নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ চমু ইতিবৃত্ত


Image Description

(৫ ডিছেম্বৰ সংখ্যাৰ পৰা)

এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা বহুকেইজন কৃতীমান ছাত্ৰই অসমীয়া ভাষা-সাহিত্যলৈ যথেষ্ঠ বৰঙণি আগবঢ়াইছে । সেইসকলৰ ভিতৰত ড০ ভবেন্দ্ৰনাথ শইকীয়া, ড০ লক্ষ্মীনন্দন বৰা (প্ৰাক্তন সাহিত্য সভাৰ সভাপতি), যোগেন্দ্ৰ নাৰায়ণ ভূঞা, ভদ্ৰেশ্বৰ ৰাজখোৱা, অধ্যক্ষ ৰবীন্দ্ৰচন্দ্ৰ বৰা, ৰঞ্জিত দেৱ গোস্বামী, ড০ আবু হানিফ আৰু তাৰ পিছৰ পৰ্য্যায়ৰ ডাঃ প্ৰয়াগ শইকীয়া, মনোজ কুমাৰ গোস্বামী, সাহিত্য একাডেমীপ্ৰাপক, ১৯৭৭ চনত উত্তীৰ্ণ হোৱা, ডাঃ অপূৰ্ব শইকীয়া আদি উল্লেখযোগ্য।

সংগীতৰ পৃথিৱীত ভৰি দি কেইবাজনো গীতিকাৰ, সুৰকাৰ বাদ্যসঙ্গী ব্যক্তিয়ে এই বিদ্যালয়ৰ নাম উজ্বলাইছে। এইসকলৰ ভিতৰত কমলানন্দ ভট্টাচাৰ্য্য, দুৰ্গাপ্ৰসাদ ভূঞা, তৰিকউদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰবৰুৱাই খগেন মহন্ত, সূৰ্য্য দাস, চুয়েজ বৰদলৈ, আৰিফুল হক। কবি পদ্মভূষণ নৱকান্ত বৰুৱা গীতিকাৰ ৰূপেও সুপ্ৰসিদ্ধ।

নাট্যজগতলৈ অৱদান আগবঢ়োৱা এই বিদ্যালয়ৰ উল্লেখযোগ্য আৰু কিছু ছাত্ৰ হৈছে গিৰীশচন্দ্ৰ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, ৰত্নধৰ বৰুৱা, বৃন্দাবন গোস্বামী, জগত বেজবৰুৱা, নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ, শিল্পপ্ৰাণ চন্দ্ৰ ফুকন, সত্যপ্ৰসাদ বৰুৱা, প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মা, বীৰেণ মহন্ত, প্ৰসিদ্ধ খলনায়ক দীনেশ দাস, উপকূল বৰদলৈ আদি বহু কেইজন।

১৯৪৮ চনত বিশ্ববিদ্যালয় স্থাপিত হোৱাৰ পিছত বিদ্যালয়খন ইয়াৰ অধীনলৈ আহে। ১৯৫১ চনত প্ৰফুল্লচন্দ্ৰ মহন্তই মেট্ৰিক পৰীক্ষাত ষষ্ঠ স্থান আৰু ১৯৫২ চনত পবীন্দ্ৰ চন্দ্ৰ বৰুৱাই দ্বিতীয় স্থান লাভ কৰে।

১৯৬২ চনত অসম মাধ্যমিক শিক্ষা ব'ৰ্ড গঠন হয়। ১৯৬৩ চনত মেট্ৰিকুলেচনৰ শেষৰ দলটিয়ে পৰীক্ষা দিয়ে। ১৯৬২ চনত ব'ৰ্ডৰ অধীনত উচ্চতৰ মাধ্যমিক (একাদশ শ্ৰেণীৰ পিছত) প্ৰথমবাৰৰ পৰীক্ষা অনুষ্ঠিত হয়। এনেদৰে ১৯৭২ চনলৈ অনুষ্ঠিত হয়। দ্বাদশ শ্ৰেণী আৰম্ভ হোৱাত ১৯৭৩ চনৰ পৰা দুই ধৰণৰ পৰীক্ষা, অৰ্থাৎ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা অদ্যপৰ্য্যন্ত অনুষ্ঠিত হৈ আছে। এই কালছোৱাত বহুকেইজন ছাত্ৰই স্থান লাভ কৰি পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আছে।

এনেহেন বিদ্যালয়ত পঢ়িবলৈ পোৱাটো ভাগ্যৰ কথা আৰু পঢ়াবলৈ পোৱাটোও ভাগ্যৰ কথা বুলি অনুভৱ কৰোঁ।বিদ্যালয়খনত প্ৰৱৰ্তন হৈ থকা বিষয়সমূহৰ লগত ২০১৩ চনত কম্পিউটাৰ, ২০১৪ চনত ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত নতুন বিষয় দুটাও অন্তৰ্ভুক্ত হয়।

এতিয়া আহোঁ বিদ্যালয়ৰ অন্যান্য দিশলৈ।

বিদ্যালয়খনৰ গৃহ

প্ৰথম অৱস্থাত খেৰৰ চাল আৰু বাঁহ-ইকৰাৰে নিৰ্মিত বেৰ আছিল। মজিয়া মাটিৰ আছিল। ১৮৯০ চনত প্ৰথম অলপ সম্প্ৰসাৰণ কৰা হয়। ১৯০৬ চনত ১০টা কোঠাৰে নিৰ্মাণ কৰা ভৱনটি ২০১৩-১৪ চন মানত চৰকাৰী সাহায্যত নকৈ নিৰ্মাণ কৰা হয়। পুৰণা আৰ্হিৰ ঘৰটো অক্ষুণ্ণ ৰাখি মাত্ৰ প্ৰশাসনিক সা-সুবিধাৰ বাবে দুই -চাৰিটা কোঠা সাল-সলনি কৰা হৈছে। সময়ৰ সংকেত দিয়া ঘণ্টাটোৰ সৈতে ওখ সেই গম্বুজেটো আজিও সগৌৰৱে থিয় হৈ আছে।

অধ্যক্ষৰ কোঠা, জিৰণি কোঠা, বিজ্ঞান পৰীক্ষাগাৰ আদি বাৰান্দাসহ সংযোগ কৰা হৈছে। ২০১৩-১৪ চনৰ আগলৈকে বিদ্যালয়খনৰ আগফাল পাছফাল চিনিবলৈ টান আছিল। কাৰণ দুয়োটা দিশেই একে। উৎসৱ-পাৰ্বণত মূল তোৰণখন সজালেহে আগফালটো ধৰিব পাৰি। অৱশ্যে এতিয়াও তেনে ৰূপতেই আছে। মাত্ৰ সামান্য সাল-সলনি হৈছে।

২৩ জন ছাত্ৰৰে আৰম্ভ কৰা বিদ্যালয়খনত এতিয়া উচ্চ মাধ্যমিক শাখাত ৬০০ৰো অধিক আৰু উচ্চতৰ মাধ্যমিক শাখাত কলা, বাণিজ্য আৰু বিজ্ঞান মিলাই প্ৰায় ৩০০ মান ছাত্ৰ আছে। সেইদৰে বৰ্ত্তমানৰ অধ্যক্ষাকে ধৰি দুয়ো শাখাতে ৩৬ জনমান শিক্ষক-শিক্ষয়িত্ৰী আছে। এসময়ত দুয়ো শাখাকে ধৰি ৫০-৫৫ জন শিক্ষক-শিক্ষয়িত্ৰী আছিল।

কাৰ্য্যকাল

বিদ্যালয়খনৰ কাম-কাজ চলাবলৈ সুকীয়াকৈ এটা কাৰ্য্যালয় কোঠা আছে। কাৰ্য্যালয়টিত সহায়কৰূপে পূৰ্বতে থকা ৫ জনৰ ঠাইত বৰ্ত্তমানে মাত্ৰ ১জনহে আছে। সেইদৰে চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ১২ জনৰ ঠাইত ৮ জনহে আছে।

আলোচনী

১৯১৩-১৪ চনমানত এই বিদ্যালয়ত 'কিৰণ' নামৰ এখন হাতেলিখা আলোচনী ৩ মাহত এবাৰকৈ প্ৰকাশ হৈছিল। আলোচনীখন উক্ত চনত ৰত্নকান্ত বৰকাকতী, মহীচন্দ্ৰ বৰা, গুণাভিৰাম মহন্ত, হলধৰ ভূঞা, ৰুদ্ৰকান্ত গোস্বামীকে ধৰি কেইবাজনো সাহিত্য আলোচনাত আগৰণুৱা ছাত্ৰই প্ৰকাশৰ ক্ষেত্ৰত আগভাগ লৈছিল। কিবা কাৰণত আলোচনীখন দীৰ্ঘস্থায়ী নহ’ল।

১৮৪৭ চন (১৮৬৮ শক)ৰ জানুৱাৰী মাহত ১ম বছৰ ১ম সংখ্যাৰূপে 'উদয়' নামে এখন আলোচনী প্ৰকাশ হয়। ইয়াৰ অসমীয়া শিতানৰ শিক্ষক সম্পাদক হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য্য আৰু ইংৰাজী শিতানৰ শিক্ষক সম্পাদক ৰেজিবুদ্দিন আহমেদ আছিল। তেতিয়া শিক্ষক তত্ত্বাৱধায়ক কোৱা নহৈছিল। ইতিমধ্যে স্বৰ্ণ জয়ন্তী সংখ্যা অতিক্ৰম কৰা 'উদয়'-এ বিদ্যালয়ৰ ১৫৬তম প্ৰতিষ্ঠা দিৱসত সপ্তষষ্ঠিতম সংখ্যাৰ মুখ দেখিছে। আলোচনীখন ১৯৫৪ চনৰ আগষ্টলৈকে প্ৰথমে তিনিমহীয়া, তাৰ পিছত ১৯৬১ চনলৈ চাৰিমহীয়া, ১৯৬২ চনত দুবাৰকৈ প্ৰকাশ পায় আৰু ১৯৬৩ চনৰ পৰা বৰ্ত্তমানলৈকে বছৰেকীয়াভাৱে প্ৰকাশ পাই আছে।

শাৰীৰিক শিক্ষা

ছাত্ৰৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে বিদ্যালয়ত ১৯০৪ চনতে শাৰীৰিক শিক্ষা প্ৰৱৰ্তন কৰা হয়। ১৯৪৮ চনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আঁচনি গ্ৰহণ কৰা হয়। একোজন প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে ছাত্ৰসকলক প্ৰশিক্ষণ দিয়া হয়। বাহিনীৰ সাজ-পোছাক আৰু অন্যান্য সামগ্ৰী ৰাখিবলৈ বিদ্যালয় চৌহদত ১৯৫৭ চনত এটা ঘৰো নিৰ্মাণ কৰা হয়।

পুথিভঁড়াল

বিদ্যালখনত এটা পুথিভঁড়াল আছে। ইয়াত পাঠ্যপুথিৰ বাহিৰে অন্যান্য বিভিন্ন অসমীয়া, ইংৰাজী, হিন্দী বিষয়ৰ কিতাপ ৰখা হৈছে। প্ৰথম অৱস্থাত ভঁৰালটো শিক্ষক জিৰণী কোঠাৰ লগতে এটা কোঠাত আছিল। বৰ্ত্তমানে কলঙৰ দিশে আহল-বহল এটি নতুন ঘৰ নিৰ্মাণ কৰাত শিক্ষক-ছাত্ৰসকলৰ অধ্যয়নৰ যথেষ্ট সুবিধা হৈছে। এই পুথিভঁড়ালটো ড০ ভবেন্দ্ৰ নাথ শইকীয়া পুথিভড়াঁল নামেৰে নামকৰণ কৰা হৈছে। ইয়াত প্ৰায় ৮ (আঠ) হাজাৰমান বিভিন্ন গ্ৰন্থ আছে।

১৭-১১-২০২১ তাৰিখে এশ ছাপন্ন বছৰ অতিক্ৰম কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সাগৰসদৃশ ইতিবৃত্ত লিখা অতি দুৰূহ কাম। তথাপি ১২০-১২৫ বছৰমানলৈ প্ৰাধান্য দি পাছৰ পৰ্য্যায়ৰ ইতিবৃত্ত সামান্যভাৱে স্পৰ্শ কৰি বিদ্যামন্দিৰটিৰ গুণগৰিমা দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। কিয়নো পাছৰ সময়ছোৱাৰ কথা নৱ প্ৰজন্মই সহজে জানিব পাৰিব, কিন্তু আগৰ কথা জনাটোহে অতীৱ প্ৰয়োজন বুলি ভবা হৈছে। তথাপি ইয়াৰ বাবেও ক্ষমা প্ৰাৰ্থী হৈ ৰলোঁ।

জয়তু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়।

সহায় লোৱা হৈছে:

প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ কৃষ্ণদাস বৰুৱা ছাৰৰ 'Our School Through the Century' শীৰ্ষক প্ৰৱন্ধ।

বিদ্যালয়খনৰ বিভিন্ন বৰ্ষত প্ৰকাশিত আলোচনী 'উদয়'ত প্ৰকাশ পোৱা বিভিন্ন লেখকৰ প্ৰৱন্ধ-পাতি। সকলোলৈ কৃতজ্ঞতা প্ৰকাশ কৰা হ’ল।।