১৩৮ বছৰ গৰকা
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়


Image Description

যোৰহাটৰ মাজমজিয়াত অৱস্থিত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়খনিয়ে ইতিমধ্যে ১৩৮ বছৰ গৰকি গৈছে৷ ইয়াৰ চৌদিশে আগুৰি আছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্য্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন, প্ৰধান ডাকঘৰ, তাৰকাগৃহ, আহোম যুগৰ ৰাজমাও পুখুৰী, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয়, জিলা পুথিভঁৰাল আদিয়ে৷ অসমৰ লেখত ল’বলগীয়া শিক্ষানুষ্ঠানৰ ঐতিহ্যৰ আজিও ই সাক্ষী হৈ আছে৷ প্ৰায় পঞ্চাছ বছৰ আগতে এই বিদ্যালয়ত পঢ়াৰ সৌভাগ্য আমাৰো হৈছিল৷

আমাৰ দিনত শিক্ষাগুৰু বাপচন্দ্ৰ মহন্তৰ পাণ্ডিত্য, গল্ডস্মিথ ছাৰৰ অপূৰ্ব ইংৰাজী উচ্ছাৰণ, দেৱেন দত্ত ছাৰৰ সুন্দৰ অসমীয়া প্ৰয়োগ, চন্দ্ৰ বৰদলৈ ছাৰৰ ব্লেক ব'ৰ্ডত জটিল ৰূপৰ অংকবোৰৰ সৰল পদ্ধতিবোৰ, ইফালে জামান ছাৰ, দীনেশ নেওগ ছাৰ, কেশৱ গোস্বামী ছাৰ, লক্ষেশ্বৰ শইকীয়া ছাৰ প্ৰত্যেকৰে শিক্ষাদানৰ পদ্ধতি আছিল সুকীয়া, অনিল শৰ্ম্মা ছাৰৰ সংস্কৃত শ্লোকবোৰ, লোকনাথ কলিতা ছাৰৰ সুন্দৰ অসমীয়া আখৰবোৰ, বীৰেণ বৰুৱা ছাৰৰ মুখত বিশ্বযুদ্ধৰ অপূৰ্ব বৰ্ণনা, তিলক চুতীয়া ছাৰৰ ৰামায়ণ-মহাভাৰতৰ কাহিনীবোৰ আজিও আমাৰ মনত সেউজীয়া হৈ আছে৷ কেৱল শিক্ষাদানেই নহয়, সৃষ্টিশীল সাহিত্য, ক্ৰীড়া-সাংস্কৃতিৰ প্ৰতিও তেতিয়াৰ শিক্ষক সমাজ সচেতন আছিল৷

শিক্ষাৰ ফালৰ পৰা সুন্দৰ ফলাফল দেখুৱাব পৰাৰ বাবে অসমত এতিয়া উচ্চ পৰ্য্যায়ৰ প্ৰশাসনীয় বিষয়া, চিকিৎসক, অভিযন্তা, শিক্ষক, অধ্যাপক, বিজ্ঞানী, আনকি উচ্চ পৰ্য্যায়ৰ ব্যৱসায়ীয়ে প্ৰতিষ্ঠা লাভ কৰিছে৷ পুৰণি দিনৰ মধুৰ স্মৃতিয়ে আজিও আমাক মোহাছন্ন কৰে৷ ড্ৰিল, এনছিছিৰ উপৰি স্কাউট এণ্ড গাইড আছিল৷ অপূৰ্ব সংহতি তথা শান্তি-সম্প্ৰীতি বিৰাজ কৰিছিল। শ্ৰেণীৰ শাখাই শাখাই উলিওৱা হাতেলিখা আলোচনী আজিকালি বিদ্যালয়বোৰত নায়েই বুলিব পাৰি৷ এই মানৱ সম্পদৰ কমাৰশালখনিত শিক্ষকসকলে উচিত শিক্ষাৰে আমাক গঢ়ি তুলিলে৷

‘সেইয়া স্কুল নহয়, এক প্ৰকাৰ বৈকুণ্ঠধাম’, বুলি ঐতিহ্য স্মৰণ কৰি গৈছে– জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া তথা বিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম বেচৰকাৰী শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ প্ৰাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈ, চন্দ্ৰ অভিযানৰ ভাৰতীয় বিজ্ঞানী ড॰জিতেন্দ্ৰ নাথ গোস্বামী, বিশ্ববেংকৰ মুখ্য অৰ্থনীতিবিদ ড॰ জিতেন্দ্ৰ গোপাল বৰপূজাৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ, শংকৰদেৱ বঁটা বিজয়ী চৈয়দ আব্দুল মালিক আৰু সোণাৰাম চুতীয়া, ক্ৰিকেট খেলুৱৈ মাধুৰ্য্য প্ৰসাদ বৰুৱা, গঙা চিলনীৰ পাখি খ্যাত চলচিত্ৰ পৰিচালক পদুম বৰুৱা, আদিৰ শিক্ষাৰ থলী এই বিদ্যালয়খনি৷

অসম বিধান সভাৰ বৰ্ত্তমানৰ দুজন বিধায়ক বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামী [প্ৰাক্তন অধ্যক্ষ, অসম বিধান সভা আৰু মন্ত্ৰী], আৰু অসম গণ পৰিষদ দলৰ ভবেন্দ্ৰ নাথ ভড়ালী এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ৷ যশস্যাৰে মহীয়ান আৰু কৃতিত্বৰে অতুলনীয় এই বিদ্যালয়খনিয়ে অসমৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ক্ৰীড়া আৰু সংস্কৃতিৰ দিশত বহুতো চিন্তা নায়কৰ অৱদান দি গৈছে৷

১৯২৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত এই বিদ্যালয়ৰ কেইবাজনো ছাত্ৰই কৃতিত্ব দেখুৱাই ‘জুৱেল’ আখ্যা পাইছিল৷ ১৯৩৮ চনত এইবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিপিন চন্দ্ৰ পালো [প্ৰাক্তন সাংসদ] কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰি সেই বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ পৰা সোণৰ পদক পাইছিল৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা, প্ৰাচ্যতত্ত্ববিদ কৃষ্ণকান্ত সন্দিকৈ, মিত্ৰদেৱ মহন্ত, ধবনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, মহেশ্বৰ নেওগ, যজ্ঞেশ্বৰ শৰ্মা, চৈয়দ আব্দুল মালিক, জ্ঞানপীঠ বঁটা বিজয়ী ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, আৰু ধ্ৰুৱজ্যোতি বৰা এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ৷

ঠিক সেইদৰে এই বিদ্যালয়ত পঢ়ি যোৱা কৃষ্ণকান্ত সন্দিকৈ, মথুৰা নাথ গোস্বামী, ফণীধৰ দত্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ, কমলেশ্বৰ বৰা, মুকুন্দ মাধৱ শৰ্ম্মা,ডিব্ৰুগড় বিস্ববিদ্যালয়, ধীৰেন্দ্ৰ নাথ বৰঠাকুৰ আৰু দেৱজিত চলিহা, অসম কৃষি বিশ্ববিদ্যালয়ৰ, ড॰ প্ৰদীপেশ্বৰ ভট্টাচাৰ্য্য, তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য পদত অধিষ্ঠিত হৈছিল৷

প্ৰদীপ চলিহা, আব্দুল মজিদ, জিতু তপন, পৰাণ বৰবৰা, চাৰু কমল হাজৰিকাৰ দৰে মহান শিল্পী এই বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ৷ আনকি মেধাৰ পৰিচয় দি ভাৰতীয় প্ৰশাসনীয় সেৱাতো এই বিদ্যালয়ৰ কেইবাজনো ছাত্ৰ নিয়োজিত হৈছিল৷ জ্যোতি প্ৰসাদ ৰাজখোৱা আৰু কুমাৰ সঞ্জয়কৃষ্ণই অসম চৰকাৰৰ মুখ্য সচিব পদতো অধিষ্ঠিত হৈ বিদ্যালয়খনিলৈ সুনাম কঢ়িয়াই আনিছে৷ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আব্দুল মুজিদ কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰক, দুৰ্গাধৰ বৰকটকী তেতিয়াৰঅসম উপত্যকাৰ প্ৰথম ভাৰতীয় স্কুল পৰিদৰ্শক, ৰাধানাথ ফুকন প্ৰথম স্নাতকোত্তৰ উপাধি পোৱা অসমীয়া, চন্দ্ৰধৰ বৰুৱা ১৯৩০ চনত ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজ মেলত ভাৰতৰ প্ৰতিনিধি আছিল৷

বিদ্যালয়খনিৰ মুখপাত্ৰখনৰ নাম ‘জেউতি’ বিদ্যালয়খনিত তেতিয়া শিক্ষকতা কৰি থকা মিত্ৰদেৱ মহন্তই দিয়া নাম৷ ‘সৰগ জেউতি হওক সাৰথি আমাৰ’ এইষাৰ বাণীয়ে ‘জেউতি’ক সোণত সুৱগা চৰাইছে৷ বিদ্যালয়খনিৰ প্ৰাক্তন ছাত্ৰ কথাশিল্পী চৈয়দ আব্দুল মালিকৰ ভাষাত 'জেউতি'য়েই মোৰ সাহিত্য জীৱনৰ কঠিয়াতলি আছিল৷ অসম সাহিত্য সভাৰ কেইবাজনো সভাপতিৰ সাহিত্যিক জীৱনৰ পাতনি 'জেউতি'ৰ পাততে হৈছিল৷

ক্ৰীড়া ক্ষেত্ৰতো বিদ্যালয়খনি আগৰণুৱা আছিল৷ বিদ্যালয় প্ৰাংগনত খেলাৰ পৰ্য্যাপ্ত সুবিধাও আছিল৷ ফুটবল, ক্ৰিকেট, হকী, ভলীবল, বাস্কেটবল আৰু ল’ন টেনিছ উল্লেখযোগ্য৷ তেতিয়া খেলাৰ পৰিবেশ বেলেগ আছিল৷ শিক্ষক এচামে অনবৰতে ছাত্ৰৰ সৈতে খেলা-ধূলাত লাগি থাকে৷ ছাত্ৰ সকলো খেলাৰ প্ৰতি আগ্ৰহী৷ আজিও স্কুল চৌহদত বৃহৎ খেলপথাৰ আছে৷ কিন্তু খেলপথাৰ উপযোগী হৈ থকা নাই৷ বাৰিষা বোকাময় হৈ পৰে৷ পূৰ্বৰ টেনিছ ক'ৰ্টো নাই৷

এই বিদ্যালয়ৰ কেইবাজনো ক্ৰিকেট খেলুৱৈয়ে ৰঞ্জী ট্ৰফীত স্থান পাইছিল৷ ফুটবলতো বেছ নাম আছিল৷ ১৯৬৪, ১৯৭৪, ১৯৭৬ আৰn ১৯৮২ চনত সৰ্বভাৰতীয় ভিত্তিত বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত সুব্ৰত মুখাৰ্জী ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল৷ ১৯৮২ চনত অনুষ্ঠিত সদৌ অসম ভিত্তিক দেউকণ সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত এই বিদ্যালয় শ্ৰেষ্ঠ দল হিচাপে পৰিগণিত হয়৷ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সুদক্ষ ফুটবল খেলুৱৈ হেৰল্ড চাংমাই ছিউলত অনুষ্ঠিত বিশ্ব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় দলত প্ৰতিনিধিত্ব কৰিছিল৷

বিদ্যালয়খনিৰ জন্ম স্বাভাৱিক নাছিল৷ যোৰহাট নগৰৰ বৰ্ত্তমানৰ যোৰহাট স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ কাষতে থকা মাটিত উইলিয়ামছন মধ্য ইংৰাজী বিদ্যালয় স্থাপন হৈছিল৷ ইংৰাজ চাহ খেতিয়ক জৰ্জ উইলিয়ামছনে শিক্ষাৰ বাবে কিছু ধন দান দিছিল৷ সেই দানেৰে বিদ্যালখন প্ৰতিষ্ঠা হৈছিল৷ ১৮৭২-৭৩ চনত বিদ্যালয়খন ৰাজমাও পুখুৰীৰ পশ্চিমপাৰলৈ মধ্য ইংৰাজী স্কুল হিচাপে স্থানান্তৰ কৰা হৈছিল৷ সেই সময়ত যোৰহাটত এখন হাইস্কুল খোলাৰ ৰাজহুৱা দাবী উঠিছিল৷ নগালেণ্ডৰ কহিমাত ইংৰাজে খোলা হাইস্কুলখনত এজনো ছাত্ৰ নথকাত কহিমাৰ পৰা যোৰহাটলৈ স্কুলখন তুলি অনা হয়৷ সেইখন ৰাজমাও পুখুৰীৰ পাৰত থকা উইলিয়ামছন স্কুল নামেৰে জনপ্ৰিয় বিদ্যালয়খনৰ সৈতে চামিল কৰা হয়৷ ৰাজমাও পুখুৰীৰ পাৰত বৃটিছ চৰকাৰে এই খেৰীঘৰত বিদ্যালয়খন প্ৰতিষ্ঠা কৰে৷

জয়চন্দ্ৰ মিত্ৰ হেড মাষ্টৰ আৰু কেশবানন্দ ফুকন দ্বিতীয় শিক্ষক হিচাপে নিযুক্তি হয়৷ প্ৰথমতে ছাত্ৰ আছিল ১১৩ জন৷ সেইখনেই যোৰহাটৰ প্ৰথম হাইস্কুল৷ জনপ্ৰিয় নাম যোৰহাট চৰকাৰী স্কুল৷ সেই স্থানত ১২ বছৰ পাঠদান হোৱাৰ পাছত বৰ্ত্তমানৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয় স্থানলৈ বিদ্যালয়খন স্থানান্তৰ হয়৷ ১৭ বছৰ কাল সেই স্থানত থকাৰ পাছত ১৯১২ চনত বৰ্তমানৰ বিদ্যালয়ৰ ছাত্ৰাবাস থকা ঠাইলৈ অনা হয়৷ ১৯১৬ চনত ৭৫ হেজাৰ টকাৰে বৰ্তমানৰ স্কুল ঘৰটোৰ স্থানলৈ স্থায়ীৰূপে দি নিৰ্মাণ কৰা হয়৷

বিদ্যালয়ৰ ছাত্ৰাবাস প্ৰতিষ্ঠা হয় ১৯২৭ চনত৷ বিদ্যালয়খনিৰ প্ৰথম অসমীয়া হেড মাষ্টৰ লক্ষীনাথ শৰ্মা৷ ১৯৫৮ চনত বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নীত হয়৷ প্ৰথম অধ্যক্ষ নিযুক্ত হয় লক্ষীনাথ দত্ত৷ ১৯৩৫ চনৰ পৰা ছাত্ৰসকলৰ বাবে আকাশী নীলা ৰঙৰ উইনিফৰ্ম নিৰ্ধাৰণ কৰা হয়৷ ১৯৯০ চনত বিদ্যালখনত কম্পিউটাৰ শ্ৰেণী আৰম্ভ হৈছিল৷ কুৰিজনে নামভৰ্তি কৰিছিল৷ তাৰে পাঁচগৰাকী ছাত্ৰীও আছিল৷ ১৮৮৬ চনত প্ৰথম দলে এণ্ট্ৰেন্স পাছ কৰিছিল৷ ১৯৬২ চনত প্ৰথম দলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত বহিছিল৷ সেইবাৰ প্ৰশান্ত বৰুৱাই কলা শাখাত প্ৰথম স্থান লাভ কৰে৷ ১৯৬৬ চনত মানসজ্যোতি বৰদলৈয়ে বিজ্ঞানত প্ৰথম স্থান পায়৷ ১৯৭২ চনত দিলীপ বৰাই বাণিজ্যিত প্ৰথম স্থান লাভ কৰে৷

অসমত শিক্ষাৰ নতুন ৰূপ দিবলৈ প্ৰায় তিনি কুৰিমান বছৰৰ আগতে অসমৰ বছা বছা কেইখনমান বিদ্যালয়ক ‘বহুমুখী’ কৰণৰ উদ্যোগ লোৱা হৈছিল৷ এই বিদ্যালয়খনিও ‘বহুমুখী’ত অন্তৰ্ভুক্ত হয়৷

বিদ্যালয়খনিত বহুমুখীকৰণৰ বাবে আন্তঃগাঁঠনি শক্তিশালী কৰা হৈছিল যদিও কাৰ্য্যত ই সফল নহ’ল৷ কাৰিকৰী শিক্ষাদানৰ ব্যৱস্থা হিচাবে কৃষি পাম কৰা হৈছিল যদিও পাছত সেই ভূমিত ‘তাৰকাগৃহ’ নিৰ্মাণ কৰা হয়৷ বহুমুখীকৰণৰ নামত চৰকাৰে যন্ত্ৰপাতি কিনাৰ লগতে কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তিও দিছিল৷ তেনে শিক্ষকক পাছত হাইস্কুলৰ বিভিন্ন বিষয়ৰ শিক্ষাদানত লগোৱা হয়৷

বিদ্যালয়খনিৰ বৰেণ্য শিক্ষকচামৰ ভিতৰত সকলোৱে আজিও শ্ৰদ্ধা কৰি আহিছে– জেহিৰৎ হেড মাষ্টৰক৷ এই বৰণ্যে শিক্ষাবিদজনক গান্ধীবাদী নেতা তথা প্ৰাক্তন ছাত্ৰ বিপিন পাল দাসে স্মৰণ কৰিছে এনেদৰে– ‘তেখেতেই যেন আছিল গোটেই বিদ্যালয়খনৰ এটা জীৱন্ত ক্ৰিয়াশীল প্ৰতিমূৰ্তি৷ ... অকল পঢ়া-শুনা বিষয়তে নহয়; খেলা-ধূলা, গান-বাদ্য; তৰ্ক প্ৰতিযোগিতা, স্কাউট আন্দোলন এই সকলোতে তেখেতে সমানে গুৰুত্ব দিছিল, নিজে তদাৰকো কৰিছিল৷ নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰত তেখেত অত্যন্ত কঢ়া আৰু বিদ্যালয়ৰ নিয়ম বা শৃংখল ভংগ কৰিলে ল’ৰাৰ কথাতো বাদেই, শিক্ষক সকলকো তেখেতে ক্ষমা নকৰিছিল৷’

বিদ্যালয়খনিৰ গুৰুত্ব আৰু মহত্বৰ কথা সুঁৱৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিদ্যালয়খনিৰ প্ৰাক্তন মেধাৱী ছাত্ৰ ডাঃ ধ্ৰুৱজ্যোতি বৰাই প্ৰকাশ কৰিছে– ‘পৃথিৱী সম্পৰ্কে, মানুহ সম্পৰ্কে, মানবীয় প্ৰমূল্যবোধৰ বিষয়ে স্কুলখনৰ শিক্ষা-গুৰুসকলে আমাক যিখিনি কথা শিকাইছিল আৰু আমিও সেই কোমল বয়সতে তাৰে যিকণ আয়ত্ত কৰিছিলোঁ, আজি বিস্ময়েৰে লক্ষ্য কৰোঁ যে নিজৰ সাম্প্ৰতিক সমগ্ৰ মানবীয় প্ৰমূল্যৰ আদি ভেটি সেইটোৱেই৷’

অসম আন্দোলনৰ আগলৈকে এই বিদ্যালয়ৰ উচ্চতৰ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল উচ্চ খাপৰেই আছিল৷ প্ৰায়েই স্থান লাভ কৰি কৃতিত্ব দেখুৱাইছিল৷ কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত অসমৰ ভিতৰত কেইবাবাৰো প্ৰথম স্থান লাভ কৰিছিল৷ অসম আন্দোলনৰ পাছৰে পৰা পাবত গজাৰ দৰে ইংৰাজী মাধ্যমৰ বিদ্যালয় বাঢ়িবলৈ ধৰে৷ মাতৃভাষাত শিক্ষাদানেই প্ৰকৃত শিক্ষা– এই আদৰ্শৰে অসমীয়া মাধ্যমক শক্তিশালী কৰিবলৈ অসম জাতীয় আন্দোলনেও জোৰদাৰ ভূমিকা ল’বলগীয়া হয়৷ তেনেস্থলত জাতীয় চিন্তাধাৰাক বাস্তৱায়িত কৰিবলৈ চৰকাৰী ব্যৱস্থাটো আজি আৰু অধিক শক্তিশালী হ’ব লাগিব৷

বিশ্বায়নে আনি দিয়া প্ৰতিযোগিতাৰ সৈতে ফেৰ মাৰিবলৈ অসমীয়া মাধ্যমৰ বিদ্যালয়লৈ নতুনকৈ প্ৰাণ সঞ্চাৰ কৰিবৰ হ’ল৷ তেতিয়াহে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহত হ্ৰাস পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পাব বুলি আশা কৰিব পাৰি৷ এসময়ত অসমীয়া মাধ্যমৰ উত্তম বিদ্যালয় হিচাপে জনপ্ৰিয় এই বিদ্যালয়খনিক আদৰ্শ হিচাপে ল’বলৈ সংৰক্ষণ কৰাটোও জৰুৰী হৈ পৰিছে৷ সংৰক্ষণ কেৱল ভৱনৰ পুনৰ নিৰ্মাণতে সামৰি থ’লে নহ’ব, শিক্ষাদানৰ পদ্ধতি, প্ৰশাসনীয় দিশ আদিকো সামৰি ল’ব লাগিব৷।