মুখ্য মন্ত্ৰী আৰু ৰক্ষাকৱচৰ প্ৰতিবেদন


Image Description

অসম চুক্তিয়ে অসমীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি দিছে। কমিটী হ'ল। কমিটীয়ে প্ৰতিবেদন যুগুতালে। কমিটীয়ে অসমীয়া মানুহৰ সংজ্ঞা দিলে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে প্ৰতিবেদন গ্ৰহণ নাই কৰা। অসমৰ মুখ্য মন্ত্ৰী এই কথাটোতে উৎসাহিত হৈছে। অসমৰ খিলঞ্জীয়া ভাষাৰ বিৰুদ্ধাচৰণ কৰিবলৈ লৈছে।

এপিএছছিৰ পৰা ৰাজ্যিক ভাষা অসমীয়া আতঁৰালে। স্কুলত অসমীয়া, বড়ো ভাষাৰ মাধ্যম হিচাবে স্থান অৱনমিত কৰিলে। ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় পাতিব।

মাতৃভাষাৰ বিদ্যালয়ৰ বাবে টকা নাই। ডেস্ক-বেঞ্চৰ বাবেও টকা নাই। ফেনৰ বাবে টকা নাই। কিন্ত্ত পৰিয়ালে বৃহৎ স্কুল খুলিছে। ইংৰাজী মাধ্যমৰ।

মুখ্য মন্ত্ৰী ব্যাখ্যাহীনভাৱে অসমীয়া-বড়ো মাধ্যমৰ বিৰোধী হৈ পৰিছে। এইবাৰ পৰীক্ষা পাতিছে হিন্দী মাধ্যমতো। আৰএছএছৰ প্ৰভাৱ নহৈ নোৱাৰে।

ইমানৰ পিছতো আকৌ আছুৱে আলোচনাত বহিছে। ৩য় আৰু ৪ৰ্থ বৰ্গৰ ১০০ শতাংশ চাকৰি থলুৱা যুৱক-যুৱতীৰ বাবে। প্ৰতিবেদনত আছে। ডঃ শৰ্মাই নামানে। তথাপিও আলোচনা। যুক্তি নাই। কেৱল চৰকাৰক সময় দিয়া হৈছে।

শেষত জয়ী হ'ব অসমৰ জনগণ। ষড়যন্ত্ৰ মষিমূৰ হ'ব। মুখ্য মন্ত্ৰীৰ সপোন সপোন হৈয়েই ৰ'ব।।