মিলট, মিলেট বৰ্ষ আৰু প্ৰাসঙ্গিক চিন্তা


Image Description

(প্ৰথম খণ্ড)
বৰ্তমান বছৰটো বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাবে উদ্ যাপিত হৈ আছে৷ স্বাভাৱিকতে চৰকাৰী উদ্যোগত দেশজুৰি আৰু অৱধাৰিতভাৱে অসমতো সেয়া পালিত হৈ আছে৷

মিলেট অসমৰ কৃষক সমাজৰ আৰু লগতে জনসাধাৰণ গৰিষ্ঠ সংখ্যাৰ বাবে অপৰিচিত খাদ্য শস্য৷ একাংশ সংবাদ মাধ্যমে গতানুগতিকভাৱে সেই সংক্ৰান্তীয় মেল মিটিঙৰ সংবাদ পৰিবেশন কৰিলেও সবিশেষ দাঙি ধৰা নাই৷

মিলেট হ’ল ধান, ঘেঁহু, গোমধান আদিৰ সমগোত্ৰীৰ, কিন্তু সিবিলাকতকৈ কম গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা খাদ্য শস্য৷ এই জাতীয় শস্যৰ গুটিত সচৰাচৰ ৭০ শতাংশ বা তাৰ আশে-পাশে কাৰ্ব'হাইড্ৰেট থাকে আৰু আমাৰ দৈনন্দিন মূল খদ্যৰ প্ৰধান উপাদান য'ৰ পৰা আমি সৰ্বাধিক শক্তি কেল'ৰি হিচাবে আহৰণ কৰোঁ৷ মিলেট জাতীয় শস্যৰ কেইবাটাও প্ৰজাতিৰ ভিতৰত তিনিটা প্ৰজাতিৰ খেতি সীমিত পৰিসৰৰ কৰা হয়৷

সেয়া হ’ল জোৱাৰ বা চৰঘাম; ৰাগী বা মৰুৱা আৰু বজ্ৰা৷ সাধাৰণভাৱে তিনিও বিধ দেখাত গোমদানৰ দৰে৷ ইবিলাকৰ ভিতৰত চৰঘাম তুলনামূলকভাৱে ওখ৷ বৃদ্ধি সম্পূৰ্ণ হোৱাৰ সময়ত ৩ মিটাৰ বা তাতোধিক ওখ হয়৷

ৰাগী বা মৰুৱা প্ৰায় এক মিটাৰ বা তাতোকৈ কম, বজ্ৰা মধ্যমীয়া প্ৰায় ১-২ মিটাৰ উচ্চতাৰ৷ ৰাগী বা মৰুৱাৰ উৎসভূমি ভাৰত, বাকী দুবিধৰ উৎসভূমি আফ্ৰিকা৷

অৱশ্যে জোৱাৰ অফ্ৰিকা আৰু এছিয়া উভয়ৰে উৎসজাত বুলি ঙবহুতৰ অভিমত৷ তিনিওবিধৰ বিশেষত্ব হল ইবিলাক কম বৰষুণ হোৱা অৰ্ধ মৰুময় আৰু তুলনামূলকভাৱে অনুৰ্ধৰ মাটিতো হয়৷ গতিকে ইবিলাক খেতিৰ বাবে প্ৰধান শস্যসমূহৰ আধুনিক কৃষি প্ৰণালীৰ উপাদানসমূহৰ, যেনে জলসিঞ্চন, ৰাসায়নিক সাৰ, কীটনাশক আদিৰ বিশেষ প্ৰয়োজন নহয়৷

তিনিওবিধৰ আন এক বিশেষত্ব হ’ল ইবিলাক খৰাং সহনশীল বিশেষকৈ বজ্ৰাই উচ্চ তাপমাত্ৰা সহ্য কৰিব পাৰে৷ অতীজৰে পাৰ ভাৰতৰ মধ্য, দক্ষিণৰ মালভূমি অঞ্চল, পশ্চিম ভাৰত, পাকিস্তান, আফ্ৰিকাৰ অৰ্ধমৰুময় দেশসমূহৰ উপান্ত কৃষকসকলে এই মিলেটসমূহৰ খেতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আহিছে৷

প্ৰধান শস্যসমূহৰ তুলনাত ইবিলাকৰ উৎপাদন যথেষ্ট কম হ’লেও ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ জনতাক এইবোৰে স্থানীয় খাদ্যৰ নিৰাপত্তা দি আহিছে৷ সেইবাবে ইবিলাকক দুখীয়াৰ খাদ্য বুলি বহুতে অভিহিত কৰে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খাদ্য নিৰাপত্তাত ইবিলাকৰ অৰিহণা অতি কম আৰু সীমিত বাবে ইবিলাক সদায়ে অৱহেলিত হৈ আহিছে৷

খাদ্যগুণৰ ক্ষেত্ৰত ইবিলাক প্ৰধান শস্য, যেনে, ধান, ঘেঁহু আদিৰ প্ৰায় সমকক্ষ। জোৱাৰৰ প্ৰ'টিন ৯-১০ শতাংশ; কাৰ্ব'হাইড্ৰেট প্ৰায় ৭২ শতাংশ আৰু তৈলজাতীয় পদাৰ্থ প্ৰায় ২ শতাংশ৷ আনহাতে ৰাগী বা মৰুৱাৰ খাদ্যগুণ কিছু কম: প্ৰ'টিন জ্জ-জ্জ.৩ শতাংশ, কাৰ্বহাইড্ৰেট প্ৰায় ৭ শতাংশ আৰু তৈলজাত দ্ৰব্য প্ৰায় ২ শতাংশ৷

আনহাতে বজ্ৰাৰ খাদ্যগুণ যথেষ্ট উন্নত৷ ইয়াৰ প্ৰ'টিন ১০-১১ শতাংশ; কাৰ্ব'হাইড্ৰেট ৬৮-৭১ শতাংশ আৰু তৈলজাত দ্ৰব্য ৩-৫ শতাংশ৷ উল্লেখযোগ্য যে বজ্ৰাৰে তৈয়াৰ কৰা ৰুটি জুটি লগা আৰু সেয়ে এয়া জনপ্ৰিয়ও৷

গোলকীয় উষ্ণতা বৃদ্ধি, জলবায়ু পৰিৱৰ্তন আদিয়ে সৃষ্টি কৰা উদ্বিগ্নতাৰ ১৯৯০ দশকৰে পৰা বহু বিশেষজ্ঞই মিলেটৰ খেতিক গুৰুত্বসহকাৰে ল’বলৈ পৰামৰ্শ দিছিল৷ যুক্তিটো হ’ল ভৱিষ্যতৰ পৃথিৱীৰ প্ৰতিকূল পৰিৱেশত প্ৰধান খাদ্যশস্যসমূহ বিপদাপন্ন হ’লে মিলেটে আমাক সকাহ দিব৷

কিন্তু প্ৰায় দুই দশক ধৰি অৱহেলিত মিলেটৰ দৰে এয়াও অৱহেলিত পৰামৰ্শ হৈ থাকিল৷ এতিয়া এয়া গুৰুত্বসহকাৰে লোৱাটো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় মিলেট বৰ্ষ উদ্ য়াপন কৰাটো ভাল কথা৷

এতিয়া প্ৰশ্ন হ’ল অসমৰ দৰে ৰাজ্যত ইয়াৰ পৰিপ্ৰেক্ষিতত কি কৰা উচিত বা অনুচিত?