি খোদ সভাপতিজনে ক’লে! তেতিয়াৰ পৰাই ‘ছামফ্ৰি আপুনছিৰ’ৰ চিন্তাই মোৰ মগজুক উত্তাল কৰি ৰাখিলে৷ আনকি সভাপতি ছামছিং হাঞ্চেই ‘ছামফ্ৰি আপুনছিৰ’ৰ বেটুপাতখন অঁকাই আনি দেখুৱাবলৈও মোক নিৰ্দেশ দিলে৷

আমি প্ৰথমে এগৰাকী শিল্পীৰ পৰা এখন বেটুপাত অঁকাই আনিলোঁ যদিও তেওঁ বিচৰা ধৰণে নোহোৱাত পুনৰ বিশিষ্ট শিল্পী বীৰেণ সিংহৰ পৰা অঁকাই আনিলোঁগৈ৷ সেইখন আকৌ তেওঁৰ মনঃপুত হ’ল৷ অৱশেষত অধিবেশনৰ নিৰ্দিষ্ট তাৰিখৰ তিনিদিনৰ দিনা সঁচাকৈয়ে মোৰ বান্ধৱী ৰীণা আৰু মই গল্প সংকলনটিৰ ত্ৰিছটা ক’পীৰ বাণ্ডিল দুটা লৈ অভ্যৰ্থনা সমিতিৰ কাৰ্য্যালয়ৰ পিনে আহিলোঁ য’ত স্বয়ং সভাপতি ছামছিং হাঞ্চে বহি আছিল৷

তেওঁ আঁতৰৰ পৰাই চিঞৰি ক’লে– ‘সেইজনী মঞ্জু নিশ্চভয়৷’ বাণ্ডিল এটা খুলি একেলগে তিনিটামান ক’পী তেঁওৰ হাতত তুলি দিলোঁ৷ তেওঁ গভীৰ হেঁপাহেৰে এটাৰ পাছত এটা পৃষ্ঠা মেলি, নাকৰ ওচৰলৈ নি শুঙি চাই ক’লে– ‘আস্‌...!’

সেই দৃশ্যটো এতিয়াও মোৰ মানসপটত স্মৰণীয় হৈ আছে৷

সীমিত অৰ্থৰে, সাহিত্য আৰু ভাষানুৰাগী বৰেণ্য ব্যক্তি তথা ৰাইজৰ অকুণ্ঠ সহায়-সমৰ্থনত ছামছিং হাঞ্চেৰ সবল প্ৰচেষ্টাত সেইবাৰ কাৰবি লাম্‌মেত আমেইৰ অধিৱেশনখন সম্পন্ন হৈছিল৷

সকলো কথাৰ নিজেই তেওঁ তদাৰক কৰিছিল৷ সেই স্মৰণীয় দিনবোৰৰ কথা সদায় মনত সঞ্চিত হৈ থাকিব৷

স্বমহিমাৰে উদ্ভাসিত ছামছিং হাঞ্চে অনবৰতে কিবা এটা নতুন সৃষ্টি তাড়নাত বিভোৰ হৈ থাকে৷ ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ সামগ্ৰিকভাৱে জাতিটোৰ সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে আহোপুৰুষাৰ্থ কৰি বিভিন্ন ধৰণে সকলোকে উৎসাহ-উদ্দীপনা যোগোৱা এইগৰাকী আছিল এক বিৰাট আৰু বিৰল ব্যক্তিত্বৰ লোক৷

স্বজাতিৰ উত্তৰণৰ বাবে বিভিন্ন সদৰ্থক কামত তেওঁ ব্ৰতী হৈছিল৷ কিন্তু কেতিয়াবা এনে ভাব হয়, এই মানুহজনৰ সৃষ্টি-প্ৰতিভাৰ উপযুক্ত সন্মান যাচিলেনে কোনোবাই? সেয়ে হ’বলা তেওঁ আত্মজীৱনীমূলক কবিতা ‘কাইনিতক’ [জীৱনলিপি]ত আক্ষেপৰ সুৰেৰে কৈছিল–

‘ওৰোটা জীৱন কিমান বিলাই দিলোঁ
প্ৰতিদানত কিমান পালোঁ
কি বিচাৰিছিলোঁ আৰু কি পালোঁ...’

সঁচাকৈ৷ এইগৰাকী মহান ব্যক্তিক আমি প্ৰতিজন কাৰবিয়ে উপযুক্ত শ্ৰদ্ধা প্ৰদৰ্শন এতিয়াও কৰিব পৰা নাই৷ অন্ততঃ এইজন বহুপ্ৰতিভাধৰ ব্যক্তিৰ নামত স্বায়ত্তশাসিত পৰিষদে এটি ন্যাস প্ৰতিষ্ঠা কৰি তেওঁৰ নামত শিল্পী-সাহিত্যিক, কবি-ঔপন্যাসিকক বছৰি ছামছিং হাঞ্চে বঁটা এটি দিয়াৰ ব্যৱস্থা নিশ্চয়কৈ কৰিব পাৰে৷ তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ স্থান পূৰণ কৰিব পৰা ব্যক্তি কাৰবি আংলঙত এতিয়াও জন্ম হোৱা নাই বুলিয়ে মই ভাবোঁ আৰু ভৱিষ্যতলৈও হ’বনে নাই তাতো সন্দেহ আছে৷।

(উৎস: ছামছিং হাঞ্চে জীৱন সুৰভি, সম্পাদনা: পবিত্ৰ বৰা)