'পপুলিজম'


Image Description

‘টাইম’ আলোচনীৰ ২০১৯ চনৰ মে সংখ্যাত আটিছ টাছীৰ নামৰ এগৰাকী লেখকৰ এখন বিতর্কিত ৰচনা ‘ইণ্ডিয়া’ছ ডিভাইডাৰ ইন চীফ’ প্রকাশ পাইছিল।

ৰচনাখনত টাছীৰে ভাৰতৰ প্রধান মন্ত্রী নৰেন্দ্র মোডীক ভাৰতৰ ‘ডিভাইডাৰ ইন চীফ’ বা ‘মুখ্য বিভাজনকাৰী’ বুলি অভিহিত কৰিছিল। প্রবাসী ভাৰতীয় নাগৰিক হিচাবে টাছীৰে ভাৰতত থকা অথবা ভ্রমণ কৰাৰ যি সুবিধা লাভ কৰিছিল, ২০১৯ চনৰ ৮ নবেম্বৰৰ পৰা কার্য্যকৰী হোৱাকৈ ভাৰত চৰকাৰে তেওঁৰ সেই সুবিধা নাকচ কৰে।

চৰকাৰী স্পষ্টীকৰণত এই কথা অস্বীকাৰ কৰিলেও ‘ডিভাইডাৰ ইন চীফ’ প্রবন্ধটোৰ বাবেই তেওঁ প্রবাসী ভাৰতীয় নাগৰিকত্ব হেৰুৱাবলগীয়া হয় বুলি টাছীৰে ঞদাবী কৰে। বর্তমান টাছীৰ আমেৰিকাৰ নাগৰিক।

ঔপন্যাসিক, সাংবাদিক হিচাবে আন্তঃৰাষ্ট্রীয় সুখ্যাতি অর্জন কৰা আটিছ টাছীৰৰ মাতৃ হৈছে ভাৰতীয় সাংবাদিক তৱলিন সিং আৰু তেওঁৰ পিতৃ পাকিস্তানী ব্যৱসায়ী তথা ৰাজনীতিবিদ ছালমন টাছীৰ।

লণ্ডনত জন্মগ্রহণ কৰা আটিছ টাছীৰ ডাঙৰ হৈছিল মাকৰ তত্ত্বাৱধানত, ভাৰতত।তামিলনাডুৰ এখন আৱাসিক স্কুলত স্কুলীয়া শিক্ষা লাভ কৰাৰ পাছত মাছাচুছেটছৰ আর্মহার্ষ্ট কলেজৰপৰা তেওঁ ফৰাছী ভাষা আৰু ৰাজনীতি বিজ্ঞানত বিএ ডিগ্রী লয়। তেওঁ টাইম আলোচনীৰ উপৰি 'প্রস্পেক্ট', 'ছানডে টাইমছ', 'ছানডে টেলিগ্রাফ', 'ফাইনেন্সিয়েল টাইমছ', আদিতো সাংবাদিক হিচাবে কাম কৰে।

‘ষ্ট্রেইঞ্জাৰ টু হিষ্টৰি: এ ছনছ জার্নি থ্রু ইছলামিক লেণ্ডছ’ (২০০৯), ‘দ্য টেম্পল গোৱার্ছ’ (২০১০), ‘দ্য ৱে থিংছ ওৱেৰ’ (২০১৪), ‘দ্য ট্যুৱাইছ ব’র্ন: লাইফ এণ্ড ডেথ অন দ্য গেংগেছ’ (২০১৯), আদি তেওঁৰ প্রকাশিত গ্রন্থ।

'পপুলিজম’ৰ ওচৰত ধৰাশায়ী হোৱা মহান গণতন্ত্রবোৰৰ ভিতৰত ভাৰত আছিল প্রথম।' এই কথাষাৰ আছিল আটিছ টাছীৰৰ ‘ইণ্ডিয়া’ছ ডিভাইডাৰ ইন চীফ’ ৰচনাখনৰ প্রথম বাক্য। বাক্যটো পঢ়ি ‘পপুলিজম’ৰ এই শক্তিত থমক খাই ৰৈ যাবলগীয়া অৱস্থা এটাৰ সৃষ্টি হৈছিল। আৰু, তাৰ প্রথম প্রতিক্রিয়া আছিল শব্দটো সম্পর্কে বিভিন্ন উৎসত বিচাৰ-খোচাৰ কৰা। তেতিয়াই এই কথা জ্ঞাত হ’ল যে টাছীৰে উল্লেখ কৰা 'পপুলিজম’ (populism) শব্দটো দেখাত সাধাৰণ এটা শব্দ যেন লাগিলেও সি সাধাৰণ শব্দ নহয়। শব্দটোৰ সৈতে ৰাজনীতি, সমাজনীতি আৰু অর্থনীতি, আদিৰ এক বহল ক্ষেত্র জড়িত হৈ আছে।

আৰু, ই অকল আমাৰ দৰে সাধাৰণ পাঠককে নহয় বিশ্বৰ অনেক আগশাৰীৰ গৱেষক-পণ্ডিতকো আকর্ষিত কৰিছে; যাৰ ফলত সাম্প্রতিক সময়ত ই এক বিশেষ গুৰুত্ব লাভ কৰা শব্দ হিচাবে পৰিগণিত হৈছে। উল্লেখযোগ্য যে কেম্ব্রিজ অভিধানে ‘populism’ শব্দটোক ২০১৭ চনৰ ‘বছৰটোৰ শব্দ’ হিচাবে ঘোষণা কৰিছে।

অভিধানখনৰ তৰফৰপৰা কোৱা হৈছে যে কোনো এটা শব্দক বছৰটোৰ শব্দ হিচাবে বাছনি কৰাৰ ক্ষেত্রত সেই শব্দটো আটাইতকৈ বেছি বিচৰা শব্দ হোৱাটোৱে একমাত্র চর্ত নহয়, তাৰ উপৰিও ‘স্পাইক’ – অর্থাৎ কোনো এটা তাৰিখ বা তাৰ আশে-পাশে শব্দটোক হঠাতে সাধাৰণতে বিচৰাতকৈ বহু বেছি গুণে বিচৰাটোও ইয়াৰ এটা প্রয়োজনীয় চর্ত।

২০১৭ চনৰ ২২ জানুৱাৰি তাৰিখে আমেৰিকাৰ ৪৫ সংখ্যক ৰাষ্ট্রপতি হিচাবে ডনাল্ড ট্রাম্পে শপত গ্রহণ কৰাৰ দিনাই পোপ ফ্রান্সিছে তেওঁৰ এটা সাক্ষাৎকাৰত বিশ্বৰ ৰাজনীতিত ‘পপুলিজম’ৰ বর্দ্ধিত জনপ্রিয়তাত উদ্বেগ প্রকাশ কৰি সাৱধান বাণী প্রকাশ কৰিছিল।

স্পেইনৰ ‘এল পেইছ’ ('দ্য কাণ্ট্রি') নামৰ এখন বহুল প্রচাৰিত বাতৰিকাকতত এই সাক্ষাৎকাৰটো প্রকাশ পাইছিল। ইয়াৰ পাছত সেই বছৰৰে মার্চ মাহত পোপৰ অন্য এটা সাক্ষাৎকাৰ জার্মান বাতৰিকাকত ‘ডাই যেইট’ত প্রকাশ হোৱাৰ পাছত পপুলিজমে অন্য এটা স্পাইক পাইছিল।

অৱশ্যে এই কথা ঠিক যে ২০১৭ চনৰ বছৰটোত আন কেইবাটাও শব্দই আমেৰিকা আৰু ইংলণ্ডত স্পাইক পাইছিল, মূলতঃ তাৰ ৰাজনৈতিক তথা অর্থনৈতিক সংক্রান্তীয় কেতবোৰ ঘটনাক্রমৰ বাবে।

উদাহৰণ হিচাবে, nepotism, bigotry, megalomania, shambles, untenable, extradite আদি শব্দৰ কথা ক'ব পাৰি। কিন্তু এই শব্দবোৰৰ সৈতে পপুলিজমৰ এটা উল্লেখনীয় পার্থক্য আছিল। সেয়া হৈছে যে ই একে সময়তে স্থানীয় আৰু গোলকীয় এক প্রৱণতাক প্রতিনিধিত্ব কৰিছিল; কাৰণ সমগ্র বিশ্বৰে জনসাধাৰণ আৰু তেওঁলোকক নেতৃত্ব দিয়া লোকসকল কিছুমান বিষয়ৰ সৈতে বিশেষভাৱে জড়িত হৈ পৰিছিল। সেই বিষয়বোৰ আছিল প্রব্রজন আৰু বেহা-বেপাৰ, পু্নৰুত্থিত জাতীয়তাবাদ আৰু অর্থনৈতিক অসন্তুষ্টি।

কেম্ব্রিজ অভিধানে পপুলিজমৰ ব্যাখ্যা আগবঢ়াইছে এনেদৰে: 'সাধাৰণ মানুহে যি বিচাৰে তাকে দি তেওঁলোকৰ সমর্থন লাভৰ উদ্দেশ্যত প্রতিষ্ঠিত ৰাজনৈতিক ধাৰণা আৰু কর্মৰাজি।' এই ব্যাখ্যাৰ লগতে এটা টিপ্পনি দিয়া হৈছে, ‘মুখ্যতঃ অনভিপ্রায়’।

('Political ideas and activities that are intended to get the support of ordinary people by giving them what they want’, (‘mainly disapproving’)).

অভিধানখনৰ তৰফৰপৰা এই ব্যাখ্যাও আগবঢ়াইছে যে মানুহে পপুলিজম শব্দটো ব্যৱহাৰ কৰোঁতে ইয়াৰ পোনপটীয়া আৰু সৰল অর্থৰ বিপৰীতে এক ৰাজনৈতিক চলনা বুলিহে ভবাৰ প্রৱণতা থাকে। লগতে ইয়াকো কোৱা হৈছে যে ইয়াত জনসাধাৰণৰ বিবেচনামূলক চিন্তাধাৰাৰ অভাৱ, আৰু ইয়াৰ পৰা লাভ আদায় কৰা নেতৃত্বৰ কুটিলতা দুয়োটাই নিহিত হৈ থকা বুলিও সন্দেহ কৰা হয়।

ড'নাল্ড ট্রাম্পৰ শপত গ্রহণৰ দিনাই পপুলিজমে ‘স্পাইক’ লাভ কৰাটো কাকতালীয় নাছিল। ড'নাল্ড ট্রাম্পৰ লগতে তুৰস্কৰ প্রেছিডেণ্ট এৰড'গান, ইংলণ্ডৰ ব'ৰিছ জনছন, ব্রাজিলৰ বলছ'নাৰো, আদি বিশ্বৰ শক্তিশালী ৰাজনৈতিক নেতাসকলৰ ৰাজনৈতিক দৃষ্টিভংগীত সেই সেই দেশত পপুলিজমে শক্তি আহৰণ কৰিছে বুলি কোৱা হয়।

ইয়াৰ সৈতে টাছীৰে ভাৰতৰ সাম্প্রতিক ৰাজনৈতিক ব্যৱস্থাটোত পপুলিজমৰ শক্তিশালী অৱস্থিতি দেখা পাইছে, যাৰ ফলত ভাৰতৰ দৰে সুপ্রতিষ্ঠিত গণতান্ত্রিক ব্যৱস্থাক ই পৰাভূত কৰাৰ উদাহৰণ প্রমাণসহ দাঙি ধৰিবলৈ যত্ন কৰিছে।

পপুলিজমৰ সৈতে জনসাধাৰণৰ মাজৰ বিভাজনৰ এক প্রয়োজনীয় সম্পর্ক আছে, আৰু ভাৰতৰ ক্ষেত্রত মুখ্য বিভাজনকাৰী ব্যক্তিগৰাকীক টাছীৰে ওপৰত উল্লেখ কৰা ৰচনাখনৰ জৰিয়তে চিনাকি কৰাই দিব বিচাৰিছে। এই বিষয়ে নিশ্চয় এক বিস্তৃত আলোচনাৰ প্রয়োজন হ’ব।

কিন্তু এইখিনিতে পপুলিজম শব্দটোৰ এটা সুস্পষ্ট অসমীয়া প্রতিশব্দ বিচৰাটো উচিত হ’ব। ইয়াৰ বাবে অসমৰ দুখন আগশাৰীৰ 'এংল'-আছামিজ ডিক্সনেৰি'ত বিচাৰোঁতে এখনত পপুলিজমৰ প্রতিশব্দ পোৱা হ’ল, ‘সার্বজনীনতাবাদ’ যিটো কেম্ব্রিজ অভকৰ ব্যাখ্যাৰ কাষে-পাজৰে যায় যেন নালাগিল। আনখনত পপুলিজম শব্দটো নাই, কিন্তু পপুলিষ্ট শব্দটো আছে, যাৰ অর্থ দিয়া হৈছে, ‘সাধাৰণ মানুহৰ মতামতক প্রতিনিধিত্ব কৰিবলৈ বিচৰা মানুহ’ যিটো কিছু পৰিমাণে কেম্ব্রিজৰ ব্যাখ্যাৰ সৈতে মিলে।

বাংলা আৰু হিন্দী অভিধানত বিচাৰোঁতে পপুলিজমৰ কেইটামান প্রতিশব্দ পোৱা হৈছে। লোকলুভাৱনবাদ, লোকবাদ, জনবাদ, জনাধিকাৰবাদ, আদি। ইয়াৰে যিকোনো এটাক আমাৰ পাছৰ আলোচনাত গ্রহণ কৰাৰ সলনি সম্প্রতি পপুলিজমক পপুলিজম বুলিয়ে উল্লেখ কৰা হ’ব।

কিছু বহল আলোচনাৰ পাছত ইয়াৰ এটা উপযুক্ত অসমীয়া প্রতিশব্দ নিশ্চয় বিচাৰি পোৱা হ’ব বুলি আশা কৰিব পাৰি।।