অভিশপ্ত চাৰি জুলাই


Image Description

১৯৬০ চনৰ ৪ জুলাই৷
কটন কলেজ, দ্বিতীয় মেছ ছাত্ৰাবাস আনদিনাখনৰ দৰে সেইদিনাখনো চৰাইৰ মাতত ৰাতি পুৱাইছিল৷ ৰাতিপুৱাৰ লগে লগে ছাত্ৰাবাসলৈ ব্যস্ততা নামি আহিছিল– সোনকালে শয্যা ত্যাগ কৰা ছাত্ৰসকলে কিছুমানে বিচনাখনৰ তলৰ মজিয়াত সযতনে ৰাখি থোৱা টিনৰ মগটো লৈ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু তেতিয়াৰ চিএম হ'ষ্টেলৰ মাজত শাৰী শাৰীকৈ থকা উমৈহতীয়া ব্লকটোলৈ গতি কৰিছে৷

কিছুমানে মুকলি চৌবাচ্ছাত থকা ঠাণ্ডা পানী ফুটা কৰি থোৱা টিনটোৰে গাত পানী ঢালিছে – ডাঙৰ কেটলী এটাত এক কেটলী গৰম চাহ লৈ খীণ-মীণ কেৰেলাকাই ওলাইছে ৰুমে ৰুমে চাহ দিবলৈ আৰু ভূজনকাই এটা খৰাহিত বেকাৰীৰ বিস্কুট লৈছে ৰাতিপুৱা পানীয়ৰ লগত দিবলৈ৷

কিছুমানে দাঁত ব্ৰাছ কৰি গিলাচটো হাতত লৈ কৰিড'ৰৰ কাষৰ কোণটোতে ৰখা ড্ৰামৰ পানী ভৰাই মুখ ধুবলৈ ধৰিছে৷ আনদিনাখনৰ দৰে আঠ বজাত খোৱাৰ ঘণ্টা বাজিছিল– লগে লগে ৰুমৰপৰা গিজগিজাই ল’ৰাবোৰ ওলাই আহি ডাইনিং হললৈ ঢাপলি মেলিছিল৷

ইতিমধ্যে ৰাতিপুৱাৰ বাতৰি কাকতবোৰ দি গৈছিল– দ্বিতীয় ছাত্ৰাবাসত সেই সময়ত 'নতুন অসমীয়া', 'দ্য আসাম ত্ৰিবিউন'ৰ উপৰি 'যুগান্তৰ', আনন্দ বজাৰ পত্ৰিকা' আৰু 'দ্য ষ্টেটচছম্যন' কাকতকেইখন ৰখা হৈছিল৷

তৃতীয় ব্লকৰ কৰিড'ৰত দুখন ষ্টেজৰ ওপৰত হেলনীয়াকৈ ৰখা ব'ৰ্ড দুখনৰ ওপৰত বাতৰিকাকত ৰখা হৈছিল– বাকীবোৰ ঘাইকৈ কমনৰুমৰ ভিতৰতে আছিল– দীঘল টেবুলখনৰ ওপৰত৷

কলকাতাৰ পৰা প্ৰকাশিত যুগান্তৰ কাকতখনে অসত্য বাতৰি কিছুমান প্ৰকাশ কৰি মানুহক উত্তেজিত কৰি ৰাখিছিল– দুয়োটা পক্ষকে লগতে অসমীয়া ভাষা আৰু অসমীয়াৰ ওপৰতো কিছু আপত্তিজনক বাতৰি প্ৰকাশ কৰি আহিছিল৷ উক্ত দিনাখনো যুগান্তৰ কাকতখনত তেনে প্ৰৰোচনমূলক বাতৰি প্ৰকাশ হৈছিল।

দ্বিতীয় বাৰ্ষিক চোকা ছাত্ৰ স্বাভিমানী ৰঞ্জিৎ বৰপূজাৰী, যুগান্তৰ কাকতখনৰ বাতৰি পঢ়ি উত্তেজিত হৈ পৰিছিল আৰু তেনেভাৱে কমনৰুমত প্ৰৱেশ কৰিছিল– কমনৰুমত সেই সময়ত এই নিবন্ধকাৰৰ লগত একেই চতুৰ্থ বাৰ্ষিকৰ ছাত্ৰ ৰণেন গোহাঁই [পৰৱৰ্তী সময়ত শিৱসাগৰ কলেজৰ অধ্যক্ষ], প্ৰভাত গগৈ [চাৰিদুৱাৰৰ এখন ব্যক্তিগত খণ্ডৰ উচ্চতৰ মাধ্যমিক স্কুলৰ অধ্যক্ষ] আছিল৷

গৰম বন্ধ খোলাৰ দিনাখনেই এইজন ছাত্ৰই গধূলি সময়ত পিঠিত বেগটো লৈ ‘ব্ৰীজ অন দ্য ৰিভাৰ কুৱাই’ চিনেমাখনৰ সুহুৰি বজাই বজাই হোষ্টেল প্ৰৱেশ কৰিছিল৷ তেনেকৈ দেখি তাক আমাৰ বিৰাট মৰম লাগিছিল৷ সেই একেজন ল’ৰাই আজি ইমান উত্তেজিতভাৱে আহি যুগান্তৰ কাকতখনে কৰা মন্তব্য আমাৰ আগত প্ৰকাশ কৰিছিল৷

তাৰ খঙৰ তীব্ৰতা দেখি আমি তিনিওজনৰে তাক জোকাবলৈ মন কৰি ক’লো, ‘ঠিকেই কৈছে– আমাৰ অসমীয়াৰনো গৌৰৱ কৰিবলগীয়া কি আছে? কবিগুৰু ৰবীন্দ্ৰনাথ আছেই নে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নিচিনা দেশভক্ত নেতা আছে?’ তেনেকৈ কোৱাত আমাক কি নাই বুলি কৈ– সোতৰ বাৰ অসম আক্ৰমণ কৰি জয় কৰিব নোৱৰা জাতিটোৰ কথা ক’লে– ৰসৰাজ লক্ষ্মীনাথ বজবৰুৱাৰ কথা ক’লে, দেশভক্ত তৰুণৰাম ফুকনৰ কথা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ কথা ক’লে৷

তেতিয়া আমাৰ এজনে [প্ৰভাত গগৈ]য়ে ক’লে, ‘মোগল বাহিনীক অসমীয়াই পৰাস্ত কৰা নাই মেলেৰিয়া, কলেৰা, জহনী, সন্নিপাত ৰোগেহে মোগলক পৰাস্ত কৰিছে– তাতে আকৌ এই নিবন্ধকাৰে এই বুলি ক’লে যে তৰুণৰাম ফুকন চিকাৰীহে আছিল– এটা প্ৰকাণ্ড দঁতাল হাতী গুলীয়াই মাৰি তাৰ দাঁত দুটা ড্ৰইং ৰুমত সজাই থৈছে– তাতোকৈ বহুত ডাঙৰ চিকাৰী আমাৰ গাঁৱত আছে৷ আমাৰ গাঁৱত দুজন জলেশ্বৰ নামৰ চিকাৰী আছিল এজন কলা জলেশ্বৰ এজন বগা জলেশ্বৰ৷ কলা জলেশ্বৰে বাঘ মাৰিবলৈ একনলীয়া বন্দুকৰ নাল লৈ হাবিত সোমাইছিল৷ বাঘে– হাউত কৰি তাৰ ওপৰতে জঁপিয়াই পৰোঁতে সি হেনো বন্দুকৰ নলীটো বাঘৰ মুখত সুমুৱাই দিছিল– এতিয়া কোৱাচোন কোন ডাঙৰ চিকাৰী?

তাকে শুনি ৰঞ্জিতে 'আপোনালোকৰ লগত জীৱনত তৰ্ক নকৰোঁ' বুলি কৈ নিজৰ ৰুমত শুই থাকিল৷

তাৰ আধা ঘণ্টামান পাছত দ্বিতীয় ব্ল'কত কিবা চিঞৰি কোৱাৰ নিচিনা শুনি- ওলাই আহি দেখিলোঁ যে ৩০ জুন তাৰিখে আমাক হ'ষ্টেলৰপৰা মাতি নিয়া যুৱক তিনিজনে আহি কৈছে– 'ডনব’স্ক আৰু ৰেইল ক’লনীৰ চ’কটোত কিছুমান বঙালী যুৱকে আমাক চেলেঞ্জ কৰিছে– সেই তিনিওগৰাকীয়ে আমাক মণিপুৰী বস্তিৰ বুলি কৈছিল৷ মণিপুৰী বস্তিৰ মানুহখিনিৰ স্বাধীনতা আন্দোলনতো ডাঙৰ ভূমিকা লোৱা বুলি আমি শুনিছিলোঁ। কোনোবা মণিপুৰী ছোৱালী এজনীয়ে হেনো বিপ্লৱী গান গাই গাই মানুহক জগাইছিল ৷ গতিকে তেওঁলোকক বিশ্বাসত লৈয়ে আমি কেইজনমান গান্ধীবস্তিলৈ সন্ধিয়া ৪.৩০ মান বজাত ওলাই গৈছিলোঁ– কোনোবা বঙালীয়ে হেনো এজন অসমীয়া ল’ৰাৰ গালৈ এছিড বটল দলিয়াইছিল আৰু বৰ্তমান ল’ৰাজন হস্পিতালত৷ আমি সাতজনমান ওলাই গ’লোঁ৷

কিন্তু ৰাস্তাৰ মুখত দেখোঁ হেম বৰুৱা ছাৰ আৰু ৰেণুকা দেৱী বৰকটকী বাইদেউ থিয় হৈ হাত মেলি কাকো গান্ধীবস্তিত সোমাব দিয়া নাই৷ এনেকি পুলিছৰ গাড়ীখনকো৷ পথৰ দাঁতিত পুলিছৰ গাড়ীখনো ৰৈ গ’ল– আমি উভতি আহিলোঁ৷

বাটতে আমবাৰীত আমাক অসমপ্ৰেমী নেতাজনে ৰে’লৰ লাইনৰ ঘৰত জুই লগাই দিওঁ বুলি সমীপৱৰ্তী গেৰেজৰপৰা এবটল পেট্ৰ’লো যোগাৰ কৰি আনিলোঁ৷ সঁচা কথা ক’বলৈ গ’লে– আমাৰ তেনে দুঃসাহসিক মন এটা নাছিল– গতিকে যাবলৈ নুখুজিলোঁ৷ গতিকে উভতি আহিলোঁ৷

সেই তিনিগৰাকী সদস্যৰ কথা শুনি আমি কেইজনমান কৰিড'ৰৰ কাঠৰ ৰেলিঙৰ ডেৰফুটীয়া মাৰিকে মৰাণাস্ত্ৰ কৰি ওলাই গ’লোঁ৷ হ'ষ্টেলৰ পৰা ওলাওঁতে ৰাস্তাটোৰ সিটো মূৰত কেইজনমান ল’ৰাক দেখিছিলোঁ– কিন্তু আমি চ’কটো পাওঁতে তাত কাকো দেখা নাছিলোঁ– সৰু-সুৰা দোকানী দুই এজন তাত দেখিছিলোঁ৷ এনেতে সেইটো ৰাস্তাৰ সন্মুখত ট্ৰেড ইউনিয়নৰ এটা খেৰী ঘৰ আছিল৷ কোনোবাই তাতে জুই লগাই দিলে৷ জুই দেখি ভাবিলো কথা বেয়া হ’ল– গতিকে আমি সকলোকে উভতাই আনিব বিচাৰি হ'ষ্টেললৈ উভতি যাবলৈ নিৰ্দেশ দিলোঁ৷ নিজেও হ'ষ্টেললৈ ঘূৰি আহিলোঁ৷

(৪ জুলাইত অসম জাতীয় পৰিষদে উদযাপন কৰা 'ভাষা দিৱস'ত আগবঢ়োৱা বিৱৰণৰ প্ৰথম অংশ। অহা দেওবাৰে সমাপ্ত।)