আলি-আই-লৃগাং আৰু গুমৰাগ নৃত্য


Image Description

মিচিংসকল অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী৷ মূলতঃ নদীপৰীয়া আৰু সহজ-সৰল এই জনগোষ্ঠীৰ চহকী সাংস্কৃতিক সম্ভাৰে বৃহত্তৰ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে৷ বিশেষকৈ গীত-মাত-নৃত্য, খাদ্য পৰম্পৰা, সাজ-পাৰ, কৃষি প্ৰণালী আদিৰ ক্ষেত্ৰত স্বকীয় বৈশিষ্ট্যসম্পন্ন মিচিং জনগোষ্ঠীৰ বিভিন্ন উৎসৱ-পাৰ্বণৰ ভিতৰত আলি-আই-লৃগাং আৰু পঃৰাগ উৎসৱ অন্যতম৷ কৃষি সংস্কৃতিৰ সৈতে সম্পৰ্কিত এই উৎসৱ-অনুষ্ঠানসমূহ মিচিংসকলে অতি উলহ-মালহেৰে উদ্‌যাপন কৰে৷

মিচিংসকলৰ আলি-আই-লৃগাং বসন্তকালীন কৃষি উৎসৱ৷ প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰে৷ বিশেষকৈ আহুধানৰ বীজ সিঁচাৰ শুভাৰম্ভণি কৰা আলি-আই-লৃগাঙত যি নাচ নচা হয়, সেই নাচৰ নাম হৈছে গুমৰাগ নাচ বা গুমৰাগ নৃত্য৷

শস্য সিঁচা উৎসৱৰ আনুষ্ঠানিকতা সামৰি ডেকা-গাভৰুসকলে এই নৃত্য পৰিৱেশন কৰি আনন্দ উপভোগ কৰে৷ পৰম্পৰাগত বিশ্বাস অনুসৰি ডেকা-গাভৰুৰ গুমৰাগ নৃত্যৰ মুদ্ৰা-ভংগীয়ে শস্য সম্ভৱা বসুমতীক উৰ্বৰা কৰি তোলে৷ এই নৃত্যক মিচিংসকলে ‘গুমৰাগ পাক্‌চ চঃনাম’ বুলিও কয়৷

নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহ হৈছে ঢোল, পেঁপা, গগনা, বৰকাঁহ, তাল আদি৷ বাদ্যযন্ত্ৰৰ সন্মিলিত ঝংকাৰ আৰু ডেকা-গাভৰুৰ সমাহিত অথচ মন-প্ৰাণ উতলা কৰা ঐনিতমৰ সুৰ আৰু নৃত্যই উৎসৱক এক অনন্য মাত্ৰা দিয়ে৷ বিশ্বাস প্ৰচলিত আছে যে, লৃগাং উৎসৱত গুমৰাগ নাচ নানাচিলে, বৰকাঁহ নবজালে বৰষুণ নহয় আৰু পথাৰত সিঁচা বীজৰো অংকুৰিত নহয়৷

গুমৰাগ নৃত্য হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত লোকনৃত্য৷ এই নৃত্যত অংশগ্ৰহণ কৰা ডেকা-গাভৰুসকলে পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰে৷ বিশেষকৈ যুৱতীসকলে ৰিঃবি গাচেং, গাপা গাঃৰে আদি পৰিধান কৰাৰ বিপৰীতে যুৱকসকলে পৰিধান কৰে মিবু গালোগ্‌৷

নাচৰ বাবে গোৱা গীতৰ নাম ঐনিতম৷ এই নৃত্য আৰু গীতত যুৱক-যুৱতীসকলৰ প্ৰেম-প্ৰণয়, আশা-সপোন, আৱেগ-অনুভূতি আদিৰ মুকলি প্ৰকাশ ঘটে৷ সামাজিক ব্যৱধান নাৰাখি ধনী-দুখীয়া সকলোৱে সমানে অংশগ্ৰহণ কৰি ইয়াৰ যোগেদি এক ধৰণৰ ঐক্য-সম্প্ৰীতিৰ বাৰ্তাও সমাজক দিয়ে৷

গুমৰাগ নৃত্যত ডেকা-গাভৰুৰ লগতে সমাজৰ সকলো লোকে অংশগ্ৰহণ কৰে৷ বিশেষকৈ লৃগাঙৰ গুমৰাগ নৃত্যৰ বিভিন্ন অংগি-ভংগিত মাটি চহ কৰা, কঠিয়া তোলা, ভূঁই ৰোৱা, তাঁত বোৱা, ধান দোৱা, শস্য হালি-জালি থকা আদি বিভিন্ন কাৰ্য্যৰ প্ৰকাশ ঘটে৷

জাতীয় পোছাক পৰিধান কৰি গৃহস্থৰ চোতালে চোতালে সন্মিলিতভাৱে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ নিয়মো মিচিং সমাজত আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰা ভাল হ’ব যে, আলি-আই-লৃগাঙৰ দৰে মিচিংসকলৰ পঃৰাগ উৎসৱ বা নৰা-ছিগা বিহুতো গুমৰাগ নৃত্য পৰিৱেশন কৰা হয়৷ এই নৃত্যই মিচিংসকলৰ কলা-কৃষ্টি আৰু পৰম্পৰাক অতি সক্ৰিয়ৰূপত জনমানসত উজ্বলাই আহিছে৷।