আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ঋত্বিক দত্ত আৰু সোৱণশিৰি নদীবান্ধ


Image Description

২০০৬ চনৰ অক্ট’বৰ মাহৰ কথা ৷ ধেমাজি জিলা ছাত্ৰ সন্হাই ২০০১ চনৰ পৰাই আৰম্ভ কৰা সোৱণশিৰি নদীবান্ধ বিৰোধী আন্দোলনে ক্ৰমশঃ তীব্ৰ ৰূপ লৈছে ৷ নদীবান্ধ সম্পৰ্কীয় কাৰিকৰী বহুতো দিশ আমি বিভিন্ন বিশেষজ্ঞৰ পৰা অৱগত হৈছিলো ৷ মোৰ বহুদিনীয়া বন্ধু পুনেৰ নীৰজ ৱাঘলীকাই ক'লে, দিল্লীৰ এজন অধিবক্তাই এটা স্বেচ্ছাসেৱী সংস্হা গঠন কৰি সমগ্ৰ দেশতে পাৰিপাৰ্শ্বিক ভাৰসাম্যতা ৰক্ষাৰ বাবে বৰ আন্তৰিকতাৰে কাম কৰি আছে ৷

নাম: LEGAL INITIATIVE FOR FOREST AND ENVIRONMENT (LIFE)

আপুনি ইচ্ছা কৰিলে যোগাযোগ কৰিব পাৰে ৷ কথামতে কাম। যোগাযোগ কৰিলোঁ ৷ নাম ঋত্বিক দত্ত ৷ দেউতাক শ্ৰীযুত অংগন দত্ত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া আছিল ৷ কথাপাতি জানিব পাৰিলোঁ ঋত্বিকৰ জন্ম দিশপুৰৰ সৰুমটৰীয়াত, ১৯৭৪ চনত ৷

বাল্যকাল অসমতে কটাইছিল হেতুকে তেওঁৰ অসমৰ প্ৰতি একসুকীয়া টান থকাৰ কথা ক'লে ৷ দেউতাকে অতি সুন্দৰ অসমীয়া কয় ৷ ঋত্বিকেও অসমীয়া বুজি পায় ৷ অলপ সময় কথা পাতিয়েই বহুদিনীয়া বন্ধু এজনৰ দৰে আন্তৰিকতা বাঢ়িল ৷ সোৱণশিৰি বান্ধৰ আইনগত বহুতো বিসংগতিৰ কথা আমাক তথ্যসহকাৰে বুজালে ৷ ক'লে যে ইচ্ছা যদি কৰোঁ তেন্তে বান্ধটোৰ নিৰ্মাণত চলি থকা অনিয়ম নিৰাময়ৰ বাবে উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰিব পাৰোঁ, ময়ে কৰি দিম এটকাও নালাগে !

সেই সময়ত ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় কমিটীৰ মজিয়াত সোৱণশিৰি নদীবান্ধৰ কথা উলিয়ালে আমাক ইতিকিং কৰা হৈছিল ৷ বিষয়টোত গুৰুত্বসহকাৰে আছুৱে লোৱা নাছিল ৷ আমি বাৰম্বাৰ কোৱাৰ পিছত আৰু কোনো এক সংগঠনে নদীবান্ধ বিষয়টোক লৈ গুৱাহাটীত আন্দোলন কৰাৰ পিছতহে আছুৱে সোৱণশিৰি নদীবান্ধৰ বিষয়টোত কিছু গুৰুত্ব দিছিল ৷

এটা সময়ত আছু, অসম চৰকাৰ আৰু বান্ধ নিৰ্মাণকাৰী সংস্হা NHPC ৰ মাজত ত্ৰিপাক্ষিক আলোচনা হ’ল (৮/১২/২০০৬) ৷ ফলত অসমৰ বিশেষজ্ঞৰ দ্বাৰা এখন বিশেষজ্ঞ কমিটী হ’ল ৷ কমিটীয়ে প্ৰতিবেদন দিলে ৷ NHPC কাৰিকৰীগত বিসংগতি ধৰা পৰিল ৷ গোচৰ তৰিবলৈ আৰু সহজ হ’ল ৷ আছুৱে কয় উকীলৰ লগত কথা পাতিব লাগিব ৷ আছুৱে ঋত্বিকৰ নাম নাজানে ৷ একো ডাঙৰ কথা নহয় ৷ কিন্তু কথাও পাতিব নিবিচাৰে ৷ তেখেতলোকে যিজনৰ লগত কথা পাতিছিল সেইজনে নদীবান্ধৰ ন-টোও নাজানে ৷ গতিকে এই সম্পৰ্কীয় গোচৰৰ ক্ষেত্ৰত নঞাৰ্থক উত্তৰ পাইছিল ৷

বোধহয় সেইবাবেই আমি নেৰানেপেৰাভাৱে তথ্যসহ আছুৰ মজিয়াত উত্থাপন কৰি থকাৰ পিছতো নদীবান্ধ গোচৰৰ ক্ষেত্ৰত আছুৱে হোহঁকা পিচলা কৰিছিল ৷ ২০১১ চনৰ ডিছেম্বৰ মাহৰ পৰা ছাত্ৰ সন্হা আৰু আন আন দল সংগঠন আৰু স্হানীয় ৰাইজৰ প্ৰৱল আন্দোলনৰ ফলত সোৱণশিৰি নদীবান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ বন্ধ হৈ পৰিছিল ৷

এনে সময়তে অভিজিত শৰ্মাই সোৱণশিৰি বান্ধৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ত এটা গোচৰ তৰিলে ৷ তেখেতৰ উকীলজনে দুটামান গোচৰত বান্ধ নিৰ্মাণকাৰী সংস্হাৰ সপক্ষেও যুক্তি দৰ্শাইছিল ৷ অৱশ্যে ই তেখেতৰ পেছাগত কথা ৷

আমি ঋত্বিকৰ লগত কথা পাতিলোঁ, ঋত্বিকে ক'লে 'সিংহটো শুই আছে, আমি তাক শুবলৈ দিয়াহে উচিত আছিল ৷' হ’লেও ঋত্বিক সাজু আছিল গোচৰৰ বাবে ৷

তপন কুমাৰ গগৈ আৰু শংকৰ প্ৰসাদ ৰায়ৰ নেতৃত্বাধীন কমিটীৰ দিনত গোচৰ তৰা নহ’ল ৷ ছাত্ৰ সন্হাৰ নতুন কমিটী হ’ল ২০১৫ ত ৷ নতুন সভাপতি দিপাংক নাথে নদীবান্ধ বিষয়টো গোচৰ তৰা সম্পকৰ্ত গুৰুত্ব দিলে ৷ বিষয়টো কুতুৰি থকা ব্যক্তিজন হ’ল অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক শ্ৰীযুত বসন্ত ডেকা ৷ আমি হ'লোঁ গোচৰৰ আবেদনকাৰী ৷ আমাৰ উকীল হ’ল অসমৰ বায়ু,পানী খাই ডাঙৰ হোৱা ঋত্বিক দত্ত ৷

গোচৰ চলিল ৷ প্ৰথমে কলকাতাস্থিত NGT (NATIONAL GREEN TRIBUNEL)ত, পিছত দিল্লীত ৷ আমাৰ গোচৰটো অভিজিত শৰ্মাৰ পূৰ্বৰ পৰা চলি থকা গোচৰটোৰ সৈতে সংযোগ কৰি একেলগে শুনানি লোৱা আৰম্ভ হ’ল ৷ অৱশ্যে এইবাৰ বিষয়টোত ছাত্ৰ সন্হাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু উপদেষ্টা আটাইকেইজনে বৰ আন্তৰিকতাৰে মনোনিৱেশ কৰিছে ৷ ডেকা ছাৰতো আছেই ৷ গোচৰৰ প্ৰত্যেকটো তাৰিখতে ডেকা ছাৰ কলকতা নাইবা দিল্লীলৈ আমাৰ লগত গৈছিল ৷

আদালতত আমাৰ উকীলৰ যুক্তি শুনি বিচাৰপতিকে ধৰি উপস্হিত সকলোৱে তবধ মানিছিল ৷ আদালতৰ ফালৰ পৰা NHPCক ককৰ্থনাও কৰা দেখা গৈছিল ৷ ২৫ অক্ট'বৰ ২০১৮ তাৰিখৰ চূৰান্ত শুনানিৰ দিনা অভিজিতৰ উকীলে কিয় নাজানো বৰ সৱল যুক্তি আগবঢ়োৱা নাছিল ৷ কৌশলেৰে ঋত্বিকক অলপ নিলগাই ৰাখিছিল ৷ গোচৰ NHPCৰ পক্ষত যায় যায় ৷ তেনেতে ঋত্বিকে মাত্ৰ দুই মিনিট ক'বলৈ আদালতৰ পৰা সময় লৈ প্ৰায় ৪৫ মিনিট সময় অসমৰ ৰাইজৰ হৈ যুক্তি আগবঢ়াইছিল ৷ যুক্তি শুনি আদালতত উপস্হিত সকলো নীৰৱ হৈ পৰিল ৷

NHPC পক্ষৰ সৰগ ভাগি মূৰত পৰা যেন লাগিল ৷ শুনানিৰ অন্তত ঋত্বিকক সকলোৱে হিয়া উজাৰি কৃতজ্ঞতা জনালে ৷ আনকি অভিজিতে আদালত কোঠাৰ বাহিৰত আহি ঋত্বিকক কৰমৰ্দন কৰি ক'লে, 'আপোনাৰ বাবেই আজি আমি ৰক্ষা পৰিলোঁ ৷ নহ'লে আজি সৰ্বনাশ হ'লহেঁতেন' ৷ NHPCৰ ডাঙৰ ডাঙৰ বিষয়া, উকীল, চৰকাৰী বিষয়া সকলো বাহিৰত আহি তলমুৱা হ’ল ৷ আমি বিলাকে তধা লাগি ওপৰলৈ চাই বহি পৰা NHPCৰ CMD গৰাকী ফট' লোৱাত লাগিলোঁ(এতিয়াও সেই ফট' মজুত আছে) ৷ আদালতে ৰায় সংৰক্ষিত কৰিছে ৷ ৩০ অক্ট'বৰত দিব ৷

মুঠতে শুনানিৰ সময়ত আদালতত ঋত্বিকৰ তথ্যসমৃদ্ধ যুক্তিয়ে সকলোকে পতিয়ন নিয়াইছিল ৷ কিন্তু ৩১ অক্ট'বৰ তাৰিখে যেতিয়া ৰায় বাহিৰ হ’ল দেখিলোঁ যে সকলো ওলোটা ! ঋত্বিকে ক'লে আমাৰ ন্যায় ব্যৱস্হাত এনে ঘটনা একেবাৰে সুলভ ৷

কোৱা শুনিছিলোঁ যে আমাৰ আনটো আবেদনকাৰী পক্ষৰ ( অভিজিত শৰ্মাৰ) উকীলৰ ফিজৰ নামত বহু লাখ টকা খৰচ হ’ল ৷ কিন্তু ঋত্বিকক ছাত্ৰ সন্হাৰ সভাপতি/সাধাৰণ সম্পাদকে ইচ্ছা কৰি দিয়া সামান্য কেইটামান টকাৰ (এক লাখতকৈ কম) বাহিৰে অন্য একো দিব লগা নহ’ল ৷ ঋত্বিকে কোনোদিন টকাৰ কথা আমাক নক'লে ৷ মাত্ৰ ক'লে যে এইয়া মই মোৰ জন্মভূমিৰ প্ৰতি থকা দায়িত্বহে পালন কৰিছোঁ, ব্যৱসায় হিচাপে লোৱা নাই ৷

যোৱা ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে ঋত্বিকৰ NGO, LEGAL INITIATIVE FOR FOREST AND ENVIORNMENT (LIFE)ক আন্তঃৰাষ্ট্ৰীয় RIGHT LIVELIHOOD AWARD 2021 প্ৰদান কৰা হৈছে ৷ এই বঁটা ন’বেল বঁটাৰ সমপৰ্যায়ৰ বুলি বিশ্বজুৰি চৰ্চ্চা হৈছে ৷ প্ৰথমবাৰৰ বাবে বিশ্ব-সমাদৃত এই বঁটা ভাৰতবৰ্ষৰ এক স্বেচ্ছাসেৱী সংগঠনে পাবলৈ সক্ষম হৈছে ৷ ভাৰতবৰ্ষৰ বিভিন্ন সৰু-বৰ বিপদগ্ৰস্হ জনগোষ্ঠীৰ দৈনন্দিন জীৱনযাত্ৰা ৰক্ষা কৰা, স্বচ্ছ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু পাৰিপাৰ্শ্বিক গণতন্ত্ৰ (ENVIRONMENT DEMOCRACY) ৰক্ষাৰ বাবে দীৰ্ঘ সময় বিশ্বব্যাপি চলাই যোৱা সংগ্ৰামৰ বাবেই ঋত্বিক আজি এনে বিৰল পুৰস্কাৰেৰে পুৰস্কৃত ৷

আমি সংস্থাটোৰ সকলোকে হিয়াভৰা অভিনন্দন জনালোঁ।।