মই অসমক কিয় ভালপাওঁ


Image Description

শ্ৰদ্ধেয় সাহিত্যিক ড॰ নগেন শইকীয়া ছাৰে তেখেতৰ দ্বাৰা ৰচিত আপুৰুগীয়া গ্ৰন্থ ‘অসমীয়া মানুহৰ ইতিহাস’ৰ প্ৰাকক্ষণত লিখা প্ৰথম আপ্ত বাক্যটি হৈছে:
‘দেৱতায়ো ভৰি দিবলৈ ভয় কৰে, তাত বিচৰণ কৰিব খোজাটো মহামূঢ়তা।’
ইয়াৰ পৰাই বুজিব পাৰি অসমৰখ বিষয়ে লিখাটো যে মহাকঠিন আৰু দুঃসাহসৰ কাম৷

অসম নামৰ এই দেশখনক মই কিয় ভাল পাওঁ বুলি ক’লেই সহজেই কাপ তুলি ল’ব নোৱাৰি বুলি মোৰ এটা ভাব হয়৷ আজি-কালি মানুহক ভাল পোৱা আৰু বেয়া পোৱা এই দুয়োটা কাম যান্ত্ৰিক জীৱনত বৰ সাধাৰণ কথা যেন বোধ হৈছে৷ কিন্তু প্ৰকৃতিক ভাল পোৱাটো বা অসম দেশৰ নৈসৰ্গিকতাৰ প্ৰেমত আৱেগিক হৈ উঠাটো মোৰ বাবে এক বিৰল অনুভৱ যেন লাগে৷

প্ৰকৃতিয়ে মানুহৰ চৰিত্ৰ, বৈশিষ্ট্য আৰু কৃষ্টি, লগতে সংস্কৃতিৰ কাঠামোটো তৈয়াৰ ক’ৰাত সহায় কৰে৷ আমাৰ বৰ্ণাঢ্য লোক-জীৱনৰ সামগ্ৰিক ৰূপটো চালেই আমি অসমৰ নৈসৰ্গিকতাৰ মোহনীয় ৰূপটোৰ ফালে মূৰ দাঙি চাব লগা হয়৷

লৌহিত্যৰ বিশালতা আৰু তাৰ সৌন্দৰ্য্যই যি কোনো মানুহক আকৃষ্ট কৰিব পাৰে৷ নদী সভ্যতাৰ মাতৃ৷ প্ৰকৃতি সভ্যতাৰ পিতৃ৷ এই দুই কল্পিত মূৰ্ত্তিৰ ধাৰণাটোৱে মানুহক এক সংবেদনশীল আৰু সংস্কৃত-সভ্যতাৰ অংশীদাৰ হ’বলৈ অনুপ্ৰেৰণা যোগাব পাৰে৷

ৰুঢ় প্ৰকৃতিৰ মাজত থকা অধিবাসীসকলৰ মানসিক গঠনো বেলেগ বেলেগ হ’ব পাৰে৷ ভৌগোলিক পৰিৱেশে মানুহৰ সত্তাত ক্ৰিয়া কৰে৷ প্ৰাকৃতিক সংঘটনে মানুহৰ সত্তাৰ সংগঠনো তৈয়াৰ কৰিব পাৰে৷

এই কথাবোৰে মোক বাৰে বাৰে ভবাই তোলে আৰু মই লাহে লাহে অসম দেশৰ নৈসৰ্গিকতাৰ প্ৰেমত পৰোঁ৷ মোক জন্ম দিছে মোৰ পিতৃ-মাতৃয়ে৷ তেওঁলোকৰ আশীৰ্বাদতেই মই এই জগতখন দেখিলোঁ৷ কিন্তু মোৰ সত্তা, মোৰ অন্তৰ-আত্মা সজীৱ হৈছে এই প্ৰাকৃতিক সমলবোৰৰ নীৰৱ আলপৈচান আৰু আপডালৰ মাজেৰে৷ যিসকলে ইয়াক আওকাণ কৰি জীয়াই থাকিবলৈ বিচাৰে তেওঁলোক প্ৰকৃতি-জীৱনৰ পৰা বিচ্যুত হৈছে৷

চিন্তা-ধাৰণা আৰু সত্তাত সজীৱতা, কোমলতা, প্ৰেম, মানৱীয়তা– তেওঁলোকৰ পৰা লাহে লাহে অপসৃয়মান হৈছে৷ সেইবাবেই প্ৰেমত পৰোঁ মই এইখন দেশৰ নৈসৰ্গিকতাৰ মহিমামণ্ডিত ৰূপত৷

মই মানৱীয় প্ৰমূল্যবোধক বিচাৰি ফুৰোঁ মোৰ দেশত, মোৰ জাতিটোৰ অলিন্দ নিলয়ত৷ মই বিষমভাৱে হতাশ হৈছোঁ, ধৰ্মীয় সংকীৰ্ণতাৰ মাজত গাঁতটো লাহে লাহে নিমজ্জিত হোৱাৰ বাবে। ব্যক্তিগত সুখ-স্বাচ্ছন্দ্যৰ মাজত ডুবি ডুবি অসমীয়া মানুহে এতিয়া জাতীয় ভাষা-সংস্কৃতিক জলাঞ্জলি দিয়া দেখি আমাৰ সকলোৰে বোধহয় অন্তৰ আত্মা কঁপি উঠিছে৷

সম্প্ৰদায় আৰু গোষ্ঠীগত অসূয়া বাঢ়ি যোৱাৰ লগে লগে একতাৰ এনাজৰীডাল ছিঙি যোৱাৰ উপক্ৰম হৈছে৷

এই সংকটৰ দিনত সংবেদনশীল মানুহখিনিয়ে জীৱনৰ অসুখী বাটত খোজ পেলাবলগীয়া হৈছে৷ এই অপৰিষ্কাৰ-অপৰিচ্ছন্ন, ধুঁৱলী-কুঁৱলী ৰাজনীতিৰ মাজত থকা জাতিটোক বাবে ভালপোৱাৰ সমল লাহে লাহে দুষ্প্ৰাপ্য হোৱা যেন বোধ হৈছে৷ ৰাজনীতিয়ে বিশ্বাসযোগ্যতা হেৰুৱাইছে, ন্যায়বিচাৰে আস্থা আনিব পৰা নাই, নেতাসকলে চৰিত্ৰ হেৰুৱাইছে, তোষামোদৰ ৰাজনীতি বাঢ়ি গৈছে, মানুহৰ প্ৰমূল্যবোধক হত্যা কৰা হৈছে, সততাক কবৰ দিয়া হৈছে, অযোগ্য মানুহৰে দেশৰ প্ৰশাসন ব্যৱস্থা চলিছে, ঘাতক-চোৰ-ডকাইত-ধৰ্ষণকাৰী-হত্যাকাৰীয়ে সৎলোকক উপদেশ আৰু নীতি বাক্য শুনাইছে।

এনে এটা মলিয়ন ব্যৱস্থাৰ মাজত সততাৰে জীয়াই থকা মানুহখিনিয়ে কিদৰে দেশখনক ভালপোৱাৰে আৱৰি ৰাখিব? ভালপোৱাৰ বাবে মানসিক স্বাধীনতা ক’ত? এই প্ৰশ্ন বাৰে বাৰে মনত উদয় হৈছে আজি৷

কোনো মানুহে মন আৰু হৃদয়ৰ বিৰুদ্ধে গৈ কাৰো প্ৰেমত পৰিব নোৱাৰে, দেশক ভাল পাবলৈ ইচ্ছুকো নহয় বুলি ভাব হৈছে৷ তথাপি নিজৰ জাতিটোক ভালপাওঁ৷ এই ভালপোৱাৰ উৎস ক’ত সতকাই কোৱাটো টান৷ আজীৱন জন্ম দিয়া মাতৃক ভালপোৱাৰ দৰে এইগৰাকী দেশ মাতৃকো ভালপাওঁ– এক সংজ্ঞা আগবঢ়াব নোৱৰা অনুভূতিৰে ভালপাওঁ বাৰে বাৰে মোৰ জাতিটোক, মোৰ দেশৰ মাটিক চুম্বন কৰোঁ,
চুম্বন কৰোঁ পূবৰ পাটকাইক,
চাম্পোক, গিয়ালা পৰ্বতমালাক, নাম্‌চা বাৰৱা পৰ্বতমালাক,
দিনাম্‌চা বাৰৱা ৰাশি ৰাশি পৰ্বতক, দিহিঙক,
লৌহিত্যক, লুইতক- ব্ৰহ্মপুত্ৰক৷

মই জানো শাসন ব্যৱস্থাই আমাক বিশ্বাসঘাটকতাৰ অটল-গৰ্ভত কুক্ষিগত কৰাৰ পাছতো, আইনে আমাক সুবিচাৰ নিদিয়াৰ পাছতো [যদি আইনে নিদিয়ে], আমাক বিশ্বাসঘাটকতা নকৰে অসমৰ কোনো এজোপা বৃক্ষই [যদি হত্যা কৰে মানুহে], কোনো এখন অৰণ্যই, সগৌৰৱে আমাৰ সতে থাকিব সংখ্যাতীত নৈ-উপনৈ, আমাৰ সতে থাকিব সেউজ পাহাৰ, পৰ্বত– সেই শ্ৰদ্ধাভজনে প্ৰকৃতিৰ সতে আমি থাকিম, ভাল পাই থাকিম তেওঁলোকক, নৈসৰ্গিকক মহামান্য ঋষিৰ ৰূপত–

যদি মানুহে আৰু ৰাজনীতিয়ে তেওঁলোকক নিঃচ্ছিন্ন কৰি নেপেলায় ভৱিষ্যতত৷।